খ্ৰীষ্টান ধৰ্ম
উভতি যাওক

নহিমিয়া 10

1যিসকলৰ নাম মোহৰ মৰা আছিল, তেওঁলোক হ’ল: হখলিয়াৰ পুত্ৰ নহিমিয়া, তেওঁ দেশাধ্যক্ষ আছিল, পুৰোহিত চিদিকিয়া,

2চৰায়া, অজৰিয়া, যিৰিমিয়া,

3পচহুৰ, অমৰিয়া, মল্কিয়া,

4হত্তুচ, চবনিয়া, মল্লুক,

5হাৰীম, মৰেমোৎ, ওবদিয়া,

6দানিয়েল, গিন্নথোন, বাৰূক,

7মচুল্লম, অবিয়া, মিয়ামীন,

8মাজিয়া বিলগয়, আৰু চময়া এওঁলোক পুৰোহিত আছিল।

9লেবীয়া লোক সকল: অজনিয়াৰ পুত্ৰ যেচুৱা, হেনাদদৰ পৰিয়ালৰ বিন্নুই, কদ্মীয়েল,

10আৰু তেওঁলোকৰ লগৰীয়া সকল চবনিয়া, হোদিয়া, কলীটা, পলায়া, হানন,

11মীখা, ৰহোব, হচবিয়া,

12জক্কুৰ, চেৰেবিয়া, চবনিয়া,

13হোদিয়া, বানী, বনীনু,

14লোকসকলৰ মাজৰ মূখ্য লোক: পৰিয়োচ, পহৎ-মোৱাব, এলম, জত্তু, বানী,

15বুন্নী, অজগদ, বেবয়,

16অদোনিয়া, বিগবয়, আদীন,

17আটেৰ, হিষ্কিয়া, অৰ্জ্জুৰ,

18হোদিয়া, হাচুম, বেচয়,

19হাৰীফ, অনাথোৎ, নোবয়,

20মগপীয়চ, মচুল্লম, হেজীৰ,

21মচেজবেল, চাদোক, যদ্দুৱা,

22পল্টিয়া, হানন, অনায়া,

23হোচেয়া, হননিয়া, হচুব,

24হল্লোহেচ, পিলহা, চোবেক,

25ৰহূম, হচবনা, মাচেয়া,

26অহিয়া, হানন, আনন,

27মল্লুক, হাৰীম, আৰু বানা।

28অৱশিষ্ট লোকসকল, যেনে পুৰোহিত, লেবীয়া, দুৱৰী, গায়ক, মন্দিৰৰ দাস আৰু যিসকলে ওচৰচুবুৰীয়া দেশৰ পৰা নিজকে পৃথক কৰিলে, তেওঁলোকে নিজকে ঈশ্বৰৰ বিধিত প্রতিজ্ঞাবদ্ধ হ’ল। তেওঁলোকৰ ভাৰ্যা, ল’ৰা-ছোৱালীসকল যাৰ বুজিব পৰা শক্তি আৰু জ্ঞান আছিল,

29তেওঁলোকৰ ভাইসকল আৰু প্ৰধান লোকসকলৰ সৈতে তেওঁলোক একেলগ হৈ ঈশ্ৱৰৰ দাস মোচিয়ে দিয়া শাও আৰু প্রতিজ্ঞাৰ যোগেদি বাধ্যত পৰি ঈশ্বৰৰ ব্যৱস্থা অনুসাৰে চলিলে। আমাৰ যিহোৱাৰ আজ্ঞা, শাসন প্ৰণালী, আৰু বিধিবোৰ নিৰিক্ষণ কৰি পালন কৰিবলৈ প্রতিজ্ঞাৱদ্ধ হ’ল।

30আমি প্রতিজ্ঞা কৰোঁ যে, আমি আমাৰ ছোৱালীক আন দেশৰ লোকলৈ বিয়া নিদিওঁ আৰু আমাৰ পুত্রৰ বাবেও আন দেশৰ ছোৱালী বিয়া কৰাই নানো।

31আমি এয়াও প্রতিজ্ঞা কৰোঁ যে, আন দেশৰ লোকসকলে যদি বিশ্ৰাম-বাৰে কোনো বস্তু বা শস্য বেচিবলৈ আনে, তেওঁলোকৰ পৰা বিশ্ৰাম-বাৰ বা আন পবিত্ৰ দিনতো আমি সেইবোৰ নিকিনোঁ। প্রতি সপ্তম বছৰত আমি খেতি নকৰোঁ, আৰু আন যিহুদী সকলৰ লগত চুক্তি কৰা সকলো ধাৰ আমি ৰেহাই দিম।

32আমাৰ ঈশ্বৰ যিহোৱাৰ গৃহৰ পৰিচৰ্যাৰ অৰ্থে বছৰে বছৰে এক চেকলৰ তিনি ভাগৰ এভাগ দান দিয়া আজ্ঞা আমি গ্রহণ কৰিছোঁ।

33তাৰ বাবে দৰ্শন-পিঠা, প্রতিদিনৰ শস্য-নৈবেদ্য, বিশ্ৰামবাৰৰ হোম-বলি, ন-জোনৰ আৰু নিৰ্ধাৰিত পৰ্ব্ববোৰ, পবিত্ৰ-নৈবেদ্যৰ, আৰু ইস্ৰায়েলক প্ৰায়চিত্ত কৰিবৰ অৰ্থে পাপাৰ্থক বলি দিয়া আদি আমাৰ ঈশ্বৰৰ গৃহৰ সকলো কাৰ্যৰ কাৰণে এই সকলো কৰিম।

34বিধানত লিখা অনুসাৰে আমাৰ ঈশ্ৱৰ যিহোৱাৰ পবিত্র বেদিত খৰি জ্ৱলাবলৈ পুৰোহিত, লেবীয়া আৰু লোকসকলে খৰিৰ বাবে চিঠি খেলালে। আমাৰ পৰিয়াল অনুসাৰে বছৰে বছৰে নিৰূপণ কৰা সময়ত আমাৰ ঈশ্বৰৰ যিহোৱাৰ গৃহলৈ খৰি আনিবলৈ চিঠি খেলাৰ যোগেদি বাছনি হ’ল।

35আমাৰ মাটিত উৎপন্ন হোৱা শস্যৰ আগভাগ আৰু সকলো প্ৰকাৰ গছৰ ফলৰ আগভাগ বছৰে বছৰে যিহোৱাৰ গৃহলৈ আনিবলৈ আমি প্রতিজ্ঞা কৰিলোঁ।

36বিধানত লিখাৰ দৰে, আমাৰ জন্ম হোৱা প্ৰথম পুত্ৰ, আৰু আমাৰ গৰু, মেৰ-ছাগ, আৰু ছাগলীৰ জাকবোৰৰ প্ৰথমে জগা জন্তু ঈশ্বৰৰ গৃহলৈ, আৰু আমাৰ ঈশ্বৰৰ গৃহৰ পৰিচৰ্যা কৰা পুৰোহিতৰ ওচৰলৈ আনিবলৈ আমি প্রতিজ্ঞা কৰিলোঁ।

37আমি আমাৰ আটাৰ লদাৰ আগভাগ, শস্য নৈবেদ্য, প্রত্যেক গছৰ ফল, নতুন দ্ৰাক্ষাৰস, তেল, আমাৰ ঈশ্বৰৰ গৃহৰ গুদামলৈ আৰু পুৰোহিতসকলৰ ওচৰলৈ আনিম। আমাৰ মাটিত উৎপন্ন হোৱা শস্যৰ দশম ভাগ লেবীয়া সকলৰ ওচৰলৈ আমি আনিম, কাৰণ আমি কাম কৰা নগৰ বোৰৰ পৰা লেবীয়াসকলে দশমভাগ আদায় কৰে।

38লেবীয়াসকলে দশমভাগ লোৱাৰ সময়ত হাৰোণৰ বংশৰ এজন পুৰোহিত লেবীয়াসকলৰ লগত থকা উচিত। লেবীয়া সকলে দশম ভাগৰ দশম ভাগ আমাৰ ঈশ্বৰৰ গৃহৰ ভঁৰালৰ গুদামলৈ আনিব লাগে।

39পবিত্ৰ বস্তুবোৰ ৰখা গুদাম, যি ঠাইত পুৰোহিতে পৰিচৰ্যা কৰে, আৰু য’ত দুৱৰী আৰু গায়কসকল থাকে, সেই ঠাইবোৰলৈ ইস্ৰায়েলৰ লোকসকল আৰু লেবীৰ বংশৰ লোকসকলে শস্য, নতুন দ্ৰাক্ষাৰস, আৰু তেলৰ, বৰঙণি যোগান ধৰে। আমাৰ ঈশ্বৰৰ গৃহক আমি অৱহেলা নকৰিম।

উত্‍স: ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

WEBREATH · 11:11

«He himself gives everyone life and breath and everything else» — Acts 17:25

Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.

WEBREATH — the Minute at 11:11, your own local time — we are One Breath