খ্ৰীষ্টান ধৰ্ম
উভতি যাওক

ইয়োব 30

1কিন্তু এতিয়া যিবিলাকৰ বাপেকহঁতক, মোৰ মেৰৰ জাক ৰখা কুকুৰৰ লগতো থবলৈ মই হেয়জ্ঞান কৰিছিলোঁ, মোতকৈ কম বয়সীয়া সেই মানুহবিলাকে মোক হাঁহে।

2যিবিলাকৰ শক্তি নষ্ট হল, এনে লোকৰ হাতৰ বলত নো মোৰ কি উপকাৰ হব?

3সিহঁত অন্নৰ অভাৱত ভোকত ক্ষীণ হয়; সিহঁতে বহু কালৰ পৰা উচ্ছন্ন আৰু ধ্বংস হোৱা মৰুভূমি কামুৰি খায়।

4আৰু জোপোহাৰ কাষত সিহঁতে মল্লু শাক ছিঙে, আৰু ৰোতম গছৰ মূল সিহঁতৰ খোৱা বস্তু।

5সিহঁতক মানুহৰ মাজৰ পৰা খেদি দিয়া হয়; চোৰৰ পাছে পাছে চিঞৰাৰ দৰে লোকে সিহঁতৰ পাছতো চিঞৰে।

6সিহঁতে উপত্যকাৰ ভয়ানক ঠাইত থাকিব লগা হয়, মাটিৰ গাতত আৰু শিলৰ মাজত বাস কৰিব লগা হয়।

7সিহঁতে জোপোহা গছবোৰৰ মাজত গাধৰ দৰে চিঞৰে, আৰু কাঁইট গছৰ তলত গোট খায়।

8সিহঁত মূৰ্খৰ সন্তান, এনে কি নীহ মানুহৰ সন্ততি; সিহঁতক দেশৰ মাজৰ পৰা কোবাই খেদি দিয়া হল।

9এতিয়া মই সিহঁতৰ গানৰ বিষয় হৈছোঁ, এনে কি সিহঁতৰ গল্পৰ বিষয়ো হৈছোঁ।

10সিহঁতে মোক ঘিণ কৰে, আৰু মোৰ পৰা আতৰত থাকে, আৰু মোৰ আগত থু পেলাবলৈ ভয় নকৰে।

11কিয়নো ঈশ্বৰে তেওঁৰ ধনুৰ জোঁৰ এৰি দিলে আৰু মোক দুখ দিলে; সেই কাৰণে সিহঁতে মোৰ আগত নিজ নিজ মুখৰ লাগাম পেলাই দিয়ে।

12মোৰ সোঁফালে নীহ লোকবিলাক উঠে; সিহঁতে মোৰ ভৰি ঠেলি ঠেলি দিয়ে, আৰু মোৰ বিৰুদ্ধ নিজ নিজ বিনাশক গড় নৰে।

13সিহঁতে মোৰ বাট বন্ধ কৰি পেলায়; নি:সহায় লোকেও মোৰ বিনাশৰ চেষ্টা কৰে।

14গড় ভাঙি উলিওৱা বহল বাটেদি যেনেকৈ শত্ৰু আহে, সিহঁতেও তেনেকৈ আহে; সেই ভঙাইদি সোমাই সিহঁতে মোক আক্ৰমণ কৰে।

15নানা ত্ৰাসে মোক ধৰিছে; বতাহৰ দৰে মোৰ মান-মৰ্য্যদা সেইবোৰে উড়ুৱাই নিছে; আৰু মোৰ মঙ্গল মেঘৰ নিচিনাকৈ নাইকিয়া হৈছে।

16সম্প্ৰতি মোৰ অন্তৰত মোৰ হৃদয় মুখত দ্ৰৱীভূত হৈছে, আৰু মোৰ ক্লেশৰ দিনে মোক ধৰিছে।

17ৰাতি হাড়বোৰ মোৰ গাৰ পৰা সুলকি পৰা যেন লাগে, আৰু যিবোৰে মোক কামোৰে, সেইবোৰে টোপনি নাযায়।

18ৰোগ প্ৰবল হোৱাত মোৰ বস্ত্ৰ কুৰূপ হৈছে; সেয়ে মোৰ গাৰ চোলাৰ ডিঙিৰ নিচিনাকৈ মোত আট খাই ধৰিছে।

19ঈশ্বৰে মোক বোকাত পেলাই দিছে, মই ধুলি আৰু ছাঁই যেন হৈছোঁ।

20মই তোমাৰ আগত কাতৰোক্তি কৰোঁ, কিন্তু তুমি মোক উত্তৰ নিদিয়া; মই থিয় হৈ থাকোঁ, কিন্তু তুমি মোলৈ চাই থাকা মাথোন।

21তুমি মোলৈ নিৰ্দ্দয় হৈ উঠিছা, আৰু তুমি তোমাৰ হাতৰ বলেৰে মোক তাড়না কৰিছা,

22তুমি মোক বতাহত তুলি দি ফুৰাইছা, আৰু ধুমুহাত মোক লীন নিয়াইছা।

23কিয়নো মই জানো,যে, তুমি মোক মৃত্যুলৈ নিছা, আৰু সকলো জীয়া লোকৰ নিৰূপিত ঘৰলৈ মোক লৈ গৈছা।

24তথাপি পৰিবলৈ ধৰোঁতে কোনে নো হাত নেমেলে? আৰু আপদত থকা স্তলত ৰক্ষা পাবৰ নিমিত্তে কোনে নিচিঞৰে?

25দুৰ্গতিত পৰা লোকৰ নিমিত্তে মই ক্ৰন্দন নকৰিছিলোঁ নে? আৰু দীনহীনৰ নিমিত্তে মনত দুখ নাপাইছিলোঁ নে?

26মই মঙ্গললৈ বাট চাওঁতে চাওঁতে অমঙ্গলহে ঘটিল, আৰু পোহৰলৈ অপেক্ষা কৰোঁতে কৰোঁতে আন্ধাৰহে হল।

27মোৰ অন্তৰ খতি নোহোৱাকৈ পুৰিছে; দুখৰ দিনসমুহ মোৰ ওচৰত উপস্থিত হৈছে।

28মই বিনা ৰ’দে ক’লা হৈ ফুৰিছো, আৰু সমাজৰ মাজত থিয় হৈ সহায় পাবলৈ মিনতি কৰিছোঁ।

29মই শিয়ালবোৰৰ ভাই, আৰু উট পক্ষীৰ বন্ধু হলোঁ।

30মোৰ গাৰ ছাল ক’লা হৈ এৰাই পৰিছে, আৰু তাপত মোৰ হাড়বোৰত পোৰণি ধৰিছে।

31সেই দেখি মোৰ বীণাৰ মাত শোকৰ শব্দত পৰিণত হৈছে, আৰু মোৰ বাঁহীৰ স্বৰ সলনি হৈ ক্ৰন্দনকাৰীসকলৰ মাত হৈছে।

উত্‍স: ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

WEBREATH · 11:11

«He himself gives everyone life and breath and everything else» — Acts 17:25

Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.

WEBREATH — the Minute at 11:11, your own local time — we are One Breath