খ্ৰীষ্টান ধৰ্ম
উভতি যাওক

মথিয়ে লিখা শুভবাৰ্তা 23

1তেতিয়া যীচুৱে লোক সকলক আৰু তেওঁৰ শিষ্য সকলক ক’লে,

2তেওঁ ক’লে “বিধানৰ অধ্যাপক আৰু ফৰীচী সকল মোচিৰ আসনত বহি আছে৷

3এই কাৰণে তেওঁলোকে তোমালোকক যি আজ্ঞা দিয়ে, সেই সকলোকে পালন আৰু মান্য কৰিবা; কিন্তু তেওঁলোকৰ কৰ্মৰ দৰে নকৰিবা; কিয়নো তেওঁলোকে যি দৰে কয়, সেইদৰে নকৰে।

4হয়, তেওঁলোকে গধূৰ আৰু অসহনীয় ভাৰ বান্ধি মানুহবোৰৰ কান্ধত দিয়ে, কিন্তু নিজে এটা আঙুলিৰেও সেই ভাৰ লৰাবলৈ ইচ্ছা নকৰে।

5তেওঁলোকে মানুহক দেখুৱাবলৈ নিজৰ সকলো কৰ্ম কৰে; তেওঁলোকে নিজৰ নিজৰ তাবিজ ডাঙৰকৈ লয়, আৰু কাপোৰৰ দহি দীঘলকৈ ৰাখে৷

6ভোজত প্ৰধান ঠাই, আৰু নাম-ঘৰত প্ৰধান আসন,

7হাট-বজাৰত নমস্কাৰ আৰু লোক সকলে ‘ৰব্বি’ সম্বোধন কৰিলে তেওঁলোকে ভালপায়।

8কিন্তু তোমালোকে হ’লে, ‘ৰব্বি’ বুলি মতা নহ’বা; কিয়নো এজন তোমালোকৰ গুৰু আছে, আৰু তোমালোক সকলো ভাই ভাই।

9পৃথিৱীত কাকো পিতৃ বুলি নামাতিবা; কিয়নো এজন, অৰ্থাৎ স্বৰ্গত থকা জনাই তোমালোকৰ পিতৃ।

10আৰু তোমালোকে আচাৰ্য্য বুলি মতা নহ’বা; কিয়নো খ্ৰীষ্টই তোমালোকৰ আচাৰ্য্য।

11কিন্তু তোমালোকৰ মাজত যি জন শ্ৰেষ্ঠ, তেওঁ তোমালোকৰ পৰিচাৰক হ’ব।

12যি কোনোৱে নিজকে নিজে বৰ বুলি মানিব, তেওঁক সৰু কৰা হ’ব; আৰু যি কোনোৱে নিজকে নিজে সৰু বুলি মানিব, তেওঁক বৰ কৰা হ’ব।

13কিন্তু হায় হায় কপটীয়া বিধানৰ অধ্যাপক আৰু ফৰীচী সকল! আপোনালোক সন্তাপৰ পাত্ৰ; কিয়নো মানুহবোৰৰ আগত আপোনালোকে স্বৰ্গৰাজ্যৰ দুৱাৰ বন্ধ কৰিছে; কাৰণ আপোনালোকে নিজেও নোসোমাই, আৰু সোমাবলৈ ধৰা সকলকো সোমাবলৈ নিদিয়ে।

14হায় হায় কপটীয়া, অধ্যাপক আৰু ফৰীচী সকল! আপোনালোকে বাৰী-বিধৱা সকলৰ ঘৰ-বাৰী গ্ৰাস কৰে আৰু দীঘল প্ৰাৰ্থনাৰে ছদ্মবেশ ধৰে, এই হেতুকে আপোনালোকে অধিক দণ্ড পাব।

15হায় হায় কপটীয়া, বিধানৰ অধ্যাপক আৰু ফৰীচী সকল! আপোনালোক সন্তাপৰ পাত্ৰ; কিয়নো আপোনালোকে এজনক ইহুদী ধৰ্ম দিবলৈ, সাগৰ আৰু পৃথিৱী ঘূৰি ফুৰে; আৰু যেয়ে লয়, সেই জনক নিজতকৈয়ো দুগুণ নৰকী কৰে।

16হায় হায় অন্ধ পথ প্ৰর্দশক! আপোনালোক সন্তাপৰ পাত্ৰ; কিয়নো আপোনালোকে কয় যে, মন্দিৰত ধৰি শপত খালে একো নহয়; কিন্তু যি জনে মন্দিৰৰ সোণত ধৰি শপত খায়, তেওঁহে ধৰুৱা হয়।

17হে নিৰ্ব্বোধ আৰু অন্ধ সকল, সোণ আৰু সোণক পবিত্ৰ কৰা যি মন্দিৰ, এই দুয়োৰো মাজত কোনটো শ্ৰেষ্ঠ?

18আপোনালোকে কয় যে, বেদিত ধৰি শপত খালে, একো নহয়; কিন্তু যি জনে তাৰ ওপৰৰ নৈবেদ্যত ধৰি শপত খায়, তেওঁহে ধৰুৱা।

19হে অন্ধ সকল, নৈবেদ্য আৰু নৈবেদ্যক পবিত্ৰ কৰা যি বেদি, এই দুয়োৰো মাজত কোনটো শ্ৰেষ্ঠ?

20এতেকে যি কোনোৱে বেদিত ধৰি শপত খায়, তেওঁ বেদিত আৰু তাৰ ওপৰৰ সকলোতে ধৰি শপত খোৱা হয়;

21আৰু যি কোনোৱে মন্দিৰত ধৰি শপত খায়, তেওঁ মন্দিৰ আৰু তাত বাস কৰা জনতো ধৰি শপত খোৱা হয়।

22যি কোনোৱে স্বৰ্গৰ নামে শপত খায়, তেওঁ ঈশ্বৰৰ সিংহাসন আৰু তাৰ ওপৰত বহা জনৰ নামেৰেও শপত খায়।

23হায় হায় কপটীয়া, বিধানৰ অধ্যাপক আৰু ফৰীচী সকল! আপোনালোক সন্তাপৰ পাত্ৰ; কিয়নো আপোনালোকে পদিনা, গুৱামুৰি, আৰু জীৰাৰ দশম ভাগ দান কৰে, কিন্তু বিধানৰ মাজৰ গুৰুত্বপূৰ্ণ যি ভাগ, ন্যায়-বিচাৰ, দয়া আৰু বিশ্বাস, এইবোৰৰ ভাগ হলে নিদিয়ে। কিন্তু এইবোৰ পালন কৰা, আৰু সেইবোৰক ত্যাগ নকৰা আপোনালোকৰ উচিত আছিল।

24হে অন্ধ পথদৰ্শক সকল, আপোনালোকে পোক এটাকে ছেকি পেলাই, কিন্তু উটকে গিলি খায়!

25হায় হায় কপটীয়া, বিধানৰ অধ্যাপক আৰু ফৰীচী সকল! আপোনালোক সন্তাপৰ পাত্ৰ; কিয়নো আপোনালোকে বাটি-কাঁহীৰ বাহিৰফাল শুচি কৰে, কিন্তু ভিতৰফাল অপহৰণ আৰু অতিশয্যৰে পৰিপূৰ্ণ।

26হে অন্ধ ফৰীচী সকল, আপোনালোকে আগেয়ে বাটি-কাঁহীৰ ভিতৰফাল পৰিষ্কাৰ কৰক, তেতিয়াহে তাৰ বাহিৰ ফালো শুচি হ’ব।

27হায় হায় কপটীয়া, বিধানৰ অধ্যাপক আৰু ফৰীচী সকল! আপোনালোক সন্তাপৰ পাত্ৰ৷ আপোনালোক বগাকৈ লিপা মৈদামৰ নিচিনা; সেইবোৰৰ বাহিৰফাল দেখিবলৈ সুন্দৰ, কিন্তু ভিতৰফাল মৰা মানুহৰ হাড় আৰু সকলো প্ৰকাৰ মলিৰে পৰিপূৰ্ণ৷

28সেইদৰে আপোনালোকো বাহিৰফালে মানুহে দেখাত ধাৰ্মিক; কিন্তু ভিতৰত, কপট আৰু অধৰ্মেৰে পূৰ হৈ আছে।

29হায় হায় কপটীয়া, বিধানৰ অধ্যাপক আৰু ফৰীচী সকল। আপোনালোক সন্তাপৰ পাত্ৰ; কিয়নো আপোনালোকে ভাববাদী সকলৰ মৈদাম বান্ধিছে, আৰু ধাৰ্মিক সকলৰ মৈদাম শোভিত কৰিছে৷

30আপোনালোকে কয় যে, ‘আমাৰ পূৰ্ব-পুৰুষ সকলৰ দিনত আমি থকা হ’লে, ভাৱবাদী সকলৰ ৰক্তপাতত তেওঁলোকৰ সঙ্গী নহলোহেঁতেন’।

31এইদৰে, আপোনালোক যে ভাববাদী সকলক বধ কৰোঁতা সকলৰ সন্তান, এই বিষয়ে আপোনালোকে নিজেই নিজৰ পক্ষত সাক্ষ্য দিছা।

32এই হেতুকে চোৱা, আপোনালোকেও নিজৰ পূৰ্বপুৰুষ সকলৰ জোখৰ পাত্ৰ পূৰ কৰক।

33হে সৰ্পগণ, কালসৰ্পৰ বংশ, আপোনালোকে নো কেনেকৈ নৰকৰ সোধ-বিচাৰৰ পৰা সাৰিব?

34এই কাৰণে চাওক, মই আপোনালোকৰ ওচৰলৈ ভাববাদী, জ্ঞানী আৰু বিধানৰ অধ্যাপক সকলক পঠাওঁ; তেওঁলোকক আপোনালোকে বধ কৰিব, ক্রুচত দিব; কিছুমানক আপোনালোকে নাম-ঘৰত কোবাব, আৰু নগৰে নগৰে তাড়না কৰিব।

35তাতে ধাৰ্মিক হেবলৰ ৰক্তপাতৰ পৰা, বৰখিয়াৰ পুতেক যি জখৰিয়াক আপোনালোকে মন্দিৰ আৰু বেদিৰ মাজত বধ কৰিছিল, তেওঁৰ ৰক্তপাতলৈকে পৃথিৱীৰ ওপৰত সকলো ধাৰ্মিকৰ ৰক্তপাতৰ দোষ আপোনালোকৰ ওপৰত পৰিব।

36মই আপোনালোকক সঁচাকৈ কওঁ, এইবোৰ এই কালৰ লোক সকললৈ হ’ব।”

37“যিৰূচালেম, যিৰূচালেম, যি জনে ভাববাদী সকলক বধ কৰে আৰু তোমাৰ ওচৰলৈ পঠোৱা সকলক শিল দলিয়াই মাৰে, কিমান বাৰ মই তোমালোকৰ সন্তান সকলক একলগ কৰিবলৈ যত্ন কৰিলোঁ, কুকুৰাই যেনেকৈ নিজৰ পোৱালিবোৰক ডেউকাৰ তলত চপাই লয়, তেনেকৈ ময়ো তোমাৰ সন্তানবোৰক চপাই লবলৈ ইচ্ছা কৰিছিলোঁ, কিন্তু তুমি সন্মত নহলা।

38চোৱা, তোমাৰ ঘৰ তোমাৰ বাবে পৰিত্যক্ত হৈছে;

39কিয়নো মই তোমাক কওঁ, প্ৰভুৰ নামেৰে যি জন আহিছে তেওঁ ধন্য, এই কথা নোকোৱালৈকে তুমি এতিয়াৰ পৰা পুনৰ মোক দেখিবলৈ নাপাবা।”

উত্‍স: ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

WEBREATH · 11:11

«He himself gives everyone life and breath and everything else» — Acts 17:25

Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.

WEBREATH — the Minute at 11:11, your own local time — we are One Breath