হিতোপদেশ 7
1হে মোৰ পুত্র, মোৰ বাক্য পালন কৰা, আৰু মোৰ আজ্ঞাবোৰ তোমাৰ হৃদয়ত সংগ্রহ কৰা।
2মোৰ আজ্ঞা পালন কৰি জীৱন ধাৰণ কৰা; তোমাৰ চকুৰ মণিৰ দৰে মোৰ নিৰ্দেশ মানি চলা।
3সেইবোৰ তোমাৰ আঙুলিত বান্ধা, আৰু তোমাৰ হৃদয় ফলিত লিখি ৰাখা।
4প্রজ্ঞাক কোৱা, “তুমি মোৰ ভনী,” আৰু সুবিবেচনাক কোৱা তুমি মোৰ আত্মীয়।
5প্রলোভনকাৰী, আৰু মুখৰ বাক্যেৰে ব্যভিচাৰ কৰা মহিলাৰ পৰা নিজকে ৰক্ষা কৰা।
6মোৰ ঘৰৰ খিড়িকিৰ ওচৰত থিয় হৈ, মই জালিৰে বাহিৰলৈ চাইছিলোঁ।
7আৰু মই বহুতো শিক্ষা নোপোৱা যুৱকসকলক দেখিছিলোঁ, যুৱক সকলৰ মাজত মই এজন জ্ঞানশূন্য যুৱকক দেখিছিলোঁ।
8সেই যুৱকজনে তাইৰ ঘৰৰ ওচৰৰ বাটেৰে গৈ আছিল, আৰু তেওঁৰ ঘৰলৈ গ’ল-
9সেই দিনা সন্ধিয়া চকামকা সময় আছিল, ৰাতি আৰু আন্ধাৰৰ সেই সময়ত।
10আৰু সেই ঠাইত এগৰাকী মহিলাই তেওঁক ল’গ পালে, বেশ্যাৰ দৰে তাইৰ পোচাক, আৰু তাই জানিছিল তাই তাত কিয় আছিল।
11তাই কোলাহলপূৰ্ণ আৰু উচ্ছৃঙ্খল, তাইৰ ভৰি ঘৰত নাথাকে।
12তাই কেতিয়াবা বাটত, কেতিয়াবা বজাৰত উপস্থিত হয়, তাই প্রতিটো চকতে বাট চাই থাকে।
13সেয়ে তাই তেওঁক সাৱটি ধৰি চুমা খালে; তাই দুঃসাহসেৰে তেওঁক ক’লে,
14“মই আজি মোৰ মঙ্গলাৰ্থক বলিদান কৰিলোঁ, মই মোৰ সঙ্কল্প সিদ্ধ কৰিলোঁ;
15সেয়ে মই আপোনাক লগ পাবলৈ বাহিৰলৈ আহিলোঁ, মই আগ্ৰহেৰে আপোনাক বিচাৰিছিলোঁ, আৰু মই আপোনাক বিচাৰি পালোঁ।
16মই মোৰ বিচনা মিচৰৰ পৰা অনা ৰঙীণ কাপোৰেৰে ঢাকিলোঁ।
17মই গন্ধৰস, অগৰু, আৰু ডালচেনিৰে মোৰ বিচনা সুগন্ধি কৰিলোঁ।
18আহাঁ, আমি ৰাতিপুৱালৈকে প্ৰেমত লীন হৈ থাকোঁ। আহাঁ আমি বেলেগ ধৰণে প্রেম উপভোগ কৰোঁ।
19মোৰ স্বামী ঘৰত নাই, তেওঁ দূৰ যাত্রাত গৈছে।
20তেওঁ তেওঁৰ লগত ধনৰ মোনা লৈ গৈছে, তেওঁ পুৰ্ণিমাৰ দিনহে ঘূৰি আহিব।”
21তাই তাইৰ প্রলোভনযুক্ত কথাৰে তেওঁক মান্তি কৰালে; আৰু তাইৰ মধুৰ কথাৰে বাধ্য কৰালে।
22তেওঁ কাটিবলৈ নিয়া গৰুৰ দৰে বা ফান্দত ধৰা পৰা হৰিণৰ দৰে তাইৰ পাছে পাছে গ’ল।
23যেতিয়ালৈকে কলিজাৰ মাজেৰে কাঁড়ে নিবিন্ধে বা চৰাই জালৰ ফান্দত পৰিবলৈ যিদৰে শীঘ্ৰে উড়ি যোৱাৰ দৰে, ইয়াৰ মূল্য যে তেওঁৰ জীৱন হ’ব পাৰে, সেই কথা তেওঁ নজনাকৈ তাইৰ পাছে পাছে গৈ থাকিল।
24আৰু এতিয়া হে মোৰ পুত্র, মোৰ কথা শুনা, মই কোৱা কথালৈ মনোযোগ দিয়া।
25তোমাৰ হৃদয় তাইৰ ফাললৈ ঢাল খাব নিদিবা, আৰু তুমি তাইৰ পথত গৈ বিপথগামী নহবা।
26তাই অনেকক আনি নষ্ট কৰিছে, তেওঁলোকক গণনা কৰিব নোৱাৰি।
27তাইৰ ঘৰেই চিয়োললৈ যোৱা বাট, আৰু মৃত্যুৰ অন্তঃপুৰলৈ নামি যোৱা পথ।
WEBREATH · 11:11
«He himself gives everyone life and breath and everything else» — Acts 17:25
Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.
WEBREATH — the Minute at 11:11, your own local time — we are One Breath