যিহোচূৱা 24
1পাছত যিহোচূৱাই ইস্ৰায়েলৰ সকলো ফৈদক চিখিমত গোট খোৱালে আৰু তেওঁলোকৰ বৃদ্ধ লোকসকলক, অধ্যক্ষসকলক, বিচাৰকৰ্ত্তাসকলক আৰু বিষয়াসকলক মতাই আনিলে, তেতিয়া তেওঁলোকে ঈশ্ৱৰৰ সাক্ষাতে উপস্থিত হ’ল।
2যিহোচূৱাই লোক সকলক ক’লে, “ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে, ‘আগৰ কালত তোমালোকৰ পূর্ব পুৰুষ - অব্ৰাহাম আৰু নাহোৰৰ পিতৃ তেৰহ, ইউফ্ৰেটিচ নদীৰ সিপাৰে বাস কৰিছিল আৰু তেওঁলোকে অন্য দেৱতা বোৰক পূজা কৰিছিল।
3পাছত মই তোমালোকৰ আদি পিতৃ অব্ৰাহামক নদীৰ সিপাৰৰ পৰা আনি, কনান দেশৰ সকলো ফালে লৈ ফুৰালোঁ আৰু মই তেওঁৰ পুত্ৰ ইচহাকৰ দ্ৱাৰা তেওঁৰ বংশ বৃদ্ধি কৰিলোঁ৷
4আৰু ইচহাকলৈ মই যাকোব আৰু এচৌক দিলোঁ৷ এচৌৰ অধিকাৰৰ অৰ্থে মই তেওঁক চেয়ীৰ পৰ্ব্বত দিলোঁ, কিন্তু যাকোব আৰু তেওঁৰ সন্তান সকল হ’লে মিচৰলৈ নামি গ’ল।
5তাৰ পাছত মই মোচি আৰু হাৰোণক পঠিয়ালোঁ আৰু মিচৰৰ লোক সকলৰ ওপৰত কৰা মোৰ কাৰ্যৰ দ্বাৰাই তেওঁলোকলৈ মহা আপদ ঘটালোঁ৷ তাৰ পাছত মই তোমালোকক উলিয়াই আনিলো।
6মই মিচৰৰ পৰা তোমালোকৰ পূর্ব পুৰুষ সকলক উলিয়াই অানিলো আৰু তোমালোকৰ সেই পুৰুষসকল আহি সমুদ্ৰ পালে; তেতিয়া মিচৰীয়া লোক সকলে ৰথ আৰু অশ্বাৰোহী সৈন্য লৈ, চূফ সাগৰলৈকে তোমালোকৰ পূর্ব পুৰুষ সকলৰ পাছে পাছে খেদি আহিছিল।
7সেই সময়ত যেতিয়া তোমালোকৰ পূর্ব পুৰুষ সকলে যিহোৱাৰ আগত কাতৰোক্তি কৰিলে, তেতিয়া যিহোৱাই মিচৰীয়াসকলৰ আৰু তোমালোকৰ মাজত অন্ধকাৰ স্থাপন কৰিলে৷ তেওঁ তেওঁলোকৰ ওপৰলৈ সমুদ্ৰ আনিলে আৰু তেওঁলোকক ঢাকি পেলালে৷ মই মিচৰত কৰা কাৰ্য তোমালোকে নিজ চকুৰে দেখিলা৷ তাৰ পাছত তোমালোকে বহুকাল মৰুপ্ৰান্তত বাস কৰিলা।
8তাৰ পাছত মই তোমালোকক যৰ্দ্দনৰ সিপাৰে থকা ইমোৰীয়া সকলৰ দেশলৈ আনিলোঁ৷ তেওঁলোকে তোমালোকৰে সৈতে যুদ্ধ কৰিলে আৰু মই তোমালোকৰ হাতত তেওঁলোকক সমৰ্পণ কৰিলোঁ৷ পাছত তোমালোকে তেওঁলোকৰ দেশ অধিকাৰ কৰিলা; এইদৰে মই তোমালোকৰ আগৰ পৰা তেওঁলোকক বিনষ্ট কৰিলোঁ।
9পাছত চিপ্পোৰৰ পুত্ৰ মোৱাবৰ ৰজা বালাকে উঠি ইস্ৰায়েলক আক্ৰমণ কৰিলে আৰু তোমালোকক শাও দিবৰ কাৰণে মানুহ পঠিয়াই বিয়োৰৰ পুতেক বিলিয়মক মাতিলে।
10কিন্তু মই বিলিয়মৰ কথাত মন দিবলৈ সন্মত নহলোঁ৷ তাতে তেওঁ তোমালোকক আশীৰ্ব্বাদহে কৰিলে; এইদৰে মই তেওঁৰ হাতৰ পৰা তোমালোকক উদ্ধাৰ কৰিলোঁ।
11পাছত তোমালোকে যৰ্দ্দন পাৰ হৈ যিৰীহো পালাহি৷ যিৰিহোৰ অধ্যক্ষসকলে ইমোৰীয়া, পৰিজ্জীয়া, কনানীয়া, হিত্তীয়া, গিৰ্গাচীয়া, হিব্বীয়া আৰু যিবুচীয়া লোকসকলৰ সৈতে তোমালোকৰ বিৰুদ্ধে যুদ্ধ কৰিলে৷ মই তোমালোকক তেওঁলোকৰ ওপৰত জয়ী হ’বলৈ দিলোঁ আৰু তোমালোকৰ হাতত শোধাই দিলোঁ।
12মই তোমালোকৰ আগে আগে কোদো পঠালোঁ; তাতে সেই কোদোৱে তোমালোকৰ আগৰ পৰা তেওঁলোকক, বিশেষকৈ ইমোৰীয়াসকলৰ দুজন ৰজাক দূৰ কৰিলে৷ তোমালোকৰ তৰোৱাল বা ধনুৰ দ্বাৰাই তেওঁলোকক দূৰ কৰা হোৱা নাছিল।
13তোমালোকে যিহৰ বাবে শ্ৰম কৰা নাই, এনে এক দেশ আৰু যিহক তোমালোকে স্থাপন কৰা নাই এনে অনেক নগৰ মই তোমালোকক দিলোঁ, তোমালোকে তাৰ মাজত বাস কৰি আছা৷ আৰু যি দ্ৰাক্ষালতা ও জিতগছৰ বাৰী তোমালোকে পতা নাই, এনে বাৰীৰ ফল তোমালোকে ভোগ কৰি আছা।
14এই হেতুকে এতিয়া তোমালোকে যিহোৱাক ভয় কৰা আৰু সৰল মনেৰে ও সত্যেৰে তেওঁৰ আৰাধনা কৰা; তোমালোকৰ পূৰ্বপুৰুষসকলে নদীৰ সিপাৰে আৰু মিচৰত পূজা কৰা দেৱতাবোৰক দূৰ কৰা আৰু যিহোৱাৰ আৰাধনা কৰা।
15যদি যিহোৱাৰ আৰাধনা কৰাত বেয়া লাগিছে, তেন্তে ইউফ্ৰেটিচ নদীৰ সিপাৰে থকা তোমালোকৰ ওপৰ-পিতৃসকলে পূজা কৰা দেৱতাবোৰেই হওঁক বা যিসকলৰ দেশত তোমালোকে বাস কৰিছা, সেই ইমোৰীয়াসকলৰ দেৱতাবোৰেই হওঁক, যাৰ আৰাধনা কৰিবা তাক আজিয়েই মনোনীত কৰা৷ কিন্তু মই আৰু মোৰ পৰিয়ালে হ’লে যিহোৱাৰ আৰাধনা কৰিম।”
16তেতিয়া লোকসকলে উত্তৰ দি ক’লে, “আমি আন দেৱতাবোৰক পূজা কৰিবৰ বাবে যে যিহোৱাক ত্যাগ কৰিম আমাৰ পৰা এনে কথা দূৰ হওঁক,
17কিয়নো যিজনাই আমাক আৰু আমাৰ ওপৰ পিতৃসকলক বন্দীঘৰস্বৰূপ মিচৰ দেশৰ পৰা আনিলে আৰু আমাৰ চকুৰ আগতে সেই মহৎ চিনবোৰ দেখুৱালে আৰু যি বাটেদি আমি আহিলোঁ, সেই গোটেই বাটত আৰু যি জাতিবোৰৰ মাজেদি আমি পাৰ হৈ আহিলোঁ, সেই জাতিবোৰৰ মাজতো আমাক ৰক্ষা কৰিলে, সেই জনাই আমাৰ ঈশ্বৰ যিহোৱা।
18সেই যিহোৱায়েই এই দেশত থকা ইমোৰীয়া আদি কৰি সকলো জাতিক আমাৰ আগৰ পৰা দূৰ কৰিলে৷ এই হেতুকে আমিও যিহোৱাৰেহে আৰাধনা কৰিম, কিয়নো তেৱেঁই আমাৰ ঈশ্বৰ।”
19কিন্তু যিহোচূৱাই লোকসকলক ক’লে, “তোমালোকে যিহোৱাৰ আৰাধনা কৰিব নোৱাৰিবা, কিয়নো তেওঁ পবিত্ৰ ঈশ্বৰ; নিজ মৰ্য্যদা ৰখাত উদ্যোগী ঈশ্বৰ; তেওঁ তোমালোকৰ অধাৰ্মিকতা আৰু পাপসমূহক ক্ষমা নকৰিব।
20তোমালোকে যদি যিহোৱাক ত্যাগ কৰি বিজাতীয় দেৱতাক পূজা কৰা, তেন্তে তেওঁ তোমালোকক মঙ্গল কৰাৰ পৰা ঘূৰি, তোমালোকৰ অমঙ্গলহে কৰিব আৰু তোমালোকক সংহাৰ কৰিব।”
21তেতিয়া লোকসকলে যিহোচূৱাক ক’লে, “নহয়, আমি যিহোৱাৰহে আৰাধনা কৰিম।”
22তেতিয়া যিহোচূৱাই লোকসকলক ক’লে, “তোমালোকে আৰাধনা কৰিবৰ অৰ্থে যিহোৱাক যে মনোনীত কৰিলা, এই কথাত তোমালোকে নিজৰ বিৰুদ্ধে নিজে সাক্ষী হৈছা।” তেওঁলোকে ক’লে, “হয়, আমি সাক্ষী হৈছোঁ।”
23তেতিয়া তেওঁ ক’লে, “তেনেহ’লে এতিয়া তোমালোকৰ মাজত থকা বিজাতীয় দেৱতাবোৰ দূৰ কৰা আৰু নিজ নিজ হৃদয়েৰে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱালৈ ঘূৰি অাহাঁ।”
24লোকসকলে যিহোচূৱাক ক’লে, “আমি ঈশ্বৰ যিহোৱাৰেই আৰাধনা কৰিম আৰু তেওঁৰেই বাক্যলৈ কাণ দিম।”
25এই দৰে যিহোচূৱাই সেইদিনা লোকসকলৰে সৈতে এটি নিয়ম স্থিৰ কৰিলে৷ তেওঁ চিখিমত তেওঁলোকৰ বাবে এক বিধি আৰু শাসন প্ৰণালী স্থাপন কৰিলে।
26তেতিয়া যিহোচূৱাই সেই সকলো কথা ঈশ্বৰৰ বিধান-পুস্তকখনিত লিখি হ’ল আৰু এটা ডাঙৰ শিল লৈ, যিহোৱাৰ ধৰ্মধামৰ ওচৰত থকা এৰা গছৰ তলত স্থাপন কৰিলে।
27পাছত যিহোচূৱাই লোকসকলক ক’লে, “চোৱা, এই শিলে আমাৰ অহিতে সাক্ষী হ’ব৷ কিয়নো আমাৰ আগত যিহোৱাই কোৱা সকলো কথা ই শুনিলে৷ এই হেতুকে তোমালোকে তোমালোকৰ ঈশ্বৰক আসৈ নকৰিবৰ বাবে এইয়ে তোমালোকৰ অহিতে সাক্ষী হ’ব।”
28তাৰ পাছত যিহোচূৱাই লোকসকলক নিজ নিজ উত্তৰাধিকাৰলৈ বিদায় দিলে।
29এই সকলো ঘটনাৰ পাছত, যিহোৱাৰ দাস নুনৰ পুত্ৰ যিহোচূৱাৰ এশ দহ বছৰত মৃত্যু হ’ল।
30তেতিয়া লোকসকলে গাচ পৰ্ব্বতৰ উত্তৰফালে, ইফ্ৰয়িম পৰ্ব্বতীয়া অঞ্চলত থকা তিম্নৎ-চেৰহত তেওঁৰ নিজৰ উত্তৰাধিকাৰৰ সীমাৰ ভিতৰত তেওঁক মৈদাম দিলে।
31যিহোচূৱাৰ আয়ুসৰ সকলো কালত আৰু যি বৃদ্ধ লোকসকল যিহোচূৱাৰ মৃত্যুৰ পাছত জীয়াই আছিল আৰু ইস্ৰায়েলৰ বাবে যিহোৱাই কৰা সকলো কৰ্ম জানিছিল, তেওঁলোক জীয়াই থকালৈকে ইস্ৰায়েলে যিহোৱাৰ আৰাধনা কৰি আছিল।
32ইস্ৰায়েলৰ সন্তান সকলে মিচৰ দেশৰ পৰা অনা যোচেফৰ অস্থিবোৰ চিখিমত এডোখৰ মাটিত মৈদাম দিলে, যি মাটি যাকোবে চিখিমৰ বাপেক হমোৰৰ পুতেকহঁতৰ পৰা এশ ৰূপ দি কিনি লৈছিল; আৰু সেয়ে যোচেফৰ সন্তান সকলৰ উত্তৰাধিকাৰ হ’ল।
33তাৰ পাছত হাৰোণৰ পুত্ৰ ইলিয়াজৰৰো মৃত্যু হ’ল৷ তাত লোকসকলে ইফ্ৰয়িমৰ পৰ্ব্বতীয়া অঞ্চলত তেওঁৰ পুত্ৰ পীনহচক দিয়া গিবিয়াত তেওঁক মৈদাম দিলে।
WEBREATH · 11:11
«He himself gives everyone life and breath and everything else» — Acts 17:25
Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.
WEBREATH — the Minute at 11:11, your own local time — we are One Breath