খ্ৰীষ্টান ধৰ্ম
উভতি যাওক

ফিলিপীয়া পত্ৰ 1

1খ্ৰীষ্ট যীচুৰ দাস পৌল আৰু তীমথিয়, খ্ৰীষ্ট যীচুত থকা যি সকল পবিত্ৰ লোক ফিলিপীত আছে তেখেত সকলৰ সৈতে তেখেত সকলৰ অধ্যক্ষ আৰু পৰিচাৰক সকলৰ সমীপলৈ।

2আমাৰ পিতৃ ঈশ্বৰ আৰু প্ৰভু যীচু খ্ৰীষ্টৰ পৰা আপোনালোকলৈ অনুগ্ৰহ আৰু শান্তি হওক।

3মই আপোনালোকৰ প্রতিটো ভাৱেৰে মোৰ ঈশ্ৱৰৰ ধন্যবাদ কৰোঁ৷

4প্ৰতিবাৰে মই আপোনালোকৰ বাবে প্ৰাৰ্থনা কৰোঁ, এয়া সদায় এটা আনন্দৰ নিবেদন হয়৷

5প্ৰথম দিনৰে পৰা এতিয়ালৈকে শুভবাৰ্তা ঘোষণাৰ কাৰ্যত আপোনালোকৰ সহভাগিতা থকাৰ বাবে মই ধন্যবাদ কৰোঁ৷

6যি জনে আপোনালোকত সৎকৰ্ম আৰম্ভ কৰিলে, সেই জনে যীচু খ্ৰীষ্টৰ আগমণৰ দিনলৈকে সিদ্ধ কৰি থাকিব বুলি দৃঢ় প্ৰত্যয় কৰিলোঁ৷

7আপোনালোক সকলোৰে বিষয়ে এনে ন্যায় ভাব ৰখা মোৰ উচিত; কাৰণ আপোনালোক মোৰ হৃদয়ত আছে৷ কিয়নো মই বন্দী অৱস্হাত থাকোতে আৰু শুভবাৰ্তাৰ পক্ষত উত্তৰ আৰু প্ৰমাণ দিয়া কথাত যি অনুগ্ৰহ পালোঁ, তাৰে আপোনালোকো সহভাগী হৈছে।

8কাৰণ খ্ৰীষ্ট যীচুৰ স্নেহত মই আপোনালোকৰ কাৰণে কিমান হাবিয়াহ কৰোঁ, সেই বিষয়ে ঈশ্বৰ মোৰ সাক্ষী আছে।

9আৰু মই প্ৰাৰ্থনা কৰি আছোঁ যাতে আপোনালোকে প্ৰেম, জ্ঞান আৰু সকলো বিবেচনাত অধিক অধিককৈ উপচি পৰে৷

10মই প্ৰাৰ্থনা কৰোঁ, আপোনালোকে যাতে যি যি শ্ৰেষ্ঠ, সেইবোৰ বিবেচনা কৰি, সেইদৰে নিৰ্ণয় কৰিব পাৰে আৰু এইদৰে খ্ৰীষ্টৰ দিনৰ অপেক্ষাৰে নিৰ্দোষী আৰু নিৰ্বিঘ্ন হওক৷

11নিবেদন কৰোঁ, আপোনালোক যেন ঈশ্বৰৰ মহিমা আৰু প্ৰশংসাৰ অৰ্থে , যীচু খ্ৰীষ্টৰ যোগেদি ধাৰ্মিকতাৰ ফলেৰে পৰিপূৰ্ণ হয়।

12এতিয়া হে ভাই সকল, আপোনালোকে এই কথা জানি লোৱাতো মই ইচ্ছা কৰোঁ যে, মোলৈ যি যি ঘটিল, সেইবোৰ শুভবাৰ্তাৰ বাবে বাধা হোৱাৰ বিপৰীতে বৃদ্ধিৰ অৰ্থেহে ঘটিল।

13কাৰণ খ্ৰীষ্টত মোৰ যি বন্ধন, সেয়ে গোটেই প্ৰিটৰিয়মত আৰু আন সকলোৰে আগত প্ৰকাশিত হ’ল৷

14আৰু সেয়ে খ্ৰীষ্টত থকা ভাই সকলৰ অধিক ভাগে মই বন্ধনত থকা অৱস্হাত প্ৰভুত দৃঢ় বিশ্বাস ৰাখিছে, আৰু ঈশ্বৰৰ বাক্য নিৰ্ভয়ৰূপে ক’বলৈ অধিক সাহস কৰিছে।

15কোনো কোনোৱে ঈৰ্ষাৰে আৰু বিবাদেৰে আৰু কোনো কোনোৱে সদ্ভাৱেৰে খ্ৰীষ্টক ঘোষণা কৰে৷

16এভাগে প্ৰেমৰ কাৰণে ঘোষণা কৰে, ইয়াৰ চিন স্বৰূপে মই শুভবাৰ্তাৰ পক্ষত উত্তৰ দিবলৈ নিযুক্ত হৈছোঁ বুলি জানিছোঁ।

17কিন্তু কিছুমানে স্বাৰ্থপৰতাৰে আৰু আন্তৰিকতাহীন ভাৱে খ্ৰীষ্টক প্ৰচাৰ কৰে, তেখেত সকলে শুদ্ধ ভাবেৰে নহয়, কিন্তু মোৰ বন্ধন ক্লেশযুক্ত কৰিবৰ আশয়েৰেহে তাকে কৰে।

18তাতেই বা কি হ’ল? কপটেৰেই হওক বা সত্যেৰেই হওক, কোনো প্ৰকাৰে খ্ৰীষ্ট প্ৰচাৰিত হৈ আছে; ইয়াতে মই আনন্দহে কৰিছোঁ, আৰু আনন্দ কৰি থাকিম।

19কিয়নো মই জানো যে, আপোনালোকৰ প্ৰাৰ্থনা আৰু যীচু খ্ৰীষ্টৰ আত্মাৰ উপকাৰৰ যোগেদি মোৰ পৰিত্রাণৰ অৰ্থে, সেয়ে মোলৈ ঘটিব৷

20এয়ে মোৰ আকাংক্ষা আৰু আশা সিদ্ধ হ’ব যে, মই কোনোমতে লজ্জিত নহম৷ কিন্তু সাহসেৰে যেনেকৈ সদায়, তেনেকৈ এতিয়াও জীৱনৰ দ্বাৰাই হওক বা মৰণৰ দ্বাৰায়েই হওক , মোৰ শৰীৰত খ্ৰীষ্ট মহিমান্বিত হ’ব।

21কিয়নো মোৰ পক্ষে জীয়াই থকা হৈছে খ্ৰীষ্ট, মৰাই হৈছে লাভ।

22কিন্তু মাংসত জীয়াই থকাই যদি মোৰ পক্ষে কৰ্মৰ ফল উৎপন্ন কৰোঁতা হয়, তেনেহলে কোনটো মনোনীত কৰিম, সেই বিষয়ে মই নাজানো৷

23কিন্তু মই এই দুটাৰ চেপাৰ মাজত সোমাই আছোঁ৷ ইয়াৰ পৰা গৈ, খ্ৰীষ্টৰ লগত থাকিবলৈ মোৰ ইচ্ছা; কিয়নো সেয়ে অতি অধিক গুণে উত্তম!

24কিন্তু এতিয়া আপোনালোকৰ কাৰণে শৰীৰত জীৱিত থকাই অধিক প্ৰয়োজন হৈছে।

25আৰু ইয়াকে মই দৃঢ় প্ৰত্যয় কৰি থাকিম বুলি জানিছোঁ; হয়, আৰু বিশ্বাসত আপোনালোকৰ বৃদ্ধি আৰু আনন্দ হ’বৰ বাবে আপোনালোক সকলোৰে লগত থাকিবলৈ পাম৷

26মোৰ বাবে আপোনালোকৰ শ্লাঘাৰ কাৰণ খ্ৰীষ্ট যীচুত উপচি পৰা উচিত, যিহেতু মই আপোনালোকৰ সৈতে পুনৰাই উপস্থিত আছোঁ৷

27মই যদি আপোনালোকক চাবলৈ যাওঁ, নাইবা অনুপস্থিতো থাকো, তথাপি আপোনালোকে যে এক আত্মাৰে থিৰ হৈ আছে আৰু এক মনেৰে শুভবাৰ্তাৰ সমন্ধীয় বিশ্বাসৰ পক্ষে প্ৰাণপণ কৰিছে, সেই বিষয়ে যেন আপোনালোকৰ পৰা শুনিবলৈ পাম, ইয়াৰ বাবেই আপোনালোকে খ্ৰীষ্টৰ শুভবাৰ্তাৰ যোগ্য জীৱন-যাপন কৰক, এয়ে মাত্ৰ মোৰ নিবেদন।

28আপোনালোকৰ বিৰুদ্ধী সকলৰ বাবে কোনো বিষয়ত ত্ৰাসযুক্ত নহ’ব; সেয়ে তেখেত সকলৰ অৰ্থে বিনাশ, কিন্তু আপোনালোকৰ অৰ্থে ঈশ্বৰৰ পৰাই পৰিত্রাণৰ প্ৰমাণ হয়।

29কিয়নো, খ্ৰীষ্টত কেৱল বিশ্বাস কৰিবলৈ নহয়, কিন্তু খ্ৰীষ্টৰ কাৰণে দুখ ভোগ কৰিবলৈকো , আপোনালোকক তেওঁৰ কাৰণে অনুগ্ৰহ দান কৰা হ’ল,

30যিহেতু আপোনালোকে আগেয়ে মোক যি ৰূপত যুদ্ধ কৰা দেখিলে, আৰু এতিয়াও কৰি থকা শুনিছে, সেইদৰে আপোনালোকেও যুদ্ধ কৰক৷

উত্‍স: ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

WEBREATH · 11:11

«He himself gives everyone life and breath and everything else» — Acts 17:25

Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.

WEBREATH — the Minute at 11:11, your own local time — we are One Breath