হিতোপদেশ 8
1প্রজ্ঞাই জানো নকয়? সুবুদ্ধিয়ে জানো উচ্চস্বৰে নকয়?
2বাটৰ কাষৰ ওখ ঠাইত, চাৰিআলিত প্রজ্ঞা থিয় হয়।
3তাৰ উপৰিও নগৰৰ প্ৰবেশস্থানত, আৰু নগৰৰ দুৱাৰৰ ওচৰত থাকি ৰিঙিয়াই কয়,
4“হে লোকসকল, মই তোমালোকক মাতিছোঁ; আৰু মানৱজাতিৰ সন্তান সকলৰ বাবে মই উচ্ছস্বৰে কওঁ।
5যিসকল শিক্ষিত নহয়, তেওঁলোকে সুবুদ্ধিক বুজা উচিত, আৰু যিসকলে জ্ঞানক ঘিণ কৰে, তেওঁলোকৰ সুবিবেচনাৰ হৃদয় থকা উচিত।
6শুনা, মই উত্তম বিষয়ৰ কথা কওঁ, আৰু যেতিয়া মোৰ মুখ মেলোঁ, তেতিয়া মই সত্য কথা কওঁ।
7কিয়নো মোৰ মুখে বিশ্বাসযোগ্য কথা কয়, আৰু মোৰ ওঁঠে দুষ্টতা ঘিণ কৰে।
8মোৰ মুখৰ সকলো কথা ন্যায়পৰায়ণ; সেইবোৰৰ মাজত বিকৃত, বা বিভ্রান্তিজনক বিষয়ৰ কথা নাথাকে।
9যি সকলে বুজি পাই, তেওঁলোকৰ কাৰণে মোৰ কথাবোৰ স্পষ্ট; যি সকলে জ্ঞান লাভ কৰে, তেওঁলোকৰ কাৰণে মোৰ কথাবোৰ সত্য।
10ৰূপতকৈ মোৰ শিক্ষা, আৰু শুদ্ধ সোণতকৈয়ো জ্ঞান গ্ৰহণ কৰা।
11কিয়নো প্রজ্ঞা পদ্মৰাগতকৈয়ো উত্তম, তুমি ইচ্ছা কৰা কোনো বস্তুকে তাৰ লগত তুলনা কৰিব নোৱাৰি।
12মই প্ৰজ্ঞাই সুবুদ্ধিয়ে সৈতে বাস কৰোঁ, আৰু মই জ্ঞান আৰু বিবেচনা লাভ কৰোঁ।
13যিহোৱাক ভয় কৰায়েই দুষ্টতাক ঘিণ কৰা হয়; মই অহংকাৰ, গর্ব, কুপথ, আৰু বিপথগামী কথা ঘিণ কৰোঁ।
14মোৰ ভাল পৰামৰ্শ আৰু গভীৰ প্রজ্ঞা আছে; সুক্ষ্মদৃষ্টি আৰু পৰাক্ৰম মোৰেই।
15মোৰ দ্বাৰাই ৰজাসকলে ৰাজত্ব কৰে, অভিজাত লোকসকল আৰু ন্যায়েৰে যিসকল লোকে শাসন কৰে, সেইসকলো মোৰেই।
16অধিপতি, অভিজাত, আৰু যিসকলে ন্যায়েৰে শাসন কৰে, সেই সকলে মোৰ দ্বাৰাই কৰে।
17যিসকলে মোক প্ৰেম কৰে, ময়ো তেওঁলোকক প্ৰেম কৰোঁ, আৰু যিসকলে মোক আগ্রহেৰে বিচাৰে, তেওঁলোকে মোক বিচাৰি পায়।
18ঐশ্চৰ্য্য আৰু মান মৰ্য্যদা মোৰ লগতে আছে, এনে কি অক্ষয় সম্পত্তি আৰু ধাৰ্মিকতা আছে।
19সোণতকৈ আৰু শুদ্ধ সোণতকৈয়ো মোৰ ফল উত্তম; শুদ্ধ ৰূপতকৈয়ো মই যি উৎপন্ন কৰোঁ সেয়া উত্তম।
20মই যি পথেৰে যাওঁ, সেই পথ শুদ্ধ; সেই পথে ন্যায়লৈ লৈ যায়।
21সেয়ে যিসকলে মোক ভাল পায় তেওঁলোকক মই উত্তৰাধিকাৰ দিওঁ, আৰু তেওঁলোকৰ ভঁৰাল পৰিপূৰ্ণ কৰিম।
22যিহোৱাই আৰম্ভণীৰে পৰা মোক সৃষ্টি কৰিলে- পূৰ্বৰ দৰেই তেওঁৰ প্রথম কাৰ্য।
23অনাদি কালৰ পৰা, পৃথিবীৰ আৰম্ভণীৰে পৰা মই স্থাপিত হৈ আছোঁ।
24মহাসাগৰৰ আগতে, আৰু পানীৰ ভুমুকবোৰ হোৱাৰ আগতে, মোক জন্ম দিয়া হৈছিল।
25পৰ্ব্বতবোৰ স্থাপন হোৱাৰ আগতে, আৰু পাহাৰবোৰৰ পূর্বেই, মোৰ জন্ম হৈছিল।
26যিহোৱাই পৃথিৱী বা পথাৰবোৰ সৃষ্টিৰ কৰাৰ আগতে, এনেকি পৃথিৱীত উৎপন্ন হোৱা প্রথম ধূলিৰ আগতে মোৰ জন্ম হৈছিল।
27তেওঁ স্বৰ্গ স্থাপন কৰা সময়ত, আৰু তেওঁ অগাধ জলত দিগন্তৰ সীমা নিৰূপণ কৰোঁতে, মই সেই ঠাইত আছিলোঁ।
28তেওঁ যেতিয়া আকাশ-মণ্ডল স্থাপন কৰিছিল, আৰু যেতিয়া গভীৰ ভুমুকবোৰ সৃষ্টি কৰিছিল, তেতিয়া মই সেই ঠাইত আছিলোঁ।
29সাগৰ সীমা নিৰূপণ কৰাৰ আগেয়ে মই সেই ঠাইত আছিলোঁ, সেয়ে সাগৰৰ পানী তেওঁ আজ্ঞা কৰা ঠাইৰ বাহিৰে আন ঠাইত যেন প্লাৱিত নহয়। আৰু যেতিয়া তেওঁ পৃথিবীৰ মূল ক’ত স্থাপন হব আদেশ দিছিল।
30তেতিয়া মই তেওঁৰ লগত প্ৰধান শিল্পকাৰ ৰূপে আছিলোঁ, আৰু মই দিনৰ পাচত দিন তেওঁত আনন্দ কৰিছিলোঁ, সদায় তেওঁৰ আগত প্রশংসা কৰিছিলোঁ।
31মই তেওঁৰ সমগ্র পৃথিৱীত প্রশংসা কৰিছিলোঁ, আৰু মানৱজাতিৰ মাজত মোৰ আনন্দ হৈছিল।
32এতিয়া হে মোৰ পুত্রসকল, মোৰ কথা শুনা; কাৰণ যিসকলে মোৰ পথত চলে, তেওঁলোক আনন্দিত হ’ব।
33মোৰ নিৰ্দেশ শুনা আৰু জ্ঞানী হোৱা; ইয়াক অৱজ্ঞা নকৰিবা।
34যিজনে মোৰ কথা শুনে, তেওঁ আনন্দিত হ’ব- মোৰ দুৱাৰত প্রতি দিনে পৰ দি থাকিব, মোৰ ঘৰৰ দুৱাৰৰ কাষত মোৰ বাবে অপেক্ষা কৰি থাকিব।
35কাৰণ যি জনে মোক বিচাৰি পায়, তেওঁ জীৱন পায়, আৰু তেওঁ যিহোৱাৰ পৰা অনুগ্ৰহ লাভ কৰে।
36কিন্তু যি জনে মোক বিচাৰি নাপায়, তেওঁ নিজৰ অনিষ্ট কৰে। যিসকলোৱে মোক ঘিণ কৰে, তেওঁলোকে মৃত্যুক ভাল পায়।”
WEBREATH · 11:11
«He himself gives everyone life and breath and everything else» — Acts 17:25
Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.
WEBREATH — the Minute at 11:11, your own local time — we are One Breath