লেবীয়া পুস্তক 26
1“তোমালোকে তোমালোকৰ কাৰণে প্ৰতিমা নাসাজিবা, আৰু কটা-মুৰ্ত্তি বা স্তম্ভ স্থাপন নকৰিবা, পৰিসেৱা কৰিবৰ কাৰণে তোমালোকৰ দেশত নক্সা কটা কোনো শিল স্থাপন নকৰিবা; কিয়নো মই তোমালোকৰ ঈশ্বৰ যিহোৱা।
2তোমালোকে মোৰ বিশ্ৰাম-বাৰ পালন কৰিবা, আৰু মোৰ ধৰ্মধামলৈ ভয় ৰাখিবা; মই যিহোৱা।
3যদি তোমালোকে মোৰ বিধানতে চলা আৰু মোৰ আজ্ঞা পালন কৰি সেই অনুসাৰে কাৰ্য কৰা,
4তেতিয়া মই উচিত সময়ত তোমালোকলৈ বৰষুণ বৰষাম; তাতে ভুমিয়ে নিজৰ শস্য উৎপন্ন কৰিব, আৰু বাৰীৰ নিজ গছবোৰত গুটি লাগিব।
5তোমালোকৰ শস্য মৰা কাল দ্ৰাক্ষাগুটি চিঙা কাললৈকে থাকিব, আৰু তোমালোকে হেঁপাহ পলুৱাকৈ তোমালোকৰ আহাৰ ভোজন কৰিবা আৰু নিৰ্ভয়ে তোমালোকৰ দেশত বাস কৰিবা।
6আৰু মই দেশত শান্তি দান কৰিম; তাতে তোমালোকক কোনেওঁ ভয় নোখোৱাকৈ তোমালোকে শুবলৈ পাবা; মই তোমালোকৰ দেশৰ পৰা হিংসুক জন্তুবোৰ নাইকিয়া কৰিম, আৰু তোমালোকৰ দেশৰ মাজেদি তৰোৱাল নচলিব।
7তোমালোকে তোমালোকৰ শত্ৰুবোৰক খেদি দিবা, আৰু তোমালোকৰ আগতে তেওঁলোক তৰোৱালৰ দ্বাৰাই পতিত হ’ব।
8আৰু তোমালোকৰ পাঁচজনে এশ জনক আৰু তোমালোকৰ এশজনে দহ হাজাৰ জনক খেদি দিব, আৰু তোমালোকৰ শত্ৰুবোৰ তোমালোকৰ আগত পতিত হ’ব।
9মই তোমালোকলৈ অনুগ্রহেৰে দৃষ্টি কৰি তোমালোকক বহুবংশ কৰিম; আৰু অতিশয়ৰূপে বৃদ্ধি কৰিম; আৰু মই তোমালোকৰ লগত কৰা মোৰ নিয়মটি সিদ্ধ কৰিম।
10আৰু তোমালোকে বহুদিনৰ পৰা সাঁচি থোৱা পুৰণি শস্য ভোজন কৰিবা, আৰু নতুন শস্য থবলৈ পুৰণি শস্য বোৰ উলিয়াবা।
11মই তোমালোকৰ মাজত মোৰ আবাস স্থাপন কৰিম, আৰু মোৰ মনে তোমালোকক ঘিণ নকৰিব।
12আৰু মই তোমালোকৰ মাজত অহা-যোৱা কৰি, তোমালোকৰ ঈশ্বৰ হম আৰু তোমালোক মোৰ প্ৰজা হ’বা।
13মিচৰীয়াসকলৰ বন্দী নহবৰ কাৰণে যিজনাই মিচৰ দেশৰ পৰা তোমালোকক উলিয়াই আনিলে, তোমালোকৰ সেই ঈশ্বৰ যিহোৱা মই; মই তোমালোকৰ যুৱলিৰ শ’লমাৰি ভাঙি, তোমালোকক মূৰ দঙাই গমণ কৰিলোঁ।
14কিন্তু যদি তোমালোকে মোৰ বাক্যলৈ কাণ নিদিয়া, মোৰ এই সকলো আজ্ঞামতে কাৰ্য নকৰা,
15মোৰ বিধি অগ্ৰাহ্য কৰা, আৰু মনতে মোৰ শাসন-প্ৰণালীবোৰ ঘিণ কৰি মোৰ আজ্ঞামতে কাৰ্য নকৰা, কিন্তু মোৰ নিয়মটি লঙ্ঘন কৰা;
16তেন্তে তোমালোকে এনে কৰাত মইও তোমালোকলৈ এইদৰে আচৰণ কৰিম: মই তোমালোকৰ ওপৰত চকু নাশকাৰী আৰু প্ৰাণ ক্ষয়কাৰী ব্যাকুলতা, যক্ষ্মাৰোগ আৰু পোৰণি জ্বৰ নিৰূপণ কৰিম; আৰু তোমালোকে মিছায়ে গুটি ববা; কিয়নো তোমালোকৰ শত্ৰুৱে সেইবোৰ খাব।
17আৰু মই তোমালোকলৈ কোন্দোৱাকৈ চাম, তাতে তোমালোক তোমালোকৰ শত্ৰুবোৰৰ আগত ঘাটিবা, তোমালোকক ঘিণাওঁতাবোৰে তোমালোকৰ ওপৰত শাসন কৰিব, আৰু কোনেও তোমালোকক নেখেদিলেও তোমালোক পলাই যাবা।
18আৰু যদি তোমালোকে মোৰ বাক্যলৈ কাণ নিদিয়া তেন্তে মই তোমালোকৰ পাপৰ কাৰণে তোমালোকক আৰু সাতগুণ দণ্ড দিম।
19মই তোমালোকৰ গৰ্ব্ব খৰ্ব্ব কৰিম, আৰু তোমালোকৰ আকাশ লোহা যেন, আৰু মাটি পিতল যেন কৰিম।
20তাতে তোমালোকৰ পৰিশ্ৰম বিফল হ’ব; কিয়নো তোমালোকৰ ভুমিয়ে শস্য উৎপন্ন নকৰিব; আৰু দেশৰ গছবোৰত গুটি নালাগিব।
21আৰু যদি তোমালোকে মোৰ বিপৰীত আচৰণ কৰা আৰু মোৰ বাক্য শুনিবলৈ অসন্মত হোৱা, তেন্তে মই তোমালোকৰ পাপ অনুসাৰে তোমালোকলৈ আৰু সাতগুণ আপদ ঘটাম।
22তোমালোকৰ মাজলৈ বনৰীয়া জন্তুবোৰ পঠিয়াম; সেইবোৰে তোমালোকৰ সন্তান নাইকিয়া কৰিব, তোমালোকৰ পশু নষ্ট কৰিব, আৰু তোমালোকৰ সংখ্যা কম কৰিব; আৰু তোমালোকৰ ৰাজ-আলিবোৰ নিজান হৈ পৰিব।
23ইমানতো যদি মোৰ শিকনি নোলোৱা, কিন্তু মোৰ বিপৰীত আচৰণ কৰা,
24তেন্তে মইয়ো তোমালোকৰ বিপৰীত আচৰণ কৰিম আৰু তোমালোকৰ পাপৰ কাৰণে, মই তোমালোকলৈ সাতগুণ আপদ ঘটাম।
25আৰু নিয়মটিৰ উলঙ্ঘন প্ৰতিফল দিবলৈ তোমালোকলৈ তৰোৱাল আনিম, আৰু তোমালোকে নগৰৰ মাজত গোট খালে তোমালোকৰ মাজলৈ মহামাৰী পঠিয়াম; আৰু তোমালোকক শত্ৰুৰ হাতত শোধাই দিয়া যাব।
26মই তোমালোকৰ অন্ন ৰূপ লাখুটি ভঙা কালত দহজনী মহিলাই একেটা তন্দুৰত তোমালোকৰ পিঠা তাও দিব, আৰু তেওঁলোকে জোখ কৰি তোমালোকৰ পিঠা তোমালোকক দিব, আৰু তাক খাই তোমালোকৰ ভোক নপলাব।
27ইমানতো তোমালোকে যদি মোৰ বাক্যলৈ কাণ নিদি মোৰ বিপৰীত আচৰণ কৰা,
28তেন্তে মইও ক্ৰোধত তোমালোকৰ বিপৰীত আচৰণ কৰিম, আৰু তোমালোকৰ পাপৰ কাৰণে তোমালোকক সাতগুণ দণ্ড দিম।
29তোমালোকে নিজ নিজ পো-জীহঁতৰ মঙহ খাবা।
30মই তোমালোকৰ পবিত্র ঠাইবোৰ নষ্ট কৰিম, তোমালোক সুৰ্য্য প্ৰতিমা কাটি পেলাম, আৰু তোমালোকৰ মুৰ্ত্তিবোৰৰ শৱৰ ওপৰত তোমালোকৰ শৱ পেলাম; আৰু মোৰ মনে তোমালোকক ঘিণ কৰিব।
31মই তোমালোকৰ নগৰবোৰ ধ্বংস কৰিম, তোমালোকৰ ধৰ্মধামবোৰ উচ্ছন্ন কৰিম, আৰু তোমালোকৰ সুগন্ধ বস্তুৰ ঘ্ৰাণ গ্ৰহণ নকৰিম।
32মই তোমালোকৰ দেশখন উচ্ছন্ন কৰিম; তাতে দেশত থকা তোমালোকৰ শত্ৰুবোৰে তাকে দেখি আচৰিত মানিব।
33মই জাতিবোৰৰ মাজত তোমালোকক গোট গোট কৰিম, আৰু মোৰ তৰোৱাল উলিয়াই তোমালোকৰ পাছত খেদি যাম; তাতে তোমালোকৰ দেশ উচ্ছন্ন আৰু নগৰবোৰ ধ্বংশ কৰা হ’ব।
34যেতিয়ালৈতে দেশ উচ্ছন্ন হৈ থাকিব আৰু তোমালোক শত্ৰুবোৰৰ দেশত থাকিবা তেতিয়ালৈকে দেশে নিজৰ বিশ্ৰাম-বছৰবোৰ ভোগ কৰিব; সেই কালত দেশে বিশ্ৰাম পাই, নিজৰ বিশ্ৰাম-বছৰবোৰ ভোগ কৰিব।
35যিমান কাল সেয়ে উচ্ছন্ন হৈ থাকিব, সিমান কাল বিশ্ৰাম কৰিব; তোমালোকে দেশত বাস কৰা কালত তোমালোকৰ বিশ্ৰাম-বছৰবোৰত যি যি বিশ্ৰাম ভোগ কৰা নাই, দেশে তাক ভোগ কৰিব।
36আৰু শত্ৰুৰ দেশত থকা তোমালোকৰ মাজৰ অৱশিষ্ট লোকসকলৰ মনলৈ ব্যাকুলতা পঠিয়াম; আৰু সৰি পৰা পাতৰ শব্দেয়ো তেওঁলোকক পলুৱাব; যেনেকৈ তৰোৱালৰ আগৰ পৰা পলাই তেনেকৈ পলাব; আৰু কোনেও তোমালোকক খেদি নিনিলেও তোমালোক পতিত হ’বা।
37আৰু কোনেও তোমালোকক খেদি নিনিলেও তৰোৱালৰ আগৰ পৰা পলাওঁতে ইজনে-সিজনৰ লগত খুন্দা খাই পৰিবা; আৰু শত্ৰুবোৰৰ সন্মুখত থিয় হ’বলৈ তোমালোকৰ শক্তি নাথাকিব।
38আৰু তোমালোক জাতি সমূহৰ মাজত বিনাশ হ’বা, আৰু তোমালোকৰ শত্ৰুবোৰৰ দেশে তোমালোকক গ্ৰাস কৰিব।
39আৰু তোমালোকৰ মাজৰ অৱশিষ্ট ভাগ নিজ নিজ অপৰাধৰ কাৰণে শত্ৰুবোৰৰ দেশত ক্ষীণ হৈ যাব, আৰু তেওঁলোকৰ নিজৰ আৰু পুৰ্ব্ব-পুৰুষসকলৰ অপৰাধৰ কাৰণেও ক্ষীণ হৈ যাব।
40কিন্তু যদি তেওঁলোকে আৰু তেওঁলোকৰ পিতৃয়ে কৰা পাপ বা মোৰ সত্যলঙ্ঘন কৰাৰ কাৰণে নিজ নিজ অপৰাধ স্বীকাৰ কৰে, আৰু তেওঁলোকে মোৰ বিপৰীত আচৰণ কৰাত,
41মইও তেওঁলোকৰ বিপৰীত আচৰণ কৰি তেওঁলোকক শত্ৰুবোৰৰ দেশলৈ অনাকো স্বীকাৰ কৰে, বিশেষকৈ যদি তেওঁলোকে নিজৰ অচুন্নৎ মন নম্ৰ কৰে, আৰু নিজৰ পাপৰ দণ্ড যোগ্য যেন মানে,
42তেন্তে যাকোবেৰে সৈতে কৰা মোৰ নিয়মটি মই সোঁৱৰিম আৰু ইচহাকেৰে সৈতে কৰা মোৰ নিয়মটিও, অব্ৰাহামেৰে সৈতে কৰা মোৰ নিয়মটিও সুঁৱৰিম; আৰু মই দেশকো সোঁৱৰণ কৰিম।
43দেশ তেওঁলোকৰ দ্বাৰাই পৰিত্যক্ত হ’ব, আৰু তেওঁলোক নথকাকৈ দেশ উচ্ছন্ন হৈ থকা মানে নিজৰ বিশ্ৰাম-বছৰবোৰ ভোগ কৰিব; আৰু তেওঁলোকে নিজ নিজ অপৰাধ দণ্ড যোগ্য যেন মানিব; কিয়নো তেওঁলোকে মোৰ শাসন প্ৰণালীবোৰ অগ্ৰাহ্য কৰিলে।
44তথাপি যেতিয়া তেওঁলোক শত্ৰুবোৰৰ দেশত থাকিব, তেতিয়াও মই শেষ নথকাকৈ বিনষ্ট কৰিবৰ অৰ্থে বা তেওঁলোকৰ সৈতে কৰা মোৰ নিয়মটি ভাঙিবৰ কাৰণে তেওঁলোকক অগ্ৰাহ্য বা ঘিণ নকৰিম; কিয়নো মই তেওঁলোকৰ ঈশ্বৰ যিহোৱা।
45কিন্তু মই তেওঁলোকৰ ঈশ্বৰ হ’বৰ অৰ্থে তেওঁলোকৰ যি পুৰ্ব্বপুৰুষসকলক জাতি সমূহৰ আগতে মিচৰ দেশৰ পৰা উলিয়াই আনিলোঁ, তেওঁলোকৰ সেই পুৰ্ব্বপুৰুষসকলৰে সৈতে কৰা মোৰ নিয়মটি তেওঁলোকৰ মঙ্গলৰ অৰ্থে সোঁৱৰিম; মই যিহোৱা।”
46চীনয় পৰ্ব্বতত যিহোৱাই মোচিৰ দ্বাৰাই নিজৰ আৰু ইস্ৰায়েলৰ সন্তান সকলৰ মাজত এইবোৰ বিধি, শাসন-প্ৰণালী আৰু ব্যৱস্থা স্থাপন কৰিলে।
WEBREATH · 11:11
«He himself gives everyone life and breath and everything else» — Acts 17:25
Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.
WEBREATH — the Minute at 11:11, your own local time — we are One Breath