খ্ৰীষ্টান ধৰ্ম
উভতি যাওক

লেবীয়া পুস্তক 24

1পাছত যিহোৱাই মোচিক ক’লে,

2“সদায় প্ৰদীপ জ্বলাই পোহৰ কৰি ৰাখিবৰ কাৰণে, খুন্দি উলিওৱা জিত গছৰ গুটিৰ নিৰ্ম্মল তেল তোমাৰ ওচৰলৈ আনিবলৈ, তুমি ইস্ৰায়েলৰ সন্তানসকলক আজ্ঞা দিয়া।

3সাক্ষাৎ কৰা তম্বুৰ ভিতৰত সাক্ষ্য-ফলি থকা নিয়ম-চন্দুকৰ আগত থকা প্ৰভেদক বস্ত্ৰৰ বাহিৰত হাৰোণে যিহোৱাৰ আগত গধূলি আৰু ৰাতিপুৱা সদায় তাক যুগুত কৰি থ’ব লাগিব। এয়ে তোমালোকৰ পুৰুষানুক্ৰমে পালন কৰিবলগীয়া চিৰস্থায়ী বিধি।

4পুৰোহিতে শুদ্ধ সোণৰ দীপাধাৰৰ ওপৰত যিহোৱাৰ সন্মুখত সেই প্ৰদীপবোৰ সদায় যুগুত কৰি জ্ৱলাই থ’বা।

5তুমি মিহি আটাগুৰি লৈ, বাৰটা পিঠা তন্দুৰত তাও দিবা; প্ৰত্যেক পিঠাত ঐফাৰ দহভাগৰ দুভাগ আটাগুৰি হ’ব।

6তাৰ পাছত তুমি শাৰীত ছটাকৈ দুশাৰী কৰি যিহোৱাৰ আগত শুদ্ধ সোণৰ মেজখনৰ ওপৰত সেইবোৰ ৰাখিবা।

7আৰু প্ৰত্যেক শাৰীৰ ওপৰত নিৰ্ম্মল ধূপ-ধূনা দিবা; তাতে সেই পিঠাৰ ওপৰত সেয়ে সোঁৱৰণৰ অৰ্থে হ’ব। সেয়ে যিহোৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ হ’ব।

8আৰু পুৰোহিতে প্ৰত্যেক বিশ্ৰাম-বাৰে যিহোৱাৰ আগত সেই পিঠা সদায় সজাই থ’ব; সেয়ে চিৰস্থায়ী নিয়মৰ চিন স্বৰূপে ইস্ৰায়েলৰ সন্তান সকলৰ পক্ষে হ’ব।

9আৰু সেয়ে হাৰোণ আৰু তেওঁৰ পুত্ৰসকলৰ উপহাৰ হ’ব। কোনো পবিত্ৰ ঠাইত তেওঁলোকে তাক ভোজন কৰিব; কিয়নো যিহোৱাৰ উদ্দেশ্যে দিয়া অগ্নিকৃত উপহাৰ বোৰৰ মাজত সেয়ে অতি পবিত্ৰ; সেয়ে তেওঁৰ চিৰস্থায়ী অধিকাৰ।”

10পাছত মাক ইস্ৰায়েলীয়া, কিন্তু বাপেক মিচৰীয়া, এনে এজন মানুহ ওলাই ইস্ৰায়েলৰ সন্তানসকলৰ মাজলৈ গ’ল; তাতে ছাউনিৰ মাজত সেই ইস্ৰায়েলীয়া মহিলাৰ পুত্রৰ সৈতে এটা ইস্ৰায়েলীয়া মানুহৰ দণ্ড লাগিল।

11তেতিয়া সেই ইস্ৰায়েলীয়া মহিলাৰ পুত্রই যিহোৱাৰ নাম নিন্দা কৰি শাও দিয়াত, লোকসকলে তেওঁক মোচিৰ ওচৰলৈ আনিলে। তেওঁৰ মাতৃৰ নাম চলোমীথ; তাই দান ফৈদীয়া, দিব্ৰীৰ জীয়েক।

12লোকসকলে তেওঁক বন্ধ কৰি ৰাখি, যিহোৱাৰ মুখৰ পৰা ঠিক আদেশ পাবলৈ বাট চাই থাকিল।

13তেতিয়া যিহোৱাই মোচিক ক’লে,

14“তুমি সেই শাও দিয়া জনক ছাউনিৰ বাহিৰলৈ লৈ যোৱা। পাছত যিসকলে তেওঁক শাও দিয়া শুনিছিল, সেই সকলোৱে তেওঁৰ মূৰত হাত দিয়ক আৰু গোটেই মণ্ডলীয়ে শিল দলিয়াই তেওঁক বধ কৰক।

15আৰু তুমি ইস্ৰায়েলৰ সন্তান সকলক কোৱা, ‘যি কোনোৱে নিজৰ ঈশ্বৰক শাও দিব, তেওঁ নিজৰ পাপৰ ফল ভোগ কৰিব।

16আৰু যি জনে যিহোৱাৰ নামৰ নিন্দা কৰিব, সেই জনৰ অৱশ্যে প্ৰাণদণ্ড হ’ব। গোটেই সমাজে তেওঁলৈ অৱশ্যে শিল দলিয়াব, যদিও তেওঁ বিদেশী বা ইস্রায়েলৰ বংশত জন্মাই হওঁক। যি কোনোৱে যিহোৱাৰ নামৰ নিন্দা কৰিব, সেই জনৰ অৱশ্যে প্ৰাণদণ্ড হ’ব।

17আৰু যি জনে আন এজনক বধ কৰিব, তেওঁৰ প্ৰাণদণ্ড অৱশ্যে হ’ব।

18আৰু যি জনে আন এজনৰ পশুক মাৰিব, তেওঁ তাৰ সলনি দিব; প্ৰাণৰ সলনি প্ৰাণ।

19আৰু যদি কোনোৱে তেওঁৰ ওচৰ-চুবুৰীয়াক আঘাত কৰে, তেন্তে তেওঁ যেনে কৰিলে, তেওঁলৈকো তেনে কৰা যাব;

20অঙ্গ ভঙাৰ সলনি অঙ্গ ভঙা, চকুৰ সলনি চকু, দাঁতৰ সলনি দাঁত। যিদৰে তেওঁ আন জনক আঘাত কৰিলে, তেওঁলৈকো তেনেই কৰা হ’ব।

21যি জনে পশু বধ কৰিব, তেওঁ তাৰ সলনি দিব আৰু যি জন লোকে বধ কৰিব, তেওঁৰ প্ৰাণদণ্ড হ’ব।

22তোমালোকৰ স্বদেশীয় আৰু বিদেশীয় উভয়ৰ কাৰণে একে ৰূপবিধি হ’ব; কিয়নো মই তোমালোকৰ ঈশ্বৰ যিহোৱা’।”

23তেতিয়া মোচিয়ে ইস্ৰায়েলৰ সন্তান সকললৈ এই আজ্ঞা প্ৰকাশ কৰাত, লোকসকলে সেই শাও দিয়াজনক ছাউনিৰ বাহিৰলৈ নি, শিল দলিয়াই তেওঁক বধ কৰিলে। যিহোৱাই মোচিক আজ্ঞা দিয়াৰ দৰেই, ইস্ৰায়েলৰ সন্তান সকলে কাৰ্য কৰিলে।

উত্‍স: ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

WEBREATH · 11:11

«He himself gives everyone life and breath and everything else» — Acts 17:25

Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.

WEBREATH — the Minute at 11:11, your own local time — we are One Breath