যোহনে লিখা শুভবাৰ্তা 9
1যীচুৱে বাটেদি গৈ থকাৰ সময়ত এজন ওপজাৰে পৰা অন্ধ মানুহক দেখিলে।
2তেওঁৰ শিষ্য সকলে তেওঁক সুধিলে, “ৰব্বি এই মানুহ কাৰ পাপৰ কাৰণে অন্ধ হৈ উপজিল? সি নিজে পাপ কৰিলে, নে তেওঁৰ মাক-বাপেকে পাপ কৰিলে?”
3যীচুৱে উত্তৰ দিলে, “সি নিজেও পাপ কৰা নাই, আৰু তাৰ মাক-বাপেকেও কৰা নাই, কিন্তু এওঁৰ মাধ্যমেদি ঈশ্বৰৰ কর্ম প্ৰকাশিত হ’বলৈহে হৈছে।
4আমি দিন থাকোতেই মোক পঠোৱা জনৰ কৰ্ম কৰিব লাগে। ৰাতি হৈ আহিছে, তেতিয়া কোনেও কৰ্ম কৰিব নোৱাৰিব।
5যিমান দিন মই জগতত আছোঁ, মইয়ে জগতৰ পোহৰ।”
6এই কথা কোৱাৰ পাছত তেওঁ মাটিত থুই পেলাই, থুইৰে বোকা কৰিলে আৰু অন্ধ লোক জনৰ চকুত সেই বোকা সানি বা লিপি দিলে।
7তাৰ পাছত তেওঁক ক’লে, “যোৱা; চীলোহৰ পুখুৰীত গৈ ধুই পেলোৱা।” (‘চীলোহ’ৰ অনুবাদিত অর্থ ‘পঠোৱা হ’ল’); তেতিয়া মানুহ জনে গৈ ধুলে আৰু দৃষ্টি পাই ঘূৰি আহিল।
8তাকে দেখি তেওঁৰ প্রতিবেশী আৰু যি সকলে তেওঁক আগেয়ে ভিক্ষা কৰা দেখিছিল, তেওঁলোকে কবলৈ ধৰিলে, “ই সেই জন মানুহ নহয় নে, যি জনে বহি ভিক্ষা মাগি থাকে?”
9কোনো কোনোৱে ক’লে, “হয়, ইয়েই সেই জন।” আন কোনোবাই ক’লে, “নহয়; কিন্তু ই দেখাত তাৰ নিচিনা।” কিন্তু মানুহ জনে নিজে ক’লে, “হয়, মই সেই জনেই হওঁ।”
10তেওঁলোকে তেওঁক সুধিলে, “তেনেহ’লে তোমাৰ চকু কেনেকৈ মুকলি হ’ল?”
11তেওঁ উত্তৰ দিলে, “যীচু নামৰ মানুহ জনে মাটি বোকা কৰিলে আৰু মোৰ চকুত সেই বোকা লিপি দি বা সানি দি ক’লে, ‘চীলোহ’লৈ গৈ ধুই পেলোৱা’; সেইদৰে মই গৈ ধোৱাত দেখা পালোঁ।”
12তেতিয়া তেওঁলোকে তেওঁক সুধিলে, “সেই জন ক’ত আছে?” তেওঁ ক’লে “মই নাজানো।”
13যি জন মানুহ আগেয়ে অন্ধ আছিল, লোক সকলে তেওঁক ফৰীচী সকলৰ ওচৰলৈ লৈ গ’ল।
14যিদিনা যীচুৱে বোকা কৰি তেওঁৰ চকু মুকলি কৰিছিল, সেই দিনটো বিশ্ৰামবাৰ আছিল।
15সেই কাৰণে ফৰীচী সকলে আকৌ তেওঁক প্রশ্ন সুধিলে যে তেওঁ কেনেকৈ দৃষ্টি ঘূৰাই পালে। তেওঁ তেওঁলোকক ক’লে, “তেওঁ মোৰ চকুত বোকা লগাই দিলে, আৰু মই ধুই দিয়াত এতিয়া মই দেখা পাওঁ।”
16তাতে ফৰীচী সকলৰ কিছুমানে ক’লে, “এই মানুহ ঈশ্বৰৰ ওচৰৰ পৰা অহা নাই; কিয়নো সি বিশ্ৰামবাৰ পালন নকৰে।” কিন্তু আন কোনো কোনোৱে ক’লে, “কিন্তু পাপী মানুহে কেনেকৈ এনে আচৰিত কাম কৰিব পাৰে?” এইদৰে তেওঁলোকৰ মাজত ভাগ ভাগ হ’ল।
17সেয়ে, তেওঁলোকে আকৌ সেই অন্ধ জনক সুধিলে, “যি মানুহ জনে তোমাৰ চকু মুকলি কৰিলে, তুমি তেওঁৰ বিষয়ে কি কোৱা?” মানুহ জনে ক’লে, “তেওঁ এজন ভাৱবাদী।”
18মানুহ জনৰ মাক-বাপেকক মাতি আনি নুসুধা পর্যন্ত ইহুদী সকলে বিশ্বাস নকৰিলে যে এই মানুহ জন আগতে অন্ধ আছিল আৰু এতিয়া দেখা পাইছে।
19তেওঁলোকে তেওঁৰ মাক-বাপেকক সুধিলে, “এই জন তোমালোকৰ সেই ল’ৰা জন হয় নে, যি জনৰ বিষয়ে তোমালোকে কৈ থাকা যে সি অন্ধ হৈয়ে জন্মিছিল। তেনেহলে সি এতিয়া কেনেকৈ দেখা পাইছে?”
20তেওঁৰ মাক-বাপেকে উত্তৰ দিলে, “আমি জানো, ই আমাৰে ল’ৰা আৰু সি ওপজাৰে পৰা অন্ধ আছিল।
21কিন্তু সি এতিয়া কেনেকৈ দৃষ্টি পাইছে, তাক নাজানো; আৰু কোনে তাৰ চকু মুকলি কৰিলে, সেই বিষয়েও নাজানো; তাৰ বয়স হৈছে, তাকে সুধক, সিয়ে নিজৰ বিষয়ে নিজে ক’ব।”
22ইহুদী সকলৰ ভয়তে তেওঁৰ মাক-বাপেকে এই কথা ক’লে। কিয়নো ইহুদী সকলে আগেয়ে স্থিৰ কৰিছিল যে কোনোৱে যদি যীচুক মচীহ বুলি স্বীকাৰ কৰে, তেনেহলে তেওঁক নাম-ঘৰৰ পৰা বাহিৰ কৰা হ’ব।
23এই কাৰণতে, তেওঁৰ মাক-বাপেকে ক’লে, “সি বয়সীয়া; তাক সোধক।”
24তেতিয়া তেওঁলোকে আগেয়ে অন্ধ হৈ থকা মানুহ জনক দ্বিতীয় বাৰ মাতি ক’লে, “ঈশ্বৰৰ মহিমা কৰা; সেই মানুহ যে এজন পাপী তাক আমি জানো।”
25তাতে তেওঁ উত্তৰ দিলে, “তেওঁ পাপী হয় নে নহয়, তাক মই নাজানো; কিন্তু এটা বিষয় জানো যে মই অন্ধ আছিলোঁ আৰু এতিয়া দেখা পাইছো।”
26তেওঁলোকে তেওঁক সুধিলে, “তেওঁ তোমাক কি কৰিলে? তোমাৰ চকু কেনেকৈ মুকলি কৰিলে?”
27তেওঁ উত্তৰ দিলে, “মইতো আপোনালোকক অথনিয়ে ক’লো, কিন্তু আপোনালোকে নুশুনিলে; তেনেহলে আকৌ কি কাৰণে শুনিব খোজিছে? অাপোনালোকেও তেওঁৰ শিষ্য হ’বলৈ ইচ্ছা কৰে নেকি?”
28তেতিয়া তেওঁলোকে সেই মানুহক ধিক্কাৰ দি ক’লে, “তইহে তাৰ শিষ্য; আমি হ’লে মোচিৰ শিষ্য।
29ঈশ্বৰে যে মোচিৰ কথা ক’লে, তাক আমি জানো; কিন্তু এই মানুহ ক’ৰ পৰা আহিছে, তাক আমি নাজানো।”
30সেই মানুহে উত্তৰ দি তেওঁলোকক ক’লে, “কি বিস্ময়জনক বিষয়! তেওঁ কৰ পৰা আহিছে তাক আপোনালোকে নাজানে, অথচ তেওঁ মোৰ চকু মুকলি কৰিলে।
31আমি জানো যে, ঈশ্বৰে পাপী লোকৰ কথা নুশুনে; কিন্তু যি জনে ঈশ্বৰৰ আৰাধনা কৰে আৰু তেওঁৰ ইচ্ছা পালন কৰে সেই জনৰ কথা, ঈশ্বৰে শুনে৷
32জগত সৃষ্টি হোৱাৰে পৰা কেতিয়াও শুনা নাই যে কোনোবাই এজন ওপজাৰে পৰা অন্ধ লোকৰ চকু মুকলি কৰিলে।
33সেই মানুহ যদি ঈশ্বৰৰ ওচৰৰ পৰা অহা নাই, তেনেহ’লে একোকে কৰিব নোৱাৰিলেহেঁতেন।”
34তেওঁলোকে উত্তৰ দি তেওঁক ক’লে, “তইতো সম্পূর্ণ পাপতে জন্ম পাইছ! এতিয়া তই আমাকে শিকাও নে?” তাৰ পাছত ইহুদী সকলে তেওঁক নাম-ঘৰৰ পৰা বাহিৰ কৰি দিলে।
35যীচুৱে শুনিলে যে ইহুদী নেতা সকলে সেই লোক জনক নাম-ঘৰৰ পৰা বাহিৰ কৰি দিলে। পাছত যীচুৱে তেওঁক দেখা পাই সুধিলে, “তুমি মানুহৰ পুত্ৰক বিশ্বাস কৰিছা নে?”
36তেওঁ উত্তৰ দি ক’লে, “প্ৰভু, তেওঁ কোন? মোক কওক, মই যেন তেওঁক বিশ্বাস কৰিব পাৰোঁ।”
37যীচুৱে তেওঁক ক’লে, “তুমি তেওঁক দেখা পালা; আৰু তোমাৰে সৈতে কথা পাতি থকা জনেই সেই জন।”
38তেতিয়া মানুহ জনে ক’লে, “প্ৰভু, মই বিশ্বাস কৰিছোঁ” এই বুলি তেওঁ যীচুক সেৱা কৰিলে।
39যীচুৱে ক’লে, “মই এই জগতলৈ সোধ-বিচাৰ কৰিবলৈ আহিছোঁ, যাতে যি সকলে দেখা নাপায়, তেওঁলোকে দেখা পায় আৰু যি সকলে দেখা পায়, তেওঁলোক যেন অন্ধ হয়।”
40কেইজনমান ফৰীচীও যীচুৰ লগত আছিল। তেওঁলোকে ইয়াকে শুনি যীচুক সুধিলে, “আমিও অন্ধ নেকি?”
41যীচুৱে তেওঁলোকক ক’লে, “আপোনালোক যদি অন্ধ হ’য়, তেনেহলে আপোনালোকৰ কোনো পাপেই নহ’লহেঁতেন; কিন্তু তোমালোকে এতিয়া কৈছা, ‘আমি দেখিছোঁ;’ গতিকে তোমালোকৰ পাপ থাকি গ’ল।
WEBREATH · 11:11
«He himself gives everyone life and breath and everything else» — Acts 17:25
Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.
WEBREATH — the Minute at 11:11, your own local time — we are One Breath