খ্ৰীষ্টান ধৰ্ম
উভতি যাওক

মথিয়ে লিখা শুভবাৰ্তা 26

1যীচুৱে এই সকলো কথা কৈ শেষ কৰোঁতে, তেওঁৰ শিষ্য সকলক ক’লে,

2“তোমালোকে জানা নে দুদিনৰ পাছত নিস্তাৰ-পৰ্ব হ’ব, মানুহৰ পুত্ৰক ক্রুচত দিবলৈ শত্ৰুৰ হাতত শোধাই দিয়া হ’ব।”

3তেতিয়া প্ৰধান পুৰোহিত আৰু সমাজৰ পৰিচাৰক সকল কায়াফা নামেৰে মহা-পুৰোহিতৰ চোতালত গোট খালে;

4তেওঁলোকে যীচুক ছলেৰে ধৰি বধ কৰিবলৈ আলোচনা কৰিলে৷

5তেওঁলোকে ক’লে, ‘ভোজৰ সময়ত নহয়, কিয়নো লোক সকলৰ মাজত হুৰামুৰা লাগিব৷’

6পাছত যীচু বৈথনিয়া গাঁৱত চিমোন নামৰ কুষ্ঠৰোগীৰ ঘৰত থকা সময়ত

7এগৰাকী মহিলাই বহুমুলীয়া সুগন্ধি ভৰা এটা বগা তেলৰ বটল লৈ যীচু ভোজনত বহি থাকোঁতে, তেওঁৰ মুৰত বাকি দিলেহি।

8শিষ্য সকলে তাকে দেখি ক্ৰুদ্ধ হৈ ক’লে, ‘কি কাৰণে এইদৰে অপচয় কৰিছা?

9কিয়নো ইয়াক বেছি ধনত বিক্ৰী কৰি দৰিদ্ৰ সকলক দান কৰিব পৰা গ’লহেঁতেন’।

10কিন্তু যীচুৱে, ইয়াকে জানিবলৈ পায়, তেওঁলোকক ক’লে, “এই মহিলা জনীক কিয় অসুবিধা দিছা? কাৰণ তেওঁ মোলৈ উত্তম কৰ্ম কৰিলে।

11কিয়নো দৰিদ্ৰ সকল তোমালোকৰ লগত সদায় আছে; কিন্তু তোমালোকৰ লগত মই সদায় নাথাকো৷

12এই কাৰণে তেওঁ এই সুগন্ধি তেল যে মোৰ শৰীৰত বাকি দিলে; এয়া মোক মৈদামত থবৰ অৰ্থেহে কৰিলে।

13মই তোমাক সঁচাকৈ কওঁ, গোটেই জগতৰ যি যি ঠাইত এই শুভবাৰ্তা ঘোষণা কৰা হ’ব, সেই ঠাইতে এই যি কৰ্ম মহিলা গৰাকীয়ে কৰিলে, তেওঁক সুঁৱৰিবলৈ, ইয়াকো কোৱা হ’ব।”

14তেতিয়া বাৰ জনৰ মাজৰ, ঈষ্কৰিয়োতীয়া যিহূদা নামেৰে এজনে প্ৰধান পুৰোহিত সকলৰ ওচৰলৈ গ’ল,

15আৰু ক’লে “মই আপোনালোকৰ হাতত তেওঁক শোধাই দিলে, মোক কি দিবলৈ ইচ্ছা কৰে”? তাতে তেওঁলোকে তেওঁক ত্ৰিশ টা ৰূপৰ মুদ্ৰা দিম বুলি ক’লে৷

16তেতিয়াৰে পৰা তেওঁ যীচুক শোধাই দিবলৈ সুযোগ বিচাৰি থাকিল।

17পাছত খমিৰ নোহোৱা পিঠাৰ পৰ্বৰ প্ৰথম দিনা শিষ্য সকলে যীচুৰ ওচৰলৈ আহি সুধিলে, “নিস্তাৰ-পৰ্ব ভোজ আপোনাৰ কাৰণে আমি ক’ত যুগুত কৰাটো বিচাৰে”?

18তেওঁ ক’লে, “নগৰলৈ গৈ নিৰ্দিষ্ট জনক কোৱাগৈ, গুৰুৱে কৈছে, মোৰ কাল ওচৰ হৈছে; মোৰ শিষ্য সকলে সৈতে মই তোমাৰ ঘৰত নিস্তাৰ-পৰ্বৰ ভোজ পালন কৰিম”।

19তেতিয়া শিষ্য সকলে যীচুৱে আদেশ দিয়াৰ দৰে নিস্তাৰ-পৰ্বৰ ভোজ যুগুত কৰিলেগৈ।

20পাছত সন্ধিয়া হোৱা সময়ত তেওঁ বাৰ জন শিষ্যৰ সৈতে ভোজনত বহিল;

21এনেতে তেওঁলোকে ভোজন কৰোঁতে, তেওঁ ক’লে, ‘মই তোমালোকক সঁচাকৈ কওঁ, তোমালোকৰ মাজৰ এজনে মোক শোধাই দিব’।

22তেতিয়া তেওঁলোকে অতি দুখিত হৈ, প্ৰতিজনে যীচুক সুধিবলৈ ধৰিলে, ‘হে প্ৰভু, সেই জন মই নে’?

23যীচুৱে উত্তৰ দি ক’লে, ‘মোৰে সৈতে যি জনে ভোজন-পাত্ৰত হাত জুবুৰিয়ালে, তেৱেঁই মোক শোধাই দিব।

24মানুহৰ পুত্ৰৰ বিষয়ে যেনেকৈ লিখা আছে, তেনেকৈ তেওঁৰ গতি হ’ব; কিন্তু যি মানুহৰ দ্বাৰাই মানুহৰ পুত্ৰক শোধাই দিয়া হয়, তেওঁ সন্তাপৰ পাত্ৰ; সেই মানুহৰ জন্ম নোহোৱা হ’লেই ভাল আছিল’।

25তেতিয়া তেওঁক শোধাই দিয়া যিহূদাই মাত লগাই ক’লে, ‘ৰব্বি, সেই জন মই নে’? তেওঁ তেওঁক ক’লে, “তুমি নিজকে নিজেই ক’লা”।

26পাছত তেওঁলোকে ভোজন কৰোঁতে, যীচুৱে পিঠা লৈ আশীৰ্বাদ কৰি ভাঙি শিষ্য সকলক দি ক’লে, “লোৱা, খোৱা এয়ে মোৰ শৰীৰ”।

27পাছত তেওঁ পান-পাত্ৰকো লৈ স্তুতি কৰি, তেওঁলোকক দি ক’লে, “লোৱা, তোমালোকে সকলোৱে পান কৰা;

28কিয়নো মোৰ যি তেজ, এয়া নিয়মৰ তেজ৷ অনেকৰ পাপ মোচনৰ কাৰণে উলিওৱা হৈছে, সেয়ে এই।

29কিন্তু মই তোমালোকক কওঁ, তোমালোকে সৈতে মই মোৰ পিতৃৰ ৰাজ্যত ন ৰস পান নকৰা দিনলৈকে, এতিয়াৰ পৰা এই দ্ৰাক্ষাগুটিৰ ৰস পান নকৰোঁ”।

30পাছত তেওঁলোকে বাহিৰ ওলাই গীত গাই গাই জৈতুন পৰ্বতলৈ গ’ল।

31তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “এই ৰাতি তোমালোক সকলোৱে মোক এৰি যাবা; কিয়নো লিখা আছে, ‘মই মেৰৰখীয়াক আঘাত কৰিম তাতে জাকৰ মেৰবোৰ ছিন্ন-ভিন্ন হৈ যাব৷’

32কিন্তু মোৰ উত্থানৰ পাছত মই তোমালোকৰ আগে আগে গালীল প্ৰদেশলৈ যাম।”

33তেতিয়া পিতৰে তেওঁক ক’লে, “সকলোৱে আপোনাত বিঘিনি পাই আতৰি গলেও, মই কেতিয়াও নাযাও”।

34যীচুৱে তেওঁক ক’লে, “মই তোমাক স্বৰূপকৈ কওঁ, এই ৰাতি কুকুৰাই ডাক দিয়াৰ আগেয়ে, তুমি মোক তিনি বাৰ অস্বীকাৰ কৰিবা”।

35পিতৰে তেওঁক ক’লে, “যদি আপোনাৰ লগত মই মৰিবও লাগে, তথাপি আপোনাক অস্বীকাৰ নকৰিম”। সেইদৰে সকলো শিষ্যয়ো ক’লে।

36তেতিয়া যীচুৱে তেওঁলোকৰ সৈতে গেৎচিমানী নামেৰে এখন ঠাইলৈ গৈ, তেওঁৰ শিষ্য সকলক ক’লে, “মই সৌখিনিলৈ গৈ প্ৰাৰ্থনা কৰি অহালৈকে তোমালোক ইয়াতে বহি থাকা”।

37পাছত তেওঁ পিতৰক আৰু চিবদিয়ৰ পুতেক দুজনক লগত লৈ শোকাকুল আৰু ব্যাকুল হ’বলৈ ধৰিলে।

38তেতিয়া তেওঁ তেওঁলোকক ক’লে, “মোৰ প্ৰাণ মৰণৰ তুল্য শোকাতুৰ হৈছে; তোমালোক ইয়াতে থাকি মোৰ লগত পৰ দিয়া”।

39পাছত তেওঁ অলপ আগুৱাই গৈ উবুৰি হৈ পৰি প্ৰাৰ্থনা কৰি ক’লে “হে মোৰ পিতৃ, যদি সম্ভব হয়, তেনেহলে এই দূখৰ পান-পাত্ৰ মোৰ পৰা দুৰ হওক; তথাপি মোৰ ইচ্ছাৰ দৰে নহয়, তোমাৰ ইচ্ছাৰ দৰেই হওক।”

40পাছত শিষ্য সকলৰ ওচৰলৈ আহি, তেওঁলোকক টোপনি যোৱা দেখি, তেওঁ পিতৰক ক’লে, “তোমালোকে মোৰ লগত এঘণ্টাও পৰ দি থাকিব নোৱাৰিলা নে?

41পৰীক্ষাত যেন নপৰা, এই কাৰণে পৰ দি প্ৰাৰ্থনা কৰা; আত্মা ইচ্ছুক, কিন্তু শৰীৰ দূৰ্বল”।

42পুনৰায় তেওঁ দ্বিতীয় বাৰ গৈ, প্ৰাৰ্থনা কৰি ক’লে, “হে মোৰ পিতৃ, মই পান নকৰাকৈ যদি এই দূখৰ পান-পাত্ৰ দুৰ হ’ব নোৱাৰে, তেনেহলে তোমাৰ ইচ্ছাই পুৰ হওক”।

43পাছত তেওঁ পুনৰায় আহি তেওঁলোকক টোপনি যোৱা দেখিলে; কিয়নো তেওঁলোকৰ চকু টোপনিত জাপ খাই গৈছিল।

44পুনৰায় তেওঁ তেওঁলোকক এৰি থৈ, তৃতীয়বাৰো একে কথাকে কৈ প্ৰাৰ্থনা কৰিলে।

45তেতিয়া তেওঁ শিষ্য সকলৰ ওচৰলৈ আহি, তেওঁলোকক ক’লে, “বাৰু, এতিয়া টোপনিত থাকি বিশ্ৰাম কৰা? চোৱা, সময় ওচৰ হ’ল আৰু মানুহৰ পুত্ৰক পাপীবোৰৰ হাতত শোধাই দিয়া হৈছে।

46উঠা, আমি যাওঁহক; চোৱা, মোক শোধাই দিয়া জন ওচৰ পালেহি।”

47যীচুৱে কথা কৈ থাকোতেই, চোৱা, বাৰ জনৰ মাজৰ যিহূদা আৰু তেওঁৰে সৈতে প্ৰধান পুৰোহিত আৰু সমাজৰ পৰিচাৰক সকল তৰোৱাল আৰু টাঙোন ধৰা মানুহৰ ডাঙৰ দল এটা সেই ঠাইলৈ আহিল।

48তেওঁক শোধাই দিয়া জনে তেওঁলোকক এই চিনেৰে সঙ্কেত দিছিল, বোলে, ‘মই যি জনক চুমা খাম, তেৱেঁই সেই জন; তেওঁকে ধৰিবা’।

49তেতিয়াই তেওঁ যীচুৰ ওচৰলৈ গৈ, ‘ৰব্বি প্ৰণাম’ এই বুলি, তেওঁক চুমা খালে।

50যীচুৱে তেওঁক ক’লে, “বন্ধু, তুমি যি কৰিবলৈ আহিলা তাকে কৰা”। তেতিয়া তেওঁলোকে ওচৰলৈ আহি, যীচুৰ গাত হাত দি তেওঁক ধৰিলে।

51চোৱা, যীচুৰ লগৰ এজনে হাত মেলি, নিজৰ তৰোৱাল উলিয়াই মহা-পুৰোহিতৰ দাস এজনক আঘাত কৰি তাৰ কাণ এখন কাটি পেলালে।

52তেতিয়া যীচুৱে তেওঁক ক’লে, “তোমাৰ তৰোৱাল পুনৰায় খাপত সোমাই থোৱা; কিয়নো যি জনে তৰোৱাল ধৰে, সেই জন তৰোৱালৰ দ্বাৰাই বিনষ্ট হ’ব।

53‘মোৰ পিতৃয়ে এতিয়াই মোলৈ বাৰ বাহিনীতকৈয়ো অধিক স্বৰ্গৰ দূত পঠাই দিয়ক’, মই এনে নিবেদন কৰিব নোৱাৰোঁ বুলি তুমি ভাবিছা নে?

54কিন্তু ধৰ্মশাস্ত্ৰৰ বচনত যিহেতু কোৱা হৈছে, সেয়েহে এইদৰে সিদ্ধ হ’বলৈ নঘটিব নে?”

55সেই সময়ত যীচুৱে লোক সকলক ক’লে, “আপোনালোকে তৰোৱাল আৰু টাঙোন লৈ ডকাইত ধৰাৰ নিচিনাকৈ মোক ধৰিবলৈ ওলাই আহিছে যে; যেতিয়া মই নিতৌ মন্দিৰত বহি উপদেশ দি আছিলোঁ, তেতিয়া আপোনালোকে মোক নধৰিলে,

56কিন্তু ভাববাদী সকলৰ শাস্ত্ৰীয় বচন সিদ্ধ হ’বলৈ এই সকলো ঘটিল।” তেতিয়া সকলো শিষ্যই তেওঁক এৰি পলাই গ’ল।

57পাছত বিধানৰ অধ্যাপক আৰু পৰিচাৰক সকল যি ঠাইত গোট খাই আছিল, সেই ঠাইলৈকে যীচুক ধৰা সকলে লৈ গৈ কায়াফা নামেৰে মহা-পুৰোহিতৰ ওচৰলৈ তেওঁক আনিলে।

58কিন্তু পিতৰে মহা-পুৰোহিতৰ চোতাললৈকে আতৰে আতৰে তেওঁৰ পাছে পাছে গৈ, তাত সোমাই শেষত কি হয়, তাকে চাবলৈ টেকেলাবোৰৰ লগত বহিল।

59তেতিয়া প্ৰধান পুৰোহিত সকল আৰু গোটেই মহাসভাই যীচুক বধ কৰিবলৈ তেওঁৰ বিৰুদ্ধে মিছা সাক্ষ্য বিচাৰিলে৷

60অনেক মিছা সাক্ষী আগুৱাই আহিছিল, তথাপি তেওঁলোকে এজনকো বিচাৰি নাপালে। কিন্তু শেষত দুজন আগুৱাই আহিল আৰু ক’লে,

61“এওঁ কৈছিল - ‘মই ঈশ্বৰৰ এই মন্দিৰ ধ্বংস কৰি, তিন দিনৰ ভিতৰতে তাক সাজিব পাৰোঁ’।”

62তেতিয়া মহা-পুৰোহিতে উঠি যীচুক ক’লে, “তুমি একো উত্তৰ নিদিয়া নে? তোমাৰ অহিতে এওঁলোকে কি সাক্ষ্য দিছে?”

63কিন্তু যীচুৱে নিজম দি থাকিল। তেতিয়া মহা-পুৰোহিতে তেওঁক ক’লে, “তোমাক জীৱনময় ঈশ্বৰৰ শপত দিছোঁ, তুমি ঈশ্বৰৰ পুত্ৰ, খ্ৰীষ্ট হোৱা নে নোহোৱা, আমাক কোৱা।”

64যীচুৱে তেওঁক ক’লে, “তুমি সঁচাকৈ ক’লা; তথাপি মই আপোনালোকক কওঁ, এতিয়াৰ পৰা আপোনালোকে মানুহৰ পুত্ৰক পৰাক্ৰমৰ সোঁ হাতে বহি থকা আৰু স্বৰ্গৰ পৰা মেঘত অহা দেখিব।”

65তেতিয়া মহা-পুৰোহিতে নিজৰ কাপোৰ ফালি ক’লে, “এওঁ ঈশ্বৰক নিন্দা কৰিলে; এতিয়া আমাৰ সাক্ষীৰ কি প্ৰয়োজন আছে? চোৱা, এতিয়া তোমালোকে নিজে ঈশ্বৰ নিন্দা শুনিলা।

66গতিকে তোমালোকে কি ভাবা?” তেওঁলোকে উত্তৰ দি ক’লে, “এওঁ প্ৰাণদণ্ডৰ যোগ্য”।

67তেতিয়া তেওঁলোকে যীচুৰ মুখত থুই পেলাই ভুকুৱালে;

68আৰু কেতবোৰে ঢকিয়াই সুধিলে, “হে’ৰা খ্ৰীষ্ট, ভাবোক্তিৰ দ্বাৰাই আমাক কোৱাচোন, তোমাক কোনে মাৰিলে”?

69সেই সময়ত পিতৰ বাহিৰফালে চোতালত বহি আছিল; তাতে এজনী চাকৰণী তেওঁৰ ওচৰলৈ আহিল আৰু ক’লে, ‘তুমিও গালীলীয়া যীচুৰ লগত আছিলা’।

70কিন্তু তেওঁ আটাইৰে আগতে অস্বীকাৰ কৰি ক’লে, ‘তুমি কি কৈছা, মই বুজা নাই’।

71পাছত তেওঁ বাট-চ’ৰালৈ ওলাই গ’ল, তাতো আন এজনী চাকৰনীয়ে তেওঁক দেখিলে আৰু তাত থকা লোক সকলৰ আগত ক’লে, ‘এওঁ নাচৰতীয়া যীচুৰ লগত আছিল’।

72তাতে তেওঁ শপত খাই আকৌ অস্বীকাৰ কৰি ক’লে, “মই সেই মানুহ জনক চিনি নাপাও”।

73অলপ পাছত তাত থকা সকলে ওচৰলৈ আহি পিতৰক ক’লে, ‘অৱশ্যে তুমিও তেওঁলোকৰ মাজৰ এজন; কিয়নো তোমাৰ ভাষাই তোমাৰ চিনাকি দিছে’।

74তাতে তেওঁ শাও দি আৰু শপত খাই ক’লে, “মই সেই মানুহক চিনিয়ে নাপাওঁ” আৰু তেতিয়াই কুকুৰাই ডাক দিলে।

75তেতিয়া যীচুৱে কোৱা সেই কথালৈ পিতৰৰ মনত পৰিল৷ যীচুৱে যে কৈছিল, ‘কুকুৰাই ডাক দিয়াৰ আগেয়ে, তুমি মোক তিনি বাৰ অস্বীকাৰ কৰিবা’, এই কথা মনত পৰাত পিতৰে বাহিৰলৈ গৈ অতি শোকেৰে ক্ৰন্দন কৰিলে।

উত্‍স: ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

WEBREATH · 11:11

«He himself gives everyone life and breath and everything else» — Acts 17:25

Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.

WEBREATH — the Minute at 11:11, your own local time — we are One Breath