লূকে লিখা শুভবার্তা 23
1ইয়াৰ পাছত তেওঁলোকৰ গোটেই লোক সকলে উঠি পীলাতৰ আগলৈ যীচুক লৈ আহিল৷
2তেওঁলোকে তেওঁক অপবাদ দি কবলৈ ধৰিলে, বোলে, “আমি দেখিছোঁ যে, এই মানুহজন চীজাৰক কৰ দিবলৈ নিষেধ কৰোঁতা আৰু নিজকে নিজে অভিষিক্ত ৰজা বুলি আমাৰ দেশীয় মানুহক বিপথে নিওঁতা৷”
3তেতিয়া পীলাতে তেওঁক সুধিলে, “তুমি ইহুদী সকলৰ ৰজা নে?” তাতে যীচুৱে উত্তৰ দি ক’লে, “তুমিয়েই কৈছা।”
4তেতিয়া পীলাতে প্ৰধান পুৰোহিত আৰু লোক সকলক ক’লে, “মই এই মানুহ জনৰ বিৰুদ্ধে কোনো দোষ বিচাৰি নাপালোঁ।”
5কিন্তু তেওঁলোকে পুণৰ ক’লে, “এই মানুহ জনে গালীল প্ৰদেশৰ পৰা আৰম্ভ কৰি গোটেই যিহুদীয়াত আৰু এতিয়া এই ঠাইতো লোক সকলক উপদেশ দি উচতাই আছে।”
6পীলাতে ইয়াকে শুনি, মানুহ জন গালীলীয়া নে? এই বুলি সুধিলে।
7পাছত তেওঁক হেৰোদ ৰজাৰ ক্ষমতাধীন এলেকাৰ ভিতৰৰ বুলি পীলাতে জানিবলৈ পোৱাত, তেওঁক হেৰোদৰ ওচৰলৈ পঠিয়াই দিলে; কিয়নো সেই সময়ত তেৱোঁ যিৰূচালেমতে আছিল।
8যেতিয়া হেৰোদে যীচুক দেখিলে, তেওঁ অতিশয় আনন্দিত হ’ল; কিয়নো বহু দিনৰ পৰা তেওঁক চাবলৈ ইচ্ছা কৰি আছিল৷ তেওঁ তেওঁৰ বিষয়ে শুনিছিল, সেয়ে তেওঁ কৰা পৰাক্ৰম কাৰ্য চাবলৈ তেওঁ আশাও কৰিছিল৷
9তেতিয়া হেৰোদে অনেক কথা সুধিলে, কিন্তু যীচুৱে তেওঁক একো উত্তৰ নিদিলে।
10আৰু প্ৰধান পুৰোহিত আৰু বিধানৰ অধ্যাপক সকলে উগ্ৰ হৈ বৰকৈ তেওঁক অপবাদ দি আছিল।
11পাছত হেৰোদে তেওঁৰ সেনা সকলোৰে সৈতে যীচুক হেয়জ্ঞান আৰু বিদ্ৰূপ কৰি, ৰাজকীয় বস্ত্ৰ পিন্ধাই পীলাতৰ ওচৰলৈ আকৌ পঠিয়াই দিলে।
12সেই দিনৰ পৰা হেৰোদ আৰু পীলাত পৰস্পৰ বন্ধু হ’ল (ইয়াৰ আগেয়ে তেওঁলোকৰ মাজত শত্ৰু ভাব আছিল) ৷
13পাছত পীলাতে প্ৰধান পুৰোহিত, শাসনকর্তা সকলক আৰু লোক সকলক মাতি গোট খুৱালে৷
14আৰু তেওঁলোকক ক’লে, “লোক সকলক অপথে নিওঁতা বুলি, এই মানুহ জনক মোৰ ওচৰলৈ আনিলা; কিন্তু চোৱা মই তোমালোকৰ আগত সোধ-বিচাৰ কৰি, তোমালোকে অপবাদ দিয়া কথাত তেওঁৰ একো দোষ নাপালোঁ।
15হেৰোদেও একো দোষ নাপালে; কিয়নো তেওঁ পুনৰ আমাৰ ওচৰলৈ এওঁক পঠিয়াই দিলে আৰু চোৱা, এওঁ প্ৰাণদণ্ডৰ যোগ্য কোনো কর্ম কৰা নাই।
16এই হেতুকে এওঁক শাস্তি দি এৰি দিম।”
17সেই পর্বৰ সময়ত তেওঁলোকলৈ এজনক মুকলি কৰি দিবলগীয়া আছিল।
18কিন্তু সকলোৱে একেলগে আটাহ পাৰি ক’লে, “ইয়াক দূৰ কৰক; বাৰাব্বাক আমাৰ বাবে মুকলি কৰক।”
19সেই বাৰাব্বাই নগৰৰ মাজত ৰাজদ্ৰোহ আৰু নৰ-বধ কৰাৰ কাৰণে তাক বন্দীশালত থোৱা হৈছিল।
20তাতে পীলাতে যীচুক মুকলি কৰিবলৈ ইচ্ছা কৰি, তেওঁলোকক আকৌ ক’লে,
21কিন্তু তেওঁলোকে আটাহ পাৰি ক’লে, “তাক ক্ৰুচত দিয়ক, ক্রুচত দিয়ক৷”
22তেতিয়া তেওঁ তৃতীয়বাৰো তেওঁলোকক ক’লে, “কিয়? এই মানুহ জনে কি দোষ কৰিলে? প্ৰাণদণ্ডৰ কোনো কাৰণ মই বিচাৰি পোৱা নাই; এই হেতুকে এওঁক শাস্তি দি এৰি দিম।”
23কিন্তু তেওঁলোকে দাবী কৰিলে; তেওঁক যেন ক্রুচত দিয়া হয়, এই আশয়েৰে আঁকোৰগোজ হৈ বৰ মাতেৰে নিবেদন কৰিলে। তাতে পীলাত তেওঁলোকৰ বৰ মাতত পতিয়ন গ’ল৷
24তেতিয়া পীলাতে তেওঁলোকৰ সেই নিবেদনৰ দৰে কৰিবলৈ ৰায় দিলে।
25পাছত ৰাজদ্ৰোহ আৰু নৰ-বধ কৰাৰ কাৰণে বন্দীশালত থোৱা যি জনক তেওঁলোকে খুজিছিল, সেই জনক তেওঁ মুকলি কৰি দিলে৷ কিন্তু যীচুক তেওঁলোকৰ ইচ্ছাত শোধাই দিলে।
26পাছত তেওঁলোকে তেওঁক লৈ যাওঁতে গাঁৱৰ পৰা অহা চিমোন নামেৰে এজন কুৰীণীয়া মানুহক ধৰি যীচুৰ পাছে পাছে ক্ৰুচটো লৈ যাবলৈ তেওঁৰ কান্ধত তুলি দিলে।
27তাতে মানুহৰ এটা বৃহৎ দল আৰু তেওঁলৈ হিয়া ভুকুৱাই বিলাপ কৰা অনেক মহিলা তেওঁৰ পাছে পাছে গ’ল।
28কিন্তু যীচুৱে তেওঁলোকলৈ ঘূৰি ক’লে, “হে যিৰূচালেমৰ জীয়ৰী সকল, মোৰ বাবে নাকান্দিবা, নিজৰ বাবে আৰু তোমালোকৰ সন্তান সকলৰ বাবে ক্ৰন্দন কৰা।
29কিয়নো চোৱা, যি সময়ত বন্ধ্যা তিৰোতা, সন্তান নোহোৱা গর্ভ আৰু পিয়াহ নিদিয়া স্তনক ধন্য বুলিব, এনে কাল আহিছে।
30তেতিয়া লোক সকলে পর্বতবোৰক ক’বলৈ ধৰিব, ‘আমাৰ ওপৰত পৰা’, উপপর্ব্বতবোৰক কবলৈ ধৰিব, ‘আমাক ঢাকি ধৰা’।
31কিয়নো কেচা গছত যদি তেওঁলোকে এইবোৰ কর্ম কৰে, তেনেহলে শুকান গছত কি কৰা যাব?”
32সেই সময়ত দুজন দুষ্কর্মী মানুহকো তেওঁৰ লগত বধ কৰিবলৈ লৈ যোৱা হ’ল।
33পাছত মূৰৰ লাউখোলা নামেৰে ঠাই পোৱাত, তাতে তেওঁক আৰু তেওঁৰ সোঁফালে এজন আৰু বাওঁফালে এজন, এইদৰে সেই দুজন দুষ্কর্মী মানুহকো ক্রুচত দিলে।
34তেতিয়া যীচুৱে ক’লে, “হে পিতৃ, এওঁলোকক ক্ষমা কৰা; কিয়নো এওঁলোকে কি কৰিছে, সেই বিষয়ে নাজানে।” পাছত তেওঁলোকে চিঠি খেলি তেওঁৰ বস্ত্ৰ ভগাই ললে।
35আৰু লোক সকলে থিয় হৈ চাই থাকোতে শাসনকর্তা সকলে তেওঁক উপহাস কৰি ক’লে, “ই আন লোককহে ৰক্ষা কৰিব পাৰিলে৷ যদি ই ঈশ্বৰৰ সেই অভিষিক্ত আৰু তেওঁৰ মনোনীত জন হয়, তেনেহলে নিজকে নিজে ৰক্ষা কৰক।”
36সেনাবোৰেও ওচৰলৈ আহি, তেওঁক চিৰকা যাচি ঠাট্টা কৰি ক’লে,
37“আপুনি যদি ইহুদী সকলৰ ৰজা হয়, তেনেহলে নিজকে নিজে ৰক্ষা কৰক।”
38আৰু “এওঁ ইহুদী সকলৰ ৰজা”। এই বুলি লিখা এখন জাননী তেওঁৰ ওপৰত লিখি দিলে।
39তেতিয়া ক্ৰুচত আঁৰি থোৱা সেই দুজন দুষ্কর্মীৰ এজনে তেওঁক নিন্দা কৰি ক’লে, “আপুনি খ্ৰীষ্ট নহয় নে? আপুনি নিজকে আৰু আমাকো ৰক্ষা কৰক।”
40কিন্তু আনজনে সেই দুষ্কৰ্মীক ডবিয়াই ক’লে, “তুমি একেই দণ্ডত থাকিও ঈশ্বৰলৈ ভয় নকৰা নে?
41আমি হলে ন্যায় দণ্ডৰ যোগ্য-পাত্ৰ; আমি নিজ নিজ কর্মৰ উচিত ফল পাইছোঁ৷ কিন্তু এইজনে একো অনুচিত কর্ম কৰা নাই৷”
42পাছত তেওঁ ক’লে, “হে যীচু, আপুনি আপোনাৰ ৰাজ্যলৈ আহিলে, মোকো সুৱঁৰিব।”
43যীচুৱে তেওঁক ক’লে, “মই তোমাক স্বৰূপকৈ কওঁ, তুমি আজিয়েই পৰমদেশত মোৰ সঙ্গী হবা।”
44তেতিয়া বাৰ মান বজাৰ সময় হ’ল আৰু তিনি বজালৈকে গোটেই খন দেশৰ ওপৰত আন্ধাৰ হ’ল;
45সূর্যও লুপ্ত হৈ গ’ল আৰু মন্দিৰৰ আঁৰ-কাপোৰ খন মাজেদি ফাটি গ’ল।
46পাছত যীচুৱে বৰ মাতেৰে ক’লে, “হে পিতৃ, তোমাৰ হাতত মোৰ আত্মা সমর্পণ কৰিছোঁ৷” এই বুলি কৈ, তেওঁ প্ৰাণ ত্যাগ কৰিলে।
47তেতিয়া যি যি হ’ল, তাকে দেখি, এশৰ সেনাপতিয়ে ঈশ্বৰৰ প্ৰশংসা কৰি ক’লে, “এই মানুহ জন সঁচাকৈ ধাৰ্মিক আছিল।”
48এই দৃশ্য চাবলৈ যি সকল লোক আহিছিল, তেওঁলোকে এই সকলো ঘটনা দেখি হিয়া ভুকুৱাই উলটি গ’ল৷
49কিন্তু তেওঁৰ চিনাকি লোক আৰু যি তিৰোতা সকল গালীল প্ৰদেশৰ পৰা তেওঁৰ পাছে পাছে আহি আছিল, তেওঁলোকেও আতৰত থিয় হৈ এইবোৰ ঘটনা চাই আছিল।
50তেতিয়া তাত উপস্থিত থকা ইহুদী সকলৰ অৰিমাথিয়া নগৰৰ যোচেফ নামেৰে উত্তম আৰু ধাৰ্মিক হিচাপে জনাজাত যি ধার্মিক মেলুৱৈ জন আছিল,
51সেই মেলুৱৈ জনে তেওঁলোকৰ আলোচনা আৰু কর্মত সন্মতি দিয়া নাছিল৷ তেওঁ অৰিমাথিয়াৰ পৰা আহিছিল৷ এই চহৰ খন আছিল ইহুদী লোকৰ চহৰ৷ তেওঁ ঈশ্বৰৰ ৰাজ্যলৈ অপেক্ষা কৰি আছিল৷
52এই ব্যক্তি জনে পীলাতৰ ওচৰলৈ গৈ যীচুৰ দেহ বিচাৰিলে।
53পাছত তেওঁক নমাই শণ সূতাৰ মিহি কাপোৰেৰে মেৰিয়াই, আগেয়ে কোনো ব্যক্তিৰ দেহ নোথোৱা শিলত খান্দি উলিওৱা এটা মৈদামত শুৱাই থ’লে।
54সেইদিন আয়োজনৰ দিন আছিল আৰু বিশ্ৰামবাৰো ওচৰ চাপিছিল।
55তাতে তেওঁৰ সৈতে গালীল প্ৰদেশৰ পৰা অহা তিৰোতা সকলে তেওঁৰ দেহ কেনেকৈ থোৱা হ’ল, সেই বিষয়ে চাবলৈ আহিছিল৷
56পাছত উলটি আহি, সুগন্ধি দ্ৰব্য আৰু তেল যুগুত কৰিলে। পাছত তেওঁলোকে বিধানৰ দৰে বিশ্ৰামবাৰে জিৰণি ল’লে।
WEBREATH · 11:11
«He himself gives everyone life and breath and everything else» — Acts 17:25
Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.
WEBREATH — the Minute at 11:11, your own local time — we are One Breath