খ্ৰীষ্টান ধৰ্ম
উভতি যাওক

লেবীয়া পুস্তক 2

1যেতিয়া কোনো লোক এজনে যিহোৱাৰ উদ্দেশ্যে ভক্ষ্য নৈবেদ্য উৎসৰ্গ কৰে, তেতিয়া তেওঁৰ উপহাৰ মিহি আটাগুড়ি হ’ব; আৰু তেওঁ তাত তেল ঢালি তাৰ ওপৰত ধূপ-ধূনা দিব।

2তেতিয়া তেওঁৰ সেই উপহাৰ তেওঁ হাৰোণৰ পুত্ৰ পুৰোহিত সকলৰ ওচৰলৈ আনিব; পাছত পুৰোহিতসকলৰ এজনে তাৰ পৰা এমুঠি মিহি আটাগুড়ি, এচলু তেল, আৰু আটাইখিনি ধূপ-ধূনা লৈ, তাৰ স্মৰণাৰ্থক অংশ বুলি তাক বেদীৰ ওপৰত দগ্ধ কৰিব; সেয়ে যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণ দিয়া অগ্নিকৃত উপহাৰ।

3সেই ভক্ষ্য নৈবেদ্যৰ বাকীখিনি হাৰোণ আৰু তেওঁৰ পুত্ৰসকলৰ কাৰণে হ’ব; যিহোৱাৰ অগ্নিকৃত উপহাৰবোৰৰ মাজত সেয়ে অতি পবিত্ৰ।

4যেতিয়া তুমি তন্দুৰত তাও দিয়া ভক্ষ্য নৈবেদ্য উপহাৰস্বৰূপে উৎসৰ্গ কৰিবা, তেতিয়া তেল মিহলোৱা মিহি আটাগুড়িৰে কৰা খমিৰ নিদিয়া বিন্ধা থকা কেইটামান পিঠা, বা তেল ঢলা খমিৰ নিদিয়া কেইটামান পাতল চকলীয়া পিঠা দিব লাগিব।

5আৰু যদি তাৱাত তাও দিয়া ভক্ষ্য নৈবেদ্য তোমাৰ উপহাৰ হয়, তেন্তে খমীৰ নিদিয়া তেল মিহলোৱা মিহি আটাগুড়িৰে কৰা পিঠা হ’ব।

6তুমি তাক ডোখৰ-ডোখৰ কৰি, তাৰ ওপৰত তেল ঢালিবা; সেয়ে ভক্ষ্য নৈবেদ্য।

7আৰু যদি কেৰাহীত ভজা ভক্ষ্য নৈবেদ্য তোমাৰ উপহাৰ হয়, তেন্তে তেলত ভাজি মিহি আটাগুড়িৰে কৰিব লাগিব।

8এইবোৰ নিয়মৰ কোনো নিয়মৰে যুগুত কৰা ভক্ষ্য নৈবেদ্য তুমি যিহোৱাৰ উদ্দেশ্যে আনিবা; আৰু তাক পুৰোহিতক দিয়া হব। তেতিয়া তেওঁ তাক বেদীৰ ওচৰলৈ আনিব।

9পুৰোহিত জনে সেই নৈবেদ্যৰ স্মৰণাৰ্থক অংশ লৈ বেদীত দগ্ধ কৰিব; সেয়ে যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণ দিয়া অগ্নিকৃত উপহাৰ।

10আৰু সেই নৈবেদ্যৰ বাকীখিনি হাৰোণ আৰু তেওঁৰ পুত্ৰসকলৰ হ’ব; যিহোৱাৰ অগ্নিকৃত উপহাৰবোৰৰ মাজত সেয়ে অতি পবিত্ৰ।

11তোমালোকে যিহোৱাৰ উদ্দেশ্যে যি কোনো ভক্ষ্য নৈবেদ্য উৎসৰ্গ কৰিবা, তাক খমীৰেৰে যুগুত কৰা হ’ব নালাগে; কিয়নো খমীৰ বা মৌ ইয়াৰে একোকে যিহোৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ স্বৰূপে তোমালোকে দগ্ধ নকৰিবা।

12তোমালোকে প্ৰথম ফলৰ উপহাৰ বুলি তাক যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰিব পাৰা; কিন্তু সুঘ্ৰাণৰ অৰ্থে বেদীৰ ওপৰত তাক তোলা নাযাব।

13আৰু তুমি নিজ ভক্ষ্য নৈবেদ্যৰ প্ৰত্যেক উপহাৰত লোণ সানিবা; তুমি নিজ ভক্ষ্য নৈবেদ্যত, নিজ ঈশ্বৰৰ নিয়মটিৰ চিন যি লোণ, তাক দিবলৈ ক্রুটি নকৰিবা; তোমাৰ সকলো উপহাৰবোৰ লোণে সৈতে উৎসৰ্গ কৰিবা।

14তুমি যদি যিহোৱাৰ উদ্দেশ্যে শস্যৰ প্ৰথম ফলৰ নৈবেদ্য স্বৰূপে জুইত পোৰা থোক, অৰ্থাৎ মোহাৰি উলিওৱা শস্যৰ নতুন গুটি উৎসৰ্গ কৰিবা।

15তাৰ পাছত তুমি তাৰ ওপৰত তেল আৰু ধূপ-ধূনা দিবা; সেয়ে ভক্ষ্য নৈবেদ্য।

16পাছত পুৰোহিতে তাৰ স্মৰণাৰ্থক অংশ বুলি কিছু মোহৰা শস্য, কিছু তেল আৰু আটাইখিনি ধূপ-ধূনা দগ্ধ কৰিব; সেয়ে যিহোৱাৰ উদ্দেশ্যে অগ্নিতকৃত উপহাৰ।

উত্‍স: ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

WEBREATH · 11:11

«He himself gives everyone life and breath and everything else» — Acts 17:25

Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.

WEBREATH — the Minute at 11:11, your own local time — we are One Breath