যিহোচূৱা 14
1ইলিয়াজৰ পুৰোহিত, নুনৰ পুত্ৰ যিহোচূৱা আৰু তেওঁলোকৰ জন-গোষ্ঠীৰ মুখিয়াল সকলৰ সৈতে পূর্ব-পুৰুষসকলৰ পৰিয়ালসমূহৰ মাজত ভগাই দিয়া কনান দেশৰ এই অঞ্চলসমূহ ইস্ৰায়েলৰ সন্তান সকলে উত্তৰাধিকাৰ সূত্ৰে পালে৷
2উত্তৰাধিকাৰ সূত্ৰে পোৱা অঞ্চলসমূহ, যিহোৱাই মোচিৰ যোগেদি নির্দেশ দিয়া অনুসাৰে, চিঠি-খেলৰ দ্বাৰাই সেই ন জন-গোষ্ঠী আৰু আধা জন-গোষ্ঠীক ভাগ বাঁটি দিয়া হৈছিল।
3কিয়নো মোচিয়ে যৰ্দ্দনৰ সিপাৰেও দুই জন-গোষ্ঠীক আৰু আধা জন-গোষ্ঠীক অধিকাৰ কৰিবলৈ দিছিল, কিন্তু লেবীয়াসকলক তেওঁ একো ভাগ দিয়া নাছিল৷
4যোচেফৰ জন-গোষ্ঠীৰ মাজত প্ৰকৃততে দুটা জন-গোষ্ঠী আছিল- মনচি আৰু ইফ্ৰয়িম৷ লেবীয়াসকলক দেশৰ মাজত উত্তৰাধিকাৰৰ একো ভাগ দিয়া নগ’ল, কেৱল বাস কৰিবলৈ কেইখনমান নির্দিষ্ট নগৰ আৰু তাৰ লগত পশুধনৰ বাবে চৰণীয়া পথাৰ, সম্পত্তি আদিৰ বাবে ঠাই দিলে।
5যিহোৱাই মোচিক যি দৰে আজ্ঞা দিছিল, সেই অনুসাৰে ইস্ৰায়েলৰ সন্তান সকলে কাৰ্য কৰি দেশ ভাগ কৰি ল’লে।
6সেই সময়ত যিহূদা ফৈদ যিহোচূৱাৰ ওচৰলৈ আহো বুলি গিলগললৈ আহিছিল৷ তেতিয়া কনিজ্জীয়া যিফুন্নিৰ পুত্ৰ কালেবে তেওঁক ক’লে, “যিহোৱাই মোৰ আৰু তোমাৰ বিষয়ে কাদেচ-বৰ্ণেয়াত ঈশ্বৰৰ লোক মোচিক কি কথা কৈছিল, সেই বিষয়ে তুমি জানা।
7মোৰ বয়স চল্লিশ বছৰ আছিল, যেতিয়া ঈশ্বৰৰ দাস মোচিয়ে কাদেচ-বৰ্ণেয়াৰ পৰা দেশৰ চোৰাংচোৱাগিৰি কৰিবৰ বাবে মোক পঠাইছিল৷ তেতিয়া সৰল মনেৰে আৰু মোৰ কর্ত্তব্য পালন কৰি সম্বাদ আনি তেওঁক দিছিলোঁ।
8কিন্তু মোৰ লগত যোৱা মোৰ ভাইসকলে লোকসকলক ভয় লগাই তেওঁলোকৰ হৃদয় পমিয়ালে৷ কিন্তু মই সম্পুৰ্ণৰূপে নিজ ঈশ্বৰ যিহোৱাৰ ইচ্ছা মতে চলিলোঁ।
9সেই দিনাই মোচিয়ে শপত খাই ক’লে, ‘যি ভূমিৰ ওপৰত তুমি ভৰি দিলাগৈ, তুমি আৰু তোমাৰ সন্তান সকলে চিৰকাললৈকে নিশ্চয়ে সেই ভূমিৰ উত্তৰাধিকাৰী হ’ব; কিয়নো তুমি সম্পূৰ্ণৰূপে মোৰ ঈশ্বৰ যিহোৱাৰ ইচ্ছামতে চলিলা।’
10এতিয়া চাওঁক! যিহোৱাই এই পঞ্চল্লিশ বছৰ বয়সলৈকে মোক জীয়াই ৰাখিছে আৰু নিজ বাক্য কোৱাৰ দৰে - যি সময়ত ইস্ৰায়েলে মৰুভূমিত ভ্ৰমি ফুৰিছিল, সেই সময়তে যিহোৱাই মোচিক এই কথা কৈছিল৷ এতিয়া চাওঁক! আজি মোৰ বয়স পঁচাশী বছৰ হ’ল।
11মোচিয়ে মোক যাত্ৰাৰ বাবে পঠোৱা কালত মই যেনে বলৱান আছিলোঁ, এতিয়াও আছোঁ৷ যুদ্ধৰ অৰ্থে আৰু অহা-যোৱা কৰিবৰ বাবে তেতিয়া মোৰ যেনে শক্তি আছিল, এতিয়াও আছে।
12সেই বাবে মোক এতিয়া এই পর্বতৰ ৰাজ্যখন দিয়ক, এই পর্বতৰ বিষয়ে সেই দিনা যিহোৱাই মোক আশা দিছিল৷ কিয়নো সেই সময়ত অনাকীয়াসকল তাত আছিল আৰু নগৰবোৰ ডাঙৰ ডাঙৰ গড়েৰে আবৃত৷ সেই দিনা কৈছিলোঁ ‘যিহোৱা মোৰ লগত থাকিব আৰু যিহোৱাৰ বাক্য অনুসাৰে মই তেওঁলোকক দূৰ কৰিম’। সেই দিনা বোধ কৰোঁ, এই বিষয়ে তুমি শুনিছিলা৷”
13তেতিয়া যিহোচূৱাই যিফুন্নিৰ পুত্ৰ কালেবক আশীৰ্ব্বাদ কৰি তেওঁৰ উত্তৰাধিকাৰৰ অৰ্থে হিব্ৰোণ দিলে।
14এই কাৰণে হিব্ৰোণ কনিজ্জীয়া যিফুন্নিৰ পুত্ৰ কালেবৰ উত্তৰাধিকাৰ আজিলৈকে হৈ আছে; কিয়নো তেওঁ ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ ইচ্ছাত সম্পূৰ্ণৰূপে চলিছিল।
15পূর্বে হিব্ৰোণৰ নাম কিৰিয়ৎ-অর্ব্ব আছিল; সেই অৰ্ব্ব অনাকীয়াসকলৰ মাজত এজন মহান লোক আছিল৷ পাছত যুদ্ধ নোহোৱা বাবে দেশ সুস্থিৰ হ’ল।
WEBREATH · 11:11
«He himself gives everyone life and breath and everything else» — Acts 17:25
Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.
WEBREATH — the Minute at 11:11, your own local time — we are One Breath