লূকে লিখা শুভবার্তা 15
1সেই সময়ত কৰ সংগ্রহকৰী আৰু পাপী লোক সকলে যীচুৰ কথা শুনিবৰ বাবে আহিছিল।
2তেতিয়া ফৰীচী আৰু বিধানৰ অধ্যাপক সকলে গৰিহণা কৰি ক’লে, “এই লোক জনে পাপী লোক সকলক গ্ৰহণ কৰিলে আৰু তেওঁলোকৰ সৈতে ভোজন-পানো কৰে।”
3তেতিয়া তেখেত সকলক এই দৃষ্টান্ত দি তেওঁ ক’লে, “এশ মেষ থকা কোনো মানুহৰ যদি এটা হেৰায়,
4তেনেহলে তেওঁ সেই নিৰানব্বৈটা মেৰক হাবিৰ মাজতে এৰি হেৰুৱাটোক বিচাৰি নাযাব নে?
5আৰু যেতিয়া হেৰুৱাটোক বিচাৰি পায়, তেতিয়া আনন্দিত হয় আৰু নিজৰ কান্ধত তুলি ঘৰলৈ আনে।
6এইদৰে যেতিয়া তেওঁ ঘৰ আহি পায়, তেতিয়া বন্ধু আৰু চুবুৰীয়া সকলক মাতি একত্ৰিত কৰি তেওঁলোকক কয়, ‘মোৰ সৈতে আনন্দ কৰা; কিয়নো মই হেৰোৱা মেৰ-পোৱালিটো পালোঁ’।
7মই আপোনালোকক কওঁ, সেইদৰে মন-পালটন নকৰা নিৰানব্বই জন ধাৰ্মিক লোকৰ অর্থে যিমান আনন্দ, মন পালটোৱা এজন পাপীৰ অর্থে, স্বৰ্গত তাতকৈ অধিক আনন্দ হব।
8অথবা কোনো এজনী মহিলাৰ দহোটা আধলিৰ যদি এটা হেৰাই, তেওঁ চাকি জ্বলাই ঘৰ সাৰি তাক নোপোৱালৈকে নিবিচাৰিব নে?
9আৰু হেৰুৱাতো বিচাৰি পালে, তেওঁ নিজৰ বন্ধু আৰু চুবুৰীয়া সকলক একলগে গোটায় কয়, ‘মোৰ সৈতে আনন্দ কৰা; কিয়নো যি আধলিটো হেৰুৱাইছিলো সেইটো পালোঁ’।
10সেইদৰে মই আপোনালোকক কওঁ, মন পালটোৱা এজন পাপীৰ অর্থে, ঈশ্বৰৰ দূতবোৰৰ সাক্ষাতে আনন্দ হয়।”
11তেওঁ পুনৰ ক’লে, “কোনো এজন মানুহৰ দুজন পুতেক আছিল;
12সৰুটোৱে বাপেকক ক’লে, ‘দেউতা ধন, সম্পত্তিৰ যি ভাগ মই পাওঁ, সেই ভাগ মোক দিয়ক’। তেতিয়া তেওঁ নিজৰ সম্পত্তি সিহঁতক ভগাই দিলে।
13অলপ দিনৰ পাছত, সেই জন সৰু পুতেকে সকলো গোটাই দূৰ দেশলৈ যাত্ৰা কৰি তাত লম্পট আচৰণ কৰি সকলো সম্পত্তি অপব্যয় কৰিলে।
14তাতে সকলো ধন ব্যয় হোৱাত, সেই দেশত তেওঁৰ বৰ আকাল হ’ল আৰু তাতে সৰু পুতেক জনে কষ্ট পাবলৈ ধৰিলে।
15তেতিয়া তেওঁ গৈ সেই দেশৰ এজন মানুহৰ আশ্ৰয়ত কাম কৰিবলৈ ল’লে। তাতে সেই মানুহ জনে তেওঁক গাহৰি চৰাবলৈ নিজৰ পথাৰলৈ পঠিয়াই দিলে।
16তেওঁ গাহৰিয়ে খোৱা দানাৰে তৃপ্ত হবলৈ বৰ হেপাঁহ কৰিলে, কাৰণ তাতে তেওঁক কোনেও একো খাবলৈ দিয়া নাছিল।
17শেষত তেওঁ চেতনা পাই ক’লে, ‘মোৰ পিতৃৰ ওচৰত বহুত চাকৰে পেত ভৰাই খাবলৈ পাই কিন্তু ইয়াত মই ভোকৰ জ্বালাত মৰিছোঁ।
18মই এতিয়া দেউতাৰ ঘৰলৈ গৈ এই কথা কম, স্বৰ্গৰ অহিতে আৰু আপোনাৰ দেখাত পাপ কৰিলোঁ;
19আপোনাৰ পুত্ৰ বুলি মতাৰ যোগ্য নহওঁ; মোক আপোনাৰ এটা চাকৰৰ নিচিনাকৈ হলেও ৰাখক’।
20পাছত তেওঁ তেনে ভাবেৰেই দেউতাকৰ ওচৰলৈ আহিল। কিন্তু তেওঁ ঘৰৰ পৰা দূৰৈত থাকোতেই, দেউতাকে দেখিলে আৰু তেওঁক চাই মৰম লগাত চুমা খালে।
21তেতিয়া পুতেকে ক’লে, ‘দেউতা স্বৰ্গৰ অহিতে আৰু আপোনাৰ দেখাত, মই পাপ কৰিলোঁ। আপোনাৰ পুত্ৰ বুলি মোক মাতিবলৈও মই এতিয়া যোগ্য নহওঁ’।
22কিন্তু বাপেকে দাসবোৰক ক’লে, ‘আটাইতকৈ উত্তম বস্ত্ৰ বেগাই আনি এওঁক পিন্ধাই দে; এওঁৰ হাতত আঙঠি, ভৰিত জোতা দে;
23পোহনীয়া দামুৰিটো আনি মাৰ৷ আহা, আমি ভোজন কৰি, ৰং কৰোঁহক;
24কিয়নো মোৰ এই লৰা মৰি গৈছিল আৰু এতিয়া এওঁ জীৱন পাইছে। এওঁ হেৰাই গৈছিল কিন্তু এতিয়া বিচাৰি পাইছোঁ’। এনেদৰে কৈ তেওঁ আনন্দ কৰিবলৈ ধৰিলে।
25সেই সময়ত বৰ পুতেক পথাৰত আছিল। পাছত তেওঁ আহি ঘৰৰ ওচৰ পাই, বাজনা আৰু নচাৰ শব্দ শুনিলে।
26তেতিয়া দাসবোৰৰ এটাক মাতি সুধিলে, ‘এইবোৰ নো কি হৈছে’?
27তেতিয়া দাস জনে ক’লে, ‘তোমাৰ ভায়েৰা আহিল; আৰু তোমাৰ পিতৃয়ে তেওঁক সুস্থ শৰীৰে পোৱা হেতুকে, পোহনীয়া দামুৰিটো মাৰিব দিলে’।
28তেতিয়া তেওঁৰ খং উঠিল আৰু ভিতৰলৈ যাবলৈ ইচ্ছা নকৰিলে; পাছত দেউতাক ওলাই আহিল আৰু তেওঁক বিনয়েৰে বুজালে,
29তেতিয়া বৰ পুত্ৰই বাপেকক উত্তৰ দি ক’লে, ‘চাওক, ইমান বছৰে মই আপোনাৰ সেৱা কৰিলোঁ, কেতিয়াও মই আপোনাৰ আজ্ঞা উলঙ্ঘন কৰা নাই; তথাপি মোৰ বন্ধু সকলৰ লগত প্ৰীতি ভোজ কৰিবলৈ এটি ছাগলী পোৱালিও আপুনি মোক দিয়া নাই।
30কিন্তু আপোনাৰ সৰু লৰা বেশ্যাৰ লগত সকলো ধন-সম্পত্তি খৰছ এতিয়া ঘূৰি আহিছে আৰু আপুনি সি ঘুৰি অাহোতেই তাৰ কাৰণে পোহনীয়া দামুৰিটো মাৰিলে’।
31তেতিয়া বাপেকে সেই ল’ৰাক ক’লে, ‘বোপা তুমি সদায় মোৰ লগত আছা আৰু মোৰ যি যি আছে, সকলো তোমাৰেই।
32কিন্তু তোমাৰ এই ভায়েৰা মৰা হৈয়ো আকৌ জীয়াই উঠিল; হেৰোৱা হৈয়ো পালোঁ; এই কাৰণে আমি প্ৰীতি ভোজ পাতি আনন্দ কৰিব লাগে৷’”
WEBREATH · 11:11
«He himself gives everyone life and breath and everything else» — Acts 17:25
Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.
WEBREATH — the Minute at 11:11, your own local time — we are One Breath