নহিমিয়া 5
1তাৰ পাছত লোকসকলে আৰু তেওঁলোকৰ ভাৰ্য্যাসকলে তেওঁলোকৰ যিহুদী ভাই সকলৰ কাৰণে উচ্চ স্ৱৰে কান্দিলে।
2তেওঁলোকৰ মাজৰ কিছুমানে ক’লে, “আমি আমাৰ ল’ৰা-ছোৱালীৰ সৈতে বহুতো আছোঁ। সেয়ে আমি খাই জীয়াই থাকিবলৈ আমাক শস্য লাগে।”
3তাত থকা কিছুলোকে ক’লে, “আমি আমাৰ পথাৰবোৰ, দ্ৰাক্ষাবাৰীবোৰ, আৰু আকালৰ সময়ত খাদ্যৰ বাবে আমাৰ ঘৰবোৰকো বন্ধক দিলোঁ।
4আন কিছুলোকে ক’লে, “আমি আমাৰ পথাৰ আৰু দ্ৰাক্ষাবাৰীবোৰৰ ৰাজহ-কৰ দিবলৈ ধন ধাৰে আনিলোঁ।
5যদিও আমাৰ শৰীৰৰ মাংস আৰু তেজ আমাৰ ভাইসকলৰ দৰেই একে, আৰু আমাৰ সন্তান সকলৰ দৰেই তেওঁলোকৰো সন্তান সকল একে। তথাপিও আমাৰ ল’ৰা-ছোৱালীক দাসত্বত বিক্রী কৰিবলৈ আমি বাধ্য। আমাৰ ছোৱালীসকলৰ মাজৰ কেইজনীমানক ইতিমধ্যে দাস কামৰ বাবে দিয়া হ’ল। কিন্তু এই ক্ষেত্রত সহায় কৰিবলৈ আমাৰ একো উপায় নাই, কাৰণ আমাৰ পথাৰ আৰু দ্ৰাক্ষাবাৰীবোৰ আন লোকৰ হ’ল।
6মই যেতিয়া তেওঁলোকৰ কথা আৰু কাতৰোক্তি শুনিলোঁ, তেতিয়া মোৰ বৰ খং উঠিছিল।
7তাৰ পাছত মই এই বিষয়ে চিন্তা কৰিলোঁ, আৰু প্ৰধান লোকসকল আৰু কৰ্মচাৰী সকলৰ বিৰুদ্ধে অভিযোগ আনিলোঁ। মই তেওঁলোকক ক’লো, “আপোনালোকে প্ৰতিজনে নিজৰ নিজৰ ভাইৰ পৰা সূত বেছিকৈ দাবী কৰি লৈছে।” মই তেওঁলোকৰ বিৰুদ্ধে মহাসভা পাতিলোঁ,
8আৰু তেওঁলোকক ক’লোঁ, “দেশবোৰলৈ বিক্রী কৰা আমাৰ যিহুদীসকলক আমি সাধ্য অনুসাৰে মুকলি কৰি আনিলোঁ, কিন্তু তাৰ উপৰিও আপোনালোকে আপোনালোকৰ ভাই-ভনীসকলক বিক্রী কৰি আছে, সেই সকলক হয়তো আমালৈকে ঘূৰাই বিক্রী কৰিছে!” তাতে তেওঁলোক নিমাত হ’ল, আৰু একো উত্তৰ দিব নোৱাৰিলে।
9মই পুনৰ ক’লোঁ, “আপোনালোকে যি কৰি আছে সেয়া ভাল নহয়। আমাৰ দেশৰ শত্রুবোৰে আমাক নিন্দা কৰাটো নিষেধ কৰিবলৈ আপোনালোকে আমাৰ ঈশ্বৰলৈ ভয় ৰাখি চলা উচিত নহয় নে?
10মই আৰু মোৰ ভাইসকলে, আৰু মোৰ দাসবোৰেও তেওঁলোকক ধন আৰু শস্য ধাৰে দিছোঁ। কিন্তু আমি এই ধাৰৰ সূত লোৱা ব্যৱস্থা বন্ধ কৰা উচিত।
11তেওঁলোকৰ পথাৰ, দ্ৰাক্ষাবাৰী, জিত গছৰ বাৰী, ঘৰবোৰ, আৰু তেওঁলোকৰ পৰা আদায় কৰা ধন, শস্য, নতুন দ্ৰাক্ষাৰস আৰু তেল যিবোৰ আপোনালোকে দাবী কৰি লৈছিল সেই সকলো আজিয়েই তেওঁলোকক ওভটাই দিয়ক।”
12তেতিয়া তেওঁলোকে ক’লে, “আমি তেওঁলোকৰ পৰা যিবোৰ লৈছোঁ সেইবোৰ ওভটাই দিম, আৰু তেওঁলোকৰ পৰা একো নিবিচাৰোঁ। আপুনি কোৱাৰ দৰেই আমি কৰিম।” তাৰ পাছত মই পুৰোহিতসকলক মাতি আনিলোঁ, আৰু তেওঁলোকে কৰা প্রতিজ্ঞাৰ দৰে কৰিবলৈ তেওঁলোকক শপত খুৱালোঁ।
13মই মোৰ কাপোৰৰ ভাজ জোকাৰি ক’লো, “সেয়ে যি কোনোৱে এই প্রতিজ্ঞা পালন নকৰে, ঈশ্ৱৰে তেওঁক তেওঁৰ ঘৰৰ আৰু অধিকাৰৰ পৰা এইদৰেই জোকাৰি পেলাওক। সেয়ে তেওঁক জোকৰা হওক আৰু উদং কৰা হওক।” গোটেই সমাজে ক’লে, “আমেন ,” আৰু তেওঁলোকে যিহোৱাৰ প্ৰশংসা কৰিলে। লোকসকলে তেওঁলোকে কৰা প্রতিজ্ঞাৰ দৰেই কাৰ্য কৰিলে।
14সেয়ে সেই সময়ৰ পৰা মই যিহূদা দেশত ৰজা অৰ্তক্ষত্ৰ ৰাজত্ব কালৰ বিশ বছৰৰ পৰা বত্ৰিশ বছৰলৈকে তেওঁলোকৰ দেশাধ্যক্ষ নিযুক্ত হৈছিলোঁ। নহয় মই নাইবা মোৰ ভাইসকলে এই বাৰ বছৰ দেশাধ্যক্ষৰ বাবে যোগান ধৰা আহাৰ খোৱা নাছিলোঁ।
15কিন্তু পূৰ্বতে থকা দেশাধ্যক্ষসকল যিসকল মোৰ আগতে আছিল, তেওঁলোকে লোকসকলৰ ওপৰত গধুৰ বোজা দিছিল, আৰু তেওঁলোকৰ দৈনিক খোৱা বস্তু আৰু দ্ৰাক্ষাৰস বাবে লোকসকলৰ পৰা তেওঁলোকে চল্লিশ চেকল ৰূপ লৈছিল। তাৰ উপৰিও তেওঁলোকৰ দাস সকলে লোকসকলৰ ওপৰত অত্যাচাৰ কৰিছিল। কিন্তু মই সেইদৰে কৰা নাই, কাৰণ মই ঈশ্বৰলৈ ভয় কৰোঁ।
16মই দেৱালৰ কামো একেৰাহে কৰি আছিলোঁ, আৰু আমি মাটি কিনা নাছিলোঁ। মোৰ সকলো দাস সকলে কামৰ বাবে সেই ঠাইলৈ আহি গোট খালে।
17আমাৰ চাৰিওফালে থকা দেশৰ মাজৰ পৰা যি সকল লোক আমাৰ ওচৰলৈ আহিছিল, তেওঁলোকৰ উপৰিও মোৰ মেজত বহা যিহুদী আৰু কৰ্মচাৰী লোকসকল সৰ্ব্বমুঠ এশ পঞ্চাশ জন আছিল।
18সেই সময়ত প্ৰতিদিনেই এটা ষাঁড়-গৰু, ছটা উত্তম মেৰ-ছাগ, আৰু চৰাইবোৰো প্রস্তুত কৰা হৈছিল, আৰু প্রতি দহ দিনত সকলো বিধৰ দ্ৰাক্ষাৰস অধিক পৰিমাণে যুগুত কৰা হৈছিল। তথাপিও এই সকলোৰ বাবে মই দেশাধ্যক্ষৰ আহাৰৰ খৰছ দাবী কৰা নাছিলোঁ, কাৰণ লোকসকলৰ বাবে এই দাবী অসুবিধাজনক হ’লহেঁতেন।
19হে মোৰ ঈশ্বৰ, এই লোকসকলৰ অৰ্থে মই যিবোৰ কাম কৰিলোঁ, তাৰ বাবে মোক সোঁৱৰণ কৰক।
WEBREATH · 11:11
«He himself gives everyone life and breath and everything else» — Acts 17:25
Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.
WEBREATH — the Minute at 11:11, your own local time — we are One Breath