হিতোপদেশ 19
1নিজৰ সিদ্ধতাত চলা দৰিদ্ৰ লোক, কোনো এজন কথাত বিপথগামী আৰু অজ্ঞানী লোকতকৈ ভাল।
2জ্ঞানৰ অবিহনে অভিপ্রায় থকা ভাল নহয়; আৰু যি জনে বেগেৰে যায়, তেওঁ পথ হেৰুৱাই।
3মানুহৰ অজ্ঞানতাই তেওঁৰ জীৱন ধ্বংস কৰে; আৰু তেওঁৰ হৃদয় যিহোৱাৰ বিৰুদ্ধে ক্রোধাম্বিত হয়।
4ধন-সম্পত্তিয়ে অনেক বন্ধু একত্রিত কৰে; কিন্তু দৰিদ্ৰ লোক নিজৰ বন্ধুসকলৰ পৰা বিছিন্ন হয়।
5মিছা সাক্ষী দিয়া জনে দণ্ড নোপোৱাকৈ নাথাকিব; আৰু যি জনে মিছা কথা কয় তেৱোঁ অব্যাহতি নাপায়।
6অনেক লোকে অনুগ্ৰহ পাবলৈ দয়ালু লোকৰ আগত নিবেদন কৰে, আৰু যি জনে উপহাৰ দিয়ে, তেওঁৰ সকলো বন্ধু হয়।
7যদি দৰিদ্ৰ লোকৰ ভায়েক সকলে তেওঁক ঘিণ কৰে; তেনেহলে তাতকৈ কিমান অধিক পৰিমাণে তেওঁৰ বন্ধুসকল তেওঁৰ পৰা আঁতৰি যাব! তেওঁ তেওঁলোকক আহ্বান কৰে, কিন্তু তেওঁলোক আতৰি যায়।
8যিজনে জ্ঞান লাভ কৰে, তেওঁ নিজৰ প্ৰাণক প্ৰেম কৰে, যিজনে বিবেচনা শক্তি ৰাখে, তেওঁ যি ভাল তাক বিচাৰি পায়।
9মিছা সাক্ষী দিয়া জনে দণ্ড নোপোৱাকৈ নাথাকিব; কিন্তু মিছা কথা কোৱা জন বিনষ্ট হ’ব।
10অজ্ঞানী লোকে বিলাসীতা জীৱন যাপন কৰা অনুপযুক্ত; তেনেহলে ৰাজকুমাৰৰ ওপৰত দাসে শাসন কৰা তাতকৈ কিমান অধিক পৰিমাণে অনুপযুক্ত!
11মানুহৰ বিবেচনাই তেওঁক ক্ৰোধত ধীৰ কৰে, আৰু অপৰাধ অৱমাননা কৰা তেওঁৰ গৌৰৱ।
12ৰজাৰ ক্ৰোধ ডেকা সিংহৰ গৰ্জ্জনৰ দৰে; কিন্তু তেওঁৰ অনুগ্ৰহ ঘাঁহৰ ওপৰত পৰা নিয়ৰৰ দৰে।
13মূৰ্খ পুত্ৰই পিতৃলৈ ধ্বংস আনে, আৰু কন্দল কৰা মহিলা টোপ-টোপকৈ পৰি থকা পানীৰ দৰে।
14ঘৰ আৰু ধন-সম্পত্তি পিতৃসকলৰ পৰা পোৱা উত্তৰাধিকাৰ; কিন্তু জ্ঞানৱতী ভাৰ্যা যিহোৱাৰ পৰা পোৱা যায়।
15এলাহে মানুহক দুৰ্ঘোৰ নিদ্রাত পেলায়, কিন্তু যিজনে কাম কৰিবলৈ ইচ্ছা নকৰে, তেওঁ ভোকত থাকিব।
16যি জনে আজ্ঞা পালন কৰে, তেওঁ নিজৰ প্ৰাণ ৰক্ষা কৰে; কিন্তু যি জনে নিজৰ পথৰ বিষয়ে চিন্তা নকৰে, তেওঁৰ মৃত্যু হ’ব।
17যি জনে দৰিদ্ৰক দয়া কৰে, তেওঁ যিহোৱাক ঋণ দিয়ে; আৰু তেওঁ কৰা কাৰ্যৰ বিনিময়, তেওঁ তেওঁক পৰিশোধ কৰিব।
18আশা থাকোতে নিজৰ সন্তানক নিয়মানুবৰ্তিতা শিকোৱা; আৰু সন্তানক মাৰি পেলোৱাৰ কথা হৃদয়ত নাভাবিবা।
19অতি ক্ৰোধী মানুহে দণ্ড পোৱা উচিত; যদি তুমি তেওঁক মুক্ত কৰা, তেনেহলে তুমি দ্বিতীয় বাৰৰ বাবেও কৰিব লাগিব।
20তুমি জীৱনৰ শেষ বয়সত জ্ঞানী হ’বলৈ পৰামৰ্শ শুনা, আৰু নিৰ্দেশ গ্ৰহণ কৰা।
21মানুহৰ হৃদয়ত বহুতো আঁচনি থাকে; কিন্তু যিহোৱাৰ অভিপ্রায় থিৰে থাকিব।
22আনুগত্য মানুহৰ ইচ্ছাৰে হয়, আৰু মিছলীয়াতকৈ দৰিদ্ৰ লোক ভাল।
23যিহোৱাক তেওঁৰ পাবলগীয়া সন্মান দিয়া, আৰু সেয়ে তোমাৰ জীৱনদায়ক হ’ব, আৰু যি জনৰ সেয়া আছে, তেওঁ তৃপ্ত হৈ থাকিব; আৰু তেওঁ অনিষ্টৰ দ্বাৰাই পীড়িত নহ’ব।
24এলেহুৱাই পাত্ৰৰ আহাৰত হাত সুমুৱাই, এনেকি পুনৰায় মুখলৈ ঘূৰাই নিব নোৱাৰিব।
25নিন্দকক প্ৰহাৰ কৰা, তাতে অশিক্ষিত দূৰদর্শী হ’ব; আৰু সুবিবেচকক অনুযোগ কৰা, তাতে তেওঁ জ্ঞান লাভ কৰিব।
26যি পুত্ৰই পিতৃক লুট কৰে, আৰু মাতৃক খেদি দিয়ে, তেওঁ এনে পুত্র যি জনে লাজ আৰু অপমান আনে।
27হে মোৰ পুত্র, যদি তুমি উপদেশ শুনিবলৈ এৰি দিয়া, তুমি জ্ঞানৰ বাক্যৰ পৰা ভ্রান্ত হবা।
28দুৰ্নীতিগ্রস্ত সাক্ষীয়ে ন্যায় বিচাৰৰ নিন্দা কৰে, আৰু দুষ্টসকলৰ মুখে অপৰাধ গ্ৰাস কৰে।
29নিন্দকসকলৰ বাবে দণ্ড যুগুত আছে, আৰু অজ্ঞানী সকলৰ পিঠিৰ বাবে সাঁচ বহা কোব যুগুত আছে।
WEBREATH · 11:11
«He himself gives everyone life and breath and everything else» — Acts 17:25
Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.
WEBREATH — the Minute at 11:11, your own local time — we are One Breath