খ্ৰীষ্টান ধৰ্ম
উভতি যাওক

লেবীয়া পুস্তক 25

1পাছত যিহোৱাই চীনয় পৰ্ব্বতত মোচিক ক’লে,

2“তুমি ইস্ৰায়েলৰ সন্তানসকলক কোৱা, মই তোমালোকক যি দেশ দিম, তোমালোকে সেই দেশত সোমালে, যিহোৱাৰ উদ্দেশ্যে ভুমিয়ে বিশ্ৰাম ভোগ কৰিব।

3তুমি ছবছৰ নিজ পথাৰত গুটি ববা, আৰু ছবছৰ নিজ বাৰীৰ দ্ৰাক্ষালতাবোৰ পৰিষ্কাৰ কৰিবা, আৰু তাৰ গুটি চপাবা।

4কিন্তু সপ্তম বছৰ যিহোৱাৰ উদ্দেশ্যে ভুমিৰ সম্পূৰ্ণ বিশ্ৰামৰ বিশ্ৰাম-কাল হ’ব; সেই বছৰত তুমি নিজ পথাৰত গুটি নব’বা, আৰু দ্ৰাক্ষালতা পৰিষ্কাৰ নকৰিবা।

5তুমি নিজ পথাৰত নিজে হোৱা শস্য নাদাবা, আৰু পৰিষ্কাৰ নকৰা দ্ৰাক্ষালতাৰ গুটি নচপাবা; সেয়ে ভুমি সম্পূৰ্ণ বিশ্ৰামৰ বছৰ হ’ব।

6তাতে, বিশ্ৰাম-বছৰত হোৱা ভুমি শস্য তোমালোকলৈ আহাৰ হ’ব; অৰ্থাৎ তোমাৰ পথাৰত উৎপন্ন হোৱা সকলো শস্য তোমাৰ আৰু তোমাৰ দাস, বেটী আৰু তোমাৰ লগত থকা বেচ খোৱা দাস আৰু বিদেশীৰ বাবে যুগুত কৰিব পাৰিবা।

7আৰু তোমাৰ পশু আৰু দেশত থকা বনৰীয়া পশুবোৰৰ অৰ্থে সেইবোৰ আহাৰ হ’ব।

8তুমি নিজৰ কাৰণে সাত বিশ্ৰাম-বছৰ, সাত গুণ সাত বছৰ লেখ কৰিবা; তাতে সাত বিশ্ৰাম-বছৰৰ কাল ঊনপঞ্চাশ বছৰ হ’ব।

9তেতিয়া সপ্তম মাহৰ দশম দিনা দেশৰ সকলো ফালে বৰ মাতৰ শিঙা বজাবা; প্ৰায়শ্চিত্তৰ দিনা তোমালোকৰ দেশৰ সকলো ফালে শিঙা বজাবা।

10তোমালোকে পঞ্চাশ বছৰটো পবিত্ৰ বুলি মানিবা, আৰু গোটেই দেশত তাৰ সকলো নিবাসীসকললৈ মুক্তি ঘোষণা কৰিবা; সেয়ে তোমালোকৰ কাৰণে বৰ্ষপূৰ্তি উৎসৱ হ’ব, আৰু তোমালোক প্ৰতিজনে নিজ নিজ উত্তৰাধিকাৰলৈ উলতি যাবা আৰু দাসবোৰক নিজ নিজ গোষ্ঠীৰ ওচৰলৈ পঠিয়াই দিবা।

11সেই পঞ্চাশ বছৰটো তোমালোকৰ কাৰণে বৰ্ষপূৰ্তি উৎসৱ হ’ব; সেই বছৰত তোমালোকে গুটি নববা, নিজে হোৱা শস্যও নাদাবা আৰু কলম নিদিয়া দ্ৰাক্ষালতাৰ গুটিও নচপাবা।

12কিয়নো সেয়ে বৰ্ষপূৰ্তি উৎসৱৰ বছৰ; সেয়ে তোমালোকলৈ পবিত্ৰ হ’ব। তোমালোকে সেই বছৰত নিজে উৎপন্ন হোৱা শস্য পথাৰৰ পৰা আনি খাবা।

13সেই বৰ্ষপূৰ্তি উৎসৱৰ বছৰত তোমালোকে সকলোকে নিজ নিজ উত্তৰাধিকাৰবোৰ ঘূৰাই দিবা।

14যদি তুমি নিজ চুবুৰীয়াক কোনো মাটি বেচা, বা তেওঁলোকৰ পৰা কিনা, তেতিয়া তোমালোকে ইজনে সিজনক অন্যায় নকৰিবা।

15তুমি বৰ্ষপূৰ্তি উৎসৱৰ পাছত হোৱা বছৰৰ লেখ অনুসাৰে লোকৰ পৰা মাটি কিনিবা, আৰু শস্য উৎপন্ন হোৱা বছৰৰ সংখ্যা অনুসাৰে তেওঁ তোমাক বেচিব।

16বৰ্ষপূৰ্তি উৎসৱলৈ বেছি বছৰ থাকিলে বেছি দাম কৰিবা আৰু কম বছৰ থাকিলে কম দাম কৰিবা; কিয়নো নতুন গৰাকীৰ ভুমিত শস্য উৎপন্ন হোৱা বছৰৰ সংখ্যা অনুসাৰে তেওঁ তোমাক মাটি বেচে।

17আৰু তোমালোকে ইজনে সিজনক অন্যায় নকৰিবা, কিন্তু নিজ ঈশ্বৰক ভয় কৰিবা; কিয়নো মই তোমালোকৰ ঈশ্বৰ যিহোৱা।

18এই কাৰণে তোমালোকে মোৰ বিধি অনুসাৰে আচৰণ কৰিবা, আৰু মোৰ শাসন প্ৰণালী পালন কৰি, সেই অনুসাৰে কাৰ্য কৰিবা; তেতিয়া তোমালোকে দেশত নিৰ্ভয়ে বাস কৰিবা।

19আৰু ভুমিয়ে নিজ শস্য উৎপন্ন কৰিব; তাতে তোমালোকে হেঁপাহ পলোৱাকৈ খাবলৈ পাবা; আৰু দেশত নিৰ্ভয়ে থাকিবা।

20কিন্তু তোমালোকে ক’ব পাৰা যে, “পথাৰ নবলে, আৰু তাত উৎপন্ন হোৱা গুটি নচপালে আমি সপ্তম বছৰত কি খাম?”

21তেতিয়া মই ষষ্ঠ বছৰত তোমালোকৰ ওপৰত আশীৰ্ব্বাদ আহিবলৈ আদেশ কৰিম, তাতে ভুমিয়ে সেই বছৰত তিনি বছৰলৈ থকাকৈ শস্য উৎপন্ন কৰিব।

22পাছত অষ্টম বছৰত তোমালোকে গুটি ববা, কিন্তু তেতিয়াও পুৰণি শস্য খাবা; নৱম বছৰৰ শস্য নহয় মানে তোমালোকে পুৰণি শস্য খাই থাকিবা।

23আৰু মাটি চিৰকালৰ কাৰণে আনক বেচা নহব; কিয়নো সেই মাটি মোৰ, আৰু তোমালোক মোৰ লগত অতিথি আৰু প্রবাসী আছা।

24আৰু তোমালোকে তোমালোকৰ উত্তৰাধীকাৰ সকলো দেশত মাটি মোকলাবলৈ ক্ষমতা দিবা।

25তোমাৰ ইস্রায়েলী লগৰ যদি দুখীয়া হৈ তেওঁৰ উত্তৰাধিকাৰৰ মাটি তোমাক কিছু বেচে, তেন্তে তাক মোকলাব পৰা তেওঁৰ ওচৰ সম্বন্ধীয়াই আহি, নিজ ভায়েকে বেচা সেই মাটি মোকলাই দিব।

26আৰু যাৰ মুকলি কৰোঁতা গৰাকী নাই, কিন্তু তেওঁ চহকী হোৱাত, তেওঁৰ যদি নিজে মুকলি কৰিবা পৰা সমৰ্থ হয়,

27তেন্তে তেওঁ তাক বেচা বছৰ লেখ কৰি, বাকী থকা ধন বেচাজনক ওলোটাই দিব; তেতিয়া তেওঁ পুনৰায় তেওঁৰ নিজৰ উত্তৰাধীকাৰ পাব।

28কিন্তু যদি তেওঁ তাক ওলোটাই লবলৈ অসমৰ্থ হয়, তেন্তে সেই বেচা মাটি বৰ্ষপূৰ্তি উৎসৱৰ বছৰলৈকে কিনা জনৰ হাতত থাকিব, পাছত বৰ্ষপূৰ্তি উৎসৱৰ বছৰত সেয়ে মুকলি হ’ব, তেতিয়া তেওঁৰ সেই উত্তৰাধীকাৰ তেওঁ পুনৰায় পাব।

29আৰু যদি গড়েৰে আবৃত থকা নগৰৰ ভিতৰত বাস কৰা ঘৰ কোনোৱে বেচে, তেন্তে তেওঁ বেচাৰ পাছত সম্পূৰ্ণ এবছৰৰ ভিতৰত তাক মুকলি কৰিব পাৰিব; গোটেই বছৰৰ ভিতৰত তাক মুকলি কৰিবলৈ তেওঁৰ ক্ষমতা থাকিব।

30কিন্তু যদি পুৰা এবছৰৰ ভিতৰত তাক মুকলি কৰা নহয়, তেন্তে গড়েৰে আবৃত থকা নগৰৰ সেই ঘৰ পুৰুষানুক্ৰমে চিৰকাললৈ কিনা জনৰ অধিকাৰ হ’ব; সেইয়ে বৰ্ষপূৰ্তি উৎসৱৰ বছৰতো মুকলি নহ’ব।

31কিন্তু গড়েৰে আবৃত নোহোৱা গাঁৱত থকা যিবোৰ ঘৰ, সেইবোৰ নগৰৰ বাহিৰৰ মাটিৰ লগত লেখ কৰা হব; সেইবোৰ ঘৰক মোকলাব পাৰে, আৰু বৰ্ষপূৰ্তি উৎসৱৰ বছৰত সেইবোৰ মুকলি হৈ যাব।

32তথাপি লেবীয়াসকলৰ উত্তৰাধিকাৰত থকা নগৰৰ ঘৰবোৰ লেবীয়াসকলে যি কোনো সময়ত মুকলি কৰিব পাৰিব।

33যদি লেবীয়াসকলৰ মাজৰ কোনো এজনে তাক মুকলি নকৰে, তেন্তে লেবীয়াসকলৰ উত্তৰাধিকাৰত থকা সেই বেচা ঘৰ বৰ্ষপূৰ্তি উৎসৱৰ বছৰত মুকলি হৈ যাব, কিয়নো লেবীয়াসকলৰ নগৰৰ ঘৰবোৰ ইস্ৰায়েলৰ সন্তান সকলৰ মাজত থকা তেওঁলোকৰ উত্তৰাধীকাৰ।

34কিন্তু তেওঁলোকৰ নগৰৰ চাৰিওফালে থকা চৰণীয়া পথাৰ বেচা নহ’ব; কিয়নো সেয়ে তেওঁলোকৰ চিৰকলীয়া উত্তৰাধীকাৰ।

35আৰু তোমাৰ লগৰ নিবাসী যদি দুখীয়া হয়, আৰু নিজৰ কাৰণে একোকে যুগুত কৰিব নোৱাৰে তেন্তে তেওঁক বিদেশী আৰু প্ৰবাসীৰ নিচিনাকৈ তোমাৰ লগত জীৱন-ধাৰণ কৰিবলৈ সহায় কৰিবা;

36তেওঁৰ পৰা সুত বা বাঢ়ি নলবা, কিন্তু নিজ ঈশ্বৰক ভয় কৰিবা যাতে তোমাৰ ভাই তোমাৰ লগত জীৱন-ধাৰণ কৰি থাকে।

37তুমি সুতলৈ তাক ধন নিদিবা, বা বাঢ়িলৈ তাক অন্ন নিদিবা।

38যিজন সৰ্বশক্তিমান ঈশ্বৰে তোমালোকক কনান দেশ দিবৰ কাৰণে, তোমালোকৰ ঈশ্বৰ হবলৈ তোমালোকক মিচৰ দেশৰ পৰা উলিয়াই আনিলে, তোমালোকৰ সেই ঈশ্বৰ যিহোৱা মই।

39আৰু তোমাৰ ভাই যদি তোমাৰ গুৰিত দুখীয়া হৈ, নিজকে নিজে বেচে, তেন্তে তুমি তেওঁক বন্দীৰ নিচিনাকৈ কাম নকৰাবা।

40তেওঁ বেচ খোৱা চাকৰ আৰু প্ৰবাসীৰ নিচিনাকৈ তোমাৰ লগত থাকিব আৰু বৰ্ষপূৰ্তি উৎসৱৰ বছৰলৈকে তোমাক খাতি দিব।

41তাৰ পাছত তেওঁ নিজ সন্তান সকলৰে সৈতে মুকলি হৈ নিজ গোষ্ঠীৰ ওচৰলৈ উভতি যাব।

42কিয়নো তেওঁলোক, মই মিচৰ দেশৰ পৰা উলিয়াই অনা মোৰ দাস; তেওঁলোকক বন্দীস্বৰূপে বেচা নহ’ব।

43তুমি তেওঁলোকলৈ কঠিন ব্যৱহাৰ নকৰিবা, কিন্তু নিজ ঈশ্বৰক ভয় কৰিবা।

44তোমাৰ বন্দী আৰু বেটী, তুমি তোমালোকৰ চাৰিওফালে থকা জাতি সমূহৰ মাজৰ পৰা তেওঁলোকক কিনিব পাৰিবা।

45আৰু তোমালোকৰ মাজত প্ৰবাস কৰা আন জাতিৰ সন্তান সকলৰ আৰু তোমালোকৰ দেশত তেওঁলোকৰ পৰা জন্মা তেওঁলোকৰ যি যি গোষ্ঠী তোমালোকৰ লগত বাস কৰিছে, তেওঁলোকৰ পৰাও কিনিবা আৰু তেওঁলোকৰ ওপৰত তোমালোকৰ অধিকাৰ থাকিব।

46আৰু তোমালোকে নিজ নিজ ভাবী সন্তান সকলৰ উত্তৰাধিকাৰৰ বাবে দিব লগা ভাগ স্বৰূপে তেওঁলোকক দিব পাৰিবা, আৰু চিৰকাললৈকে তেওঁলোকক বন্দী কাম কৰিব পাৰিবা; কিন্তু নিজ ভাই ইস্ৰায়েলৰ সন্তান সকলৰ মাজত হ’লে, তোমালোক কোনেও কাৰো ওপৰত কঠিন ব্যৱহাৰ নকৰিবা।

47আৰু যদি তোমালোকৰ মাজত কোনো প্ৰবাসী বা বিদেশী লোক ধনী হয়, আৰু তাৰ ওচৰত থকা তোমাৰ ভাই দৰিদ্ৰ হৈ, সেই প্ৰবাসী বা বিদেশীৰ গুৰিত, বা বিদেশীৰ গোষ্ঠীত জন্মালোকৰ গুৰিত যদি তেওঁ নিজকে বেচে,

48তেন্তে বেচাৰ পাছত তাক মোকলাব পাৰে; তাৰ পৰিয়ালৰ মাজৰ কোনোৱে তেওঁক মোকলাব পাৰে;

49তেওঁৰ মোমায়েক, বা মোমায়েকৰ পুত্র, বা তাৰ গোষ্ঠীৰ মাজৰ তাৰ ওচৰ-সম্বন্ধীয়াই তেওঁক মুকলি কৰিব পাৰে; নাইবা তেওঁ যদি ধনী হয়, তেন্তে তেওঁ নিজে নিজকে মুকলি কৰিব পাৰে।

50তেওঁক বেচা বছৰেৰে পৰা বৰ্ষপূৰ্তি উৎসৱৰ বছৰলৈকে, কিনা জনে সৈতে হিচাপ কৰি, বছৰৰ সংখ্যা অনুসাৰে মুক্তিৰ ধন দিব; বেচ-খোৱা দাসৰ নিৰিখেৰে, তেওঁ কিনাজনৰ লগত থাকিব।

51যদি অনেক বছৰ বাকী থাকে, তেন্তে সেই বছৰৰ সংখ্যা অনুসাৰে যিমান ধন দি তেওঁক কিনা হৈছিল, তেওঁ সেই ধনৰ পৰা নিজকে মুকলি কৰা ধন ওলোটাই দিব।

52আৰু যদি বৰ্ষপূৰ্তি উৎসৱৰ বছৰলৈকে অলপ বছৰহে বাকী থাকে, তেন্তে তেওঁক কিনাজনে সৈতে হিচাপ কৰি, নিজৰ খাটিব লগা বছৰৰ সংখ্যা অনুসাৰে, নিজকে মুকলি কৰা ধন ওলোটাই দিব।

53বছৰে বেচ-খোৱা দসৰ দৰে, তেওঁ তাৰে সৈতে থাকিব; তোমাৰ সাক্ষাতে তেওঁ তাৰ ওপৰত, কঠিন ব্যৱহাৰ নকৰিব।

54আৰু যদি তেওঁ এইবোৰ উপায়েৰে মুক্ত হ’ব নোৱাৰে, তেন্তে নিজ সন্তান সকলৰে সৈতে বৰ্ষপূৰ্তি উৎসৱৰ বছৰত মুকলি হৈ যাব।

55কিয়নো ইস্ৰায়েলৰ সন্তান সকল মোৰেই দাস, তেওঁলোক মিচৰ দেশৰ পৰা মই উলিয়াই অনা মোৰ দাস; মই তোমালোকৰ ঈশ্বৰ যিহোৱা’।

উত্‍স: ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

WEBREATH · 11:11

«He himself gives everyone life and breath and everything else» — Acts 17:25

Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.

WEBREATH — the Minute at 11:11, your own local time — we are One Breath