খ্ৰীষ্টান ধৰ্ম
উভতি যাওক

ইয়োব 16

1তেতিয়া ইয়োবে পুনৰায় উত্তৰ কৰি ক’লে,

2মই এইৰূপ অনেক কথা শুনিলো; তোমালোক সকলোৱেই দুখদায়ক শান্ত্বনাকাৰী।

3বায়ুতুল্য কথাৰ জানো কেতিয়াবা শেষ হয়? বা উত্তৰ দিবলৈ তোমাক জানো উদগাইছে?

4ময়ো তোমালোকৰ দৰে উত্তৰ দিব পাৰোঁ; মোৰ প্ৰাণৰ সলনি যদি তোমালোকৰ প্ৰাণ হলেহেঁতেন, তেনেহলে মইও তোমালোকৰ অহিতে কথা সাজিব পাৰিলোহেঁতেন, আৰু তোমালোকক বিদ্রূপ কৰি মূৰ জোকাৰিব পাৰিলোহেঁতেন।

5অস্ মই মুখেৰেহে তোমালোকক সবল কৰিলোহেঁতেন, আৰু মোৰ ওঠৰ শান্ত্বনাত তোমালোকৰ দুখৰ উপশমহে হলহেঁতেন।

6মই কথা কলেও মোৰ ক্লেশৰ উপশম নহয়, আৰু নিমাতে থাকিলে কি মোৰ দুখ গুচিব?

7কিন্তু তেওঁ এতিয়া মোক ক্লান্ত কৰিলে; তুমি মোৰ গোটেই পৰিয়াল উচ্ছন্ন কৰিলা।

8তুমি মোৰ শৰীৰ শীৰ্ণ কৰিলা, সেয়ে মোৰ বিৰুদ্ধে সাক্ষী হৈছে; মোৰ শৰীৰৰ দীনতাই মোৰ বিৰুদ্ধে উঠিছে, আৰু এয়ে মোৰ অহিতে উঠি মোৰ সাক্ষাতে প্ৰমাণ দিছে।

9তেওঁ ক্ৰোধত মোক বিদাৰিলে, আৰু তাড়নাও কৰিলে; তেওঁ মোলৈ দাঁত কৰচিলে; মোক চকুৰপানীয়ে পৃথক কৰে, মোৰ শত্রুৱে মোলৈ দৃঢ়ভাবে চাই থাকে;

10লোকে মোৰ বিৰুদ্ধে মুখ মেলে; সিহঁতে ধিক্কাৰ দি মোৰ গালত চৰ মাৰে; সিহঁতে মোৰ অহিতে গোট খায়।

11ঈশ্বৰে মোক অধৰ্মিৰ হাতত সমৰ্পণ কৰিলে, আৰু দুষ্টবোৰৰ হাতত পেলাই দিলে।

12মই শান্তিৰে আছিলোঁ আৰু তেওঁ মোক ভাঙি পৃথক কৰিলে, এনে কি, মোৰ ডিঙিত ধৰি মোক থেকেচিলে; আৰু মোক নিজৰ কাঁড় মৰাৰ নিচান পাতিলে।

13তেওঁৰ ধনুৰ্দ্ধৰবোৰে মোক আগুৰি ধৰে; ঈশ্বৰে মোৰ বৃক্ক বিদাৰিলে আৰু মোক অতিৰিক্ত নকৰিলে, তেওঁ মোৰ পিত্ত মাটিত ঢালি দিলে।

14তেওঁ মোৰ প্ৰাচীৰৰ যোগেদি বাৰে বাৰে ভাঙে; তেওঁ বীৰৰ নিচিনাকৈ মোৰ বিৰুদ্ধে লৰি আহে।

15মই ছালৰ ওপৰত চট কাপোৰ সিয়াই ললোঁ, আৰু ধুলিৰে মোৰ শিং লেটিপেটি কৰিলোঁ।

16যদিও মোৰ হাতত অত্যাচাৰ নাই, আৰু মোৰ প্ৰাৰ্থনাও পবিত্ৰ,

17তথাপি কান্দোতে কান্দোতে মোৰ মুখ বিকৃত হ’ল, আৰু মৃত্যুচ্ছায়া মোৰ চকুৰ পিৰঠিৰ ওপৰত আছে।

18হে পৃথিৱী, তুমি মোৰ তেজ নাঢাকিবা, আৰু মোৰ কাতৰোক্তিয়ে জিৰাবলৈ ঠাই নাপাওক।

19চোৱা, এতিয়াও মোৰ সাক্ষী স্বৰ্গত আছে, আৰু মোৰ পক্ষে প্ৰমাণ দিওঁতা জনা উচ্চস্থানত আছে।

20মোৰ চকুৱে যেতিয়া ঈশ্বৰৰ কাৰণে অশ্রু বিসৰ্জন কৰে, তেতিয়া মোৰ বন্ধুবোৰেই মোক নিন্দা কৰে;

21যেনেদৰে এজন মানুহে নিজ চুবুৰীয়াৰ সৈতে কৰে, তেনেদৰে মই কওঁ সাক্ষ্যৰ বাবে এই মানুহে ঈশ্বৰৰ সৈতে তৰ্ক কৰে!

22কিয়নো মাত্র কেইবছৰৰ ভিতৰতে মই সেই ঠাইলৈ যাম, যি ঠাইৰ পৰা মই পুনৰ উভতি আহিব নোৱাৰিম।

উত্‍স: ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

WEBREATH · 11:11

«He himself gives everyone life and breath and everything else» — Acts 17:25

Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.

WEBREATH — the Minute at 11:11, your own local time — we are One Breath