নহিমিয়া 12
1চল্টীয়েলৰ পুত্ৰ জৰুব্বাবিল আৰু যেচুৱাৰ লগত অহা পুৰোহিত, আৰু লেবীয়াসকল এওঁলোক: চৰায়া, যিৰিমিয়া, ইজ্ৰা,
2অমৰিয়া, মল্লুক, হত্তুচ,
3চখনিয়া, ৰহূম, আৰু মৰেমোৎ,
4ইদ্দো, গিন্নথোই, অবিয়া,
5মিয়ামীন, মাদীয়া, বিলগা,
6চময়িয়া, যোয়াৰীব, যিদয়া,
7চল্লু, আমোক, হিল্কিয়া, আৰু যিদয়া। এওঁলোক পুৰোহিত সকলৰ মূখ্য লোক আৰু যেচুৱাৰ দিনত তেওঁলোকৰ সহযোগী আছিল।
8লেবীয়া সকল যেচুৱা, বিন্নুই, কদ্মীয়েল, চেৰেবিয়া, যিহূদা আৰু মত্তনীয়া; এই মত্তনিয়া আৰু তেওঁৰ সহযোগী সকল ধন্যবাদৰ গীত গোৱাসকলৰ দায়িত্বত আছিল।
9বকবুকিয়া আৰু উন্নো তেওঁলোকৰ সহযোগী আছিল, উপাসনাৰ সময়ত তেওঁলোকৰ বিপৰীতে তেওঁলোক থিয় হৈছিল।
10যোয়াদাৰ পিতৃ ইলিয়াচীব, ইলিয়াচীবৰ পিতৃ যোয়াকীম, যোয়াকীমৰ পিতৃ যেচুৱা,
11যদ্দুৱাৰ পিতৃ যোনাথন, আৰু যোনাথনৰ পিতৃ যোয়াদা আছিল।
12যোয়াকীমৰ দিনত পুৰোহিত এওঁলোক, এওঁলোক পিতৃ-পৰিয়ালৰ মূখ্য লোক আছিল: চৰায়াৰ মূখ্য লোক মৰায়া, যিৰিমিয়াৰ মূখ্য লোক হননিয়া,
13ইজ্ৰাৰ মূখ্য লোক মচুল্লম, অমৰিয়াৰ মূখ্য লোক যিহোহানন,
14মাল্লুকীৰ মূখ্য লোক যোনাথন, চবনিয়াৰ মূখ্য লোক যোচেফ,
15একাদিক্রমে, হাৰীমৰ মূখ্য লোক অদনা, মৰায়োতৰ মূখ্য লোক হিল্কয়,
16ইদ্দোৰ মূখ্য লোক জখৰিয়া, গিন্নথোনৰ মূখ্য লোক মচুল্লম,
17অবিয়াৰ মূখ্য লোক জিখ্ৰী, তেওঁলোকৰ মাজত মিন্যামীনৰো এজন মূখ্য লোক আছিল, মোৱাদীয়া মূখ্য লোক পিল্টয়,
18বিলগাৰ মূখ্য লোক চম্মুৱা, চময়িয়াৰ মূখ্য লোক যিহোনাথন,
19যোয়াৰীবৰ মূখ্য লোক মত্তনয়, যিদয়াৰ মূখ্য লোক উজ্জী,
20চল্লয়ৰ মূখ্য লোক কল্লয়, আমোকৰ মূখ্য লোক এবৰ,
21হিল্কিয়াৰ মূখ্য লোক হচবিয়া, যিদয়াৰ মূখ্য লোক নথনেল আছিল।
22ইলিয়াচীবৰ দিনত লেবীয়া সকল, ইলিয়াচীব, যোয়াদা, যোহানন, আৰু যদ্দুৱা, এওঁলোক পৰিয়ালৰ মূখ্য লোক বুলি লিপিৱদ্ধ কৰা হৈছিল। পাৰস্যৰ ৰজা দাৰিয়াবচৰ ৰাজত্ত্বৰ সময়ত পুৰোহিত সকলৰ নাম লিপিৱদ্ধ কৰা হৈছিল।
23লেবীৰ বংশৰ লোকসকল আৰু পৰিয়ালৰ মূখ্য লোকসকলৰ নাম ইলিয়াচীবৰ পুত্ৰ যোহাননৰ দিনলৈকে ইতিহাস পুস্তকত লিপিৱদ্ধ কৰা আছিল।
24লেবীয়াসকলৰ মূখ্য লোক হচবিয়া, চেৰেবিয়া, কদ্মীয়েলৰ পুত্ৰ যেচুৱা, তেওঁলোকৰ সহকৰ্মীৰ সৈতে তেওঁলোক ঈশ্বৰৰ লোক দায়ূদৰ আজ্ঞা পালন কৰি ভাগে ভাগে সহাৰি জনায় তেওঁলোকৰ বিপৰীতে থিয় হৈ ঈশ্ৱৰৰ স্তুতি-প্ৰশংসা কৰিছিল।
25মত্তনীয়া, বকবুকিয়া, ওবদিয়া, মচুল্লম, টল্মোন, আৰু অক্কুব দুৱৰী হৈ গুদামবোৰৰ দুৱাৰত থিয় হৈ পহৰা দিছিল।
26যোচাদকৰ পুত্র যেচুৱা, যেচুৱাৰ পুত্ৰ যোয়াকীমৰ দিনত, আৰু দেশাধ্যক্ষ নহিমিয়াৰ দিনত পুৰোহিত আৰু অধ্যাপক ইজ্ৰা, তেওঁলোক সকলোৱে সেৱা-কাৰ্য কৰিছিল।
27যিৰূচালেমৰ দেৱাল উৎসৰ্গ কৰাৰ সময়ত, লেবীয়াসকল যি ঠাইত আছিল, তাৰ পৰাই উচ্চ-ধ্বনি কৰিছিল। আনন্দ, ধন্যবাদ প্রাৰ্থনা, স্তুতিগীত, তাল, বেহেলা, ও বীণাৰে উৎসৰ্গ উৎসৱ পালন কৰিবলৈ লেবীয়া সকলক যিৰূচালেমলৈ আনিছিল।
28যিৰূচালেমৰ চাৰিও দিশৰ জিলা, আৰু নটোফাতীয়া সকলৰ গাওঁবোৰৰ পৰা গায়ক সকলক সমবেত হৈ একগোট হ’ল।
29তেওঁলোক বৈৎ-গিলগল, গেবা আৰু অজমাবতৰ পথাৰৰ পৰাও আহিল। গায়ক সকলে তেওঁলোকৰ নিজৰ বাবে যিৰূচালেমৰ চাৰিও দিশে গাওঁ পাতিলে।
30পুৰোহিত আৰু লেবীয়াসকলে তেওঁলোকক শুচি কৰিলে; আৰু তাৰ পাছত তেওঁলোকে লোকসকলক, দুৱাৰবোৰ, আৰু দেৱাল শুচি কৰিলে।
31তাৰ পাছত যিহূদাত থকা মোৰ মুখ্য লোকসকল গড়ৰ ওপৰলৈ গ’ল, আৰু মই ধন্যবাদ প্রাৰ্থনাৰ বাবে এটা ডাঙৰ গায়ক দল নিযুক্ত কৰিলোঁ। এটা দল গড়ৰ ওপৰত সোঁফালে গোবৰ-দুৱাৰলৈ গ’ল।
32হুচয়া আৰু যিহূদাৰ মুখ্য লোকৰ আধাভাগ লোকে তেওঁলোকক অনুসৰণ কৰিলে।
33আৰু তেওঁলোকৰ পাছত অজৰিয়া, ইজ্ৰা, মচুল্লম,
34যিহূদা, বিন্যামীন, চময়িয়া, আৰু যিৰিমিয়া গ’ল।
35তুৰীয়ে সৈতে পুৰোহিতৰ পুত্র সকলৰ কিছুমান লোক, আৰু আচফৰ বংশৰ জক্কুৰৰ পুত্র মীখায়া, মীখায়াৰ পুত্র মত্তনীয়া, মত্তনিয়াৰ পুত্র চময়িয়া, চময়িয়াৰ পুত্ৰ যোনাথন, আৰু যোনাথনৰ পুত্ৰ জখৰিয়া আছিল।
36ইয়াত জখৰিয়াৰ সম্পৰ্কীয় সকলো আছিল। তেওঁলোক চময়িয়া, অজৰেল, মিললয়, গিললয়, মাৱয়, নথনেল, যিহূদা, আৰু হাননী ঈশ্বৰৰ লোক দায়ুদৰ বাদ্য যন্ত্ৰ বজাইছিল। অধ্যাপক ইজ্ৰা তেওঁলোকৰ সন্মুখত আছিল।
37তেওঁলোকে ভুমুক-দুৱাৰ হৈ দায়ূদৰ নগৰৰ খটখটিয়েদি দেৱাললৈ উঠি দায়ুদৰ ৰাজপ্রসাদ পাৰ হৈ পূব দিশৰ জল-দুৱাৰলৈকে গ’ল।
38আৰু ধন্যবাদ প্রাৰ্থনা কৰা আন এটা গায়ক দল আন দিশে গ’ল। মই লোকসকলৰ আধা সংখ্যক লোকক লগত লৈ তেওঁলোকক অনুসৰণ কৰিলোঁ। তেওঁলোকে দেৱালৰ ওপৰে ওপৰে তন্দুৰৰ কোঁঠ পাৰ হৈ বহল দেৱাললৈকে,
39আৰু ইফ্ৰয়িমৰ দুৱাৰ হৈ, পুৰণি দুৱাৰ, মৎস্য-দুৱাৰ, হননেলৰ কোঁঠ, হম্মেয়া কোঁঠেদি মেৰ-ছাগদুৱাৰলৈকে গ’ল, আৰু তেওঁলোক গৈ প্ৰহৰী দুৱাৰত ৰখিল।
40এইদৰে, ধন্যবাদ দি যোৱা সেই দুয়োটা দলে ঈশ্ৱৰৰ গৃহত নিজৰ স্থান ল’লে, আৰু মই মোৰ লগত থকা আধা কৰ্মচাৰীৰ সৈতে নিজৰ স্থান ল’লোঁ।
41আৰু পুৰোহিত সকলে তেওঁলোকৰ স্থান ল’লে: তূৰী লগত লৈ পুৰোহিত ইলিয়াকীম, মাচেয়া, মিন্যামীন, মীখায়া, ইলীয়োঐনয়, জখৰিয়া, আৰু হননিয়া,
42মাচেয়া, চময়া, ইলিয়াজৰ, উজ্জী, যিহোহানন, মল্কিয়া, এলম, আৰু এজৰ আছিল। গায়ক সকলে তেওঁলোকৰ পৰিচালক যিজ্ৰহিয়াই সৈতে গান গালে।
43সেই দিনা লোকসকলে মহৎ বলিদান কৰি আনন্দ কৰিলে; কাৰণ ঈশ্বৰে তেওঁলোকক মহা-আনন্দেৰে আনন্দিত কৰিছিল। মহিলা আৰু ল’ৰা-ছোৱালীয়েও আনন্দ কৰিলে। এই হেতুকে বহুত দুৰলৈকে যিৰূচালেমৰ আনন্দ-ধ্বনি শুনা গৈছিল।
44সেইদিনা বৰঙনিৰ বাবে দিয়া ফলৰ আগভাগ, আৰু দশম ভাগ থোৱা ভঁৰালৰ দায়িত্বত লোকসকলক নিযুক্ত কৰিলে। ইয়াৰ সকলোৰ পৰা পুৰোহিত আৰু লেবীয়া সকলৰ প্রয়োজন অনুযায়ী বিধানত দিয়াৰ দৰে কিছু অংশ তেওঁলোকৰ বাবে গোটোৱা হৈছিল। নগৰৰ ওচৰত থকা পথাৰত কাম কৰিবৰ বাবে প্রতিজনক নিযুক্ত কৰা হৈছিল। তেওঁলোকৰ সন্মুখত থিয় হোৱা পুৰোহিত আৰু লেবীয়া সকলে বাবে যিহূদাই আনন্দ কৰিছিল।
45দায়ুদ আৰু তেওঁৰ পুত্র চলোমনৰ আজ্ঞা অনুসাৰে গায়ক আৰু দুৱৰীসকলে কৰাৰ দৰে তেওঁলোকে তেওঁলোকৰ ঈশ্বৰৰ সেৱা-কাৰ্য আৰু শুচি কৰা কাৰ্য সম্পন্ন কৰিছিল।
46বহু দিনৰ পূৰ্বতে, দায়ুদ আৰু আচফৰ সময়ত তাত গায়ক সকলৰ পৰিচালক আছিল, আৰু ঈশ্বৰৰ উদ্দেশ্যে ধন্যবাদ প্রশংসাৰ স্তুতিগীত কৰিছিল।
47জৰুব্বাবিল আৰু নহিমিয়াৰ দিনত ইস্ৰায়েলৰ লোকসকলে প্ৰতিদিনৰ প্ৰয়োজন অনুসাৰে গায়ক আৰু দুৱৰী সকলক প্রতিদিনৰ অংশ দিছিল। তেওঁলোকে লেবীয়া সকলৰ বাবে কিছু অংশ আৰু লেবীয়া সকলে হাৰোণৰ বংশৰ লোক সকলৰ বাবে কিছু অংশ পৃথক কৰি ৰাখিছিল।
WEBREATH · 11:11
«He himself gives everyone life and breath and everything else» — Acts 17:25
Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.
WEBREATH — the Minute at 11:11, your own local time — we are One Breath