লেবীয়া পুস্তক 14
1পাছত যিহোৱাই মোচিক ক’লে,
2“কুষ্ঠৰোগী লোক জন সুস্থ হোৱাৰ দিনা তেওঁৰ শুচি হোৱা নিয়ম এই; তেওঁক পুৰোহিতৰ ওচৰলৈ অনা হ’ব।
3তেতিয়া পুৰোহিতে ছাউনিৰ বাহিৰলৈ ওলাই গৈ সেই কুষ্ঠৰোগী জনৰ কুষ্ঠৰোগ যদি সুস্থ হৈছে, তেনেহলে সেই বিষয়ে তেওঁ লক্ষ্য কৰিব।
4তেতিয়া পুৰোহিতে সেই শুচি কৰিব লগা লোকজনৰ কাৰণে দুটা জীয়া শুচি চৰাই, এডোখৰ এৰচ কাঠ, অলপ ৰঙা নোম, আৰু একোচা এচোব বন, এই সকলোকে লবলৈ আজ্ঞা দিব।
5আৰু পুৰোহিত জনে তেওঁক মাটিৰ পাত্ৰত থোৱা নিৰ্মল পানীৰ ওপৰত সেই দুটা চৰাইৰ এটাক কাটিবলৈ আজ্ঞা কৰিব।
6তাৰ পাছত তেওঁ জীয়া চৰাইটো, এৰচ কাঠডোখৰ আৰু এচোব বন কোচা, এই সকলোকে লৈ সেই নিৰ্মল পানীৰ ওপৰত কটা চৰাইটোৰ তেজত জীয়া চৰাইটোৰে সৈতে জুবুৰিয়াই দিব।
7তেতিয়া কুষ্ঠ ৰোগৰ পৰা শুচি হ’বলগীয়া লোক জনৰ ওপৰত সাতবাৰ এই পানী ছটিয়াব, আৰু তেওঁক শুচি বুলি ঘোষণা কৰিব। তাৰ পাছত পুৰোহিত জনে জীয়া চৰাইটো মুকলি পথাৰত উৰুৱাই দিব।
8আৰু সেই শুচি হ’বলগীয়া লোক জনে নিজ বস্ত্ৰ ধুই, চুলি দাড়ি আদি গাৰ আটাই নোম খুৰাই পানীত গা ধুব আৰু তাৰ পাছত তেওঁ শুচি হ’ব। এই বোৰ কৰাৰ পাছত তেওঁ ছাউনিত সোমাব, কিন্তু তেওঁ সাত দিন নিজ তম্বুৰ বাহিৰত থাকিব লাগিব।
9পাছত সপ্তম দিনা তেওঁ নিজ মূৰৰ চুলি, দাড়ি, চেলাউৰি আদি গোটেই গাৰ নোম খুৰাব, আৰু নিজ বস্ত্ৰ ধুই, নিজেও পানীত গা ধুব; তেতিয়া তেওঁ শুচি হ’ব।
10অষ্টম দিনা তেওঁ দুটা নঘূণ মতা মেৰ-ছাগ পোৱালি, এজনী এবছৰীয়া নিঘূণ চেঁউৰী মেৰ-ছাগ পোৱালি, ভক্ষ্য নৈবেদ্যৰ অৰ্থে তেল মিহলোৱা আটা গুড়ি ঐফাৰ দহ ভাগৰ তিনিভাগ , আৰু এক “লোগ ” তেল ল’ব।
11তাৰ পাছত শুচি কৰোঁতা পুৰোহিত জনে, সেই শুচি হ’বলগীয়া লোক জনক আৰু সেই বস্তুবোৰ লৈ সাক্ষাৎ কৰা তম্বুৰ দুৱাৰৰ ওচৰত যিহোৱাৰ সন্মুখত ৰাখিব।
12পাছত পুৰোহিত জনে সেই মেৰ-ছাগ পোৱালি দুটাৰ এটা পোৱালি, সেই এক “লোগ” তেলেৰে সৈতে দোষাৰ্থক বলি স্বৰূপে উৎসৰ্গ কৰিব, আৰু দোলনীয় নৈবেদ্যৰ অৰ্থে সেইবোৰ যিহোৱাৰ সন্মুখত তুলি দিব।
13আৰু যি ঠাইত পাপাৰ্থক বলি আৰু হোম-বলি কটা যায়, পবিত্ৰ স্থানৰ সেই ঠাইতে সেই মেৰ-ছাগৰ পোৱালিটো কাটিব লাগিব, কিয়নো সেই দোষাৰ্থক বলি পুৰোহিতৰ ভাগ, আৰু সেয়ে অতি পবিত্ৰ।
14পুৰোহিতে সেই দোষাৰ্থক বলিৰ কিছু তেজ লৈ, সেই শুচি হবলগীয়া মানুহটোৰ সোঁ কাণৰ মুৰত, সোঁ হাতৰ বুঢ়া আঙুলিত আৰু সোঁ ভৰিৰ বুঢ়া আঙুলিত লগাই দিব।
15তাৰ পাছত পুৰোহিতে সেই “লোগ” তেলৰ কিছু লৈ নিজৰ বাওঁহাতৰ তলুৱাত ঢালিব;
16আৰু সেই বাওঁ হাতৰ তলুৱাত থকা তেলত নিজ সোঁহাতৰ আঙুলি জুবুৰিয়াই, আঙুলিৰে সেই তেলৰ পৰা অলপ অলপকৈ যিহোৱাৰ সন্মুখত সাতবাৰ ছটিয়াব।
17পুৰোহিতে নিজৰ হাতৰ তলুৱাত থকা অৱশিষ্ট তেলৰ কিছু লৈ, শুচি হ’বলগীয়া লোক জনৰ সোঁ কাণৰ মূৰত, সোঁ হাতৰ বুঢ়া আঙুলিত আৰু সোঁ ভৰিৰ বুঢ়া আঙুলিত পুৰ্বে দিয়া দোষাৰ্থক বলিৰ তেজৰ ওপৰত লগাই দিব।
18পুৰোহিতে নিজৰ হাতৰ তলুৱাত থকা অৱশিষ্ট তেল খিনি সেই শুচি হ’বলগীয়া লোক জনৰ মূৰত দিব, আৰু পুৰোহিতে যিহোৱাৰ সন্মুখত তেওঁক প্ৰায়চিত্ত কৰিব।
19তাৰ পাছত পুৰোহিতে পাপাৰ্থক বলিটো উৎসৰ্গ কৰিব, আৰু সেই শুচি হ’বলগীয়া লোকজনৰ অশৌচৰ কাৰণে তেওঁক প্ৰায়চিত্ত কৰিব; তাৰ পাছত হোমবলিটো কাটিব।
20যেতিয়া পুৰোহিতে হোমবলিটো আৰু ভক্ষ্য নৈবেদ্য খিনি বেদীত উৎসৰ্গ কৰিব, তেতিয়া পুৰোহিতে সেই ব্যক্তিক প্ৰায়শ্চিত্ত কৰিব আৰু তেওঁ তেতিয়া শুচি হ’ব।
21কিন্তু যদি সেই লোক জন দৰিদ্ৰ হয়, আৰু এই সকলো বলি আনিবলৈ তেওঁৰ সমৰ্থ নাথাকে, তেতিয়া তেওঁ নিজৰ কাৰণে প্ৰায়চিত্ত কৰিবলৈ দোলনীয় নৈবেদ্যৰ অৰ্থে দোষাৰ্থক বলি স্বৰূপে এটা মতা মেৰ-ছাগ পোৱালি, ভক্ষ্য নৈবেদ্যৰ অৰ্থে তেল মিহলোৱা আটাগুড়িৰ ঐফাৰ দহভাগৰ এভাগ এক “লোগ” তেল,
22আৰু নিজৰ সমৰ্থ অনুসাৰে দুটা কপৌ বা দুটা পাৰ পোৱালি আনিব; তাৰে এটা পাপাৰ্থক বলি আৰু আনটো হোমবলি হ’ব।
23পাছত অষ্টম দিনা, তেওঁ নিজকে শুচি কৰিবৰ অৰ্থে সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ-মুখলৈ যিহোৱাৰ সন্মুখত পুৰোহিতৰ ওচৰলৈ সেইবোৰ আনিব।
24তেতিয়া পুৰোহিতে দোষাৰ্থক বলিৰ কাৰণে সেই মেৰ-ছাগ পোৱালিটো আৰু সেই “লোগ” তেল লৈ, যিহোৱাৰ সন্মুখত দোলনীয় নৈবেদ্যৰ অৰ্থে তুলি দিব।
25পাছত তেওঁ সেই দোষাৰ্থক বলিৰ মেৰ-ছাগ পোৱালিটো কাটিব লাগিব; পুৰোহিতে সেই দোষাৰ্থক বলিৰ কিছু তেজ লৈ, শুচি হ’বলগীয়া লোকজনৰ সোঁ কাণৰ মূৰত, সোঁ হাতৰ বুঢ়া আঙুলিত আৰু সোঁ ভৰিৰ বুঢ়া আঙুলিত লগাই দিব।
26তাৰ পাছত পুৰোহিতে সেই তেলৰ অলপ নিজৰ বাওঁ হাতৰ তলুৱাত বাকিব,
27আৰু পুৰোহিতে সোঁ আঙুলিৰে বাওঁ হাতৰ তলুৱাত থকা সেই তেল অলপ অলপকৈ সাতবাৰ যিহোৱাৰ সন্মুখত ছটিয়াব।
28আৰু পুৰোহিতে নিজৰ হাতৰ তলুৱাত থকা তেলৰ কিছু লৈ, শুচি হ’ব লগীয়া লোক জনৰ সোঁ কাণৰ মূৰত, সোঁ হাতৰ বুঢ়া আঙুলিত আৰু সোঁ ভৰিৰ বুঢ়া আঙুলিত পুৰ্বে দিয়া সেই দোষাৰ্থক বলিৰ তেজ থকা সেই একে ঠাইবোৰৰ ওপৰত লগাই দিব।
29আৰু শুচি হ’বলগীয়া লোক জনক যিহোৱাৰ সন্মুখত প্ৰায়চিত্ত কৰিবলৈ, পুৰোহিতে নিজৰ হাতত থকা অৱশিষ্ট তেল খিনি তেওঁৰ মূৰত দিব।
30পাছত সেই লোক জনৰ সমৰ্থ অনুসাৰে অনা সেই কপৌ দুটাৰ বা পাৰ পোৱলি দুটাৰ মাজৰ এটা উৎসৰ্গ কৰিব;
31অৰ্থাৎ সেই দুটাৰ এটা পাপাৰ্থক বলি আনটো হোম-বলিস্বৰূপে আৰু সেই ভক্ষ্য নৈবেদ্যখিনিয়ে সৈতে উৎসৰ্গ কৰিব। তাৰ পাছত পুৰোহিতে শুচি হ’ব লগীয়া লোক জনক যিহোৱাৰ সন্মুখত প্ৰায়চিত্ত কৰিব।
32কুষ্ঠৰোগৰ ঘা থকা যি লোক জনে নিজকে শুচি কৰা সময়ত নিয়মিত বলিদান আদি দিবলৈ অসমৰ্থ, তাৰ এই নিয়ম।”
33পাছত যিহোৱাই মোচি আৰু হাৰোণক ক’লে,
34“মই যি দেশ অধিকাৰ অৰ্থে তোমালোকক দিম, সেই কনান দেশত তোমালোকে যেতিয়া সোমাবা, তোমালোকে অধিকাৰ কৰা সেই দেশৰ কোনো এটা ঘৰত যদি মই কুষ্ঠৰোগৰ দাগ উৎপন্ন কৰোঁ,
35তেতিয়া সেই ঘৰৰ গৰাকীয়ে আহি পুৰোহিতক জনাব। তেওঁ এই বুলি ক’ব যে, ‘মই মোৰ ঘৰত কুষ্ঠ ৰোগৰ দাগ যেন দেখিছোঁ’।
36তেতিয়া ঘৰৰ সকলো বস্তু যেন অশুচি নহয় এই কাৰণে, সেই দাগ চাবলৈ পুৰোহিতে ঘৰ সোমোৱাৰ পুৰ্বেই ঘৰ খালী কৰিবলৈ তেওঁলোকক আজ্ঞা কৰিব; তাৰ পাছত পুৰোহিতে ঘৰটো চাবলৈ সোমাব।
37তেওঁ সেই দাগৰ বিষয়ে চাব; যদি সেই দাগ ঘৰৰ দেৱালত অলপ কেঁচা বৰণীয়া বা ৰঙচীয়া চকলা-চকলী হয় আৰু দেৱালতকৈ দ যেন বোধ হয়,
38আৰু যদি সঁচাকৈ সেই ঘৰত কুষ্ঠ ৰোগৰ দাগ আছে, তেতিয়া পুৰোহিতে ঘৰৰ পৰা দুৱাৰ-মুখলৈ ওলাই সাতদিন সেই ঘৰ বন্ধ কৰি ৰাখিব।
39সপ্তমদিনা পুৰোহিতে পুনৰায় আহি সেই ঘৰৰ দেৱালত সেই দাগ বিয়পি যোৱা বিষয়ে চাব;
40আৰু এনে যদি হয়, তেনেহলে মানুহে যেন সেই দাগ থকা শিলবোৰ উলিয়াই নগৰৰ বাহিৰত অশুচি ঠাইত পেলাই দিয়ে, পুৰোহিতে এনে আজ্ঞা কৰিব।
41পাছত সেই ঘৰৰ ভিতৰৰ চাৰিওফালৰ দেৱাল তেওঁ চোঁচাই পেলোব লাগিব, আৰু চুঁচি পেলোৱাৰ কৰালবোৰ তেওঁলোকে নগৰৰ বাহিৰত সেই অশুচি ঠাইত পেলাব লাগিব।
42তেওঁলোকে আন শিল লৈ সেই শিলৰ ঠাইত বহুৱাব, আৰু নতুন কৰাল লৈ পুনৰায় সেই ঘৰ লিপিব।
43এইদৰে শিল উলিওৱা আৰু ঘৰ চোঁচা আৰু লিপাৰ পাছত, যদি পুনৰায় ঘৰত সেই দাগ ওলাই,
44তেতিয়া পুৰোহিতে আহি চাব আৰু যদি সেই ঘৰত দাগ ব্যাপি যোৱা দেখে, তেনেহলে সেই ঘৰত সংহাৰক কুষ্ঠ আছে; আৰু সেই ঘৰখন অশুচি।
45তেতিয়া সেই ঘৰ ভাঙি পেলোৱা হ’ব। তাৰ শিল, কাঠ আৰু কৰাল আদি সকলোকে নগৰৰ বাহিৰলৈ সেই অশুচি ঠাইলৈ লৈ যাব।
46তদুপৰি সেই ঘৰ বন্ধ থকাত যদি কোনো লোকে তাৰ ভিতৰত সোমাব, তেওঁ সন্ধ্যালৈকে অশুচি হৈ থাকিব।
47আৰু যিকোনো লোকে সেই ঘৰত শুব, তেওঁ নিজ বস্ত্ৰ ধুব আৰু যিকোনো লোকে সেই ঘৰত আহাৰ কৰিব, তেৱোঁ নিজ বস্ত্ৰ ধুব লাগিব।
48আৰু সেই ঘৰ লিপাৰ পাছত পুৰোহিতে সোমাই যদি সেই দাগ ব্যাপি নোযোৱা দেখে, তেন্তে পুৰোহিতে সেই ঘৰ শুচি বুলি ক’ব; কিয়নো তাৰ কুষ্ঠ ভাল হ’ল।
49পাছত তেওঁ সেই ঘৰ শুচি কৰিবৰ কাৰণে দুটা চৰাই, এডোখৰ এৰচ কাঠ, অলপ ৰঙা নোম, আৰু একোচা এচোব বন ল’ব।
50মাটিৰ পাত্ৰত থোৱা নিৰ্মল পানীৰ ওপৰত তেওঁ এটা চৰাই কাটিব।
51তেওঁ সেই এৰচ কাঠডোখৰ, এচোব বনকোচা, ৰঙা নোমখিনি আৰু জীয়া চৰাইটো এই সকলোকে লৈ, সেই কটা চৰাইৰ তেজত আৰু নিৰ্মল পানীত জুবুৰিয়াই সাতবাৰ ঘৰত ছটিয়াব।
52এইদৰে তেওঁ চৰাইৰ তেজ, নিৰ্মল পানী, জীয়া চৰাই, এৰচ কাঠ, এচোব বন আৰু ৰঙা নোম, এই সকলোৰে দ্বাৰাই সেই ঘৰ শুচি কৰিব।
53কিন্তু তেওঁ নগৰৰ বাহিৰত থকা মুকলি পথাৰত সেই জীয়া চৰাইটো উৰুৱাই দিব; এইদৰে তেওঁ ঘৰ প্ৰায়চিত্ত কৰিব; তাতে সেই ঘৰ শুচি হ’ব।
54এয়ে ছালৰ সকলো প্ৰকাৰ কুষ্ঠ ৰোগৰ চিনৰ নিয়ম যেনে ছালত খজুৱতি ধৰা চুলি দাড়ি সৰা,
55কাপোৰ আৰু ঘৰত হোৱা কুষ্ঠ,
56ছাল উখহি উঠা, চোকোৰা বন্ধা, জিলিকা দাগ।
57এই সকলো কোন সময়ত শুচি আৰু কোন সময়ত অশুচি, সেই বিষয়ে জনোৱাই তাৰ অভিপ্ৰায়; এইয়ে কুষ্ঠৰোগ আৰু কুষ্ঠৰোগৰ দাগৰ নিয়ম।”
WEBREATH · 11:11
«He himself gives everyone life and breath and everything else» — Acts 17:25
Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.
WEBREATH — the Minute at 11:11, your own local time — we are One Breath