নহিমিয়া 6
1চনবল্লট, টোবিয়া, আৰবীয়া গেচম, আৰু আমাৰ অৱশিষ্ট শত্রুবোৰে যেতিয়া শুনিলে, যে মই দেৱাল পুনৰ নিৰ্ম্মাণ কৰিলোঁ; যদিও মই নগৰৰ চৌকাঠবোৰত দুৱাৰ খুউৱা নাছিলোঁ তথাপিও দেৱালত এটাও মুকলি হৈ থকা ভঙা অংশ বাদ পৰা নাছিল।
2তেতিয়া চনবল্লট আৰু গেচমে মোৰ ওচৰলৈ এই কথা কৈ পঠিয়ালে, “আহাঁ, আমি ওনো সমথলৰ কোনো এখন ঠাইত ল’গ হ’বলৈ গোট খাওহঁক।” কিন্তু তেওঁলোকে মোৰ অনিষ্ট কৰিবলৈ ইচ্ছা কৰিছিল।
3মই তেওঁলোকলৈ বাৰ্ত্তাবাহকক কৈ পঠিয়ালোঁ, “মই এটা ডাঙৰ কাম কৰি আছোঁ, আৰু মই তললৈ নামি যাব নোৱাৰোঁ। এই কাম এৰি বা এই কাম বন্ধ কৰি মই কিয় আপোনালোকৰ ওচৰলৈ যাম?”
4তেওঁলোকে মোৰ ওচৰলৈ চাৰিবাৰ সেই বৰ্ত্তা পঠালে, আৰু মই তেওঁলোকক প্রতিবাৰে একে দৰেই উত্তৰ দিলোঁ।
5পঞ্চমবাৰ চনবল্লটে এখন খোলা চিঠিৰ সৈতে একে দৰেই নিজৰ দাসক মোৰ ওচৰলৈ পঠালে।
6তাত এই দৰে লিখা আছিল, “দেশৰ মাজত এই সম্বাদ দিয়া হৈছে, আৰু গেচমেও কৈছে যে, আপুনি আৰু যিহুদীসকলে বিদ্ৰোহ কৰিবলৈ পৰিকল্পনা কৰি আছে। সেই কাৰণে আপুনি পুনৰ দেৱাল নিৰ্ম্মাণ কৰিছে। এই সম্বাদৰ মতে, আপুনি তেওঁলোকৰ ৰজা হ’বলৈ খুজিছে।
7আৰু যিৰূচালেমত আপোনাৰ বিষয়ে প্ৰচাৰ কৰাবলৈ আপুনি ভাববাদী সকলকো নিযুক্ত কৰিছে, তেওঁলোকে কৈছে, ‘যিহূদা দেশত এজন ৰজা আছে!’ এই সম্বাদ ৰজাই যে শুনিব আপুনি নিশ্চিত। সেই কাৰণে আহক, আমি ইজনে সিজনৰ লগত আলোচনা কৰোঁহক।
8তাৰ পাছত মই তেওঁৰ ওচৰলৈ কৈ পঠালোঁ, “আপুনি কোৱাৰ দৰে কোনো কাৰ্য কৰা হোৱা নাই, কিন্তু সেইবোৰ আপোনাৰ মনেৰে সাজি কোৱা কথা।”
9তেওঁলোকে কাম কৰাৰ পৰা নিজৰ হাত এৰাই চলিব, আৰু এই কাৰ্য যাতে সমাপ্ত কৰা নহয়, সেয়ে তেওঁলোক সকলোৱে আমাৰ মনত ভয় সুমুৱাব খুজিছে, কিন্তু হে ঈশ্বৰ এতিয়া আপুনি মোৰ হাত সবল কৰক।
10মহেটবেলৰ পুত্র দলায়া, দলায়াৰ পুত্ৰ চময়া, তেওঁ নিজৰ ঘৰৰ ভিতৰতে আৱদ্ধ হৈ আছিল, মই তেওঁৰ ঘৰলৈ গ’লোঁ। তেওঁ ক’লে, “আহক আমি ঈশ্বৰৰ গৃহত, মন্দিৰৰ ভিতৰত একগোট হওঁহক, আৰু মন্দিৰৰ দুৱাৰবোৰ বন্ধ কৰোঁ, কাৰণ তেওঁলোকে আপোনাক বধ কৰিবলৈ আহি আছে। ৰাতিয়েই আপোনাক বধ কৰিবলৈ আহিব।”
11মই উত্তৰ দিলোঁ, “মোৰ দৰে মানুহ এজনে পলাব নে? আৰু মোৰ দৰে মানুহ এজনে মাত্র জীয়াই থাকিবলৈ মন্দিৰৰ ভিতৰলৈ সোমাব নে? মই ভিতৰলৈ নাযাওঁ।”
12মই অনুভৱ কৰিছিলোঁ যে, ঈশ্বৰে তেওঁক পঠোৱা নাছিল, কিন্তু টোবিয়া আৰু চনবল্লটে তেওঁক ভাড়া দিছিল, সেয়ে তেওঁ মোৰ অহিতে ভাববাণী প্ৰচাৰ কৰিছিল।
13মোক ভয় খুৱাবৰ বাবে তেওঁলোকে তেওঁক ভাড়া দিছিল। তেওঁ যি কৈছিল, সেই দৰে কাম কৰি মই যেন পাপ কৰোঁ, আৰু তেওঁলোকে মোক দুৰ্নাম কৰি লজ্জিত কৰিব পাৰে, এই কাৰণেই তেওঁক ভাড়া দিয়া হৈছিল।
14হে মোৰ ঈশ্বৰ, টোবিয়া আৰু চনবল্লটৰ এই কাৰ্য অনুসাৰে তেওঁলোকক, আৰু মোক ভয় দেখুৱাব খোজা নোৱদিয়া ভাববাদিনী আৰু অৱশিষ্ট ভাববাদী সকলকো সোঁৱৰণ কৰা।
15ইলুল মাহৰ পঁচিশ দিনৰ দিনা, বাৱন্ন দিনৰ পাছত সেই দেৱাল সাজি সমাপ্ত হ’ল।
16আমাৰ সকলো শত্রুৱে যেতিয়া এই কথা শুনিলে, তেতিয়া আমাৰ চাৰিওফালে থকা দেশীয় লোকসকলে ভয় খালে, আৰু নিজৰ দৃষ্টিত অতি হীন অনুভৱ কৰিলে। কিয়নো তেওঁলোকে জানিবলৈ পালে যে, এই কাম ঈশ্বৰৰ সহায়ৰ দ্ৱাৰাই সিদ্ধ হ’ল।
17সেই সময়ত যিহূদাৰ প্ৰধান লোকসকলে টোবিয়াৰ ওচৰলৈ বহুতো চিঠি পঠিয়ালে, আৰু টোবিয়াৰ চিঠিও তেওঁলোকলৈ আহিলে।
18তাতে যিহূদাৰ অনেক লোকে তেওঁৰ পক্ষে শপত খাইছিল; সেই বাবে তেওঁলোক বাধ্যত পৰিছিল। কাৰণ তেওঁ আৰহৰ পুত্ৰ চখনিয়াৰ জোঁৱায়েক আছিল। তেওঁৰ পুত্ৰ যিহোহাননে বেৰেখিয়াৰ পুত্ৰ মচুল্লমৰ জীয়েকক বিয়া কৰাইছিল।
19তেওঁলোকে মোৰ আগত তেওঁৰ সৎকাৰ্য্যৰ কথা কৈছিল, আৰু মোৰ কথাৰ বিষয়েও তেওঁৰ আগত সম্বাদ দিছিল। মোক ভয় খুৱাবৰ বাবে টোবিয়াই চিঠি পঠিয়াইছিল।
WEBREATH · 11:11
«He himself gives everyone life and breath and everything else» — Acts 17:25
Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.
WEBREATH — the Minute at 11:11, your own local time — we are One Breath