হিতোপদেশ 4
1হে মোৰ পুত্রসকল, পিতৃৰ উপদেশ শুনা, আৰু মনোযোগ দিয়া, যাতে তুমি সুবিবেচনা বুজিব পাৰা।
2মই তোমালোকক উত্তম কৰ্মবিধি দিওঁ। মোৰ শিক্ষা প্রণালী পৰিত্যাগ নকৰিবা।
3মই যেতিয়া মোৰ পিতৃৰ পুত্ৰ আছিলোঁ, মোৰ মাতৃৰ মৰমৰ একমাত্র সন্তান আছিলোঁ।
4তেওঁ মোক শিকাইছিল আৰু মোক কৈছিল, “তোমাৰ হৃদয়ত মোৰ বাক্য ধৰি ৰাখা; মোৰ আজ্ঞাবোৰ পালন কৰা আৰু জীৱন ধাৰণ কৰা।”
5প্রজ্ঞা আৰু বিবেচনা শক্তি অৰ্জন কৰা; মোৰ মুখৰ পৰা ওলোৱা বাক্য নাপাহৰিবা আৰু ত্যাগ নকৰিবা।
6প্ৰজ্ঞাক ত্যাগ নকৰিবা, তেতিয়া তেওঁ তোমাৰ ওপৰত দৃষ্টি ৰাখিব; তেওঁক প্ৰেম কৰা, আৰু তেওঁ তোমাক সুৰক্ষিত কৰি ৰাখিব।
7প্ৰজ্ঞা হৈছে অতি গুৰুত্বপূৰ্ণ বিষয়, সেয়ে প্ৰজ্ঞা অৰ্জন কৰা; আৰু তুমি অৰ্জন কৰা প্রজ্ঞাক সকলোতে ব্যৱহাৰ কৰা, তাতে তুমি বিবেচনা শক্তি লাভ কৰিবা।
8প্রজ্ঞাক সস্নেহে প্রতিপালন কৰা, তেওঁ তোমাক উচ্চ স্হানত স্হাপন কৰিব; তুমি তেওঁক আঁকোৱালি ধৰিলে, তেওঁ তোমাক আদৰ কৰিব।
9তেওঁ তোমাৰ মুৰত সন্মানীয় মালা দিব, তেওঁ তোমাক এটা সুন্দৰ মুকুট দিব।”
10হে মোৰ পুত্র শুনা, আৰু মোৰ কথালৈ মনোযোগ দিয়া; তেতিয়া তুমি বহু বছৰ জীয়াই থাকিবা।
11মই তোমাক প্রজ্ঞাৰ পথত পৰিচালনা কৰিছোঁ, মই তোমাক সৰল পথত নেতৃত্ব দিছোঁ।
12তুমি যেতিয়া খোজ দিবা, তেতিয়া কোনো এজনেও তোমাৰ পথত থিয় নহ’ব; আৰু তুমি দৌৰ মাৰিলেও উজুটি নাখাবা।
13নিয়ম প্রণালী মানি চলিবা, ইয়াক যাবলৈ নিদিবা; ইয়াক পহৰা দিয়া, কাৰণ এয়ে তোমাৰ জীৱন।
14পাপীবোৰৰ পথ অনুসৰণ নকৰিবা, আৰু যিসকলে দুষ্টকৰ্ম কৰে, তেওঁলোকৰ পথত নাযাবা।
15তেওঁলোকৰ পৰা দূৰত থাকিবা, সেই পথত নাযাবা, সেই পথৰ পৰা ঘূৰি আহাঁ, আৰু অন্য পথত যোৱা;
16কাৰণ তেওঁলোকে কুকৰ্ম নকৰালৈকে তেওঁলোকৰ টোপনি নাহে, আৰু তেওঁলোকে কোনো লোকক উজুটি নোখোৱালৈকে তেওঁলোকৰ টোপনি নাহে।
17কাৰণ তেওঁলোকে দুষ্টতাৰূপ পিঠা ভোজন কৰে, আৰু উপদ্ৰৱৰূপ দ্ৰাক্ষাৰস পান কৰে।
18ধাৰ্মিকলোকৰ পথ সূৰ্যদয়ৰ দীপ্তিৰ দৰে, সেয়ে উজ্জলতাৰ পৰা উজ্জলতালৈ গতি কৰে।
19দুষ্টবোৰৰ পথ অন্ধকাৰৰ নিচিনা; সিহঁতে কিহত উজুতি খায় তাক নাজানে।
20হে মোৰ পুত্র, মোৰ বাক্যলৈ মনোযোগ দিয়া, মই কোৱা কথা শুনা।
21সেইবোৰ তোমাৰ দৃষ্টিৰ পৰা দূৰ হব নিদিবা; সেইবোৰ তোমাৰ হৃদয়ত বান্ধি ৰাখা।
22কাৰণ যিসকলে সেইবোৰ বিচাৰি পায়, তেওঁলোকৰ বাবে মোৰ বাক্য জীৱনস্বৰূপ, আৰু তেওঁলোকৰ সৰ্ব্বশৰীৰলৈ সুস্বাস্থ্যস্বৰূপ।
23সকলো অধ্যৱসায়ৰ দ্বাৰাই তোমাৰ হৃদয়ক অধিক যত্নেৰে ৰক্ষা কৰা, কিয়নো তাৰ পৰাই জীৱন উৎপন্ন হয়।
24তোমাৰ মুখৰ পৰা কটুকথা দূৰ কৰা, আৰু নৈতিকতাহীন কথা তোমাৰ পৰা দূৰ কৰা।
25তোমাৰ চকুৱে সন্মুখলৈ চাওক, আৰু তোমাৰ দৃষ্টি তোমাৰ সন্মুখত স্থিৰ কৰা।
26তোমাৰ ভৰিৰ কাৰণে পথ সমান কৰা, তেতিয়া তোমাৰ সকলো পথ সুৰক্ষিত হ’ব।
27সোঁ হাতে কি বাওঁ হাতে নুঘুৰিবা, মন্দৰ পৰা তোমাৰ ভৰি দূৰত ৰাখিবা।”
WEBREATH · 11:11
«He himself gives everyone life and breath and everything else» — Acts 17:25
Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.
WEBREATH — the Minute at 11:11, your own local time — we are One Breath