খ্ৰীষ্টান ধৰ্ম
উভতি যাওক

লেবীয়া পুস্তক 6

1যিহোৱাই মোচিক ক’লে, আৰু মোচিয়ে, ক’লে,

2“কোনোৱে যদি যিহোৱাৰ বিৰুদ্ধে আজ্ঞা লংঘন কৰি পাপ কৰে, আৰু কোনো লোকৰ তাত বস্তু থোৱা বা বন্ধক ৰখা বা অপহৰণ কৰা, কোনো বস্তুৰ বিষয়ে লোকৰ আগত মিছা কথা কোৱা বা লোকক অত্যাচাৰ কৰা

3বা হেৰুৱা বস্তু পাই ৰাখি মিছা কথা কোৱা আৰু মিছা শপত কৰা আদি যি সকলো কৰ্মৰ দ্বাৰাই মানুহ পাপী হয়,

4সেইবোৰৰ এটা কৰ্ম কৰি যদি পাপ কৰে আৰু দোষী হয়, তেন্তে তেওঁ যি বস্তু অপহৰণ কৰিলে বা অত্যাচাৰ কৰি পালে বা যি বস্তু থবলৈ তেওঁৰ হাতত গটাই দিয়া হ’ল বা হেৰুৱা বস্তু পাই ৰাখিলে, তাক পুনৰ ঘূৰাই দিব লাগিব।

5বা যিকোনো বিষয়ত যদি তেওঁ মিছা শপত খালে, তেনেহলে নিশ্চয়কৈ সম্পূৰ্ণৰূপে তেওঁ সেই বস্তুৰ ক্ষতি পুৰণ কৰিব লাগিব আৰু তাৰ লগত পাঁচভাগৰ এভাগ বেছিকৈ দিব লাগিব আৰু তাৰ দোষ প্ৰকাশিত হোৱা দিনা তেওঁ সেই বস্তুৰ প্ৰকৃত গৰাকীক দিব লাগিব।

6তেওঁ দোষাৰ্থক বলিদানৰ কাৰণে যিহোৱালৈ বলি আনিব আৰু ইয়াক জাকৰ পৰা নিৰূপিত মূল্যৰ এটা নিৰ্ঘূণী মতা মেৰ নিজৰ দোষাৰ্থক বলি স্বৰূপে পুৰোহিতৰ ওচৰলৈ আনিব।

7পুৰোহিতে যিহোৱাৰ সন্মুখত তেওঁক প্ৰায়চিত্ত কৰিব; আৰু যি কৰ্মৰ দ্বাৰাই তেওঁ দোষী হয়, সেই দোষৰ পৰা তেওঁ ক্ষমা পাব।”

8তেতিয়া যিহোৱাই মোচিক ক’লে,

9“তুমি হাৰোণক আৰু তেওঁৰ পুত্ৰসকলক এই আজ্ঞা দিয়া, ‘হোমৰ নিয়ম এই: হোম-দ্ৰব্য ওৰে ৰাতি আনকি ৰাতিপুৱালৈকে বেদীৰ ওপৰত জুইশালত থাকিব আৰু বেদীৰ জুই তাৰ দ্ৱাৰাই জ্বলি থাকিব।

10পুৰোহিত শণ সূতাৰ অন্তৰ্বাস পিন্ধিব আৰু বেদীৰ ওপৰত অগ্নিকৃত হোমৰ পাছত যি ভস্ম বাকি থাকে, তাক গুচাই বেদীৰ দাঁতিত থব।

11পাছত তেওঁ নিজৰ সেই বস্ত্ৰ পিন্ধিব আৰু ছাউনিৰ বাহিৰৰ কোনো শুচি ঠাইলৈ সেই ভস্ম লৈ যাব।

12আৰু বেদীৰ ওপৰত জুই তাত সদায় জ্বলি থাকিব, নুনুমাব; পুৰোহিতে প্ৰতি ৰাতিপুৱা তাৰ ওপৰত কাঠ দি জুই জ্বলাব, আৰু তাৰ ওপৰত হোম-বলি সজাই দিব, আৰু মঙ্গলাৰ্থক বলিৰ তেলখিনি তাৰ ওপৰত দগ্ধ কৰিব।

13বেদীৰ ওপৰত অগ্নি সদায় জ্বলি থাকিব। ই কেতিয়াও নুমাই নাযাব।

14শস্য উৎসৰ্গ কৰাৰ নিয়ম এই। হাৰোণৰ পুত্ৰসকলে ইয়াক বেদীৰ আগত যিহোৱাৰ সন্মুখত উৎসৰ্গ কৰিব।

15পাছত পুৰোহিতে ভক্ষ্য নৈবেদ্যৰ পৰা এমুঠি মিহি আটাগুড়ি আৰু সেই তেল লৈ নৈবেদ্যৰ ওপৰত থকা আটাইখিনি ধূপ-ধূনা লৈ, তাৰ স্মৰণাৰ্থক অংশ বুলি সুঘ্ৰাণৰ অৰ্থে যিহোৱাৰ উদ্দেশ্যে বেদীত দগ্ধ কৰিব।

16ইয়াৰ অৱশিষ্ট ভাগ হাৰোণ আৰু তেওঁৰ পুত্ৰসকলে ভোজন কৰিব; খমীৰ নিদিয়াকৈ কোনো পবিত্ৰ ঠাইত সেই ভাগ ভোজন কৰিব।

17খমীৰেৰে সৈতে তাক তন্দুৰত তাও দিয়া নহ’ব। মই নিজ অগ্নিকৃত উপহাৰৰ পৰা তেওঁলোকৰ পাবলগীয়া ভাগ বুলি তাক দিলোঁ; পাপাৰ্থক বলি আৰু দোষাৰ্থক বলিৰ দৰে সেয়ে অতি পবিত্ৰ।

18হাৰোণৰ সন্তান সকলৰ মাজত যি কোনো পুৰুষে তাক ভোজন কৰিব পাৰিব; যিহোৱাৰ অগ্নিকৃত উপহাৰৰ পৰা এয়ে পুৰুষানুক্ৰমে চিৰকাল তোমালোকৰ অধিকাৰ হ’ব। যিকোনোৱে ইয়াক স্পৰ্শ কৰিব, তেৱোঁ পবিত্ৰ হ’ব।”

19পাছত যিহোৱাই মোচিক পুনৰ ক’লে,

20“হাৰোণ অভিষিক্ত হোৱা দিনা তেওঁ আৰু তেওঁৰ পুত্ৰসকলে যিহোৱাৰ উদ্দেশ্যে যি উপহাৰ উৎসৰ্গ কৰিব, সেয়ে এই; তেওঁলোকে নিত্য ভক্ষ্য নৈবেদ্যৰ অৰ্থে, ঐফাৰ দহভাগৰ এভাগ মিহি আটাগুড়ি লৈ ৰাতিপুৱা আধা আৰু গধূলি আধা উৎসৰ্গ কৰিব।

21তাক তেলেৰে তাৱাত যুগুত কৰিব লাগিব; সেয়ে ভাজা হ’লে তাক তুমি ভিতৰলৈ আনিবা; তুমি যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণৰ অৰ্থে, সেই ভক্ষ্য নৈবেদ্যৰ সিজোৱা খণ্ডবোৰ উৎসৰ্গ কৰিবা।

22পাছত হাৰোণৰ পুত্ৰসকলৰ মাজৰ যি জন তেওঁৰ পদত অভিষিক্ত পুৰোহিত হ’ব, তেওঁ ইয়াক উৎসৰ্গ কৰিব। ইয়াক যিহোৱাৰ উদ্দেশ্যে সম্পূৰ্ণৰূপে দগ্ধ কৰা হ’ব; এয়ে চিৰস্থায়ী বিধি।

23পুৰোহিতে দিয়া প্ৰত্যেক ভক্ষ্য নৈবেদ্য সম্পূৰ্ণৰূপে দগ্ধ কৰিব লাগিব, তাৰ একোকে খাব নালাগিব।”

24যিহোৱাই মোচিক ক’লে,

25“তুমি হাৰোণ আৰু তেওঁৰ পুত্ৰসকলক কোৱা, ‘পাপাৰ্থক বলিদানৰ নিয়ম এই: যি ঠাইত হোমবলি কটা হ’ব, সেই ঠাইতে যিহোৱাৰ সন্মূখত পাপাৰ্থক বলিও কটা হ’ব; সেয়ে অতি পবিত্ৰ।

26যি পুৰোহিতে পাপৰ অৰ্থে তাক উৎসৰ্গ কৰিব, তেৱেঁই তাক ভোজন কৰিব; সাক্ষাৎ কৰা তম্বুৰ চোতালত কোনো পবিত্ৰ ঠাইত তাক ভোজন কৰিব।

27যিকোনোৱে তাৰ মাংস স্পৰ্শ কৰিব, তেওঁ পবিত্ৰ হ’ব; আৰু যদি তাৰ তেজৰ কিছু কোনো বস্ত্ৰত ছিতা লাগে, তেন্তে তুমি সেই তেজ লগা বস্ত্ৰ কোনো পবিত্ৰ ঠাইত ধুবা।

28কিন্তু যি মাটিৰ পাত্ৰত তাক সিজোৱা হ’ব, তাক ভাঙি পেলাব লাগিব; যদি পিতলৰ পাত্ৰত তাক সিজোৱা হয়, তেন্তে তাক ভালদৰে মাজি পানীত ধুই পৰিষ্কাৰ কৰিব লাগিব।

29পুৰোহিতসকলৰ মাজৰ যিকোনো পুৰুষে ইয়াক ভোজন কৰিব পাৰিব; সেয়ে অতি পবিত্ৰ।

30আৰু পবিত্ৰ স্থানত প্ৰায়শ্চিত্ত কৰিবৰ বাবে যি পাপাৰ্থক বলিৰ তেজ সাক্ষাৎ কৰা তম্বুৰ ভিতৰলৈ অনা হ’ব, সেই বলিৰ অলপো ভোজন কৰা নহব; তাক জুইত পুৰি পেলোৱা হ’ব।

উত্‍স: ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

WEBREATH · 11:11

«He himself gives everyone life and breath and everything else» — Acts 17:25

Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.

WEBREATH — the Minute at 11:11, your own local time — we are One Breath