খ্ৰীষ্টান ধৰ্ম
উভতি যাওক

লেবীয়া পুস্তক 5

1যদি কোনো এজন লোকে কোনো এক বিষয়ৰ কথা শুনি বা দেখি, সেই বিষয়ে সাক্ষ্য দিব পৰা হৈয়ো তাক প্ৰকাশ নকৰি পাপ কৰে, তেন্তে তেওঁ নিজ অপৰাধৰ ফল ভোগ কৰিব।

2অথবা কোনো অশুচি বনৰীয়া জন্তুৰ শৱ বা অশুচি ঘৰচীয়া পশুৰ শৱ আৰু অশুচি উৰগ আদি জন্তুৰেই হওঁক, যিটোক ঈশ্বৰে অশুচি কৰিলে, তাক যদি কোনোবাই কোনো অশুচি বস্তু বুলি নজনাকৈ স্পৰ্শ কৰি আনুষ্ঠানিকভাবে অশুচি হয়, তেন্তে তেওঁ দোষী হ’ব।

3বা মানুহৰ যিকোনো ধৰণৰ অশৌচ হওঁক, তাক যদি কোনোৱে নজনাকৈ স্পৰ্শ কৰে, তেন্তে তেওঁ সেই বিষয়ে জানিলে দোষী হ’ব ।

4বা মানুহে অবিবেচনাৰে যি যি বিষয় শপত লয়, সেই সেই বিষয়ে ভাল কাৰ্যই হওঁক বা বেয়া কাৰ্যই হওঁক, কৰিম বুলি যদি কোনোৱে নিজ ওঁঠেৰে অবিবেচনাৰে, আগলৈ কি হব তাক নজনাকৈ শপত খায়, তেন্তে তেওঁ তাক জানিলে, সেই সেই বিষয়ত তেওঁ দোষী হব।

5আৰু সেই বিষয়বোৰৰ কোনো বিষয়ত যেতিয়া কোনোজন দোষী হয়, তেতিয়া তেওঁ নিজ পাপ অৱশ্যে স্বীকাৰ কৰিব লাগিব।

6তেওঁ নিজে কৰা পাপৰ দণ্ডস্বৰূপে পাপাৰ্থক বলিদানৰ বাবে, জাকৰ পৰা এজনী চেঁউৰী মেৰ-ছাগ বা চেঁউৰী ছাগলী যিহোৱাৰ উদ্দেশ্যে আনিব; আৰু পুৰোহিতে তেওঁৰ পাপৰ কাৰণে তেওঁক প্ৰায়শ্চিত্ত কৰিব।

7যদি তেওঁ মেৰ বা ছাগলী আনিবলৈ অসমৰ্থ হয়, তেন্তে তেওঁ কৰা নিজৰ পাপৰ দণ্ডস্বৰূপে যিহোৱাৰ উদ্দেশ্যে দুটা কপৌ বা দুটা পাৰ পোৱালি আনিব, তাৰে এটা পাপাৰ্থক বলিৰ বাবে আৰু আনটো হোম-বলিৰ বাবে হ’ব।

8তেওঁ সেই দুটাক পুৰোহিতৰ ওচৰলৈ আনিব; আৰু পুৰোহিতে আগেয়ে পাপাৰ্থক বলি উৎসৰ্গ কৰিবলৈ তাৰ মুৰৰ ওচৰত ডিঙি মুচৰিব, কিন্তু মূৰটো সম্পূৰ্ণকৈ নেৰুৱাব।

9তাৰ পাছত পাপাৰ্থক বলিৰ অলপ তেজ বেদীৰ গাত ছটিয়াব আৰু অৱশিষ্ট তেজখিনি বেদীৰ মুলত বাকি দিব লাগিব; এয়ে পাপাৰ্থক বলি।

10তেতিয়া তেওঁ প্ৰথমতে দিয়া বিধিমতে দ্বিতীয়টো হোমৰ অৰ্থে উৎসৰ্গ কৰিব। এইদৰে পুৰোহিতে, তেওঁ কৰা পাপৰ কাৰণে তেওঁক প্ৰায়চিত্ত কৰিব; আৰু তেওঁৰ পাপ ক্ষমা হ’ব।

11কিন্তু তেওঁ যদি দুটা কপৌ বা দুটা পাৰ পোৱালি আনিবলৈ অসমৰ্থ হয়, তেন্তে তেওঁ নিজে কৰা পাপ কৰ্মৰ বাবে, নিজ উপহাৰ স্বৰূপে ঐফা ৰ দহ ভাগৰ এভাগ মিহি আটাগুড়ি, পাপাৰ্থক নৈবেদ্যস্বৰূপে আনিব; তাৰ ওপৰত তেল নিদিব, কিয়নো সেয়ে পাপাৰ্থক নৈবেদ্য।

12তেওঁ ইয়াক নিশ্চয়ে পুৰোহিতৰ ওচৰলৈ আনিব আৰু পুৰোহিতে তেওঁৰ স্মৰণাৰ্থক নৈবেদ্য হিচাবে তেওঁৰ বুলি তেওঁৰ পৰা এমুঠি লৈ যিহোৱাৰ অগ্নিকৃত উপহাৰৰ বিধিমতে তাক বেদীত দগ্ধ কৰিব; সেয়ে পাপাৰ্থক নৈবেদ্য।

13এইদৰে, পুৰোহিতে সেইবোৰ ভিতৰৰ কোনো এটা বিষয়ত, তেওঁ কৰা পাপৰ কাৰণে তাক প্ৰায়চিত্ত কৰিব; তেতিয়া তেওঁৰ পাপ ক্ষমা হ’ব; আৰু অৱশিষ্ট ভাগ ভক্ষ্য নৈবেদ্যৰ দৰে পুৰোহিতৰ হ’ব।

14তেতিয়া যিহোৱাই মোচিক ক’লে,

15“যদি কোনোৱে যিহোৱাৰ পবিত্ৰ বস্তুৰ কোনো এটা বস্তু ৰাখি, আজ্ঞা লংঘন কৰি নজনাকৈ পাপ কৰে, তেন্তে তেওঁ জাকৰ পৰা, পবিত্ৰ-স্থানৰ চেকল অনুসাৰে যিহোৱাই নিৰূপণ কৰাৰ দৰে, অতি কমেও দুই চেকল দামৰ এটা নিৰ্ঘূণী মতা মেৰ দোষাৰ্থক বলি স্বৰূপে যিহোৱাৰ উদ্দেশ্যে আনিব লাগিব।

16তেওঁ যি যি পবিত্ৰ বস্তু ৰাখি তেওঁ পাপ কৰিলে, যিহোৱাক সন্তুষ্ট কৰিবলৈ ক্ষতি পুৰণ কৰিব লাগিব আৰু তাৰ লগত পাঁচভাগৰ এভাগ পুৰোহিতক বেছিকৈ দিব লাগিব; পাছত পুৰোহিতে সেই দোষাৰ্থক মেৰটো বলি দিয়াৰ দ্বাৰাই তেওঁক প্ৰায়চিত্ত কৰিব, তেতিয়া তেওঁৰ পাপ ক্ষমা হ’ব।

17আৰু কোনোৱে যদি যিহোৱাই নিষেধ কৰা কোনো কৰ্ম কৰি পাপ কৰে, তেন্তে তেওঁ তাক নাজানিলেও দোষী হ’ব; আৰু নিজ অপৰাধৰ ফল ভোগ কৰিব।

18তেওঁ দোষাৰ্থক বলি দানৰ বাবে, জাকৰ পৰা তোমাৰ নিৰূপিত মূল্য এটা নিৰ্ঘূণী মতা মেৰ পুৰোহিতৰ ওচৰলৈ আনিব আৰু পুৰোহিতে, তেওঁ নাজানি কৰা দোষৰ বাবে তেওঁক প্ৰায়চিত্ত কৰিব, তেতিয়া তেওঁৰ পাপৰ ক্ষমা হ’ব।

19এয়ে হৈছে দোষাৰ্থক বলি; তেওঁ অৱশ্যে যিহোৱাৰ সাক্ষাতে দোষী।”

উত্‍স: ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

WEBREATH · 11:11

«He himself gives everyone life and breath and everything else» — Acts 17:25

Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.

WEBREATH — the Minute at 11:11, your own local time — we are One Breath