নহূম 2
1যি জনে তোমালোকক ডোখৰ-ডোখৰকৈ ভাঙিব, তেওঁ তোমালোকৰ বিৰুদ্ধে উঠি আহি আছে। তোমালোকে দুৰ্গবোৰ দৃঢ় কৰা, বাটবোৰলৈ পহৰা দি থাকা, নিজকে অতিশয় বলৱান কৰা আৰু নিজ সৈন্যদলবোৰক একত্রিত কৰা।
2কিয়নো যদিও লুণ্ঠন কৰোঁতা সকলে তেওঁলোকক খালি কৰি উলিয়াই পঠিয়ালে আৰু তেওঁলোকৰ দ্ৰাক্ষালতাৰ ডালবোৰ নষ্ট কৰিলে তথাপিও যিহোৱাই ইস্ৰায়েলৰ মহত্ত্বৰ দৰে যাকোবৰ মহত্ত্ব পুনৰায় স্থাপন কৰিব।
3তেওঁৰ বীৰ লোকসকলৰ ঢালৰ ৰং ৰঙা আৰু পৰাক্ৰমী লোকসকল সেন্দুৰ বৰণীয়া কাপোৰ পিন্ধা; যুদ্ধলৈ সাজু হোৱাৰ দিনা তেওঁলোকৰ ৰথবোৰৰ তীখা জিলিকে আৰু ছাইপ্রেচ গছবোৰৰ জাঠিবোৰ হাতত বৰকৈ বতাহত তুলি ধৰি লৰাবলৈ ল’লে।
4ৰথবোৰ অতি বেগৰে বাটৰ মাজেদি চলিবলৈ ধৰিলে; তেওঁলোকে বহল মুকলি বাটবোৰত ইখনে সিখনক ইফালে-সিফালে চলালে। সেইবোৰ দেখিবলৈ আৰিয়াৰ নিচিনা আৰু সেইবোৰ বিজুলীৰ নিচিনাকৈ অতি বেগেৰে গৈছে।
5যি জনে তোমালোকক ডোখৰ-ডোখৰকৈ ভাঙিব, তেওঁ নিজ বিষয়াসকলক মাতি পঠিয়াইছে; এনেতে তেওঁলোকে বেগেৰে যাওঁতে যাওঁতে উজুটি খালে; তেওঁলোকে ততালিকে দুৰ্গটো আক্রমণ কৰিবলৈ যায়। আক্রমণ কৰোঁতা সকলক ৰক্ষা কৰিবলৈ ঢালবোৰ যুগুত কৰা হ’ল।
6নদীবোৰত থকা দুৱাৰবোৰ মুকলি হৈ গ’ল, তেতিয়া ৰাজগৃহ পানীত নাশ হৈ গ’ল।
7যিহোৱাই এই বিষয়ে কথা কৈছিল: ৰাণী হুচব অনাবৃতা হ’ল আৰু তেওঁক নিয়া হ’ল; তেওঁৰ দাসীসকলে বুকুত ভুকুৱাই কপৌৰ স্বৰেৰে শোক কৰিছে।
8কিন্তু নীনবি আগৰ কালৰে পৰা এটা জলপূ্ৰ্ণ পুখুৰীস্বৰূপ; তথাপি তেওঁলোক বৈ যোৱা পানীৰ দৰে পলাইছে। অন্য লোকসকলে “ৰ’বা ৰ’বা” বুলি চিঞৰে, কিন্তু কোনেও ঘূৰি নাচায়।
9তোমালোকে ৰূপ লুট কৰি নিয়া, সোণ লুট কৰি নিয়া, কিয়নো বস্তুবোৰৰ সৌন্দৰ্যৰ মহিমা সীমাহীন। ইয়াতে সকলো প্ৰকাৰ মনোহৰ বস্তু অতিশয় অধিক পৰিমাণে আছে।
10সেই নীনবি শুদা আৰু উচ্ছন্ন; প্রতিজনৰ ভয়ত মন পমি গৈছে আৰু আঁঠুৱে আঁঠুৱে লগালগি হৈছে, সকলোৰে বেদনা, আৰু সকলোৰে মুখ বিবৰ্ণ হৈছে।
11যি ঠাইত কোনেও ভয় নথকাকৈ সিংহ, সিংহিনী আৰু সিংহ পোৱালিৰ দৰে ফুৰিছিল, সিংহৰ সেই গুহা আৰু যুবা সিংহৰ সেই খোৱা ঠাই ক’ত?
12সিংহই নিজৰ পোৱালিবোৰৰ কাৰণে জোৰাওকৈ অনেক পশু ছিৰিছিল আৰু নিজ সিংহিনীবোৰৰ কাৰণে ডিঙিত টেপা দি মাৰিছিল আৰু বলিৰ চিকাৰেৰে নিজৰ গুহাবোৰ আৰু ধৰি অনা নিজৰ চিকাৰবোৰ গাতবোৰত ভৰাই ৰাখিছিল।
13বাহিনীসকলৰ যিহোৱাই কৈছে, “চোৱা, মই তোমালোকৰ বিপক্ষ;” “মই তোমালোকৰ ৰথবোৰ ধূঁৱাত পুৰি পেলাম আৰু তৰোৱালে তোমালোকৰ যুবা সিংহবোৰক গ্ৰাস কৰিব; মই তোমালোকৰ দেশৰ পৰা তোমালোকৰ চিকাৰ উচ্ছন্ন কৰিম আৰু তোমালোকৰ দূতবোৰৰ মাত আৰু শুনা নাজাব।
WEBREATH · 11:11
«He himself gives everyone life and breath and everything else» — Acts 17:25
Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.
WEBREATH — the Minute at 11:11, your own local time — we are One Breath