মাৰ্কে লিখা শুভবাৰ্তা 9
1যীচুৱে তেওঁলোকক ক’লে, “মই তোমালোকক স্বৰূপকৈ কওঁ, ইয়াত উপস্থিত থকা লোক সকলৰ মাজৰ কিছুমানে ঈশ্বৰৰ ৰাজ্য পৰাক্ৰমেৰে অহা নেদেখালৈকে মৃত্যুৰ সোৱাদ নাপাব৷”
2তাৰ ছয় দিনৰ পাছত যীচুৱে কেৱল পিতৰ, যাকোব আৰু যোহনক লগত লৈ এটা ওখ পর্বতৰ ওপৰলৈ উঠি গ’ল; তাতে তেওঁলোকৰ সন্মুখত তেওঁ ৰূপান্তৰিত হ’ল।
3তেওঁৰ বস্ত্ৰ উজ্বল আৰু এনে বগা হৈছিল যে পৃথিৱীৰ কোনো ধোবাই তেনে বগা কৰিব নোৱাৰে।
4তেতিয়া মোচিৰ সৈতে এলিয়াই তেওঁলোকক দেখা দিলে, আৰু যীচুৰ লগত কথা-বতৰা হ’ল।
5তাতে পিতৰে মাত লগাই যীচুক ক’লে, “ৰব্বি, ইয়াত থকা আমাৰ ভাল; আমি আপোনালৈ এটা, মোচিলৈ এটা, এলিয়াৰ বাবে এটা, এইদৰে তিনিটা পঁজা সাজোঁ।”
6কিয়নো কি কব লাগিছিল, সেই বিষয়ে পিতৰে নাজানিছিল; কাৰণ তেওঁলোকৰ বৰ ভয় লাগিছিল।
7তেতিয়া এডোখৰ মেঘে তেওঁলোকক ছাঁ কৰি ধৰিলে; আৰু সেই মেঘৰ পৰা এই বাণী শুনা গ’ল, “এওঁ মোৰ প্ৰিয় পুত্ৰ, এওঁৰ কথা শুনা”।
8পাছত তেওঁলোকে অকস্মাতে চাৰিওফাললৈ চাই, যীচুৰ বাহিৰে আন কাকো দেখা নাপালে৷
9পাছত তেওঁলোক পৰ্বতৰ পৰা নামি আহোতে, যীচুৱে তেওঁলোকক এই আজ্ঞা দিলে, “তোমালোকে যি যি দেখিলা, মানুহৰ পুত্ৰ মৃত লোকৰ মাজৰ পৰা পুনৰায় নুঠালৈকে এই বিষয়ে কাকো নক’বা”।
10তাতে তেওঁলোকে সেই কথা মানি ললে কিন্তু ‘মৃত্যুৰ পৰা পুনৰুত্থান’ কি হয়, এই বিষয়ে নিজৰ মাজতে সুধা-সুধি কৰিলে।
11পাছত তেওঁলোকে যীচুক সুধিলে, “এলিয়া প্ৰথমে আহিব লাগে বুলি বিধানৰ অধ্যাপক সকলে কিয় কয়?”
12তাতে তেওঁ তেওঁলোকক ক’লে, “এই কথা বাস্তৱিক যে এলিয়াই প্ৰথমে আহি সকলোকে পুনঃপ্ৰতিষ্ঠা কৰে; তেনেহ’লে মানুহৰ পুত্ৰৰ বিষয়েও নো কেনেকৈ লিখা আছে যে, তেওঁ অনেক দুখভোগ কৰিব আৰু তেওঁক অৱহেলা কৰা হ’ব?
13কিন্তু মই তোমালোকক কওঁ যে, এলিয়া আহিল আৰু তেওঁৰ বিষয়ে যেনেকৈ লিখা আছে, তেনেকৈ মানুহবোৰে নিজ ইচ্ছা অনুসাৰে তেওঁলৈ কৰিলে।”
14পাছত যেতিয়া তেওঁলোক অন্য শিষ্য সকলৰ ওচৰলৈ আহিল, তেতিয়া তেওঁলোকৰ চাৰিওফালে অলেখ মানুহে আহি ভিৰ কৰি থকা দেখিলে আৰু বিধানৰ অধ্যাপক সকলে তাতে তেওঁলোকৰ সৈতে তর্ক-বিতর্ক কৰি আছিল।
15তেতিয়া লোক সকলে যীচুক দেখি অতিশয় চমৎকৃত হ’ল আৰু তেওঁৰ ওচৰলৈ বেগাই গৈ তেওঁক আদৰণি জনালে৷
16তেতিয়া তেওঁ শিষ্য সকলক সুধিলে, “তোমালোকে এওঁলোকৰ লগত কি বিষয়ত তর্ক-বিতর্ক কৰি আছা?”
17তেতিয়া লোক সকলৰ মাজৰ পৰা এজন লোকে তেওঁক উত্তৰ দিলে, “হে গুৰু, মই আপোনাৰ ওচৰলৈ মোৰ পুত্ৰক আনিলো; অশুচি আত্মাই তাৰ তাত প্ৰৱেশ কৰি তাক কথা কবলৈ বাধা কৰে৷
18সেই কাৰণে তাৰ কঁপনি উঠে আৰু তাক তললৈ পেলাই দিয়ে; তাৰ মুখৰ পৰা ফেন ওলায় আৰু য’তে তাক ধৰে, ত’তে তাক আছাৰ মাৰি পেলায়; তেতিয়া তাৰ মুখেদি ফেন ওলায়, আৰু সি দাঁত কৰচে। সি খীণাই গৈছে; সেয়েহে তাক খেদাবলৈ আপোনাৰ শিষ্য সকলৰ আগত নিবেদন কৰিছিলোঁ, কিন্তু তেওঁলোকে নোৱাৰিলে।”
19তেতিয়া যীচুৱে উত্তৰ দি তেওঁলোকক ক’লে, “হে অল্পবিশ্বাসী বংশ, মই তোমালোকৰ লগত কিমান কাল থাকিম? কিমান কালনো তোমালোকক সহিম? তেওঁক মোৰ ওচৰলৈ আনা৷”
20তাতে তেওঁলোকে ল’ৰা জনক তেওঁৰ ওচৰলৈ আনিলে আৰু তাতে ভূতৰ আত্মাই যীচুক দেখাৰ লগে লগে লৰা জনক মুচৰি পেলালে, আৰু তাতে সি মাটিত পৰি মুখেদি ফেন উলিয়াই, ছটফটাবলৈ ধৰিলে।
21তেতিয়া যীচুৱে ল’ৰা জনৰ দেউতাকক সুধিলে, “ইয়াৰ এনে অৱস্থা হোৱা কিমান দিন হ’ল?” তাতে তেওঁ ক’লে, “শিশু কালৰে পৰা হৈছে;
22আৰু এই আত্মাই তাক নষ্ট কৰিবলৈ বাৰে বাৰে জুই আৰু পানীতো পেলায়; কিন্তু আপুনি যদি কিবা কৰিব পাৰে তেনেহলে আমালৈ কৃপা কৰি উপকাৰ কৰক।”
23তেতিয়া যীচুৱে তেওঁক ক’লে, “যদি পাৰে বুলি ক’লা যে! বিশ্বাস কৰা জনৰ বাবে সকলো সম্ভৱ।”
24তেতিয়া সেই ল’ৰা জনৰ বাপেকে ৰিঙিয়াই ক’লে, “বিশ্বাস কৰিছোঁ; মোৰ অবিশ্বাসৰ প্ৰতিকাৰ কৰক!”
25তেতিয়া যীচুৱে মানুহৰ দলটোক একেলগে ল’ৰি অহা দেখি, সেই অশুচি আত্মাক ডবিয়াই ক’লে, “হে বোবা আৰু কলা আত্মা, মই তোক আজ্ঞা দিছোঁ, তই ইয়াৰ পৰা বাহিৰ ওলাই যা; পুনৰ ইয়াত প্ৰৱেশ নকৰিবি৷”
26তেতিয়া সি আটাহ পাৰি ল’ৰা জনক বৰকৈ মোচোৰা মাৰি বাহিৰ ওলাল; আৰু ল’ৰা জন দেখিবলৈ মৰাৰ নিচিনা হোৱাত, বহুত মানুহে ক’লে, “সি মৰিল”।
27কিন্তু যীচুৱে হাতত ধৰি তাক উঠালে আৰু তেতিয়া সি উঠি বহিল।
28পাছত তেওঁ ঘৰৰ ভিতৰত প্ৰৱেশ কৰোঁতে তেওঁৰ শিষ্য সকলে গুপুতে তেওঁক সুধিলে, “আমি সেই আত্মাটোক কিয় খেদাব নোৱাৰিলোঁ?”
29তাতে তেওঁ তেওঁলোকক ক’লে, “প্ৰাৰ্থনাৰ অবিহনে আন কোনো উপায়েৰে এইবিধক খেদাব নোৱাৰি।”
30পাছত তেওঁলোকে সেই ঠাইৰ পৰা ওলাই, গালীল প্ৰদেশৰ মাজেদি যাত্ৰা কৰিলে, কিন্তু যীচুৱে ইচ্ছা কৰিছিল, তেওঁলোকৰ যাত্রাৰ কথা কোনেও যেন নাজানে।
31কিয়নো তেওঁ নিজৰ শিষ্য সকলক শিক্ষা দি কৈছিল, বোলে ‘মানুহৰ পুত্ৰক মানুহবোৰৰ হাতত শোধাই দিয়া হ’ব, তেওঁলোকে তেওঁক বধ কৰিব আৰু বধ কৰাৰ তিন দিনৰ পাছত তেওঁ পুনৰায় উঠিব’।
32কিন্তু তেওঁলোকে সেই কথা নুবুজিলে, আৰু তেওঁক সুধিবলৈকো ভয় কৰিলে।
33এইদৰে তেওঁলোক কফৰনাহূমলৈ আহিল। পাছত তেওঁ ঘৰ সোমাই তেওঁলোকক সুধিলে, “তোমালোকে বাটত কি কোৱা-মেলা কৰিছিলা?”
34কিন্তু তেওঁলোক নিজম দি থাকিল; কিয়নো কোন শ্ৰেষ্ঠ, সেই বিষয়ে বাটত তেওঁলোকে পৰস্পৰে কোৱা-মেলা কৰি আহিছিল।
35তাতে তেওঁ বহিল, আৰু বাৰ জন পাঁচনিক মাতি ক’লে, কোনোৱে যদি প্ৰথম হ’বলৈ ইচ্ছা কৰে, তেওঁ সকলোৰে শেষ আৰু সকলোৰে পৰিচাৰক হ’ব।
36তেতিয়া তেওঁ শিশু এজনক লৈ আহিল আৰু তেওঁলোকৰ মাজত থলে৷
37তাৰ পাছত তাক কোলাত লৈ তেওঁলোকক ক’লে, “যি কোনোৱে এনে শিশু এটিক মোৰ নামেৰে গ্ৰহণ কৰে; তেওঁ মোকেই গ্ৰহণ কৰে আৰু যি কোনোৱে মোক গ্ৰহণ কৰে, তেওঁ মোক পঠোৱা জনক গ্ৰহণ কৰে।”
38তেতিয়া যোহনে তেওঁক ক’লে, “হে গুৰু, আপোনাৰ নামেৰে ভূতবোৰক খেদোৱা এজনক আমি দেখিলোঁ; কিন্তু তেওঁ আমাৰ পাছে পাছে নহাত, আমি তেওঁক নিষেধ কৰিলোঁ।”
39তেতিয়া যীচুৱে ক’লে, “তেওঁক নিষেধ নকৰিবা; কিয়নো মোৰ নামেৰে পৰাক্ৰম কাৰ্য কৰাৰ পাছত, সোনকালে মোৰ নিন্দা কৰিব পৰা কোনো নাই।
40কাৰণ যি জন আমাৰ বিপক্ষ নহয়, তেওঁ আমাৰ সপক্ষ।
41যি কোনোৱে খ্ৰীষ্টৰ লোক বুলি তোমালোকক এবাটি পানীকে খুৱায়, মই তোমালোকক স্বৰূপকৈ কওঁ, তেওঁ নিজৰ পুৰস্কাৰ কোনোমতে নেহেৰুৱাব।
42কিন্তু যি কোনোৱে মোত বিশ্বাস কৰা এই শিশু সকলৰ মাজৰ এজনৰো বিঘিনি জন্মায়, তেওঁৰ ডিঙিত জাঁত আঁৰি, সাগৰত পেলাই দিয়াই তেওঁৰ বাবে ভাল হ’ব।
43যদি তোমাৰ হাত, তোমাৰ বিঘিনিৰ কাৰণ হয়, তেনেহলে সেই হাত কাটি পেলোৱা; দুহতীয়া হৈ নৰকৰ নুনুমুৱা জুইলৈ যোৱাতকৈ, কোঙা হৈ জীৱনত সোমোৱা তোমাৰ ভাল।
45যদি তোমাৰ ভৰি, তোমাৰ বিঘিনিবোৰৰ কাৰণ হয়, তেনেহলে সেই ভৰি কাটি পেলোৱা; দুটা ভৰিৰে নৰকত পেলোৱা হোৱাতকৈ, খোৰা হৈ জীৱনত সোমোৱা তোমাৰ ভাল।
47আৰু তোমাৰ চকুৱো যদি তোমাৰ বিঘিনিৰ কাৰণ হয়, তেনেহলে তাকো উলিয়াই পেলোৱা; দু-চকুৱা হৈ, নৰকত পেলোৱা হোৱাতকৈ, এচকুৱা হৈ, ঈশ্বৰৰ ৰাজ্যত সোমোৱা তোমাৰ ভাল।
48কিয়নো সেই ঠাইত পোক নমৰে আৰু জুইয়ো নুনুমায়৷
49কিয়নো প্ৰতিজনক অগ্নিৰূপ লোণেৰে লুণীয়া কৰা হ’ব।
50লোণ উত্তম; কিন্তু যদি লোণৰ সোৱাদ নাইকিয়া হয়, তেনেহলে তাক কিহেৰে লুণীয়া কৰা যাব? তোমালোকৰ অন্তৰত লোণ ৰাখা, আৰু পৰস্পৰে শান্তিৰে থাকা।”
WEBREATH · 11:11
«He himself gives everyone life and breath and everything else» — Acts 17:25
Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.
WEBREATH — the Minute at 11:11, your own local time — we are One Breath