যোহনে লিখা শুভবাৰ্তা 8
1যীচু জৈতুন পৰ্বতলৈ গ’ল।
2অতি ৰাতিপুৱাতে তেওঁ পুণৰ মন্দিৰলৈ আহিল; তেতিয়া সকলো মানুহ তেওঁৰ ওচৰলৈ অহাত তেওঁ বহি তেওঁলোকক উপদেশ দিবলৈ ধৰিলে।
3তেনেতে বিধানৰ অধ্যাপক আৰু ফৰীচী সকলে ব্যভিচাৰ কৰ্মত ধৰা এগৰাকী মহিলাক আনি তেওঁলোকৰ মাজত থলে।
4তেওঁলোকে যীচুক সুধিলে, “হে গুৰু, এই মহিলা গৰাকী ব্যভিচাৰ কৰ্ম কৰোঁতেই ধৰা পৰিল।
5এতিয়া, মোচিৰ বিধানত আমাক আজ্ঞা দিছে যে, এনে মহিলাক শিল দলিয়াই মাৰিব লাগে। এনে স্থলত আপুনি তাইৰ বিষয়ে কি কয়?”
6এই কথা তেওঁলোকে যীচুক পৰীক্ষা কৰিবলৈ ক’লে, যাতে তেওঁৰ নামত দোষাৰোপ কৰিবলৈ কিবা সূত্র পাব পাৰে। কিন্তু যীচুৱে তললৈ মুৰ কৰি আঙুলিৰে মাটিত লিখিবলৈ ধৰিলে।
7কিন্তু তেওঁলোকে যেতিয়া বাৰে বাৰে তেওঁক সুধিবলৈ ধৰিলে, তেওঁ মূৰ দাঙি তেওঁলোকক ক’লে, “আপোনালোকৰ মাজত যি জন নিষ্পাপী, তেৱেঁই প্ৰথমে তাইলৈ শিল দলিয়াওক।”
8পাছত তেওঁ পুণৰ বাৰ তললৈ মূৰ কৰি মাটিত আঙুলিৰে লিখিব ধৰিলে।
9এই কথা শুনি তেওঁলোকৰ বয়সীয়া সকলৰ পৰা আৰম্ভ কৰি শেষৰ জনলৈকে এজন এজনকৈ সকলো বাহিৰলৈ ওলাই গ’ল৷ অৱশেষত কেৱল যীচু আৰু তেওঁলোকৰ মাজত থিয় হৈ থকা সেই মহিলা গৰাকীহে সেই ঠাইত থাকিল।
10যীচুৱে উঠি সেই মহিলা গৰাকীক সুধিলে, “হে নাৰী, তোমাক অপবাদ দিয়া সকল ক’ত গ’ল? তোমাক কোনেও দোষী নকৰিলে নেকি?”
11তাই ক’লে, “নাই, কোনেও নকৰিলে প্ৰভু।” যীচুৱে ক’লে, “ময়ো দোষী নকৰোঁ; যোৱা, এতিয়াৰ পৰা পুনৰ পাপ নকৰিবা।”
12ইয়াৰ পাছত যীচুৱে আকৌ লোক সকলৰ লগত কথা কবলৈ ধৰিলে, “মই জগতৰ পোহৰ; যি জন মোৰ পাছে পাছে আহে, তেওঁ আন্ধাৰত নুফুৰি, জীৱনৰ পোহৰ পাব।”
13তেতিয়া ফৰীচী সকলে তেওঁক ক’লে, “তোমাৰ সাক্ষ্য সত্য নহয়, কাৰণ তুমি নিজে নিজৰ বিষয়ে সাক্ষ্য দিছা।”
14যীচুৱে উত্তৰ দি তেওঁলোকক ক’লে, “যদিও মই নিজৰ বিষয়ে নিজে সাক্ষ্য দিছোঁ, তথাপি মোৰ সাক্ষ্য সত্য; কিয়নো মই ক’ৰ পৰা আহিলোঁ, আৰু ক’লৈ গৈ আছোঁ, সেই বিষয়ে মই জানো; কিন্তু আপোনালোকে মই ক’ৰ পৰা আহিছোঁ, বা ক’লৈ যাওঁ সেই বিষয়ে নাজানে।
15আপোনালোকে মাংসিক ভাব অনুসাৰে সোধ-বিচাৰ কৰিছে; মই এনেদৰে লোকৰ বিচাৰ নকৰোঁ।
16তথাপি যদি বিচাৰ কৰোঁ, তেনেহলে মোৰ সোধ-বিচাৰ সত্য; কিয়নো মই অকলশৰীয়া নহওঁ; মইতো আছোঁৱেই, আৰু মোক পঠোৱা পিতৃও আছে।
17আপোনালোকৰ বিধানত লিখা আছে, দুজনৰ সাক্ষ্য যদি একে হয়, তেনেহলে ই সত্য হয়।
18মই নিজৰ বিষয়ে নিজে সাক্ষ্য দিছোঁ, আৰু মোক পঠোৱা পিতৃয়েও মোৰ বিষয়ে সাক্ষ্য দিছে।”
19তেতিয়া তেওঁলোকে যীচুক সুধিলে, “তোমাৰ পিতৃ ক’ত আছে?” যীচুৱে উত্তৰ দিলে, “আপোনালোকে মোকো নাজানে আৰু মোৰ পিতৃকো নাজানে; মোক জনা হ’লে মোৰ পিতৃকো জানিলেহেঁতেন।”
20মন্দিৰৰ ধনভঁৰালৰ কাষত থাকি শিক্ষা দিওঁতে তেওঁ এইবোৰ কথা ক’লে; তথাপি তেতিয়াও তেওঁৰ সময় উপস্থিত হোৱা নাই বাবে কোনেও তেওঁক বন্দী নকৰিলে।
21পাছত তেওঁ আকৌ ফৰীচী সকলক ক’লে, “মই যাওঁ; আপোনালোকে মোক বিচাৰিব, কিন্তু আপোনালোক নিজ নিজ পাপতে মৰিব। মই যি ঠাইলৈ যাওঁ, সেই ঠাইলৈ আপোনালোকে যাব নোৱাৰে।”
22তেতিয়া ইহুদী সকলে ক’লে, “এওঁ কি আপোনঘাতী হ’ব নেকি? কিয়নো ‘মই যি ঠাইলৈ যাওঁ আপোনালোকে সেই ঠাইলৈ যাব নোৱাৰে’ বুলি যে কৈছে?”
23তেওঁ তেওঁলোকক ক’লে, “আপোনালোক তলৰ পৰা আহিছে আৰু মই ওপৰৰ পৰা আহিছোঁ; আপোনালোক এই জগতৰ; কিন্তু মই এই জগতৰ নহওঁ।
24এই কাৰণতে আপোনালোকক ক’লো যে, ‘আপোনালোক নিজ নিজ পাপ সমূহতে মৰিব’; আপোনালোকে যদি বিশ্বাস নকৰে যে ময়েই সেই জন, তেনেহলে অাপোনালোক নিজ নিজ পাপ সমূহত মৰিব।”
25তেতিয়া তেওঁলোকে তেওঁক সুধিলে “তুমি নো কোন?” যীচুৱে তেওঁলোকক ক’লে, “সেই বিষয়ে প্ৰথমৰে পৰা মই আপোনালোকক কৈ আছোঁ।
26আপোনালোকৰ বিষয়ে ক’বলৈ আৰু বিচাৰ কৰিবলৈ অনেক কথা মোৰ আছে। কিন্তু মোক যি জনে পঠিয়াইছে, তেওঁ সত্য; মই তেওঁৰ পৰা যি শুনিলোঁ, সেই বিষয়ে জগতক কৈছোঁ।”
27তেওঁ যে পিতৃৰ বিষয়ে এই কথা ক’লে ইয়াক তেওঁলোকে বুজি নাপালে।
28সেয়ে যীচুৱে ক’লে, “আপোনালোকে যেতিয়া মানুহৰ পুত্ৰক ওপৰলৈ তুলিব, তেতিয়া আপোনালোকে জানিব যে মইয়ে সেই জন আৰু মই নিজৰ পৰা একো নকৰোঁ। পিতৃয়ে যেনেকৈ মোক শিকাইছে, মই সেইদৰেই এইবোৰ কথা কৈছোঁ।
29মোক যি জনে পঠালে, তেওঁ মোৰ লগত আছে। তেওঁ মোক অকলশৰীয়াকৈ ৰখা নাই, কিয়নো মই সদায় তেওঁৰ সন্তোষজনক কাম কৰোঁ।”
30যীচুৱে যেতিয়া এইবোৰ কথা কৈ আছিল, অনেকে তেওঁত বিশ্বাস কৰিলে।
31যি ইহুদী সকলে তেওঁক বিশ্বাস কৰিলে, যীচুৱে তেওঁলোকক ক’লে, “মোৰ বাক্যতে যদি আপোনালোক থাকে, তেনেহলে সঁচাকৈয়ে আপোনালোক মোৰ শিষ্য;
32আৰু আপোনালোকে সত্যক জানিব আৰু সেই সত্যই আপোনালোকক মুক্ত কৰিব।”
33তেওঁলোকে তেওঁক উত্তৰ দিলে, “আমি অব্ৰাহামৰ বংশধৰ; আৰু কেতিয়াও কাৰো সেৱাকৰ্ম কৰা নাই; তেনেস্থলত ‘আপোনালোকক মুক্ত কৰা হ’ব’, এনে কথা তুমি কেনেকৈ কৈছা?”
34যীচুৱে উত্তৰ দিলে, “মই আপোনালোকক সঁচাই কওঁ, যি কোনোৱে পাপ-আচৰণ কৰে তেওঁ পাপৰ দাস।
35দাস পৰিয়ালত চিৰকাল নাথাকে, কিন্তু সন্তান হ’লে সদায় পৰিয়ালত থাকে।
36এই কাৰণে পুত্ৰই যদি আপোনালোকক মুক্ত কৰে, তেনেহলে আপোনালোক অৱশ্যেই মুক্ত হ’ব।
37আপোনালোক যে অব্ৰাহামৰ বংশধৰ, সেই বিষয়ে মই জানো; কিন্তু আপোনালোকে মোক বধ কৰিবলৈ উপায় বিচাৰি ফুৰিছে; কাৰণ আপোনালোকৰ অন্তৰত মোৰ বাক্যই ঠাই নাপায়।
38মই মোৰ পিতৃৰ ওচৰত যি দেখিলোঁ, সেই বিষয়েই কৈ থাকো আৰু আপোনালোকেও আপোনালোকৰ পিতৃৰ পৰা যি শুনিলে, তাকেই কৰি থাকে।”
39তাৰ উত্তৰত তেওঁলোকে যীচুক ক’লে, “আমাৰ পিতৃ অব্ৰাহাম।” যীচুৱে তেওঁলোকক ক’লে, “আপোনালোক যদি অব্ৰাহামৰ সন্তান হয়, তেনেহলে অব্রাহামে যি কৰিলে, আপোনালোকেও তেনে কৰ্ম কৰিলেহেঁতেন।
40ঈশ্বৰৰ ওচৰৰ পৰা যি সত্য মই শুনিলো, তাকেই আপোনালোকক কৈছোঁ। তথাপি এতিয়া আপোনালোকে মোকে বধ কৰিবলৈ বিচাৰিছে; কিন্তু অব্ৰাহামেতো এনে কৰ্ম কৰা নাই।
41আপোনালোকৰ পিতৃয়ে যি কর্ম কৰে, আপোনালোকে তাকে কৰে।” তেওঁলোকে তেতিয়া যীচুক ক’লে, “আমি জাৰজ সন্তান নহওঁ; আমাৰ এজন পিতৃ আছে, তেওঁ ঈশ্বৰ।”
42যীচুৱে তেওঁলোকক ক’লে, “ঈশ্বৰ আপোনালোকৰ পিতৃ হোৱা হ’লে, আপোনালোকে মোক প্ৰেম কৰিলেহেঁতেন; কিয়নো মই ঈশ্বৰৰ ওচৰৰ পৰা আহিছোঁ; মই নিজৰ পৰা আহি ইয়াত থকা নাই, কিন্তু ঈশ্বৰেহে মোক ইয়ালৈ পঠিয়ালে।
43আপোনালোকে মোৰ কথাবোৰ কিয় নুবুজে? তাৰ কাৰণ এই যে আপোনালোকে মোৰ কথাবোৰ শুনি সহন কৰিব পৰা নাই।
44চয়তান আপোনালোকৰ পিতৃ আৰু আপোনালোক তাৰ পৰা হৈছে। সেই কাৰণে আপোনালোকে আপোনালোকৰ সেই পিতৃৰ অভিলাষ পূর্ণ কৰিবলৈ ইচ্ছা কৰে। চয়তান আদিৰে পৰা নৰবধী; সি সত্যত নাথাকে, কিয়নো তাৰ ভিতৰত সত্য নাই। সি যেতিয়া মিছা কথা কয়, তেতিয়া সি নিজৰ স্বভাৱৰ পৰাই কয়। কাৰণ সি মিছলীয়া আৰু সকলো মিছাৰ বাপেক।
45মই সত্য কথা কওঁ বাবে আপোনালোকে মোক বিশ্বাস নকৰে।
46আপোনালোকৰ মাজৰ কোনে মোক পাপী বুলি দোষী কৰিব পাৰে? মই যদি সত্য কথা কৈছোঁ, তেনেহলে আপোনালোকে কিয় মোক বিশ্বাস নকৰে?
47যি জন ঈশ্বৰৰ লোক, তেওঁ ঈশ্বৰৰ কথা শুনে। আপোনালোকে সেই বাবেই নুশুনে, কাৰণ আপোনালোক ঈশ্বৰৰ লোক নহয়৷”
48ইহুদী সকলে উত্তৰ দি তেওঁক ক’লে, “আমি সঁচাকৈয়ে জানো কোৱা নাছিলো যে তুমি এজন চমৰীয়া, আৰু তোমাৰ ভিতৰত এটা ভূত আছে?”
49যীচুৱে উত্তৰ দিলে, “মোক ভূতে পোৱা নাই, বৰঞ্চ মই মোৰ পিতৃক সন্মান কৰোঁ; কিন্তু, আপোনালোকে মোক অসন্মান কৰে।
50মই মোৰ নিজৰ মৰ্যদা নিবিচাৰোঁ; কিন্তু এজন আছে যি জনে বিচাৰে আৰু তেওঁ বিচাৰো কৰে।
51মই আপোনালোকক সঁচাকৈয়ে কওঁ, কোনোৱে যদি মোৰ বাক্য পালন কৰে, তেওঁ কোনো কালে মৃত্যুক নেদেখিব।”
52ইহুদী সকলে তেওঁক ক’লে, “এতিয়া আমি সঁচাই বুজিছো যে তোমাৰ গাত ভূত আছে। অব্ৰাহাম আৰু ভাৱবাদী সকল মৰি গ’ল, কিন্তু তুমি কৈছা, ‘কোনোৱে যদি মোৰ বাক্য পালন কৰে, তেওঁ কোনো কালে মৃত্যুভোগ নকৰিব।’
53তুমি কি আমাৰ ওপৰ-পিতৃ অব্ৰাহামতকৈয়ো মহান হ’লা নেকি? তেওঁৰ মৃত্যু হ’ল আৰু ভাৱবাদী সকলৰো মৃত্যু হ’ল; তুমি নিজকে কোন বুলি ভাৱিছা?”
54যীচুৱে উত্তৰ দিলে, “মই যদি নিজে নিজক মহিমান্বিত কৰোঁ, তেনেহলে মোৰ মহিমাৰ একো মূল্য নাই; কিন্তু মোৰ পিতৃ, যি জনক আপোনালোকে আপোনালোকৰ ঈশ্বৰ বুলি দাবী কৰে, তেৱেঁই মোক গৌৰৱান্বিত কৰে।
55আপোনালোকে তেওঁক নাজানে; মই হ’লে তেওঁক জানো; মই তেওঁক নাজানো বুলি যদি কওঁ, তেনেহলে আপোনালোকৰ নিচিনা মিছলীয়া হ’ম। কিন্তু মই তেওঁক জানো, আৰু তেওঁৰ বাক্য পালন কৰোঁ।
56আপোনালোকৰ ওপৰ-পুৰুষ অব্ৰাহামে মোৰ দিন দেখাৰ আশাত উল্লাসিত হৈছিল; তেওঁ সেইদিন দেখিলে আৰু আনন্দ কৰিলে।”
57ইহুদী সকলে যীচুক ক’লে, “তোমাৰ বয়স এতিয়াও পঞ্চাশ বছৰ হোৱাই নাই আৰু তুমি অব্ৰাহামক দেখিলা নে?”
58যীচুৱে তেওঁলোকক ক’লে, “সঁচাকৈয়ে মই আপোনালোকক কওঁ, অব্ৰাহামৰ জন্মৰ আগৰে পৰা মই আছোঁ।”
59তেতিয়া তেওঁলোকে তেওঁক মাৰিবৰ কাৰণে শিল তুলি ল’লে। কিন্তু যীচুৱে গোপনে মন্দিৰৰ পৰা বাহিৰলৈ ওলাই গ’ল।
WEBREATH · 11:11
«He himself gives everyone life and breath and everything else» — Acts 17:25
Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.
WEBREATH — the Minute at 11:11, your own local time — we are One Breath