খ্ৰীষ্টান ধৰ্ম
উভতি যাওক

গননা পুস্তক 27

1পাছত যোচেফৰ পুত্ৰ মনচিৰ গোষ্ঠীৰ মাজৰ মনচিৰ বৃদ্ধ পৰিনাতি, মাখীৰৰ পৰিনাতি, গিলিয়দৰ নাতি হেফৰৰ পুত্র চলফাদৰ জীয়েক যি মহলা, নোৱা, হগ্লা, মিল্কা আৰু তিৰ্চা, তেওঁলোক মোচিৰ ওচৰলৈ আহিল।

2তেওঁলোকে মোচি, পুৰোহিত ইলিয়াজৰ, অধ্যক্ষসকল আৰু গোটেই মণ্ডলীৰ আগত সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ সন্মুখত থিয় হৈ এই কথা ক’লে বোলে,

3“আমাৰ পিতৃৰ মৰুপ্রান্তত মৃত্যু হ’ল; তেওঁ কোৰহৰ দলৰ মাজত, যিহোৱাৰ বিৰুদ্ধে আলচ পতাসকলৰ দলৰ মাজত নাছিল, তেওঁৰ নিজ পাপতেহে মৃত্যু হৈছিল; অৰ্থাৎ তেওঁৰ নিজ পাপৰ কাৰণেই তেওঁৰ মৃত্যু হৈছিল।

4আমাৰ পিতৃৰ পুত্ৰ সন্তান নথকাত তেওঁৰ গোষ্ঠীৰ মাজৰ পৰা তেওঁৰ নাম কিয় লোপ পাব? আমাৰ পিতৃ বংশৰ ভাইসকলৰ মাজত আমাকো আমাৰ উত্তৰাধীকাৰ দিয়ক।”

5তেতিয়া মোচিয়ে সেই বিষয়ে যিহোৱাৰ আগত তেওঁলোকৰ কথা ক’লে।

6তেতিয়া যিহোৱাই মোচিক কলে,

7“চলফাদৰ জীয়েকসকলে ঠিকেই কৈছে। তুমি তেওঁলোকৰ পিতৃ বংশৰ ভাইসকলৰ মাজত অৱশ্যে তেওঁলোকক উত্তৰাধিকাৰ দিবা আৰু তেওঁলোকৰ পিতৃৰ উত্তৰাধীকাৰ তেওঁলোকে যেন পাই সেই বিষয়ে নিশ্চিত কৰিবা।

8আৰু ইস্ৰায়েলৰ সন্তান সকলক কোৱা, ‘কোনো এজন লোকৰ যদি মৃত্যু হয় আৰু তেওঁৰ যদি কোনো পুত্ৰ নাথাকে তেতিয়া তোমালোকে তেওঁৰ উত্তৰাধিকাৰ তেওঁৰ জীয়েকক গতাই দিবা।

9যদি তেওঁৰ জীয়েক নাথাকে, তেন্তে তেওঁৰ ভায়েক-ককায়েকক তেওঁৰ উত্তৰাধিকাৰ দিবা।

10যদি তেওঁৰ কোনো ভাই বা ককাই নাথাকে, তেন্তে তেওঁৰ পিতৃৰ ভাইসকলক তেওঁৰ উত্তৰাধিকাৰ দিবা।

11যদি তেওঁৰ পিতৃৰ কোনো ভাই বা ককাই নাথাকে, তেন্তে তাৰ গোষ্ঠীৰ মাজৰ আটাইতকৈ ওচৰৰ সম্বন্ধীয়া লোক জনক তেওঁৰ উত্তৰাধীকাৰ দিবা; আৰু তেওঁ তাক নিজ অধিকাৰ কৰিব। মোচিলৈ কোৱা যিহোৱাৰ আজ্ঞাৰ দৰে এয়ে ইস্ৰায়েলৰ সন্তান সকলৰ স্বত্ববিষয়ক বিধি হ’ব’।”

12যিহোৱাই মোচিক পুনৰায় কলে, “তুমি অবাৰীম পৰ্ব্বতত উঠি, যি দেশ মই ইস্ৰায়েলৰ সন্তান সকলক দিলোঁ, তাক চোৱা।

13তাক দেখাৰ পাছত তোমাৰ ভাই হাৰোণৰ নিচিনাকৈ তোমাকো নিজ লোকসকলৰ ওচৰলৈ নিয়া হ’ব।

14কিয়নো ছিন মৰুপ্রান্তত মণ্ডলীৰ বিবাদত, শিলৰ পৰা জল বৈ যোৱা সময়ত তোমালোকে লোকসকলৰ আগত মোক পবিত্ৰৰূপে মান্য কৰিবলৈ দিয়া আজ্ঞা উলঙ্ঘন কৰিলা।” সেই জল ছিন অৰণ্যৰ কাদেচত থকা মিৰীবাৰ জল।

15তেতিয়া মোচিয়ে যিহোৱাক ক’লে,

16“হে যিহোৱা, আপুনি সকলোৰে শৰীৰত থকা আত্মাৰ ঈশ্বৰ, আপুনি মণ্ডলীৰ ওপৰত এজন লোকক নিযুক্ত কৰক, যি জন লোকে

17ইস্ৰায়েলৰ সন্তান সকলৰ আগত অহা-যোৱা কৰিব পাৰে আৰু তেওঁলোকক বাহিৰলৈ-ভিতৰলৈ নিব পাৰে যাতে যিহোৱাৰ মণ্ডলী ৰখীয়া নোহোৱা মেৰৰ জাকৰ নিচিনা নহয়।”

18তেতিয়া যিহোৱাই মোচিক ক’লে, “মোৰ আত্মাই বাস কৰা নুনৰ পুত্ৰ যিহোচূৱাক লৈ তেওঁৰ মূৰত হাত দিয়া,

19আৰু ইলিয়াজৰ পুৰোহিত আৰু গোটেই মণ্ডলীৰ আগত তেওঁক উপস্থিত কৰি তেওঁলোকৰ আগতে তেওঁলোকক আগবঢ়াই নিবলৈ তেওঁক আদেশ দিয়া।

20ইস্ৰায়েলৰ সন্তান সকলৰ গোটেই মণ্ডলীয়ে তেওঁৰ আজ্ঞা মানিবৰ কাৰণে তেওঁক নিজ সন্মানৰ ভাগী কৰা।

21তেওঁ পুৰোহিত ইলিয়াজৰ সন্মুখত থিয় হ’ব, আৰু ইলিয়াজৰে তেওঁৰ কাৰণে ঊৰীমৰ বিচাৰৰ দ্বাৰাই যিহোৱাক সুধিব, তেতিয়া তেওঁ আৰু তেওঁৰ লগত ইস্ৰায়েলৰ সকলো সন্তান সকলে, গোটেই মণ্ডলীয়ে সৈতে ইলিয়াজৰৰ আজ্ঞাতে বাহিৰলৈ-ভিতৰলৈ অহা-যোৱা কৰিব।”

22পাছত মোচিয়ে যিহোৱাই দিয়া আজ্ঞাৰ দৰেই কাৰ্য কৰিলে; তেওঁ যিহোচূৱাক নি, গোটেই মণ্ডলীৰ আগত উপস্থিত কৰিলে।

23তেওঁ তেওঁৰ মূৰত হাত দি, মোচিৰ দ্বাৰাই কোওৱা যিহোৱাৰ বাক্য অনুসাৰে তেওঁক আদেশ দিলে।

উত্‍স: ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

WEBREATH · 11:11

«He himself gives everyone life and breath and everything else» — Acts 17:25

Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.

WEBREATH — the Minute at 11:11, your own local time — we are One Breath