খ্ৰীষ্টান ধৰ্ম
উভতি যাওক

যোহনে লিখা শুভবাৰ্তা 7

1তাৰ পাছত যীচুৱে গালীল প্রদেশৰ ভিন ভিন ঠাইত ঘূৰি ফুৰিলে। ইহুদী সকলে তেওঁক বধ কৰিবলৈ সুযোগ বিচাৰি থকা বাবে যীচুৱে যিহুদীয়া প্রদেশলৈ যাবলৈ ইচ্ছা নকৰিলে।

2তেতিয়া ইহুদী সকলৰ পঁজা-পৰ্বৰ সময় প্রায় ওচৰ চাপিছিল।

3সেই কাৰণতে যীচুৰ ভায়েকহঁতে তেওঁক ক’লে, “তুমি যি যি কাম কৰিছা, সেইবোৰ তোমাৰ শিষ্য সকলে দেখা পাবৰ বাবে তুমিও এই ঠাই এৰি যিহুদীয়ালৈ যোৱা৷

4যদি কোনোবাই নিজে জনাজাত হ’ব বিচাৰে, তেনেহলে তেওঁ গোপনে একো নকৰে। তুমি যেতিয়া এইবোৰ কামকে কৰা, তেনেহলে জগতৰ সন্মুখত নিজকে দেখুউৱা।”

5কিয়নো তেওঁৰ ভায়েক সকলে তেওঁত বিশ্বাস কৰা নাছিল।

6সেয়ে যীচুৱে তেওঁলোকক ক’লে, “মোৰ নিৰূপিত সময় এতিয়াও অহা নাই, কিন্তু তোমালোকৰ সময় সদায় আছে।

7জগতে তোমালোকক ঘৃণা কৰিব নোৱাৰে; মোকহে ঘৃণা কৰে; কিয়নো মই জগতৰ বিষয়ে এই সাক্ষ্য দিওঁ যে, জগতৰ সকলো কাম মন্দ।

8তোমালোকে পৰ্বলৈ যোৱা; মোৰ সময় এতিয়াও পূর্ণ হোৱা নাই, সেয়ে মই এতিয়া পর্বলৈ নাযাওঁ।”

9তেওঁলোকক এইবোৰ কথা কোৱাৰ পাছত যীচু গালীল প্ৰদেশতে থাকি গ’ল।

10তেওঁৰ ভায়েক সকল পর্বলৈ গ’ল আৰু পাছত তেৱোঁ তালৈ গ’ল। কিন্তু তেওঁ মুকলিকৈ যোৱা নাছিল, গোপনে গ’ল।

11পৰ্বৰ সময়ত ইহুদী সকলে যীচুক বিচাৰি সোধা-সুধি কৰিলে, “সেই মানুহ জন ক’ত আছে?”

12লোক সকলৰ মাজত যীচুৰ বিষয়ে নানা ধৰণৰ আলোচনা হবলৈ ধৰিলে। কোনো কোনোৱে ক’লে, “তেওঁ এজন ভাল মানুহ।” আন কিছুমানে আকৌ ক’লে, “নহয়, নহয়, তেওঁ লোক সকলক ভুল পথত লৈ গৈছে।”

13কিন্তু ইহুদী সকলৰ ভয়ত তেওঁৰ বিষয়ে কোনেও মুকলিকৈ একো কথা নক’লে।

14যেতিয়া পৰ্বৰ আধা সময় পাৰ হ’ল, তেতিয়া যীচুৱে মন্দিৰলৈ গৈ উপদেশ দিবলৈ আৰম্ভ কৰিলে।

15তাতে ইহুদী সকলে অতিশয় আচৰিত হৈ ক’লে, “এই লোক জনে কেতিয়াও কোনো শিক্ষা নোলোৱাকৈ ইমানবোৰ ধর্ম কথা কেনেকৈ জানিলে?”

16যীচুৱে তেওঁলোকক উত্তৰ দি ক’লে, “এই উপদেশ মোৰ নিজৰ নহয়, মোক পঠোৱা জনৰহে।”

17যদি কোনোৱে তেওঁৰ ইচ্ছা পালন কৰিবলৈ বিচাৰে, তেনেহলে তেওঁ জানিব যে এই শিক্ষা ঈশ্বৰৰ পৰা আহিছে নে মই নিজৰ পৰা কৈছোঁ।

18যি জনে নিজৰ পৰা কথা কয়, তেওঁ নিজৰ মৰ্যদা বিচাৰে; কিন্তু কোনো জনে যদি পঠোৱা জনৰ গৌৰৱ বিচাৰে, তেনেহলে তেওঁ সত্য, আৰু তেওঁৰ ভিতৰত একো অসাধুতা নাই।

19মোচিয়ে জানো আপোনালোকক বিধান দিয়া নাই? কিন্তু আপোনালোকৰ কোনেও যে সেই বিধান পালন নকৰে। আপোনালোকে মোক কিয় বধ কৰিবলৈ বিচাৰিছে?

20লোক সকলে উত্তৰ দিলে, “তোমাক ভূতে পাইছে; তোমাক কোনে বধ কৰিবলৈ বিচাৰিছে?”

21যীচুৱে উত্তৰত তেওঁলোকক ক’লে, “মই এটা কাম কৰিলোঁ, তাতে আপোনালোক সকলোৱে বিস্ময় মানিছে।

22মোচিয়ে আপোনালোকক চুন্নৎ কৰাৰ ৰীতি দিলে আৰু আপোনালোকে বিশ্রামবাৰেও শিশু সকলৰ চুন্নৎ কৰে। (মূলত: এই বিধান মোচিৰ পৰা নহয়, কিন্তু পিতৃপুৰুষ সকলৰ পৰাহে আহিছে);

23মোচিৰ বিধান যেন উলঙ্ঘন কৰা নহয়, এই যুক্তিতে যদি বিশ্ৰাম বাৰেও মানুহৰ চুন্নৎ কৰা হয়, তেনেহলে মই বিশ্ৰামবাৰে এজন মানুহক সম্পূর্ণভাৱে সুস্থ কৰিলোঁ কাৰণে আপোনালোকৰ মোৰ ওপৰত কিয় খং উঠিছে?

24উপৰুৱাকৈ চাই বিচাৰ নকৰিব, বৰং ন্যায়-বিচাৰ কৰক।”

25তেতিয়া যিৰূচালেমৰ কেইজনমান লোকে ক’লে, “যি জনক তেওঁলোকে বধ কৰিবলৈ বিচাৰিছে, এৱেঁই জানো সেই জন নহয়?

26কিন্তু চোৱা, এওঁতো মুকলিকৈ কথা কৈ আছে, তথাপি তেওঁলোকে এওঁক একো কোৱা নাই। তেনেহলে, এনে হব পাৰে নেকি, শাসনকর্তা সকলে সঁচাই জানিব পাৰিছে যে এই লোক জনেই খ্ৰীষ্ট?

27এওঁ ক’ৰ পৰা আহিছে, তাক আমি জানো; কিন্তু খ্ৰীষ্ট আহিলে, কোনেও নাজানিব, তেওঁ ক’ৰ পৰা আহিছে।”

28তেতিয়া যীচুৱে মন্দিৰত শিক্ষা দিলে আৰু উচ্চস্বৰে ক’লে, “আপোনালোকে মোক জানে আৰু মই ক’ৰ পৰা আহিছোঁ, সেই বিষয়েও জানে৷ মই নিজ ইচ্ছাৰে অহা নাই, কিন্তু যি জনে মোক পঠালে, তেওঁ সত্য; তেওঁক আপোনালোকে নাজানে।

29মই হ’লে তেওঁক জানো; কিয়নো মই তেওঁৰ পৰা আহিছোঁ আৰু তেৱেঁই মোক পঠিয়ালে।”

30তাতে সেই লোক সকলে তেওঁক ধৰিবলৈ উপায় বিচাৰিলে; তথাপি কোনেও তেওঁৰ গাত হাত নিদিলে; কিয়নো তেতিয়া তেওঁৰ সময় হোৱা নাছিল।

31কিন্তু লোক সকলৰ অনেকে তেওঁত বিশ্বাস কৰিলে। তেওঁলোকে ক’লে, “এই লোক জনে অনেক আচৰিত কাম কৰিছে। কিন্তু খ্ৰীষ্ট যেতিয়া আহিব, তেতিয়া তেওঁ এওঁতকৈ অধিক আচৰিত চিনৰ কার্য কৰিব নেকি?”

32লোক সকলে যে যীচুৰ বিষয়ে এনেবোৰ কথা কোৱা-কুই কৰি আছে, সেই বিষয়ে ফৰীচী সকলে শুনিবলৈ পালে। তেতিয়া প্ৰধান পুৰোহিত আৰু ফৰীচী সকলে তেওঁক বন্দী কৰিবলৈ বিষয়া সকলক পঠিয়াই দিলে।

33যীচুৱে ক’লে, “মই অলপ কালহে আপোনালোকৰ লগত আছোঁ। তাৰ পাছত যি জনে মোক পঠিয়াইছে, মই তেওঁৰ ওচৰলৈ যাম।

34আপোনালোকে মোক বিচাৰিব, কিন্তু নাপাব; আৰু মই যি ঠাইলৈ যাম, আপোনালোক তালৈ যাব নোৱাৰিব।”

35ইহুদী সকলে তেতিয়া পৰস্পৰে কথা পাতিলে, “আমি যে তেওঁক বিচাৰি নাপাম, এনেকৈ তেওঁনো ক’লৈ যাব? গ্ৰীক সকলৰ মাজত যি সকল ইহুদী বাস কৰিছে, তালৈ গৈ তেওঁলোকক শিক্ষা দিব নেকি?

36তেওঁ যে কৈছে, ‘মোক বিচাৰিবা, কিন্তু নাপাবা, আৰু মই যি ঠাইত থাকিম, তালৈ যাব নোৱাৰিবা’, এইটোনো কি কথা?”

37পৰ্বৰ শেষৰ দিন - যি দিনটো পর্বৰ প্ৰধান দিন, সেইদিনা যীচুৱে অশ্ৰু টুকি থিয় হল, আৰু উচ্চস্বৰে ক’লে, “কোনো মানুহৰ যদি পিয়াহ লাগে, তেওঁ মোৰ ওচৰলৈ আহি পান কৰক।

38যি কোনোৱে মোত বিশ্বাস কৰে, ধৰ্মশাস্ত্ৰত কোৱাৰ দৰে, তেওঁৰ ভিতৰৰ পৰা জীৱনময় জলৰ নৈবোৰ ওলাই বৈ যাব।”

39যীচুক বিশ্বাস কৰা সকলে যে আত্মা পাব, সেই বিষয়ে তেওঁ এই কথা ক’লে। কিয়নো তেতিয়ালৈকে আত্মা দিয়া হোৱা নাছিল, কাৰণ তেতিয়ালৈকে যীচু মহিমান্বিত হোৱা নাছিল।

40এই সকলো কথা শুনি, লোক সকলৰ কোনো কোনোৱে ক’লে, “এওঁ সঁচাই সেই ভাৱবাদী।” আন কিছুমানে ক’লে, “এওঁ খ্ৰীষ্ট।”

41কিন্তু কিছুমানে ক’লে, “কি? খ্ৰীষ্ট জানো গালীল প্ৰদেশৰ পৰা ওলাব?

42ধৰ্মশাস্ত্ৰত কোৱা নাই জানো, খ্ৰীষ্ট যে দায়ুদৰ বংশৰ পৰা হব আৰু দায়ুদ যি বৈৎলেহম নগৰত আছিল, তেওঁ তাৰ পৰাই আহিব?”

43এইদৰে যীচুৰ বিষয়ক লৈ লোক সকলৰ মাজত মতভেদ সৃষ্টি হ’ল।

44তেওঁলোকৰ কোনো কোনোৱে তেওঁক ধৰিবলৈ বিচাৰিলে, তথাপি কোনেও তেওঁৰ গাত হাত নিদিলে।

45তেতিয়া যি বিষয়া সকলক পঠোৱা হৈছিল, তেওঁলোক প্ৰধান পুৰোহিত আৰু ফৰীচী সকলৰ ওচৰলৈ ঘূৰি আহিল। তেওঁলোকে সিহঁতক সুধিলে, “তাক কিয় নানিলা?”

46তেতিয়া বিষয়া সকলে উত্তৰ দিলে, “সেই জনৰ দৰে কোনো মানুহে কেতিয়াও আগেয়ে কথা কোৱা নাই।”

47তেতিয়া ফৰীচী সকলে উত্তৰ দিলে, “তোমালোকো তেনেহলে ভোল গলা নেকি?

48শাসনকৰ্তা বা ফৰীচী সকলৰ মাজৰ কোনোবাই জানো তাক বিশ্বাস কৰিছে?

49কিন্তু এই লোক সকলে বিধানৰ একোকে নাজানে, তেওঁলোক অভিশপ্ত।”

50তেওঁলোকৰ মাজৰ নীকদীম, যি জনে আগেয়ে যীচুৰ ওচৰলৈ গৈছিল, সেই জনে তেওঁলোকক ক’লে,

51“প্ৰথমে কোনো মানুহৰ কথা নুশুনিলে আৰু তেওঁৰ কৰ্ম নাজানিলে, আমাৰ বিধানে জানো তেওঁক দোষী কৰে?”

52তাতে তেওঁলোকে তেওঁক উত্তৰ দিলে, “তুমিও গালীল প্ৰদেশৰ মানুহ নেকি? বিচাৰি চোৱা, দেখিবা যে গালীল প্ৰদেশৰ পৰা কোনো ভাৱবাদীৰ আবির্ভাৱ হোৱা নাই।”

53তাৰ পাছত ইহুদী সকল নিজৰ নিজৰ ঘৰলৈ গুছি গ’ল।

উত্‍স: ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

WEBREATH · 11:11

«He himself gives everyone life and breath and everything else» — Acts 17:25

Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.

WEBREATH — the Minute at 11:11, your own local time — we are One Breath