হিতোপদেশ 10
1চলোমনৰ নীতি বাক্য। জ্ঞানী পুত্ৰই পিতৃক আনন্দিত কৰে; কিন্তু অজ্ঞানী পুত্ৰই নিজৰ মাতৃৰ মনত দুখ দিয়ে।
2দুষ্টতাৰে অৰ্জন কৰা ধন-সম্পত্তিৰ কোনো মূল্য নাই; কিন্তু সত্যতাৰে কার্য কৰা জনক মৃত্যুৰ পৰা উদ্ধাৰ কৰে।
3যিসকলে সত্যতাৰে কাৰ্য কৰে, যিহোৱাই তেওঁলোকক ভোকত থাকিব নিদিয়ে; কিন্তু তেওঁ দুষ্টবোৰৰ বাঞ্ছা পুৰ নকৰে।
4এলেহুৱা হাতেৰে কাম কৰা মানুহ দৰিদ্ৰ হয়, কিন্তু পৰিশ্ৰমীজনৰ হাতে তেওঁক ধনৱান কৰে।
5গ্রীষ্ম কালত বুদ্ধিমান পুত্ৰই শস্য চপায়; কিন্তু শস্য দোৱাৰ সময়ত টোপনিত থকা জন লজ্জাজনক পুত্ৰ।
6সত্যতাৰে কাৰ্য কৰা জনৰ ওপৰত ঈশ্বৰৰ আশীৰ্ব্বাদ আহে; কিন্তু দুষ্টবোৰৰ মুখ অত্যাচাৰেৰে পৰিপূৰ্ণ।
7সত্যতাৰ কার্য কৰা কোনো লোকৰ কথা ভাবিলে আমি আনন্দিত হওঁ; কিন্তু দুষ্টবোৰৰ নাম লুপ্ত হ’ব।
8যিসকল লোক সচেতন, তেওঁলোকে আজ্ঞা পালন কৰে; কিন্তু অধিক কথা কোৱা মূৰ্খলোক ধ্বংসৰ পথত যায়।
9যি জনে সিদ্ধতাৰূপ পথত খোজ দিয়ে, তেওঁ সুৰক্ষিত হৈ চলে, কিন্তু যিজনে নিজৰ পথ কুটিলতাৰে পূৰ্ণ কৰে, তেওঁক বিচাৰি উলিওৱা হ’ব।
10চকুৰে ইঙ্গিত কৰা জনে দুখ দিয়ে; কিন্তু কথকি মুৰ্খলোক পতিত হয়।
11সত্যতাৰে চলা জনৰ মুখ জীৱনৰ ভুমুক স্বৰূপ; কিন্তু দুষ্টবোৰৰ মুখে অত্যাচাৰ লুকুৱাই ৰাখে।
12ঘৃণাই বিবাদ জন্মায়; কিন্তু প্ৰেমে সকলো অপৰাধ ঢাকে।
13সুবিবেচক লোকৰ ওঁঠত প্ৰজ্ঞা পোৱা যায়; কিন্তু পিঠিত চেকনী জ্ঞানশূন্য লোকৰ বাবে হয়।
14জ্ঞানীলোকে জ্ঞান সংৰক্ষিত কৰে; কিন্তু অজ্ঞানৰ মুখে ধ্বংস আনে।
15ধনী লোকৰ ধন সম্পত্তিয়েই তাৰ দৃঢ় নগৰ; কিন্তু দৰিদ্ৰলোকৰ দৰিদ্ৰতাই তেওঁলোকৰ বিনাশৰ কাৰণ।
16সত্যতাৰে কাৰ্য কৰা লোকৰ পাৰিশ্ৰমিকে জীৱন দিয়ে; দুষ্ট লোকৰ উপাৰ্জনৰ লাভে পাপলৈ ঠেলি দিয়ে।
17যিজনে নিয়মানুবৰ্তিতাত চলে, তেওঁ জীৱনৰ পথত চলে; কিন্তু যিজনে অনুযোগ অমান্য কৰে, তেওঁ বিপথে যায়।
18যিজনে ঘৃণা গোপনে ৰাখে, তেওঁ মিছলীয়া ওঁঠৰ লোক, আৰু যিজনে অপবাদ বিস্তাৰ কৰে, তেওঁ মূৰ্খ হয়।
19অধিক কথাত অপৰাধৰ অভাৱ নাই; কিন্তু যিজনে কথা কওঁতে সাৱধান হয়, তেওঁ জ্ঞানী।
20যিজনে সত্যতাৰ কথা কয়, তেওঁৰ জিভা শুদ্ধ ৰূপৰ দৰে; দুষ্টৰ হৃদয়ত সামান্য মূল্য থাকে।
21সত্যতাৰে কাৰ্য কৰা লোকৰ ওঁঠে অনেকক প্ৰতিপালন কৰে; কিন্তু জ্ঞানশূন্যতাৰ বাবে মূৰ্খলোকৰ মৃত্যু হয়।
22যিহোৱাৰ আশীৰ্ব্বাদে ধনৱান কৰে, আৰু তেওঁ তাৰ সৈতে কোনো দুখ যোগ নকৰে।
23দুষ্টতা মূৰ্খই খেলা খেল স্বৰূপ, কিন্তু প্রজ্ঞা সুবিবেচনা কৰা লোকৰ বাবে আনন্দদায়ক।
24দুষ্ট লোকে যিহলৈ ভয় কৰে, সেয়ে তালৈ ঘটে; কিন্তু ধাৰ্মিকৰ বাঞ্ছা সিদ্ধ হয়।
25দুষ্ট লোক ধুমুহাৰ দৰে, সেয়ে অতিক্রম কৰি বিলুপ্ত হৈ যায়, কিন্তু যিসকলে সত্যতাৰ কাৰ্য কৰে, তেওঁলোক চিৰস্থায়ী ভিত্তিমুলস্বৰূপ।
26দাঁতৰ বাবে সিৰ্কা, আৰু চকুৰ বাবে ধোঁৱা যেনেকুৱা, পঠোৱা লোকসকলৰ বাবেও এলেহুৱা তেনেকুৱা।
27যিহোৱালৈ থকা ভয়ে আয়ুস বৃদ্ধি কৰে; কিন্তু দুষ্টবোৰৰ বছৰবোৰ কমি যাব।
28সৎ কাৰ্য কৰা জনৰ আশা আনন্দ জনক; কিন্তু দুষ্টবোৰৰ বছৰবোৰ কম হ’ব।
29যিসকল লোকে পথত চলে, তেওঁলোকক যিহোৱাই ৰক্ষা কৰে। কিন্তু দুষ্টলোকৰ বাবে সেয়ে সৰ্ব্বনাশ স্বৰূপ।
30যিসকলে সৎ কাৰ্য কৰে, তেওঁলোক কেতিয়াও লৰচৰ নহব; কিন্তু দুষ্টলোক দেশত অৱশিষ্ট নাথাকিব।
31যিসকল লোকে সৎ কাৰ্য কৰে, তেওঁলোকৰ মুখৰ পৰা প্রজ্ঞা ওলায়; কিন্তু উচ্ছৃঙ্খল জিভা কাটি পেলোৱা হ’ব।
32যিসকল লোক সকলৰ ওঁঠে সৎ কাৰ্য কৰে, তেওঁলোকৰ ওঁঠে গ্ৰহণীয় কি, সেই বিষয়ে জানে; কিন্তু দুষ্টলোকৰ মুখে উচ্ছৃঙ্খলতা কি সেই বিষয়ে জানে।
WEBREATH · 11:11
«He himself gives everyone life and breath and everything else» — Acts 17:25
Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.
WEBREATH — the Minute at 11:11, your own local time — we are One Breath