খ্ৰীষ্টান ধৰ্ম
উভতি যাওক

নহিমিয়া 7

1দেৱালবোৰ যেতিয়া সাজি সমাপ্ত কৰা হৈছিল। তেতিয়া মই দুৱাৰবোৰ যথাস্থানত খুউৱাইছিলোঁ আৰু দুৱৰী, গায়ক, আৰু লেবীয়াসকলক নিযুক্ত কৰা হৈছিল,

2মই মোৰ ভাই হনানীক, হননিয়াৰ সৈতে যিৰূচালেমৰ দ্বায়ীত্ব দিছিলোঁ, যদিও তেওঁ এজন বিশ্বাসী আৰু ঈশ্বৰলৈ বহুলোকতকৈ অধিক ভয়কাৰী আছিল, কিন্তু তেওঁ দুৰ্গৰ দ্বায়ীত্ব বহন কৰিব পৰা নাছিল।

3মই তেওঁলোকক ক’লোঁ, “যেতিয়ালৈকে টান ৰ’দ নহয়, তেতিয়ালৈকে যিৰূচালেমৰ দুৱাৰবোৰ মেলিব নালাগে। দুৱৰী সকলে পৰ দি থকাৰ সময়ত আপোনালোকে দুৱাৰবোৰ বন্ধ কৰিব, আৰু ডাং বোৰ দিব পাৰিব। আপোনালোকে যিৰূচালেমত নিবাস কৰা লোক সকলক প্রহৰীৰ বাবে নিযুক্ত কৰিব, কিছুমানে তেওঁলোকৰ প্রহৰী স্থানত, আৰু কিছুমানে নিজৰ ঘৰৰ সন্মুখত পহৰা দিব।”

4এই নগৰ বহল আৰু ডাঙৰ আছিল, কিন্তু তাৰ ভিতৰত লোক কম আছিল, আৰু এতিয়াও ঘৰবোৰ পুনৰ নিৰ্ম্মাণ কৰা হোৱা নাছিল।

5প্ৰধান লোক সকলক, কৰ্মচাৰী সকলক আৰু লোক সকলক বংশাৱলীত তেওঁলোকৰ নাম অন্তৰ্ভুক্ত কৰিবৰ বাবে একগোট কৰিবলৈ মোৰ ঈশ্ৱৰে মোৰ হৃদয়ত কথা ক’লে। মই বাবিলৰ পৰা প্ৰথমে অহা লোকসকলৰ এখন বংশাৱলী-পত্ৰ পালোঁ, আৰু তলত উল্লেখিত এই সকলো বিচাৰি পালোঁ।

6“প্রদেশৰ এই লোক সকল, যি সকলক বাবিলৰ ৰজা নবূখদনেচৰে বন্দি কৰি লৈ গৈছিল, আৰু বন্দিত্ৱত ৰাখিছিল। তেওঁলোক বন্দিত্ৱৰ পৰা মুকলি হৈ যিৰূচালেম আৰু যিহূদাৰ নিজৰ নিজৰ নগৰলৈ উভটি আহিছিল।

7তেওঁলোক জৰুব্বাবিল, যেচুৱা, নহিমিয়া, অজৰিয়া, ৰয়মিয়া, নহমানী, মৰ্দখয়, বিলচন, মিস্পৰৎ, বিগবয়, নহুম, আৰু বানা, এওঁলোকৰ লগত আহিল। উল্লেখিত ইস্ৰায়েল লোকৰ পুৰুষ সকলৰ সংখ্যা তলত অন্তৰ্ভুক্ত আছে।

8পৰিয়োচৰ বংশধৰ দুই হাজাৰ এশ বাসত্তৰ জন।

9চফটিয়াৰ বংশধৰ তিনিশ বাসত্তৰ জন।

10আৰহৰ বংশধৰ ছশ বাৱন্ন জন।

11যেচুৱা আৰু যোৱাবৰ বংশধৰ আৰু পহৎ-মোৱাবৰ বংশধৰসকল দুই হাজাৰ আঠশ ওঠৰ জন।

12এলমৰ বংশধৰসকল এক হাজাৰ দুশ চৌৱন্ন জন।

13জত্তুৰ বংশধৰসকল আঠশ পঞ্চলিশ জন।

14জক্কয়ৰ বংশধৰসকল সাতশ ষাঠি জন।

15বিন্নুইৰ বংশধৰসকল ছশ আঠচল্লিশ জন।

16বেবয়ৰ বংশধৰসকল ছশ আঠাইশ জন।

17অজগদৰ বংশধৰসকল দুই হাজাৰ তিনিশ বাইশ জন।

18অদোনীকামৰ বংশধৰসকল ছশ সাতষষ্ঠি জন।

19বিগবয়ৰ বংশধৰসকল দুই হাজাৰ সাতষষ্ঠি জন।

20আদীনৰ বংশধৰসকল ছশ পচপন্ন জন।

21হিষ্কিয়াৰ আটেৰৰ বংশধৰসকল আঠানব্বৈ জন।

22হাচুমৰ বংশধৰসকল তিনি শ আঠাইশ জন।

23বেচয়ৰ বংশধৰসকল তিনি শ চৌবিশ জন।

24হাৰীফৰ বংশধৰসকল এশ বাৰ জন।

25গিবিয়োনৰ বংশধৰসকল পঞ্চানব্বই জন।

26বৈৎলেহেম আৰু নটোফাৰ পৰা অহা লোক এশ আঠাশী জন।

27অনাথোতৰ পৰা অহা লোক এশ আঠাইশ জন।

28বৈৎআজমাবতৰ লোকসকল বিয়াল্লিশ জন।

29কিৰিয়ৎ-যিয়াৰীম কফীৰা, আৰু বেৰোতৰ লোকসকল সাতশ তিয়াল্লিশ জন।

30ৰামা আৰু গেবাৰ লোকসকল ছশ একৈশ জন।

31মিকমচৰ লোকসকল এশ বাইশ জন।

32বৈৎএল আৰু অয়ৰ লোকসকল এশ তেইশ জন।

33অন্য নবোতৰ লোকসকল বাৱন্ন জন।

34অন্য এলমৰ লোকসকল এক হাজাৰ দুশ চৌৱন্ন জন।

35হাৰীমৰ লোকসকল তিনি শ বিশ জন।

36যিৰীহোৰ লোকসকল তিনি শ পঞ্চল্লিশ জন।

37লোদ, হাদীদ, আৰু ওনোৰ লোকসকল সাত শ একৈশ জন।

38চনাৱাৰ লোকসকল তিনি হাজাৰ ন শ ত্ৰিশ জন।

39পুৰোহিতসকল: যিদয়াৰ বংশধৰসকল (যেচুৱাৰ ঘৰৰ) ন শ তেসত্তৰ জন।

40ইম্মেৰৰ বংশধৰসকল এক হাজাৰ বাৱন্ন জন।

41পচহুৰৰ বংশধৰসকল এক হাজাৰ দুশ সাতচল্লিশ জন।

42হাৰীমৰ বংশধৰসকল এক হাজাৰ সোঁতৰ জন।

43লেবীয়াসকল: হোদবাৰ বংশধৰ কদ্মীয়েল, আৰু কদমীয়েলৰ যেচুৱাৰ বংশধৰসকল চৌসত্তৰ জন।

44গায়কসকল: আচফৰ বংশধৰসকল এশ আঠচল্লিশ জন।

45চল্লুম, আটেৰ, টল্মোন, অক্কুব, হটীটা, চোবয়ৰ বংশধৰৰ দুৱৰীসকল এশ আঠত্রিশ জন।

46মন্দিৰৰ দাসবোৰ: চীহা, হচুফা, টব্বায়োৎ,

47কেৰোচ, চীয়া, পাদোন,

48লবানা, হগাবা, চলম্য়,

49হানন, গিদ্দেল, গহৰ,

50ৰায়া, ৰচীন, নকোদা,

51গজ্জম, উজ্জা, পাচেহ,

52বেচয়, মিয়ূনীম, নফূচীম,

53বকবুক, হকুফা, হৰ্হূৰ,

54বচলীৎ, মহীদা, হৰ্চা,

55বৰ্কোচ, চীচৰা, তেমহ,

56নচীহ, আৰু হটীফাৰ বংশধৰসকল।

57চলোমনৰ দাসৰ বংশধৰসকল: চোটয়, চোফেৰৎ, পৰীদা,

58যালা, দৰ্কোণ, গিদ্দেল,

59চফটিয়া, হত্তীল, পোখৰৎ-হচবয়িম, আমোনৰ বংশধৰসকল।

60সকলো মন্দিৰৰ দাস আৰু চলোমনৰ দাসবোৰৰ বংশধৰসকল সৰ্ব্বমুঠ তিনি শ বিৰানব্বৈই জন আছিল।

61এওঁলোক তেল-মেলহ, তেল-হৰ্চা, কৰূব, অদ্দোন, আৰু ইম্মেৰৰ পৰা অহা লোক; কিন্তু তেওঁলোকে আৰু তেওঁলোকৰ পূৰ্বপুৰুষৰ পৰিয়াল সকলে ইস্ৰায়েলৰ পৰা অহা বংশধৰ বুলি প্ৰমাণ দিব নোৱাৰিলে।

62দলায়াৰ, টোবিয়াৰ, আৰু নকোদাৰ বংশধৰসকল ছশ বিয়াল্লিশ জন।

63পুৰোহিতসকলৰ: হবয়া, হক্কোচ, আৰু বৰ্জ্জিল্লয়ৰ বংশধৰসকল, বাৰ্জ্জিলয়ে গিলিয়দীয়া বাৰ্জিল্লয়ৰ জীয়েক এজনীক বিয়া কৰিছিল আৰু তেওঁক তেওঁলোক নামেৰেই মতা হৈছিল।

64বংশাৱলীত নাম লিখা লোকসকলৰ মাজত এওঁলোকে নিজৰ নিজৰ নাম বিচাৰি নাপালে, সেয়ে তেওঁলোকক অশুচি বুলি গণ্য কৰি, পুৰোহিত বাবৰ পৰা আঁতৰোৱা হ’ল।

65আৰু দেশাধ্যক্ষই তেওঁলোকক ক’লে যে, উৰীম আৰু তুম্মীমৰ পুৰোহিতৰ সৈতে যেতিয়ালৈকে তেওঁলোক থিয় নহয়, তেতিয়ালৈকে পুৰোহিতে ভগোৱা উৎসৰ্গিত আহাৰ তেওঁলোকক খাবলৈ অনুমতি দিয়া নহঁওক।

66সমাজত সমবেত হোৱা লোকসকল সৰ্ব্বমুঠ বিয়াল্লিশ হাজাৰ তিনি শ ষাঠি জন আছিল।

67তাৰ উপৰিও তেওঁলোকৰ সাত হাজাৰ তিনি শ সাতত্ৰিশ জন দাস-দাসী আছিল। তেওঁলোকৰ দুশ পঞ্চল্লিশ জন গায়ক আৰু গায়িকা আছিল।

68তেওঁলোকৰ সাত শ ছয়ত্ৰিশটা ঘোঁৰা, দুশ পঞ্চল্লিশটা খচ্ছৰ,

69চাৰিশ পঁয়ত্ৰিশটা উট, আৰু ছয় হাজাৰ সাত শ বিশটা গাধ আছিল।

70পূৰ্বপুৰুষৰ পৰিয়ালৰ মূখ্য লোক সকলৰ মাজৰ কিছুমানে সেই কামৰ বাবে দান দিলে। দেশাধ্যক্ষই ভঁৰালত এক হাজাৰ সোণৰ মূদ্রা, পঞ্চাশটা চৰিয়া, আৰু পুৰোহিতৰ বাবে পাঁচ শ ত্ৰিশ খন বস্ত্ৰ দিলে।

71পূৰ্বপুৰুষৰ মূখ্য লোকসকলৰ কিছুমানে কামৰ বাবে ভঁৰালত বিশ হাজাৰ সোণৰ মূদ্রা আৰু দুই হাজাৰ দুশ ৰূপ মূদ্রা দিলে।

72অৱশিষ্ট লোকসকলে বিশ হাজাৰ সোণৰ মূদ্রা আৰু দুই হাজাৰ ৰূপৰ মূদ্রা, আৰু পুৰোহিতৰ বাবে সাতষষ্ঠি খন বস্ত্ৰ দিলে।

73পুৰোহিত, লেবীয়া, দুৱৰী, গায়ক, আৰু কিছু সংখ্যক লোকে, মন্দিৰৰ দাস, আৰু সকলো ইস্ৰায়েল লোকে নিজৰ নিজৰ নগৰত বাস কৰিলে। সপ্তম মাহত ইস্রায়েলৰ লোকসকলে নিজৰ নিজৰ নগৰত সংস্থাপন কৰিলে।

উত্‍স: ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

WEBREATH · 11:11

«He himself gives everyone life and breath and everything else» — Acts 17:25

Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.

WEBREATH — the Minute at 11:11, your own local time — we are One Breath