গননা পুস্তক 7
1পাছত যি দিনা মোচিয়ে আবাস স্থাপন কৰি সমপন্ন কৰিলে, তেতিয়া তেওঁ সেই আবাস আৰু তাৰ সকলো বস্তু যিহোৱাৰ বাবে অভিষেক আৰু পবিত্ৰ কৰিলে। তেওঁ যজ্ঞবেদী আৰু তাৰ সকলো বস্তু, সকলোকে সঁজুলি অভিষেক আৰু পবিত্ৰ কৰিলে।
2সেই দিনা ইস্ৰায়েলৰ অধ্যক্ষসকল, তেওঁলোকৰ পিতৃ-বংশৰ মুখিয়ালসকলে নিজ নিজ উপহাৰ দান কৰিলে। তেওঁলোক ফৈদবোৰৰ অধ্যক্ষ আছিল। তেওঁলোক যুদ্ধৰ বাবে গণিত লোকসকলৰ ওপৰত নিযুক্ত হৈছিল।
3তেওঁলোকে যিহোৱাৰ সন্মুখত তেওঁৰ উদ্দেশ্যে নিজ নিজ উপহাৰ স্বৰূপে ঢাকনি থকা ছখন গাড়ী আৰু বাৰটা ষাঁড়-গৰু আনিলে। তেওঁলোকে দুজন দুজন অধ্যক্ষলৈ এখন এখন গাড়ী, আৰু প্ৰতিজনৰ কাৰণে এটা এটা ষাঁড়-গৰু আনি আবাসৰ আগত উপস্থিত কৰিলে।
4তেতিয়া যিহোৱাই মোচিক কলে,
5“সাক্ষাৎ কৰা তম্বুৰ কামত ব্যৱহাৰ কৰাৰ কাৰণে, তুমি তেওঁলোকৰ পৰা উপহাৰবোৰ লোৱা। তুমি সেই সকলোকে লেবীয়াসকলক দিবা, অৰ্থাৎ তেওঁলোকৰ প্রতিজনকে নিজ নিজ কাৰ্য অনুসাৰে দিবা।”
6পাছত মোচিয়ে সেই সকলো গাড়ী আৰু ষাঁড়-গৰুবোৰ লৈ লেবীয়াসকলক দিলে।
7গেৰ্চোনৰ সন্তান সকলক তেওঁলোকৰ কাৰ্যৰ প্রয়োজন অনুসাৰে দুখন গাড়ী আৰু চাৰিটা ষাঁড়-গৰু দিলে।
8তেওঁ মৰাৰীৰ সন্তান সকলক চাৰিখন গাড়ী আৰু আঠটা ষাঁড়-গৰু হাৰোণ পুৰোহিতৰ পুত্ৰ ঈথামৰৰ দায়িত্বত দিলে। তেওঁলোকৰ কাৰ্যৰ প্রয়োজন অনুসাৰে মোচিয়ে এনে কৰিলে।
9কিন্তু কহাতৰ সন্তান সকলক মোচিয়ে একোকে নিদিলে, কিয়নো পবিত্ৰ স্থানৰ বস্তুবোৰৰ ভাৰ হে তেওঁলোকৰ ওপৰত আছিল আৰু তেওঁলোকৰ প্রয়োজনীয়া বস্তুবোৰ তেওঁলোকে কান্ধতকৈ ভাৰ বব লগীয়া।
10মোচিয়ে যজ্ঞবেদী অভিষেক কৰা দিনা, অধ্যক্ষসকলে তাৰ প্ৰতিষ্ঠাৰ অৰ্থে উপহাৰ আনিলে আৰু নিজ নিজ উপহাৰ যজ্ঞবেদীৰ আগত উপস্থিত কৰিলে।
11তেতিয়া যিহোৱাই মোচিক কলে, “প্রতিজন অধ্যক্ষই এদিন যজ্ঞবেদীৰ প্ৰতিষ্ঠাৰ অৰ্থে নিজ নিজ উপহাৰ আনিব লাগিব।”
12তেতিয়া প্ৰথম দিনা যিহূদা ফৈদৰ অম্মীনাদবৰ পুত্ৰ নহচোনে নিজৰ উপহাৰ আনিলে।
13তেওঁৰ উপহাৰ পবিত্ৰ স্থানৰ চেকল অনুসাৰে এশ ত্ৰিশ চেকল জোখৰ ৰূপৰ এখন থাল, আৰু সত্তৰ চেকল জোখ ৰূপৰ এটা বাটি আছিল। এই দুটা পাত্ৰ ভক্ষ্য নৈবেদ্যৰ অৰ্থে তেল মিহলোৱা মিহি আটাগুড়িৰে ভৰা আছিল।
14তেওঁ ধূপেৰে পূৰ হোৱা দহ চেকল জোখ সোণৰ এটা পিয়লাও দান কৰিছিল।
15নহচোনে হোমৰ অৰ্থে এটা দমৰা ষাঁড়-গৰু, এটা মতা মেৰ-ছাগ দিছিল।
16তেওঁ পাপাৰ্থক বলিৰ কাৰণে এটা এবছৰীয়া মতা ছাগলী পোৱালি দিছিল।
17আৰু মঙ্গলাৰ্থক বলিৰ কাৰণে দুটা ষাঁড়-গৰু, পাঁচটা মতা মেৰ-ছাগ, পাঁচটা মতা ছাগলী আৰু পাঁচোটা এবছৰীয়া মতা মেৰ পোৱালি দিছিল। এয়ে অম্মীনাদবৰ পুত্ৰ নহচোনৰ উপহাৰ।
18দ্বিতীয় দিনা, ইচাখৰৰ অধ্যক্ষ চূৱাৰৰ পুত্ৰ নথনেলে উপহাৰ আনিলে।
19তেওঁ অনা উপহাৰ পবিত্ৰ স্থানৰ চেকল অনুসাৰে এশ ত্ৰিশ চেকলজোখৰ ৰূপৰ এখন থাল, আৰু সত্তৰ চেকল জোখৰ ৰূপৰ এটা বাটি আছিল। এই দুটা পাত্ৰ ভক্ষ্য নৈবেদ্যৰ অৰ্থে তেল মিহলোৱা মিহি আটাগুড়িৰে ভৰা আছিল।
20তেওঁ ধূপেৰে পূৰ হৈ থকা দহ চেকল জোখৰ সোণৰ এটা পিয়লাও দান কৰিছিল।
21নথনেলে হোমৰ অৰ্থে এটা দমৰা ষাঁড়-গৰু, এটা মতা মেৰ-ছাগ আৰু এটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল।
22তেওঁ পাপাৰ্থক বলিৰ কাৰণে এটা মতা ছাগলী আনিছিল।
23মঙ্গলাৰ্থক বলিৰ কাৰণে তেওঁ দুটা ষাঁড়-গৰু, পাঁচটা মতা মেৰ-ছাগ, পাঁচটা মতা ছাগলী আৰু পাঁচটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল। এয়ে আছিল চূৱাৰৰ পুত্ৰ নথনেলৰ উপহাৰ।
24তৃতীয় দিনা, জবূলূনৰ সন্তান সকলৰ অধ্যক্ষ হেলোনৰ পুত্ৰ ইলীয়াবে উপহাৰ আনিলে।
25তেওঁ উপহাৰ হিচাপে পবিত্ৰ স্থানৰ চেকল অনুসাৰে এশ ত্ৰিশ চেকল জোখ ৰূপৰ এখন থাল আৰু সত্তৰ চেকল জোখৰ ৰূপৰ এটা বাটি আনিলে। এই দুই পাত্ৰ ভক্ষ্য নৈবেদ্যৰ অৰ্থে তেল মিহলোৱা মিহি আটাগুড়িৰে ভৰা আছিল;
26তেওঁ ধূপেৰে পূৰ হৈ থকা দহ চেকল জোখৰ সোণৰ এটা পিয়লাও আনিছিল।
27তেওঁ হোমৰ অৰ্থে এটা দমৰা ষাঁড়-গৰু, এটা মতা মেৰ-ছাগ আৰু এটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল।
28পাপাৰ্থক বলিৰ কাৰণে তেওঁ এটা মতা ছাগলী আনিছিল;
29আৰু মঙ্গলাৰ্থক বলিৰ কাৰণে তেওঁ দুটা ষাঁড়-গৰু, পাঁচটা মতা মেৰ-ছাগ, পাঁচটা মতা ছাগলী আৰু পাঁচটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল। এয়ে আছিল হেলোনৰ পুত্ৰ ইলীয়াবৰ উপহাৰ।
30চতুৰ্থ দিনা, ৰূবেণৰ সন্তান সকলৰ অধ্যক্ষ চদেয়ূৰৰ পুত্ৰ ইলীচূৰে উপহাৰ আনিলে।
31তেওঁ উপহাৰ হিচাপে পবিত্ৰ স্থানৰ চেকল অনুসাৰে এশ ত্ৰিশ চেকল জোখৰ ৰূপৰ এখন থাল আৰু সত্তৰ চেকল জোখৰ ৰূপৰ এটা বাটি আনিছিল। এই দুটা পাত্ৰ ভক্ষ্য নৈবেদ্যৰ অৰ্থে তেল মিহলোৱা মিহি আটাগুড়িৰে ভৰা আছিল;
32তেওঁ ধূপেৰে পূৰ হৈ থকা দহ চেকল জোখৰ সোণৰ এটা পিয়লাও আনিছিল।
33তেওঁ হোমৰ অৰ্থে এটা দমৰা ষাঁড়-গৰু, এটা মতা মেৰ-ছাগ আৰু এটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল;
34আৰু পাপাৰ্থক বলিৰ বাবে এটা মতা ছাগলী আনিছিল।
35ইলীচূৰে মঙ্গলাৰ্থক বলিৰ কাৰণে দুটা ষাঁড়-গৰু, পাঁচটা মতা মেৰ-ছাগ, পাঁচটা মতা ছাগলী আৰু পাঁচটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল। এয়ে আছিল চদেয়ূৰৰ পুত্ৰ ইলীচূৰৰ উপহাৰ।
36পঞ্চম দিনা চিমিয়োনৰ সন্তান সকলৰ অধ্যক্ষ চূৰীচদ্দয়ৰ পুত্ৰ চলমীয়েলে উপহাৰ আনিলে।
37তেওঁ উপহাৰ হিচাপে পবিত্ৰ স্থানৰ চেকল অনুসাৰে এশ ত্ৰিশ চেকল জোখৰ ৰূপৰ এখন থাল, আৰু সত্তৰ চেকল জোখ ৰূপৰ এটা বাটি আনিছিল। এই দুটা পাত্ৰ ভক্ষ্য নৈবেদ্যৰ অৰ্থে তেল মিহলোৱা মিহি আটাগুড়িৰে ভৰা আছিল;
38আৰু ধূপেৰে পূৰ হৈ থকা দহ চেকল জোখৰ সোণৰ এটা পিয়লাও আনিছিল;
39তেওঁ হোম বলিৰ অৰ্থে এটা দমৰা ষাঁড়-গৰু, এটা মতা মেৰ-ছাগ আৰু এটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল;
40আৰু পাপাৰ্থক বলিৰ বাবে এটা মতা ছাগলী।
41তেওঁ মঙ্গলাৰ্থক বলিৰ কাৰণে দুটা ষাঁড়-গৰু, পাঁচটা মতা মেৰ-ছাগ, পাঁচটা মতা ছাগলী আৰু পাঁচটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল। এয়ে আছিল চূৰীচদ্দয়ৰ পুত্ৰ চলমীয়েলৰ উপহাৰ।
42ষষ্ঠ দিনা, গাদৰ সন্তান সকলৰ অধ্যক্ষ দুৱেলৰ পুত্ৰ ইলিয়াচফে উপহাৰ আনিলে।
43তেওঁ উপহাৰ হিচাপে পবিত্ৰ স্থানৰ চেকল অনুসাৰে এশ ত্ৰিশ চেকল জোখৰ ৰূপৰ এখন থাল, আৰু সত্তৰ চেকল জোখৰ এটা বাটি আনিছিল। এই দুটা পাত্ৰ ভক্ষ্য নৈবেদ্যৰ অৰ্থে তেল মিহলোৱা মিহি আটাগুড়িৰে ভৰা আছিল;
44তেওঁ ধূপেৰে পূৰ হৈ থকা দহ চেকল জোখৰ এটা সোণৰ পিয়লাও আনিছিল।
45তেওঁ হোম বলিৰ অৰ্থে এটা দমৰা ষাঁড়-গৰু, এটা মতা মেৰ-ছাগ আৰু এটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল।
46আৰু পাপাৰ্থক বলিৰ কাৰণে এটা মতা ছাগলী;
47তেওঁ মঙ্গলাৰ্থক বলিৰ কাৰণে দুটা ষাঁড়-গৰু, পাঁচটা মতা মেৰ-ছাগ, পাঁচটা মতা ছাগলী আৰু পাঁচটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল। এয়ে আছিল দুৱেলৰ পুত্ৰ ইলিয়াচফৰ উপহাৰ।
48সপ্তম দিনা, ইফ্ৰয়িমৰ সন্তান সকলৰ অধ্যক্ষ অম্মীহূদৰ পুত্ৰ ইলীচামাই উপহাৰ আনিলে।
49তেওঁ উপহাৰ হিচাপে পবিত্ৰ স্থানৰ চেকল অনুসাৰে এশ ত্ৰিশ চেকল জোখ ৰূপৰ এখন থাল, আৰু সত্তৰ চেকল জোখ ৰূপৰ এটা বাটি আনিছিল। এই দুটা পাত্ৰ ভক্ষ্য নৈবেদ্যৰ অৰ্থে তেল মিহলোৱা মিহি আটাগুড়িৰে ভৰা আছিল;
50তেওঁ ধূপেৰে পূৰ হৈ থকা দহ চেকল জোখৰ সোণৰ এটা পিয়লাও আনিছিল।
51তেওঁ হোম বলিৰ অৰ্থে এটা দমৰা ষাঁড়-গৰু, এটা মতা মেৰ-ছাগ আৰু এটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল।
52তেওঁ পাপাৰ্থক বলিৰ কাৰণে এটা মতা ছাগলী আনিছিল;
53আৰু মঙ্গলাৰ্থক বলিৰ কাৰণে দুটা ষাঁড়-গৰু, পাঁচটা মতা মেৰ-ছাগ, পাঁচটা মতা ছাগলী আৰু পাঁচটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল। এয়ে আছিল অম্মীহূদৰ পুত্ৰ ইলীচামাৰ উপহাৰ।
54অষ্টম দিনা, মনচিৰ সন্তান সকলৰ অধ্যক্ষ পদাচূৰৰ পুত্ৰ গম্লীয়েলে উপহাৰ আনিলে।
55তেওঁ উপহাৰ হিচাপে পবিত্ৰ স্থানৰ চেকল অনুসাৰে এশ ত্ৰিশ চেকল জোখৰ ৰূপৰ এখন থাল, আৰু সত্তৰ চেকল জোখৰ ৰূপৰ এটা বাটি আনিছিল; এই দুটা পাত্ৰ ভক্ষ্য নৈবেদ্যৰ অৰ্থে তেল মিহলোৱা মিহি আটাগুড়িৰে ভৰা আছিল।
56তেওঁ ধূপেৰে পূৰ হৈ থকা দহ চেকল জোখৰ সোণৰ এটা পিয়লাও আনিছিল।
57তেওঁ হোম বলিৰ অৰ্থে এটা দমৰা ষাঁড়-গৰু, এটা মতা মেৰ-ছাগ আৰু এটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল;
58আৰু পাপাৰ্থক বলিৰ কাৰণে এটা মতা ছাগলী।
59তেওঁ মঙ্গলাৰ্থক বলিৰ কাৰণে দুটা ষাঁড়-গৰু, পাঁচটা মতা, পাঁচটা মতা ছাগলী আৰু পাঁচটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল। এয়ে আছিল পদাচূৰৰ পুত্ৰ গম্লীয়েলৰ উপহাৰ।
60নৱম দিনা, বিন্যামীনৰ সন্তান সকলৰ অধ্যক্ষ গিদিয়োনীৰ পুত্ৰ অবীদানে উপহাৰ আনিলে।
61তেওঁ উপহাৰ হিচাপে পবিত্ৰ স্থানৰ চেকল অনুসাৰে এশ ত্ৰিশ চেকল জোখৰ ৰূপৰ এখন থাল, আৰু সত্তৰ চোকল জোখৰ ৰূপৰ এটা বাটি আনিছিল। এই দুটা পাত্ৰ ভক্ষ্য নৈবেদ্যৰ অৰ্থে তেল মিহলোৱা মিহি আটাগুড়িৰে ভৰা আছিল;
62তেওঁ ধূপেৰে পূৰ হৈ থকা দহ চোকল জোখৰ সোণৰ এটা পিয়লাও আনিছিল।
63হোম বলিৰ অৰ্থে তেওঁ এটা দমৰা ষাঁড়-গৰু, এটা মতা মেৰ-ছাগ
64আৰু এটা এবছৰীয়া মেৰ পোৱালি আনিছিল আৰু পাপাৰ্থক বলিৰ কাৰণে এটা মতা ছাগলী;
65তেওঁ মঙ্গলাৰ্থক বলিৰ কাৰণে দুটা ষাঁড়-গৰু, পাঁচটা মতা মেৰ-ছাগ, পাঁচটা মতা ছাগলী আৰু পাঁচটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল। এয়ে আছিল গিদিয়োনীয়া পুত্ৰ অবীদানৰ উপহাৰ।
66দশম দিনা, দানৰ সন্তান সকলৰ অধ্যক্ষ অম্মীচদ্দয়ৰ পুত্ৰ অহীয়েজৰে উপহাৰ আনিলে।
67তেওঁ উপহাৰ হিচাপে পবিত্ৰ স্থানৰ চেকল অনুসাৰে এশ ত্ৰিশ চেকল জোখ এখন ৰূপৰ থাল, আৰু সত্তৰ চেকল জোখৰ ৰূপৰ এটা বাটি আনিছিল; এই দুটা পাত্ৰ ভক্ষ্য নৈবেদ্যৰ অৰ্থে তেল মিহলোৱা মিহি আটাগুড়িৰে ভৰা আছিল।
68তেওঁ ধূপেৰে পূৰ হোৱা দহ চোকল জোখৰ সোণৰ এটা পিয়লাও আনিছিল।
69তেওঁ হোম বলিৰ অৰ্থে এটা দমৰা ষাঁড়-গৰু, এটা মতা মেৰ-ছাগ আৰু এটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল;
70আৰু পাপাৰ্থক বলিৰ কাৰণে এটা মতা ছাগলী;
71তেওঁ মঙ্গলাৰ্থক বলিৰ কাৰণে দুটা ষাঁড়-গৰু, পাঁচটা মতা মেৰ-ছাগ, পাঁচটা মতা ছাগলী আৰু পাঁচটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল। এয়ে আছিল অম্মীচদ্দয়ৰ পুত্ৰ অহীয়েজৰৰ উপহাৰ।
72একাদশ দিনা, আচেৰৰ সন্তান সকলৰ অধ্যক্ষ আক্ৰণৰ পুত্ৰ পগীয়েলে উপহাৰ আনিলে।
73তেওঁ উপহাৰ হিচাপে পবিত্ৰ স্থানৰ চেকল অনুসাৰে এশ ত্ৰিশ চেকল জোখ ৰূপৰ এখন থাল, আৰু সত্তৰ চেকল জোখৰ ৰূপৰ এটা বাটি আনিছিল; এই দুটা পাত্ৰ ভক্ষ্য নৈবেদ্যৰ অৰ্থে তেল মিহলোৱা মিহি আটাগুড়িৰে ভৰা আছিল।
74তেওঁ ধূপেৰে পূৰ হৈ থকা দহ চেকল জোখ সোণৰ এটা পিয়লাও আনিছিল।
75তেওঁ হোম অৰ্থে এটা দমৰা ষাঁড়-গৰু, এটা মতা মেৰ-ছাগ আৰু এটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল;
76আৰু পাপাৰ্থক বলিৰ কাৰণে এটা মতা ছাগলী।
77তেওঁ মঙ্গলাৰ্থক বলিৰ কাৰণে দুটা ষাঁড়-গৰু, পাঁচটা মতা মেৰ-ছাগ, পাঁচটা মতা ছাগলী আৰু পাঁচটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল। এয়ে আছিল আক্ৰণৰ পুত্ৰ পগীয়েলৰ উপহাৰ।
78দ্বাদশ দিনা, নপ্তালীৰ সন্তান সকলৰ অধ্যক্ষ ঐননৰ পুত্ৰ অহীৰাই উপহাৰ আনিলে।
79তেওঁ উপহাৰ হিচাপে পবিত্ৰ স্থানৰ চেকল অনুসাৰে এশ ত্ৰিশ চেকল জোখৰ ৰূপৰ এখন থাল, আৰু সত্তৰ চেকল জোখৰ ৰবপৰ এটা বাটি আনিছিল; এই দুটা পাত্ৰ ভৈক্ষ্য নৈবেদ্যৰ অৰ্থে তেল মিহলোৱা মিহি আটাগুড়িৰে ভৰা আছিল।
80তেওঁ ধূপেৰে পূৰ হৈ থকা দহ চেকল জোখৰ সোণৰ এটা পিয়লাও আনিছিল।
81তেওঁ হোম বলিৰ অৰ্থে এটা দমৰা ষাঁড়-গৰু, এটা মতা মেৰ-ছাগ আৰু এটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল;
82আৰু পাপাৰ্থক বলিৰ কাৰণে এটা মতা ছাগলী।
83তেওঁ মঙ্গলাৰ্থক বলিৰ কাৰণে দুটা ষাঁড়-গৰু, পাঁচটা মতা মেৰ-ছাগ, পাঁচটা মতা ছাগলী আৰু পাঁচটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল। এয়ে আছিল ঐননৰ পুত্ৰ অহীৰাৰ উপহাৰ।
84মোচিয়ে যজ্ঞবেদী অভিষেক কৰা দিনা, তাৰ প্ৰতিষ্ঠাৰ অৰ্থে, এই সকলোবোৰ উপহাৰ ইস্ৰায়েলৰ অধ্যক্ষসকলৰ দ্বাৰাই দিয়া হ’ল; তেওঁলোকে ৰূপৰ বাৰখন থাল, ৰূপৰ বাৰটা বাটি আৰু সোণৰ বাৰটা পিয়লা দান কৰিছিল।
85তাৰে প্ৰতিখন থাল এশ ত্ৰিশ চেকল জোখৰ ৰূপৰ আৰু প্ৰত্যেক বাটি সত্তৰ চেকল জোখৰ ৰূপৰ আছিল; সৰ্ব্বমুঠ এই সকলো পাত্ৰৰ ৰূপ পবিত্ৰ স্থানৰ চেকল অনুসাৰে দুই হাজাৰ চাৰিশ চেকল আছিল;
86প্ৰত্যেকখন ধূপেৰে পূৰ হোৱা সোণৰ বাৰটা পিয়লা পবিত্ৰ স্থানৰ চেকল অনুসাৰে দহ চেকল জোখৰ সোণৰ আছিল; আটাই কেইটা পিয়লাৰ সোণ সৰ্ব্বমুঠ এশ বিশ চেকল আছিল।
87তেওঁলোকে হোম বলিৰ অৰ্থে সৰ্ব্বমুঠ বাৰটা দমৰা ষাঁড়-গৰু, বাৰটা মতা মেৰ-ছাগ, বাৰটা এবছৰীয়া মতা মেৰ পোৱালি, আৰু এইবোৰৰ সৈতে ভক্ষ্য নৈবেদ্য আৰু পাপাৰ্থক বলিৰ কাৰণে বাৰটা মতা ছাগলী দান কৰিছিল।
88তেওঁলোকৰ পোহনীয়া জন্তুৰ জাকৰ পৰা তেওঁলোকে মঙ্গলাৰ্থক বলিৰ কাৰণে সৰ্ব্বমুঠ চব্বিশটা ষাঁড়-গৰু, ষাঠিটা মতা মেৰ-ছাগ, ষাঠিটা মতা ছাগলী আৰু ষাঠিটা এবছৰীয়া মতা মেৰ পোৱালি দান কৰিছিল। যজ্ঞবেদী অভিষেক কৰাৰ পাছত, তাৰ প্ৰতিষ্ঠা কৰাৰ উপহাৰ এইবোৰ।
89পাছত যেতিয়া মোচিয়ে যিহোৱাৰ সৈতে কথা-বতৰা কৰিবলৈ সাক্ষাৎ কৰা তম্বুৰ ভিতৰলৈ সোমাল, তেতিয়া তেওঁ ঈশ্বৰৰ বাক্যৰ শব্দ সেই সাক্ষ্য-ফলিৰ চন্দুকৰ ওপৰত থকা পাপাবৰণৰ পৰা, কৰূব দুটাৰ মাজৰ পৰা তেওঁক কোৱা শুনিলে। এইদৰে তেওঁ মোচিক কথা ক’লে।
WEBREATH · 11:11
«He himself gives everyone life and breath and everything else» — Acts 17:25
Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.
WEBREATH — the Minute at 11:11, your own local time — we are One Breath