গীতমালা 104
1হে মোৰ মন, যিহোৱাৰ ধন্যবাদ কৰা। হে মোৰ ঈশ্বৰ যিহোৱা, তুমি অতি মহান; তুমি গৌৰৱ আৰু মহিমাৰ সাজেৰে বিভূষিত।
2বস্ত্ৰৰ দৰে তুমি নিজকে দীপ্তিৰে ঢাকিছা, আকাশমণ্ডলক তুমি চন্দ্ৰতাপৰ দৰে বিস্তৃত কৰিছা।
3তোমাৰ কক্ষৰ চটি-কাঠ তুমি জলৰাশিত স্থাপন কৰিছা; মেঘবোৰক তুমি নিজৰ ৰথ কৰিছা, বতাহৰ ডেউকাৰ ওপৰত তুমি চলাচল কৰা।
4তুমি বতাহক তোমাৰ দূত কৰিছা; অগ্নিশিখাক নিজৰ পৰিচাৰক কৰিছা ।
5তুমি পৃথিৱীক তাৰ নিজৰ ভিত্তিমূলৰ ওপৰত স্থাপন কৰিছা; সেয়ে কেতিয়াও লৰচৰ নহ’ব।
6তুমি পৃথিৱীক কাপোৰেৰে ঢকাৰ দৰে গভীৰ জলেৰে ঢাকিছিলা। সেই জল সমূহে পৰ্ব্বতবোৰো ঢাকিছিল।
7কিন্তু সেই জল সমূহ তোমাৰ ধমকিত পলাল; তোমাৰ গৰ্জ্জনৰ শব্দত সেইবোৰ বেগেৰে গুছি গ’ল।
8পৰ্ব্বতবোৰ ওখ হ’ল আৰু উপত্যকাবোৰ চাপৰ হ’ল; তুমি জল সমূহৰ কাৰণে যি ঠাই নিৰূপন কৰিলা, জল সেই ঠাইলৈ গ’ল।
9এইভাৱে তুমি পানীৰ সীমা স্থাপন কৰিলা, যাতে পানীয়ে পুনৰ সীমা পাৰ হৈ পৃথিৱীক ঢাকিব নোৱাৰে।
10উপত্যকাবোৰত তুমিয়েই জুৰিবোৰ পঠাই দিয়া; সেইবোৰ পৰ্ব্বতবোৰৰ মাজেদি বৈ যায়।
11সেইবোৰে সকলো বনৰীয়া পশুকে পান কৰিবলৈ পানী যোগায়; বনৰীয়া গাধবোৰে নিজৰ তৃষ্ণা পলুৱায়।
12জুৰিবোৰৰ দাঁতিত আকাশৰ পক্ষীবোৰে বাহ লয়, গছৰ ডালবোৰৰ মাজত সেইবোৰে গীত গায়।
13তেওঁ আকাশৰ পৰা পৰ্ব্বতবোৰত পানী সিঁচি দিয়ে; তোমাৰ কৰ্মৰ ফলেৰে সৈতে পৃথিৱীখন পৰিতৃপ্ত হয়।
14তুমিয়েই পশুৰ কাৰণে ঘাঁহ আৰু মানুহৰ কাৰণে শস্য উৎপন্ন হ’বলৈ দিয়া, যাতে ভূমিৰ পৰা ভৱিষ্যতৰ আহাৰ যোগান হয়;
15যাতে মানুহৰ মনক আনন্দ দিয়া দ্রাক্ষাৰস, মুখ উজ্জ্বল কৰা তেল, আৰু মানুহৰ হৃদয়ক সবল কৰা আহাৰ যোগান হয়।
16যিহোৱাৰ এনে গছবোৰে বৃষ্টিৰ প্রচুৰ পানী পায়; তেওঁ ৰোপন কৰা লিবানোনৰ এৰচ গছবোৰেও প্রচুৰ বৃষ্টি পায়।
17সেই গছবোৰত চৰাইবোৰে বাহ লয়, দেৱদাৰু গছবোৰত হাড়গিলাই ঘৰ সাজে।
18ওখ ওখ পৰ্ব্বতবোৰ বনৰীয়া ছাগৰ আবাস; শিলবোৰ চাফন পশুৰ আশ্ৰয়স্থান।
19ঋতু নিৰূপন কৰিবলৈ তুমি চন্দ্ৰ নিৰ্ম্মাণ কৰিলা; তুমি নিৰূপন কৰা অনুসাৰে সূৰ্যই নিজৰ অস্ত যোৱা সময় জানে।
20তুমি অন্ধকাৰ কৰিলে ৰাতি হয়; অৰণ্যৰ পশুবোৰে তেতিয়া ঘূৰি ফুৰে।
21যুবা সিংহবোৰে চিকাৰ বিচাৰি গৰ্জ্জন কৰে; ঈশ্বৰৰ ওচৰত সিহঁতৰ আহাৰ বিচাৰে।
22সূৰ্য উদয় হ’লে সিহঁত গুছি যায় আৰু নিজ নিজ গাতত শয়ন কৰে।
23মানুহে নিজৰ নিজৰ কামলৈ ওলাই যায়; সন্ধ্যালৈকে পৰিশ্ৰম কৰে।
24হে যিহোৱা, তোমাৰ সৃষ্টিৰ কাৰ্য কিমান বহুমুখী! তোমাৰ জ্ঞানেৰে তুমি সেই সকলোকে নিৰ্ম্মাণ কৰিলা; সমগ্র বিশ্ব তোমাৰ সৃষ্ট বস্তুৰে পৰিপূৰ্ণ।
25সৌৱা সমুদ্র, বৃহৎ আৰু বিস্তীর্ণ; তাৰ মাজত বগাই ফুৰা সৰু বৰ অসংখ্য উৰগ প্রাণী আছে।
26তাৰ মাজত জাহাজবোৰ চলে; তাত লিবিয়াথনো থাকে; তাক তুমি সাগৰত খেলা কৰিবলৈ নিৰ্ম্মাণ কৰিলা।
27সিহঁত সকলোৱেই তোমাৰ অপেক্ষাত থাকে; যেন তুমি যথা সময়ত সিহঁতক আহাৰ দিয়া।
28তুমি সিহঁতক দিলে, সিহঁতে তাক তুলি লয়; তুমি তোমাৰ হাত মুকলি কৰিলে, সিহঁতে ভাল ভাল বস্তু পাই পৰিতৃপ্ত হয়।
29তুমি মুখ লুকুৱালে, সিহঁত বিহ্বল হয়; তুমি সিহঁতৰ নিশ্বাস নিলে সিহঁত মৰি পুনৰায় ধুলিলৈ ওভটে।
30তোমাৰ আত্মা পঠালেই সিহঁতৰ সৃষ্টি হয়, আৰু তুমি ভূমিতল নতুন কৰি তোলা।
31যিহোৱাৰ গৌৰৱ অনন্তকাল থাকক; যিহোৱাই নিজ কাৰ্যবোৰত আনন্দ কৰক।
32তেওঁ পৃথিৱীলৈ দৃষ্টি কৰিলে, সেয়ে কম্পিত হয়: তেওঁ পৰ্ব্বতবোৰ স্পর্শ কৰিলে, সেইবোৰ ধুঁমায়িত হয়।
33মই জীয়াই থাকোঁমানে যিহোৱাৰ উদ্দেশ্যে গান কৰিম; মই থকালৈকে মোৰ ঈশ্বৰৰ উদ্দেশ্যে প্ৰশংসাৰ গীত গাম।
34তেওঁৰ ওচৰত মোৰ ধ্যান মধুৰ হওক; মই যিহোৱাত আনন্দ কৰিম।
35পাপীবোৰ পৃথিৱীৰ পৰা উচ্ছন্ন হওক; দুষ্টলোক আৰু নাথাকক। হে মোৰ মন, যিহোৱাৰ ধন্যবাদ কৰা। তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।
WEBREATH · 11:11
«He himself gives everyone life and breath and everything else» — Acts 17:25
Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.
WEBREATH — the Minute at 11:11, your own local time — we are One Breath