মাৰ্কে লিখা শুভবাৰ্তা 8
1সেই সময়ত বহু মানুহ দলে দলে আহি তেওঁৰ ওচৰত গোট খাব ধৰিলে, কিন্তু তেওঁলোকৰ খাবলৈ একো নাছিল৷ তেতিয়া যীচুৱে নিজৰ শিষ্য সকলক ওচৰলৈ মাতি ক’লে,
2“এই লোক সকললৈ মোৰ মৰম লাগিছে; কিয়নো এওঁলোক মোৰ লগত আজি তিনি দিন ধৰি আছে আৰু এওঁলোকৰ লগত খাবলৈ একো নাই।
3যদি মই তেওঁলোকক নিজৰ নিজৰ ঘৰলৈ লঘোনে বিদায় দিওঁ, তেনেহলে বাটত হয়তো অচেতন হৈ যাব! কিয়নো কোনো কোনো লোক দুৰৈৰ পৰা আহিছে”।
4তেতিয়া তেওঁৰ শিষ্য সকলে তেওঁক ক’লে, “এই লোক সকল তৃপ্ত হব পৰাকৈ এনে নির্জন ঠাইত ইমানবোৰ পিঠা আমি ক’ৰ পৰা যোগাৰ কৰিব পাৰিম?”
5তেতিয়া তেওঁ তেওঁলোকক সুধিলে, “তোমালোকৰ কেইটা পিঠা আছে?” তেওঁলোকে ক’লে, “সাতোটা”।
6তেতিয়া তেওঁ লোক সকলক মাটিত বহিবলৈ আদেশ দিলে। পাছত তেওঁ সেই সাতোটা পিঠা লৈ স্তুতি কৰি, ভাঙি বিলাই দিবলৈ তেওঁৰ শিষ্য সকলক দিলে; তাতে তেওঁলোকে লোক সকলক বিলাই দিলে।
7আৰু তেওঁলোকৰ লগত অলপ সৰু মাছো আছিল; তেওঁ সেই মাছখিনিকো আশীৰ্বাদ কৰিলে আৰু বিলাই দিবলৈ ক’লে।
8তাতে লোক সকলে খাই তৃপ্ত হ’ল। তাৰ পাছত তেওঁলোকে ৰৈ যোৱা টুকুৰাবোৰৰ সাতোটা ভৰা পাচি তুলি ল’লে।
9তাতে তেওঁলোক প্ৰায় চাৰি হাজাৰ মানুহ আছিল। তাৰ পাছত যীচুৱে তেওঁলোকক বিদায় দিলে;
10তেওঁ শিষ্য সকলৰ সৈতে নাৱত উঠিল আৰু দলমনুথাৰ অঞ্চললৈ গ’ল।
11তেতিয়া ফৰীচী সকল ওলাই আহিল আৰু তেওঁৰে সৈতে তর্ক-বিতর্ক কৰিবলৈ ধৰিলে। তেওঁলোকে তেওঁক পৰীক্ষা কৰাৰ উদ্দেশ্যে স্বৰ্গৰ পৰা কোনো এটা পৰাক্ৰম কাৰ্যৰ চিন বিচাৰিলে।
12তাতে তেওঁ আত্মাত বৰকৈ হুমুনিয়াহ পেলাই ক’লে, “এই কালৰ লোক সকলে কিয় পৰাক্ৰম কাৰ্যৰ চিন বিচাৰে? মই তোমালোকক স্বৰূপকৈ কওঁ, এই কালৰ লোক সকলক কোনো চিন দিয়া নহ’ব।”
13পাছে তেওঁ তেওঁলোকক এৰি আকৌ নাৱত উঠি সিপাৰলৈ গুচি গ’ল।
14তেতিয়া শিষ্য সকলে লগত পিঠা ল’বলৈ পাহৰিলে। তেওঁলোকৰ লগত এটা পিঠাৰ বাহিৰে নাৱত একোৱেই নাছিল।
15এনেতে তেওঁ সতৰ্ক কৰি তেওঁলোকক আজ্ঞা দি ক’লে, “চাবা, তোমালোকে ফৰীচী সকলৰ খমিৰ আৰু হেৰোদৰ খমিৰলৈ সাৱধান হ’বা।”
16তাতে শিষ্য সকলে ইজনে সিজনে যুক্তি সহকাৰে কোৱা-মেলা কৰি ক’লে, “অ! আমাৰ পিঠা নাই।”
17যীচুৱে এই বিষয়ে জানিবলৈ পোৱাত তেওঁলোকক ক’লে, “তোমালোকৰ পিঠা নোহোৱা হেতুকে, তোমালোকে কিয় যুক্তি-তৰ্ক কৰিছা? তোমালোকে এতিয়ালৈকে বুজি পোৱা নাই নে? এতিয়ালৈকে তোমালোকৰ হৃদয় কঠিন কৰি ৰাখিছা নে?
18তোমালোকৰ চকু আছে কিন্তু নেদেখা? তোমালোকৰ কাণ আছে কিন্তু নুশুনা? তোমালোকৰ মনত নপৰে নে?
19মই যেতিয়া পাঁচ হাজাৰ মানুহৰ মাজত পাঁচটা পিঠা ভাঙি দিছিলোঁ, তেতিয়া তোমালোকে ৰৈ যোৱা টুকুৰা-টুকুৰবোৰৰ কেইটা পাচি তুলি লৈছিলা?” তেওঁলোকে ক’লে, “বাৰটা”।
20“আৰু যেতিয়া চাৰি হাজাৰ মানুহৰ মাজত সাতোটা পিঠা ভাঙি দিছিলোঁ, তেতিয়া তোমালোকে ৰৈ যোৱা টুকুৰা-টুকুৰবোৰৰ কেইটা পাচি তুলি লৈছিলা?” তেওঁলোকে ক’লে, “সাতোটা”।
21তেতিয়া তেওঁ তেওঁলোকক ক’লে, “তেনেহলে তোমালোকে এতিয়ালৈকে বুজা নাই নে?”
22পাছত তেওঁলোক বৈৎ-চৈদা গাঁৱলৈ আহিল৷ লোক সকলে এজন মানুহক যীচুৰ ওচৰলৈ আনিলে আৰু তেওঁক চুই দিবলৈ বিনয় কৰিলে।
23তেতিয়া তেওঁ সেই অন্ধ জনক হাতত ধৰি গাঁৱৰ বাহিৰলৈ লৈ গ’ল। তাতে তেওঁৰ চকুত থুই দিলে আৰু শৰীৰ চুই সুধিলে- “কিবা দেখিছা নে?”
24তেতিয়া তেওঁ চকু তুলি চাই ক’লে, “লোক সকলক দেখা পাইছো; কিন্তু তেওঁলোক খোজকাঢ়ি ফুৰা গছৰ নিচিনা।”
25তেতিয়া যীচুৱে তেওঁৰ চকু পুনৰ হাতেৰে স্পর্শ কৰিলে আৰু তেওঁ চকু মেলি দিয়াত, সকলো পুনৰুদ্ধাৰ হোৱা পালে আৰু সকলোকে স্পষ্টকৈ দেখিলে।
26পাছত যীচুৱে তেওঁক নিজৰ ঘৰলৈ পঠাই দি ক’লে, “নগৰত নোসোমাবা।”
27পাছত যীচু তেওঁৰ শিষ্য সকলৰ সৈতে চীজাৰিয়া-ফিলিপীৰ গাওঁবোৰলৈ ওলাই গ’ল৷ বাটত তেওঁ নিজৰ শিষ্য সকলক সুধিলে, “মানুহবোৰে মোক কোন বুলি কয়?”
28তেতিয়া তেওঁলোকে ক’লে- “কিছুমানে ‘যোহন বাপ্তাইজক’; কিছুমানে ‘এলিয়া’; আৰু আন কিছুমানে ভাববাদী সকলৰ মাজৰ এজন বুলি কয়।”
29তেতিয়া তেওঁলোকক সুধিলে, “কিন্তু তোমালোকে নো মোক কোন বুলি ভাবা?” পিতৰে উত্তৰ দি তেওঁক ক’লে, “আপুনি খ্ৰীষ্ট, সেই অভিষিক্ত জন।”
30তেতিয়া এই বিষয়ে কাৰো আগত নকবলৈ যীচুৱে তেওঁলোকক সাৱধান কৰি দিলে।
31তেতিয়া তেওঁ তেওঁলোকক কবলৈ ধৰিলে যে, মানুহৰ পুত্রই বহু কষ্ট ভোগ কৰিব লাগিব, তেওঁ পৰিচাৰক সকলৰ দ্বাৰা অগ্ৰাহ্য হ’ব আৰু প্ৰধান পুৰোহিত আৰু বিধানৰ অধ্যাপক সকলে তেওঁক বধ কৰিব; তাতে তিনি দিনৰ দিনা পুনৰাই জীয়াই উঠিব লাগিব।
32তেওঁ এই কথা স্পষ্টভাৱে ক’লে। তেতিয়া পিতৰে তেওঁক এফলীয়াকৈ নি, অনুযোগ কৰিব ধৰিলে।
33কিন্তু তেওঁ ঘুৰি, নিজৰ শিষ্য সকলক চাই পিতৰক ডবিয়াই ক’লে, “মোৰ ওচৰৰ পৰা গুচি যা চয়তান! তই ঈশ্বৰৰ কথা নাভাবি, মানুহৰ কথাহে ভাবিছ।”
34পাছত তেওঁ নিজৰ শিষ্য সকলৰ সৈতে লোক সকলক ওচৰলৈ মাতি আনি ক’লে, “কোনোৱে যদি মোৰ পাছত আহিবলৈ ইচ্ছা কৰে, তেওঁ নিজকে নিজে দমন কৰক, আৰু নিজৰ ক্ৰুচ তুলি লৈ মোৰ পাছে পাছে আহক।
35কিয়নো যি কোনোৱে নিজৰ জীৱন ৰক্ষা কৰিব খোজে, তেওঁ তাক হেৰুৱাব; কিন্তু যি কোনোৱে মোৰ আৰু শুভবাৰ্তাৰ কাৰণে নিজৰ জীৱন হেৰুৱায়, তেওঁ সেই জীৱন ৰক্ষা কৰিব।
36কাৰণ কোনো এজন মানুহে গোটেই জগত খন পোৱাৰ পাছতো যদি নিজৰ জীৱন হেৰুৱাই, তেনেহলে তেওঁৰ কি লাভ?
37কিয়নো মানুহে আপোন জীৱনৰ সলনি কি দিব পাৰে?
38কাৰণ এই কালৰ ব্যভিচাৰী আৰু পাপী লোকৰ সন্মুখত যি কোনোৱে মোক আৰু মোৰ বাক্যত লাজ পায়, মানুহৰ পুত্ৰ যেতিয়া স্বৰ্গৰ পবিত্ৰ দূত সকলৰ সৈতে তেওঁৰ পিতৃৰ প্ৰতাপেৰে আহিব, তেতিয়া তেৱোঁ সেই মানুহত লাজ পাব।”
WEBREATH · 11:11
«He himself gives everyone life and breath and everything else» — Acts 17:25
Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.
WEBREATH — the Minute at 11:11, your own local time — we are One Breath