গননা পুস্তক 33
1ইস্ৰায়েলৰ সন্তান সকলে মোচি আৰু হাৰোণৰ অধীনত নিজ সৈন্যদল অনুসাৰে মিচৰ দেশৰ পৰা ওলাই আহোঁতে, তেওঁলোকে যি যি যাত্ৰা কৰিছিল, সেই সকলো যাত্ৰাৰ বিৱৰণ এই।
2মোচিয়ে যিহোৱাৰ আজ্ঞামতেই তেওঁলোকৰ সকলো যাত্ৰা অনুসাৰে তেওঁলোকে থাকি ৰাওনা হোৱা ঠাইৰ তালিকা লিখিলে। তেওঁলোকে থাকি ৰাওনা হোৱা ঠাই অনুসাৰে তেওঁলোকৰ এই এই যাত্ৰা।
3প্ৰথম মাহত, প্ৰথম মাহৰ পঞ্চদশ দিনা ইস্ৰায়েলৰ সন্তান সকলে ৰামিচেচৰ পৰা যাত্ৰা কৰি নিস্তাৰ-পৰ্ব্বৰ পাছদিনা আটাই মিচৰীয়া লোকৰ সাক্ষাতে যিহোৱাৰ পৰাক্ৰমী বাহুৰে ওলাই গ’ল।
4তেতিয়া মিচৰীয়াসকলে, যিহোৱাই তেওঁলোকৰ মাজত বধ কৰা তেওঁলোকৰ প্ৰথমে ওপজাবোৰৰ মৰা শৱ পুতি আছিল, আৰু যিহোৱাই তেওঁলোকৰ দেৱতাবোৰকো দণ্ড দিছিল।
5ৰামিচেচৰ পৰা যাত্ৰা কৰি, ইস্ৰায়েলৰ সন্তান সকলে চুক্কোতত ছাউনি পাতিলে।
6আৰু চুক্কোতৰ পৰা যাত্ৰা কৰি, মৰুভূমিৰ দাঁতিত থকা এথমত ছাউনি পাতিলে।
7আৰু এথমৰ পৰা যাত্ৰা কৰি, বাল-চফোনৰ আগত থকা পী-হহীৰোতলৈ ঘূৰি আহি মিগদোলৰ সন্মুখত ছাউনি পাতিলে।
8তেতিয়া পী-হহীৰোতৰ সন্মুখৰ পৰা যাত্ৰা কৰি, সমুদ্ৰৰ মাজেদি গৈ মৰুভূমিত সোমাল আৰু এথন অৰণ্যত তিন দিনৰ বাট যাত্ৰা কৰি, মাৰাত ছাউনি পাতিলে।
9আৰু মাৰাৰ পৰা যাত্ৰা কৰি, এলীম পালে; এলীমত বাৰটা জলৰ ভূমূক আৰু ষাঠী জোপা খাজুৰ গছ আছিল; তেওঁলোকে সেই ঠাইত ছাউনি পাতিলে।
10পাছত এলীমৰ পৰা যাত্ৰা কৰি, চূফ সাগৰৰ ওচৰত ছাউনি পাতিলে।
11আৰু চূফ সাগৰৰ পৰা যাত্ৰা কৰি, চীন অৰণ্যত ছাউনি পাতিলে।
12পাছত চীন মৰুভূমিৰ পৰা যাত্ৰা কৰি দফকাত ছাউনি পাতিলে।
13আৰু দফকাৰ পৰা যাত্ৰা কৰি, আলূচত ছাউনি পাতিলে।
14আৰু আলূচৰ পৰা যাত্ৰা কৰি, ৰফীদীমত ছাউনি পাতিলে; সেই ঠাইত লোকসকলৰ খাবলৈ পানী নাছিল।
15পাছত তেওঁলোকে ৰফীদীমৰ পৰা যাত্ৰা কৰি, চীনয় মৰুভূমিত ছাউনি পাতিলে।
16আৰু চীনয় মৰুভূমিৰ পৰা যাত্ৰা কৰি, কিব্ৰোৎ-হত্তাবাত ছাউনি পাতিলে।
17আৰু কিব্ৰোৎ-হত্তাবাৰ পৰা যাত্ৰা কৰি, হচেৰোতত ছাউনি পাতিলে।
18আৰু হচেৰোতৰ পৰা যাত্ৰা কৰি, ৰিৎমাত ছাউনি পাতিলে।
19আৰু ৰিৎমাৰ পৰা যাত্ৰা কৰি, ৰিম্মোন-পেৰচত ছাউনি পাতিলে।
20আৰু ৰিম্মোন-পেৰচৰ পৰা যাত্ৰা কৰি, লিবনাত ছাউনি পাতিলে।
21আৰু লিবনাৰ পৰা যাত্ৰা কৰি, ৰিচ্ছাত ছাউনি পাতিলে।
22আৰু ৰিচ্ছাৰ পৰা যাত্ৰা কৰি, কহেলাথাত ছাউনি পাতিলে।
23আৰু কহেলাথাৰ পৰা যাত্ৰা কৰি, চেফৰ পৰ্ব্বতত ছাউনি পাতিলে।
24পাছত তেওঁলোকে চেফৰ পৰ্ব্বতৰ পৰা যাত্ৰা কৰি, হৰাদাত ছাউনি পাতিলে।
25আৰু হৰাদাৰ পৰা যাত্ৰা কৰি, মখেলোতত ছাউনি পাতিলে।
26আৰু মখেলোতৰ পৰা যাত্ৰা কৰি, তহতত ছাউনি পাতিলে।
27আৰু তহতৰ পৰা যাত্ৰা কৰি, তেৰহত ছাউনি পাতিলে।
28আৰু তেৰহৰ পৰা যাত্ৰা কৰি, মিৎকাত ছাউনি পাতিলে।
29আৰু মিৎকাৰ পৰা যাত্ৰা কৰি, হচমোনাত ছাউনি পাতিলে।
30আৰু হচমোনাৰ পৰা যাত্ৰা কৰি, মোচেৰোতত ছাউনি পাতিলে।
31আৰু মোচেৰোতৰ পৰা যাত্ৰা কৰি, বনেই-যাকনত ছাউনি পাতিলে।
32আৰু বনেই-যাকনৰ পৰা যাত্ৰা কৰি, হোৰহগ্গিদগদত ছাউনি পাতিলে।
33আৰু হোৰহগ্গিদগদৰ পৰা যাত্ৰা কৰি, যটবাথাত ছাউনি পাতিলে।
34আৰু যটবাথাৰ পৰা যাত্ৰা কৰি, অব্ৰোণাত ছাউনি পাতিলে।
35আৰু অব্ৰোণাৰ পৰা যাত্ৰা কৰি, ইচিয়োন-গেবৰত ছাউনি পাতিলে।
36আৰু ইচিয়োন-গেবৰৰ পৰা যাত্ৰা কৰি, ছিন মৰুভূমিত থকা কাদেচত ছাউনি পাতিলে।
37আৰু কাদেচৰ পৰা যাত্ৰা কৰি, ইদোম দেশৰ কাষত থকা হোৰ পৰ্ব্বতত ছাউনি পাতিলে।
38এই সময়ত হাৰোণ পুৰোহিত যিহোৱাৰ আজ্ঞা অনুসাৰে হোৰ পৰ্ব্বতত উঠি, মিচৰৰ পৰা ইস্ৰায়েলৰ সন্তান সকল ওলাই অহাৰ চল্লিশ বছৰৰ পঞ্চম মাহৰ প্ৰথম দিনা সেই ঠাইতে মৰিল।
39হোৰ পৰ্ব্বতত হাৰোণ মৰা সময়ত, তেওঁৰ এশ তেইশ বছৰ বয়স হৈছিল।
40আৰু কনানৰ দক্ষিণ মৰুভূমিত থকা অৰাদৰ কনানীয়া ৰজাই ইস্ৰায়েলৰ সন্তান সকল অহা সম্বাদ পালে।
41পাছত তেওঁলোকে হোৰ পৰ্ব্বতৰ পৰা যাত্ৰা কৰি, চল্মোনাত ছাউনি পাতিলে।
42আৰু চল্মোনাৰ পৰা যাত্ৰা কৰি, পুনোনত ছাউনি পাতিলে।
43আৰু পুনোনৰ পৰা যাত্ৰা কৰি, এবোতত ছাউনি পাতিলে।
44আৰু এবোতৰ পৰা যাত্ৰা কৰি, মোৱাবৰ সীমাৰ ওচৰত থকা ইয়ে-অবাৰীমত ছাউনি পাতিলে।
45আৰু ইয়ীমৰ পৰা যাত্ৰা কৰি, দীবোন-গাদত ছাউনি পাতিলে।
46আৰু দীবোন-গাদৰ পৰা যাত্ৰা কৰি, অল্মোনদিব্লাথয়িমত ছাউনি পাতিলে।
47আৰু অল্মোনদিব্লাথয়িমৰ পৰা যাত্ৰা কৰি, নবোৰ সন্মুখত থকা অবাৰীম পৰ্ব্বতৰ মাজত ছাউনি পাতিলে।
48আৰু অবাৰীম পৰ্ব্বতবোৰৰ পৰা যাত্ৰা কৰি, যিৰীহোৰ সন্মুখত থকা যৰ্দ্দনৰ ওচৰত মোৱাবৰ সমথলত ছাউনি পাতিলে।
49আৰু তেওঁলোকে যৰ্দ্দনৰ ওচৰত বৈৎ-যিচীমোতৰ পৰা আবেল-চিটীমলৈকে মোৱাবৰ সমথলত ছাউনি পাতিলে।
50তেতিয়া যিৰীহোৰ সন্মুখত যৰ্দ্দনৰ ওচৰত মোৱাবৰ সমথলত যিহোৱাই মোচিক ক’লে,
51“তুমি ইস্ৰায়েলৰ সন্তান সকলক কোৱা, তেওঁলোকক এই আজ্ঞা দিয়া, ‘তোমালোকে যেতিয়া যৰ্দ্দন পাৰহৈ কনান দেশত সোমাবা,
52তেতিয়া তোমালোকৰ আগৰ পৰা সেই দেশ নিবাসী সকলো লোকক দূৰ কৰিবা। আৰু তেওঁলোকৰ সকলো নক্সা কটা শিলবোৰ আৰু আটাই সাঁচত ঢলা প্ৰতিমাবোৰ নষ্ট কৰিবা আৰু তেওঁলোকৰ আটাই ওখ ঠাইবোৰ উচ্ছন্ন কৰিবা।
53আৰু তোমালোকে সেই দেশ অধিকাৰ কৰি, তাৰ মাজত বাস কৰিবা; কিয়নো মই উত্তৰাধিকাৰৰ অৰ্থে সেই দেশ তোমালোকক দিলোঁ।
54আৰু তোমালোকে চিঠি-খেলেৰে নিজ নিজ গোষ্ঠী অনুসাৰে দেশ অধিকাৰ কৰি ল’বা; অধিকক অধিক উত্তৰাধীকাৰ আৰু তাকৰক কম উত্তৰাধীকাৰ দিবা; আৰু যাৰ ভাগ যি ঠাইত পৰে, তাৰ ভাগ সেই ঠাইতে হ’ব; তোমালোকে নিজ নিজ পিতৃ-বংশ অনুসাৰে তাক অধিকাৰ কৰি ল’বা।
55কিন্তু তোমালোকে যদি তোমালোকৰ আগৰ পৰা সেই দেশ নিবাসীসকলক দূৰ নকৰা, তেন্তে তোমালোকে যিসকলক অৱশিষ্ট ৰাখিবা, তেওঁলোকেই তোমালোকৰ চকুত কাঁইট আৰু তোমালোকৰ গাৰ কাষত হুলস্বৰূপ হ’ব আৰু তোমালোকে নিবাস কৰা সেই দেশত তেওঁলোকে তোমালোকক ক্লেশ দিব।
56আৰু মই তেওঁলোকলৈ যি কৰিবৰ মন কৰিছোঁ, তাক তোমালোকলৈ কৰিম’।”
WEBREATH · 11:11
«He himself gives everyone life and breath and everything else» — Acts 17:25
Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.
WEBREATH — the Minute at 11:11, your own local time — we are One Breath