খ্ৰীষ্টান ধৰ্ম
উভতি যাওক

লূকে লিখা শুভবার্তা 3

1তিবিৰিয়া চীজাৰৰ ৰাজত্বৰ পোন্ধৰ বছৰত যিহূদীয়াৰ ৰাজ্যপাল আছিল পন্তীয় পীলাত। সেই সময়ত হেৰোদ আছিল গালীল প্ৰদেশৰ ৰজা; আৰু তেওঁৰ ভায়েক ফিলিপ আছিল যিতূৰিয়া আৰু ত্ৰাখোনীতিয়া প্ৰদেশৰ ৰজা; লুচাণিয় আছিল অবিলীনী প্ৰদেশৰ ৰজা।

2হানন আৰু কায়াফা আছিল ইহুদী সকলৰ মহা-পুৰোহিত। সেই সময়তে অৰণ্যত জখৰিয়াৰ পুতেক যোহনলৈ ঈশ্বৰৰ বাক্য আহিল।

3তেতিয়া যোহনে যৰ্দ্দন নদীৰ চৌদিশৰ সকলো প্রান্তলৈ গৈ প্রচাৰ কৰিবলৈ ধৰিলে, যাতে লোক সকলে পাপৰ পৰা ক্ষমা লাভ পাবৰ কাৰণে মন-পালটন কৰে আৰু বাপ্তিস্ম লয়।

4ভাৱবাদী যিচয়াৰ পুস্তকত যেনেকৈ লিখা আছে: “মৰুপ্রান্তত এজনৰ কন্ঠস্বৰ শুনা গৈছে, তোমালোকে প্ৰভুৰ পথ যুগুত কৰা, তেওঁৰ বাট পোন কৰা।

5আটাই উপত্যকা পূৰ কৰা হব, প্রতিটো পর্বত আৰু পাহাৰ সমান কৰা হব, একা-বেকা পথবোৰ পোন হব, খলা-বমা পথবোৰ সমান কৰা হব।

6সকলো মর্ত্ত্যই ঈশ্বৰৰ পৰিত্রাণ দেখিব।”

7তাতে বাপ্তিস্ম লবৰ কাৰণে অনেক লোক যোহনৰ ওচৰলৈ আহিব ধৰিলে। তেওঁ তেওঁলোকক ক’লে, “হে দুষ্ট সৰ্পৰ বংশধৰ! ঈশ্বৰৰ যি ক্ৰোধ আহি আছে তাৰ পৰা পলাবৰ বাবে কোনে আপোনালোকক সতর্ক কৰি দিলে?

8আপোনালোকে যে মন-পালটন কৰিছে, তাৰ উপযুক্ত ফলেৰে ফলবান হওক। নিজৰ মনতে নাভাৱিব যে ‘অব্রাহাম আমাৰ পিতৃপুৰুষ’। কিয়নো মই আপোনালোকক কওঁ যে, এই শিলবোৰৰ পৰাও ঈশ্বৰে অব্রাহামৰ কাৰণে সন্তান উৎপন্ন কৰিব পাৰে।

9গছৰ গুৰিত ইতিমধ্যে কুঠাৰ লাগিয়েই আছে; যি গছে ভাল ফল নিদিয়ে, তাক কাটি জুইত পেলোৱা হব।”

10তেতিয়া লোক সকলে যোহনক সুধিলে, “তেনেহলে আমি এতিয়া কি কৰিব লাগিব?”

11তেওঁ উত্তৰ দি তেওঁলোকক ক’লে, “যদি কাৰোবাৰ দুটা চোলা আছে, তেনেহলে যাৰ নাই তেওঁক এটা চোলা দিয়ক আৰু যাৰ খোৱা বস্তু আছে, তেৱোঁ সেইদৰে কৰক।”

12তেতিয়া কেইজনমান কৰ সংগ্রহকাৰীয়ো বাপ্তিস্ম লবৰ বাবে আহিল। তেওঁলোকে তেওঁক সুধিলে, “হে গুৰু, আমি কি কৰিব লাগে?”

13তেওঁ সেই লোক সকলক ক’লে, “যিমান কৰ আদায় কৰিব লাগে তাতকৈ অধিক ধন নলব।”

14কেইজনমান সৈনিকেও তেওঁক সুধিলে, “আৰু আমাৰ বিষয়েনো কি হ’ব? আমি কি কৰিম?” তেওঁ তেওঁলোকক ক’লে, “বলেৰে কাৰো পৰা ধন নলব। কাকো মিছাকৈ দোষাৰোপ নকৰিব। আপোনালোকৰ যি বেতন তাতে সন্তুষ্ট হৈ থাকিব।”

15লোক সকলে যিহেতু অতি আগ্রহেৰে খ্রীষ্টৰ আগমণলৈ অপেক্ষা কৰি আছিল, সেয়ে এই যোহনেই তেওঁলোকৰ সেই প্রত্যাশিত অভিষিক্ত খ্ৰীষ্ট জন হয় নে নহয় সেই বিষয়ে তেওঁলোকে মনে মনে বিবেচনা কৰি আছিল।

16যোহনে উত্তৰ দি সকলোকে কলে, “মই আপোনালোকক পানীতহে বাপ্তিস্ম দিওঁ, কিন্তু মোতকৈ অধিক শক্তিমান এজন আহিছে; মই তেওঁৰ পাদুকাৰ ফিটাৰ বান্ধ খুলিবৰো যোগ্য নহওঁ; তেৱেঁই আপোনালোকক পবিত্ৰ আত্মাত আৰু জুইত বাপ্তিস্ম দিব।

17শস্যৰ মৰণা মৰা চোতাল ভালকৈ পৰিষ্কাৰ কৰিবলৈ আৰু ধান নিজৰ ভঁৰালত চপাই থবলৈ তেওঁৰ কুলা তেওঁৰ হাতত আছে আৰু যি জুই কেতিয়াও নুনুমায়, তাত তেওঁ ঘুলা পুৰি পেলাব।”

18এইদৰে আন বহুতো উপদেশ দি যোহনে লোক সকলৰ আগত শুভবার্তা প্ৰচাৰ কৰিলে।

19ৰজা হেৰোদে নিজৰ ভায়েকৰ ভার্যা হেৰোদিয়াক বিয়া কৰোঁৱা আৰু তেওঁ কৰা অন্যান্য কু-কর্মবোৰৰ কাৰণে যোহনে হেৰোদকো তিৰস্কাৰ কৰিলে।

20তেতিয়া হেৰোদে পূণৰ আন এক দুষ্কর্ম কৰিলে; তেওঁ যোহনক বন্দী কৰি বন্দীশালত থলে।

21সকলো মানুহে যেতিয়া যোহনৰ দ্বাৰা বাপ্তিস্ম লৈ আছিল, যীচুয়েও বাপ্তিস্ম ললে। পাছত তেওঁ যেতিয়া প্ৰাৰ্থনা কৰিলে, তেতিয়া আকাশৰ দুৱাৰ মুকলি হ’ল।

22সেই সময়ত পবিত্ৰ আত্মা এক কপৌৰ আকৃতিৰে তেওঁৰ ওপৰলৈ নামি আহিল আৰু স্বৰ্গৰ পৰা এই মাত শুনা গ’ল, “তুমি মোৰ প্ৰিয় পুত্ৰ, তোমাত মই পৰম সন্তুষ্ট।”

23প্রায় ত্রিশ বছৰ বয়সত যীচুৱে নিজৰ কার্য আৰম্ভ কৰিলে। লোক সকলৰ ধাৰণাত তেওঁ যোচেফৰ পুত্ৰ; যোচেফ এলিৰ পুত্র;

24এলি মত্ততৰ পুত্ৰ; মত্তৎ লেবীৰ, লেবী মল্কিৰ; মল্কি যান্নায়ৰ; যান্নায় যোচেফৰ পুত্র;

25যোচেফ মত্তথিয়ৰ পুত্র; মত্তথিয় আমোচৰ; আমোচ নহূমৰ; নহূম ইচলিৰ; ইচলি নগিৰ পুত্র;

26নগি মাটৰ পুত্র; মাট মত্তথিয়ৰ; মত্তথিয় চিমিয়িনৰ; চিমিয়িন যোচেফৰ; যোচেফ যোদাৰ পুত্র;

27যোদা যোহাননৰ পুত্র; যোহানন ৰীচাৰ; ৰীচা, জৰুব্বাবিলৰ; জৰুব্বাবিল চল্টীয়েলৰ; চল্টীয়েল নেৰিৰ;

28নেৰি মল্কিৰ পুত্র; মল্কি অদ্দীৰ; অদ্দী কোচমৰ; কোচম ইলমাদমৰ; ইলমাদম এৰৰ;

29এৰ যিহোচুৱাৰ পুত্র; যিহোচুৱা ইলীয়েচৰৰ; ইলীয়েচৰ যোৰীমৰ; যোৰীম মত্ততৰ; মত্তত লেবীৰ;

30লেবী চিমিয়োনৰ পুত্র; চিমিয়োন যুদাৰ; যুদা যোচেফৰ; যোচেফ যোনমৰ; যোনম ইলীয়াকীমৰ;

31ইলীয়াকীম মিলেয়াৰ পুত্র; মিলেয়া মিন্নাৰ; মিন্না মত্তথৰ; মত্তথ নাথনৰ; নাথন দায়ুদৰ;

32দায়ুদ যিচয়ৰ পুত্র; যিচয় ওবেদৰ; ওবেদ বোৱজৰ; বোৱজ চালমোন; চলমোন নহচোনৰ;

33নহচোন অম্মীনাদবৰ পুত্র; অম্মীনাদব অদমীন; অদমীন অর্ণীৰ পুত্ৰ; অর্ণী হিষ্ৰোণৰ; হিষ্রোণ পেৰচৰ; পেৰচ যিহূদাৰ পুত্ৰ;

34যিহূদা যাকোবৰ পুত্র; যাকোব ইচহাকৰ; ইচহাক অব্ৰাহামৰ; অব্ৰাহাম তেৰহৰ; তেৰহ নাহোৰৰ পুত্ৰ;

35নাহোৰ চৰূগৰ পুত্র; চৰূগ ৰিয়ূৰ; ৰিয়ূ পেলগৰ; পেলগ এবৰৰ; এবৰ চেলহৰ পুত্ৰ;

36চেলহ কৈননৰ পুত্র; কৈনন অর্ফকচদৰ; অর্ফকচদ চেমৰ; চেম নোহৰ; নোহ লেমকৰ পুত্ৰ;

37লেমক মথূচেলহৰ পুত্র; মথূচেলহ হনোকৰ; হনোক যেৰদৰ; যেৰদ মহলালেলৰ; মহলালেল কৈননৰ পুত্ৰ;

38কৈনন ইনোচৰ পুত্র; ইনোচ চেথৰ; চেথ আদমৰ পুত্ৰ; আদম ঈশ্বৰৰ পুত্ৰ।

উত্‍স: ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

WEBREATH · 11:11

«He himself gives everyone life and breath and everything else» — Acts 17:25

Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.

WEBREATH — the Minute at 11:11, your own local time — we are One Breath