নহিমিয়া 9
1তাৰ পাছত সেই মাহৰ চৌবিশ দিনৰ দিনা ইস্ৰায়েলৰ সন্তান সকল সমবেত হৈ লঘোন দি, চট কাপোৰ পিন্ধিলে, আৰু তেওঁলোকে নিজৰ মুৰত ধুলি লগালে।
2ইস্ৰায়েলৰ-বংশধৰ সকলে বিদেশী সকলৰ পৰা নিজক পৃথক কৰিলে। তেওঁলোকে থিয় হৈ নিজৰ নিজৰ পাপ, আৰু তেওঁলোকৰ পুৰ্ব-পুৰুষ সকলৰ অপৰাধ স্বীকাৰ কৰিলে।
3তেওঁলোকে নিজৰ ঠাইত থিয় হ’ল, আৰু দিনৰ চাৰিভাগৰ এভাগ সময় তেওঁলোকে ঈশ্বৰ যিহোৱাৰ ব্যৱস্থা পুস্তক খন পাঠ কৰিলে, আৰু দিনৰ চাৰিভাগৰ আন এভাগ নিজৰ ঈশ্বৰ যিহোৱাৰ আগত প্ৰণিপাত কৰি পাপ স্বীকাৰ কৰিলে।
4লেবীয়া, যেচুৱা, বানী, কদ্মীয়েল, চবনিয়া, বুন্নী, চেৰেবিয়া, বাণী, আৰু কনানী সকলে খটখটিত থিয় হৈ, তেওঁলোকৰ ঈশ্বৰ যিহোৱাৰ আগত উচ্চস্বৰে স্তুতিগীত কৰিলে।
5তাৰ পাছত লেবীয়া সকলৰ, যেচুৱা, কদ্মীয়েল, বানী, হচবনিয়া, চেৰেবিয়া, হোদিয়া, চবনিয়া আৰু পথহিয়াই ক’লে, আপোনালোক উঠক; আৰু অনাদি কালৰ পৰা অনন্ত কাললৈকে থকা আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ ধন্যবাদ কৰক। আপোনাৰ গৌৰৱান্বিত নাম আশীৰ্ব্বাদযুক্ত হওক; আৰু সকলো আশীর্বাদ আৰু প্রশংসাতকৈ মৰ্য্যদাপূৰ্ণ হওক।
6আপুনি এক মাত্র ঈশ্বৰ যিহোৱা, আপুনি স্বৰ্গ আৰু স্বৰ্গৰো স্বৰ্গ আৰু তাত যুদ্ধৰ বাবে সজ্জিত দূতবোৰৰ সৈতে, পৃথিৱী আৰু তাত থকা সকলোকে আৰু সমুদ্ৰ আৰু তাত থকা সকলোকে স্ৰজন কৰিলে। আপুনি তেওঁলোকক জীৱন দান কৰিলে, আৰু স্বর্গৰ দূতৰ বাহিনীয়ে আপোনাৰ উপাসনা কৰে।
7আপুনি সেই ঈশ্ৱৰ যিহোৱা, যি জনে অব্ৰামক মনোনীত কৰি কলদীয়া সকলৰ দেশ উৰৰ পৰা উলিয়াই আনি তেওঁৰ নাম অব্ৰাহাম ৰাখিছিল।
8আপোনাৰ সাক্ষাতে তেওঁৰ মন বিশ্বাস যোগ্য পাই, হিত্তীয়া, ইমোৰীয়া, পৰিজ্জীয়া, যিবুচীয়া, আৰু গিৰ্গাচীয়া, এই কনানীয়া লোকসকলৰ দেশ তেওঁৰ বংশক দিবলৈ তেওঁৰ লগত এটি নিয়ম স্থাপন কৰিলে। আপুনি নিজৰ প্রতিজ্ঞা স্থিৰ কৰিলে কাৰণ আপুনি ধৰ্মপৰায়ণ ঈশ্ৱৰ।
9আপুনি মিচৰত থকা আমাৰ ওপৰ-পিতৃসকলৰ দুখলৈ দৃষ্টি কৰিছিল, আৰু চূফ সাগৰৰ কাষত তেওঁলোকৰ কাতৰোক্তি শুনিছিল।
10আপুনি ফৰৌণক, তেওঁৰ সকলো দাসক, আৰু তেওঁৰ দেশৰ সকলো প্ৰজাবোৰক চিন আৰু অদ্ভুত লক্ষণ দেখুৱাইছিল; কাৰণ মিচৰীয়াসকলে তেওঁলোকৰ বিৰুদ্ধে গৰ্ব্ব আচৰণ কৰা কথা আপুনি জানিছিল। কিন্তু আপুনি নিজৰ নাম স্থাপন কৰিলে, যি আজিও একেদৰে আছে।
11আপুনি তেওঁলোকৰ আগত সমুদ্ৰক দুভাগ কৰিছিল, সেয়ে তেওঁলোক যেন সমুদ্ৰৰ মাজেদি শুকান বাটেৰে যাব পাৰে; কিন্তু তেওঁলোকৰ পাছত খেদি অহাবোৰক হ’লে, গভীৰ জলত শিল পেলোৱাৰ দৰে পেলালে।
12আপুনি ৰাতি অগ্নি স্তম্ভৰ দ্ৱাৰাই তেওঁলোকৰ পথ পোহৰ কৰি আৰু দিনত মেঘ স্তম্ভৰ দ্ৱাৰাই ছাঁ দি তেওঁলোকক আগুৱাই নিলে।
13আপুনি চীনয় পৰ্ব্বতলৈ নামি আহিছিল আৰু তেওঁলোকৰ সৈতে স্ৱৰ্গৰ পৰাও কথা পাতিছিল। তেওঁলোকক নৈতিকতাপূৰ্ণ শাসন প্ৰণালী, সত্য ন্যায় ব্যৱস্থা, উত্তম বিধি আৰু আজ্ঞাবোৰ দিছিল।
14আপোনাৰ পবিত্ৰ বিশ্ৰাম-বাৰ তেওঁলোকক জনালে, আৰু আপোনাৰ দাস মোচিৰ দ্বাৰাই তেওঁলোকক আজ্ঞা, বিধি, আৰু নিয়ম প্রণালীবোৰ দিলে।
15তেওঁলোকৰ ভোক লগা সময়ত আকাশৰ পৰা আহাৰ দিলে, আৰু পিয়াহ গুচাবলৈ শিলৰ পৰা পানী উলিয়ালে। আপুনি যি দেশ দিবলৈ তেওঁলোকক প্রতিজ্ঞা কৰিছিল, সেই দেশলৈ যাবলৈ তেওঁলোকক আজ্ঞা দিলে।
16কিন্তু তেওঁলোক আৰু আমাৰ পূৰ্ব-পুৰুষ সকলে অসন্মান জনক কার্য কৰিলে। তেওঁলোক আঁকোৰগোঁজ আছিল, আৰু আপোনাৰ আজ্ঞাবোৰ শুনা নাছিল।
17তেওঁলোকে শুনিবলৈ মান্তি নহল, আৰু আপুনি তেওঁলোকৰ মাজত কৰা আচৰিত কাৰ্যৰ কথা তেওঁলোকে চিন্তা নকৰিলে। কিন্তু তেওঁলোক আঁকোৰগোঁজ হৈছিল, আৰু তেওঁলোকৰ বন্দী অৱস্থালৈ উভতি যাবলৈ বিদ্ৰোহ কৰি এজন নেতা নিযুক্ত কৰিলে। কিন্তু আপুনি ক্ষমাৱান ঈশ্বৰ, কৃপাময়, আৰু অনুগ্ৰহেৰে পৰিপূৰ্ণ, ক্ৰোধত ধীৰ আৰু দয়াত মহান, সেয়ে আপুনি তেওঁলোকক ত্যাগ নকৰিলে।
18তেওঁলোকে যেতিয়া ঈশ্বৰক নিন্দা কৰি সাঁচত ঢালি এটা দামুৰি নিৰ্ম্মাণ কৰি কৈছিল, “মিচৰৰ পৰা আপোনালোকক উলিয়াই অনা ঈশ্বৰ এৱেঁই” তথাপিও আপুনি তেওঁলোকক ত্যাগ কৰ নাছিল।
19আপোনাৰ দয়াৰ গুণে তেওঁলোকক আপুনি মৰুভূমিত ত্যাগ কৰা নাছিল। তেওঁলোকক বাটত লৈ যাবলৈ দিনত মেঘ স্তম্ভ আৰু ৰাতি পোহৰ দিবলৈ অগ্নি স্তম্ভ তেওঁলোকৰ পৰা দূৰ কৰা নাছিল।
20আপুনি তেওঁলোকক শিক্ষা দিবৰ কাৰণে আপোনাৰ মঙ্গলময় আত্মা তেওঁলোকক দান কৰিলে, আৰু তেওঁলোকৰ মুখৰ পৰা আপোনাৰ মান্না প্রত্যাহাৰ নকৰিলে, আৰু তেওঁলোকৰ পিয়াহ গুচাবলৈ তেওঁলোকক পানী দিলে।
21আপুনি চল্লিশ বছৰলৈকে মৰুভূমিত তেওঁলোকক প্ৰতিপালন কৰি আছিলে। তেওঁলোকৰ একো বস্তুৰে অভাৱ হোৱা নাছিল। তেওঁলোকৰ কাপোৰ ফটা নাছিল আৰু তেওঁলোকৰ ভৰিও ফুলা নাছিল।
22আপুনি তেওঁলোকক ৰাজ্য সমূহ আৰু লোকসকল দিলে আৰু তেওঁলোকক চাৰিও দিশে ভূমি প্রদান কৰিলে। সেয়ে তেওঁলোকে ৰজা হিচবোনৰ চীহোন দেশ, আৰু ৰজা বাচানৰ ওগ দেশ অধিকাৰ কৰিলে।
23আপুনি তেওঁলোকৰ সন্তানক আকাশ-মণ্ডলৰ তৰাবোৰৰ দৰে অসংখ্য কৰিলে, আৰু তেওঁলোকক আপুনি তেওঁলোকৰ দেশলৈ আনিলে। আপুনি তেওঁলোকৰ পূৰ্ব-পুৰুষ সকলক ক’লে, “তালৈ যোৱা আৰু অধিকাৰ কৰা।”
24সেয়ে লোকসকলে তালৈ গৈ দেশ অধিকাৰ কৰিলে, আৰু আপুনি সেই দেশ নিবাসী কনানীয়া সকলক তেওঁলোকৰ বশীভূত কৰিলে। তেওঁলোকে ভাল পোৱাৰ দৰে ইস্রায়েলী সকলে যাতে কৰে, সেয়ে তেওঁলোকৰ দেশৰ ৰজাৰ সৈতে লোক সকলকো আপুনি তেওঁলোকৰ হাতত শোধাই দিলে।
25তেওঁলোকে গড়েৰে আবৃত নগৰবোৰ আৰু এখন উৰ্বৰা দেশ অধিকাৰ কৰিলে। তেওঁলোকে সকলো উত্তম বস্তুৰে ভৰি থকা ঘৰ সমূহ, ইতিমধ্যে খান্দি থোৱা নাদ, দ্ৰাক্ষাবাৰী, জিত বাৰী, আৰু ফল ধৰা বহুত গছ অধিকাৰ কৰিলে। সেয়ে তেওঁলোকে সেইবোৰ খাই তৃপ্ত হ’ল, আৰু আপোনাৰ মহান দয়াত তেওঁলোকে আনন্দ কৰিলে।
26তাৰ পাছত তেওঁলোক অবাধ্য হ’ল আৰু আপোনাৰ বিৰুদ্ধে বিদ্ৰোহ-আচৰণ কৰিলে। তেওঁলোকে আপোনাৰ বিধান অৱহেলা কৰিলে। যি ভাববাদী সকলে তেওঁলোকক আপোনালৈ ঘূৰি আহিবলৈ সাৱধান কৰিছিল, তেওঁলোকক তেওঁলোকে বধ কৰিলে, আৰু নিন্দা কৰিলে।
27যি সকলে তেওঁলোকক দুখ দিছিল সেই শত্রুবোৰৰ হাতত আপুনি তেওঁলোকক শোধাই দিলে। তেওঁলোকৰ দুখৰ সময়ত তেওঁলোকে আপোনাৰ আগত কাতৰোক্তি কৰিলে। আপোনাৰ মহান অনুগ্রহৰ কাৰণে স্বৰ্গৰ পৰা তেওঁলোকৰ কাতৰোক্তি শুনি তেওঁলোকৰ শত্রুৰ হাতৰ পৰা বহু বাৰ তেওঁলোকক উদ্ধাৰ কৰিলে।
28কিন্তু তেওঁলোকে কিছুদিন স্থিৰে থকাৰ পাছত, পুনৰ তেওঁলোকে আপোনাৰ সাক্ষাতে কু-আচৰণ কৰিলে। সেয়ে আপুনি তেওঁলোকক তেওঁলোকৰ শত্রুবোৰৰ হাতত শোধাই দিলে, আৰু শত্রুবোৰে তেওঁলোকৰ ওপৰত শাসন কৰিলে। তথাপি তেওঁলোকে যেতিয়া ঘূৰি আহি আপোনাৰ আগত কাতৰোক্তি কৰিলে, তেতিয়া স্বৰ্গৰ পৰা তেওঁলোকৰ কাতৰোক্তি শুনি আপোনাৰ কৃপাৰ গুণে বহু বাৰ তেওঁলোকক উদ্ধাৰ কৰিলে।
29আপোনাৰ বিধানলৈ যাতে তেওঁলোক ঘূৰি আহে তাৰ বাবে আপুনি তেওঁলোকক সাৱধান কৰিলে। তথাপি তেওঁলোকে গৰ্ব্ব আচৰণ কৰি আপোনাৰ আজ্ঞাবোৰ নুশুনিলে। যি সকলে আপোনাৰ বিধান পালন কৰে, তেওঁলোকে জীৱন লাভ কৰে; কিন্তু তেওঁলোকে সেই বিধানৰ বিৰুদ্ধে পাপ কৰিলে। তেওঁলোকে বিধানবোৰ পালন নকৰিলে, তালৈ মনোযোগো নিদিলে, আনকি তেওঁলোকে সেইবোৰ নিশুনিলেও।
30আপুনি অনেক বছৰ তেওঁলোকৰ লগত থাকি তেওঁলোকক সহন কৰিলে, আৰু ভাববাদীৰ দ্ৱাৰাই আপোনাৰ আত্মাৰে তেওঁলোকক সাৱধান কৰিলে, কিন্তু তেওঁলোকে নুশুনিলে। সেয়ে তেওঁলোকক চুবুৰীয়া দেশৰ লোকৰ হাতত শোধাই দিলে।
31কিন্তু আপোনাৰ মহান অনুগ্রহৰ বাবে আপুনি তেওঁলোকক সম্পুৰ্ণভাৱে শেষ নকৰিলে আৰু ত্যাগো নকৰিল; কিয়নো আপুনি দয়ালু আৰু কৃপাময় ঈশ্বৰ।
32সেয়ে এতিয়া, হে আমাৰ মহান, পৰাক্রমী, আৰু ঐশ্বৰ্য্যৱান ঈশ্বৰ, আপুনি নিয়ম ৰক্ষা কৰোঁতা ঈশ্ৱৰ আৰু আপোনাৰ প্রেম সদা কাললৈকে একে। ৰজা অচুৰীয়াৰ ৰাজত্ব কৰা দিনৰ পৰা আজিলৈকে আমাৰ, আমাৰ ৰজা, কোঁৱৰ, পুৰোহিত, ভাববাদী, আমাৰ পূৰ্ব-পুৰুষ, আৰু আপোনাৰ সকলো লোকৰ ওপৰলৈ অহা দুখ যাতনা আপোনাৰ দৃষ্টিত যেন নগণ্য নহওক।
33আমাৰ ওপৰত ঘটা সকলো বিষয়ত আপুনি ন্যায়ৱান আছিল, কিয়নো আপুনি সত্যতাৰে ব্যৱহাৰ কৰিলে; কিন্তু আমি কু-আচৰণ কৰিলোঁ।
34আমাৰ ৰজা, কোঁৱৰ, পুৰোহিত, আৰু আমাৰ পূৰ্ব-পুৰুষসকলে আপোনাৰ বিধান পালন নকৰিলে। আপোনাৰ বিধান আৰু আজ্ঞা অনুসাৰে সাৱধান কৰা কথালৈও তেওঁলোকে মনোযোগ নিদিলে।
35এনেকি তেওঁলোকৰ নিজৰ ৰাজ্যত, তেওঁলোকে যেতিয়া আপোনাৰ মহান দয়াত তেওঁলোকক দিয়া বৃহৎ আৰু উৰ্বৰা দেশ উপভোগ কৰিছিল, তেতিয়াও তেওঁলোকে আপোনাৰ সেৱা-ভক্তি কৰা নাছিল, আৰু তেওঁলোকৰ কু-আচৰণ ত্যাগ কৰা নাছিল।
36বৰ্তমান আমি বন্দী, আপুনি আমাৰ পূৰ্ব-পুৰুষ সকলক ইয়াৰ ফল আৰু উত্তম বস্তু উপভোগ কৰিবলৈ দিছিল। চাওক, আমি সেই দেশতেই বন্দী হৈ আছোঁ।
37আমাৰ পাপৰ বাবে আমাৰ ওপৰত নিযুক্ত কৰা ৰজাসকললৈ আমাৰ দেশত উৎপন্ন হোৱা উত্তম শস্যবোৰ যায়। তেওঁলোকে ভাল পোৱাৰ দৰেই আমাৰ শৰীৰৰ আৰু আমাৰ জীৱ-জন্তুবোৰৰ ওপৰত ৰাজত্ৱ কৰে। সেয়ে আমি বৰ দুখত আছোঁ।
38এই সকলোৰ কাৰণে, আমি লিখিতভাৱে প্রতিজ্ঞাৱদ্ধ হ’লো, আমাৰ কোঁৱৰ, লেবীয়া আৰু পুৰোহিতসকলৰ নামেৰে সেই নথি পত্র মোহৰ মৰা হ’ল।”
WEBREATH · 11:11
«He himself gives everyone life and breath and everything else» — Acts 17:25
Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.
WEBREATH — the Minute at 11:11, your own local time — we are One Breath