হিতোপদেশ 23
1যেতিয়া তুমি কোনো শাসনকৰ্ত্তাৰ সৈতে ভোজনত বহা, তেতিয়া তোমাৰ সন্মুখত কোন আছে সাৱধানে লক্ষ্য কৰিবা।
2কাৰণ তুমি যদি অধিক আহাৰ খাবলৈ ভাল পোৱা, তেনেহ’লে নিজৰ ডিঙিত নিজে ছুৰী দিবা।
3তেওঁৰ উত্তম খোৱা বস্তুলৈ হেঁপাহ নকৰিবা, কিয়নো সেয়ে প্ৰবঞ্চক আহাৰ।
4ধনী হ’বলৈ অধিক কষ্ট নকৰিবা, কেতিয়া বন্ধ কৰিব লাগে সেই কথা জানিবলৈ যথেষ্ট জ্ঞানী হোৱা।
5যেতিয়া তোমাৰ দৃষ্টি ধনত পৰে, সেয়ে গুচি যায়, আৰু হঠাতে ডেউকা লগাই, আৰু ঈগলৰ দৰে আকাশলৈ উৰি যায়।
6তোমাৰ আহাৰলৈ কোনো লোকে বহু সময় চাই থাকিলে, পাপী মানুহৰ আহাৰ ভোজন নকৰিবা, আৰু তেওঁৰ উত্তম খোৱা বস্তুলৈ হেঁপাহ নকৰিবা;
7কাৰণ তেওঁ এনে এজন মানুহ যি তোমাৰ আহাৰৰ হিচাপ লয়। তেওঁ তোমাক কয়, “ভোজন-পান কৰা!” কিন্তু তেওঁৰ হৃদয় তোমাৰ সৈতে নাথাকে।
8তুমি যি অলপ খাইছা, সেয়াও বমি কৰিবা, আৰু তোমাৰ অভিনন্দন বৃথা হ’ব।
9অজ্ঞানী লোকে শুনি থকাকৈ কথা নকবা; কিয়নো তেওঁ তোমাৰ প্রজ্ঞাৰ কথা তুচ্ছ কৰিব।
10পুৰণি সীমাৰ দেৱাল আতৰাই নিদিবা, বা অনাথ সকলৰ পথাৰৰ সীমালঙ্ঘন নকৰিবা;
11কিয়নো তেওঁলোকৰ মুক্তিকৰ্ত্তা বলৱান; আৰু তেওঁ তোমাৰ বিৰুদ্ধে তেওঁলোকৰ হৈ প্ৰতিবাদ কৰিব।
12তোমাৰ হৃদয়ে অনুশাসনলৈ মনোযোগ দিয়ক, আৰু জ্ঞানৰ কথালৈ তোমাৰ কাণ পাতা।
13সন্তানক শাস্তি দিবলৈ ত্রুটি নকৰিবা; কিয়নো তুমি তাক চেকনীৰে কোবালে সি নমৰিব।
14তুমি যদি তাক চেকনীৰে কোবোৱা, তেনেহ’লে তুমি তাৰ আত্মা চিয়োলৰ পৰা ৰক্ষা কৰিবা।
15হে মোৰ পুত্র, যদি তোমাৰ হৃদয় জ্ঞানী হয়, তেনেহ’লে মোৰ হৃদয়ো আনন্দিত হ’ব;
16যেতিয়া তোমাৰ ওঁঠে যথাৰ্থ কথা কয়, তেতিয়া মোৰ অন্তঃকৰণ উল্লাসিত হয়।
17তোমাৰ হৃদয়ে পাপীক ঈৰ্ষা নকৰক; কিন্তু তুমি ওৰে দিনটো যিহোৱাৰ ভয়ত থাকা;
18অৱশ্যে ইয়াত তোমাৰ ভবিষ্যত জড়িত হৈ আছে, আৰু তোমাৰ আশা খণ্ডন কৰা নহব।
19হে মোৰ পুত্র, শুনা আৰু জ্ঞানী হোৱা, আৰু তোমাৰ হৃদয় সৰল পথত চলোৱা।
20সুৰা প্রিয় লোকৰ সৈতে সহযোগী নহ’বা, বা অধিক মাংস ভোজন কৰা সকলৰ সঙ্গী নহবা।
21কাৰণ মতলীয়া আৰু খকুৱা লোক দৰিদ্ৰ হয়, আৰু মানুহৰ টোপনিয়ে তেওঁলোকক ফটা বস্ত্র পিন্ধায়।
22তোমাক জন্ম দিয়া পিতৃৰ কথা শুনা, আৰু তোমাৰ মাতৃৰ বৃদ্ধা অৱস্থাত তেওঁক হেয়জ্ঞান নকৰিবা।
23সত্যক কিনা, কিন্তু ইয়াক বিক্রী নকৰিবা; প্রজ্ঞা, অনুশাসন, আৰু সুবিবেচনা কিনা।
24ন্যায় কাৰ্য কৰা জনৰ পিতৃ অতিশয় উল্লাসিত হয়, আৰু জ্ঞানী পুত্ৰৰ জন্মদাতাই তেওঁৰ বাবে আনন্দ কৰিব।
25তোমাৰ পিতৃ আৰু মাতৃক আনন্দিত হ’বলৈ দিয়া, আৰু তোমাৰ জন্মদাতাক উল্লাসিত হ’ব দিয়া।
26হে মোৰ পুত্র, তোমাৰ হৃদয় মোক দিয়া, তোমাৰ চকুক মোৰ পথলৈ নিৰীক্ষণ কৰিবলৈ দিয়া।
27কাৰণ বেশ্যা দ গাতৰ দৰে, আৰু অন্য লোকৰ ভাৰ্যা ঠেক নাদৰ দৰে।
28তেওঁ ডকাইতৰ দৰে খাপ দি থাকে, আৰু মনুষ্যসকলৰ মাজত বিশ্বাসঘাতকতৰ দল বৃদ্ধি কৰে।
29কাৰ দুৰ্দশা আছে? কাৰ দুখ আছে? কোনে কাজিয়া কৰে? কোনে অভিযোগ কৰে? কোনে অকাৰণে মাৰ খায়? কাৰ চকু ৰঙা হয়?
30যিসকলে বহুদিন দ্ৰাক্ষাৰসত লিপ্ত থাকে, আৰু যিসকলে দ্ৰাক্ষাৰসৰ মিহলাবলৈ চেষ্টা কৰে।
31যেতিয়া দ্ৰাক্ষাৰস ৰঙা হৈ থাকে, পাত্ৰত দগমগায়, আৰু সহজে পেটলৈ যায়, তেতিয়া তালৈ দৃষ্টি নকৰিবা।
32শেষতে সেয়ে সাপৰ নিচিনাকৈ কামুৰিব, আৰু বিষাক্ত সাপৰ দৰে ইয়াৰ দংশন।
33তোমাৰ চকুৱে আচৰিত বস্তু দেখিব, আৰু তোমাৰ হৃদয়ে মন্দ কথা কব;
34প্রচণ্ড সমুদ্ৰৰ ওপৰত শোৱা জনৰ দৰে, বা জাহাজৰ মাজস্থলৰ ওপৰত শোৱা লোকৰ দৰে হবা;
35তুমি কবা, “তেওঁলোকে মোক মাৰিলে!” কিন্তু মই আঘাত পোৱা নাই, তেওঁলোকে মোক প্ৰহাৰ কৰিলে, কিন্তু মই অনুভব কৰা নাই। মই যেতিয়া সাৰ পাম? তেতিয়া মই পুনৰ দ্রাক্ষাৰস পান কৰিম।”
WEBREATH · 11:11
«He himself gives everyone life and breath and everything else» — Acts 17:25
Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.
WEBREATH — the Minute at 11:11, your own local time — we are One Breath