যোহনে লিখা শুভবাৰ্তা 3
1ফৰীচী সকলৰ মাজত নীকদীম নামেৰে এজন লোক আছিল। তেওঁ ইহুদী পৰিষদৰ এজন অধিকাৰী আছিল।
2এদিন ৰাতি তেওঁ যীচুৰ ওচৰলৈ আহি ক’লে, “ৰব্বি , আমি জানো যে আপুনি ঈশ্বৰৰ ওচৰৰ পৰা অহা এজন শিক্ষক। কিয়নো আপুনি এই যি যি আচৰিত চিন দেখুৱাইছে, ঈশ্বৰ সঙ্গী নহ’লে এনে চিন কোনেও দেখুৱাব নোৱাৰে।”
3উত্তৰত যীচুৱে নীকদীমক ক’লে, “মই আপোনাক সঁচাকৈয়ে কওঁ, নতুন জন্ম নহ’লে, কোনেও ঈশ্বৰৰ ৰাজ্য দেখা পাব নোৱাৰে।”
4নীকদীমে তেওঁক ক’লে, “মানুহ বুঢ়া হ’লে, কেনেকৈ তেওঁৰ জন্ম হ’ব পাৰে? তেওঁ দ্বিতীয় বাৰ মাকৰ গৰ্ভত সোমাই জন্ম গ্রহণ কৰিব পাৰিব নে?”
5যীচুৱে উত্তৰ দিলে, “মই আপোনাক সঁচাকৈয়ে কৈছোঁ, জল আৰু আত্মাৰ পৰা জন্ম নহ’লে, কোনেও ঈশ্বৰৰ ৰাজ্যত সোমাব নোৱাৰে।”
6শৰীৰৰ পৰা যাৰ জন্ম হয়, সেয়ে শৰীৰ হয় আৰু আত্মাৰ পৰা যাৰ জন্ম হয়, সেয়ে আত্মা হয়।
7মই যে আপোনাক ‘আপোনালোকৰ নতুনকৈ জন্ম হোৱা প্ৰয়োজন’ বুলি ক’লো, এই কথাত বিস্মিত নহ’ব।
8বায়ুৱে যি দিশলৈ ইচ্ছা কৰে সেই দিশলৈকে বয়। আপুনি তাৰ শব্দ শুনিবলৈ পায়, কিন্তু ক’ৰ পৰা আহে বা ক’লৈনো যায়, সেই বিষয়ে আপুনি নাজানে। আত্মাৰ পৰা যি সকলৰ জন্ম হয়, তেওঁলোক সকলোৰে তেনেকুৱা হয়।”
9নীকদীমে উত্তৰ দি তেওঁক ক’লে, “এইবোৰ কেনেকৈ হ’ব পাৰে?”
10যীচুৱে উত্তৰ দি তেওঁক ক’লে, “আপুনি ইস্ৰায়েলৰ শিক্ষক হৈয়ো এইবোৰ কথা নুবুজে নে?
11আপোনাক সঁচাকৈয়ে কওঁ, আমি যি জানো তাকে কওঁ আৰু যি দেখো সেই বিষয়ত সাক্ষ্য দিওঁ, কিন্তু আপোনালোকে আমাৰ সাক্ষ্য গ্ৰহণ নকৰে।
12মই আপোনালোকক পাৰ্থিৱ বিষয়ৰ কথা ক’লে আপোনালোকে যদি বিশ্বাস নকৰে, তেনেহলে মই স্বৰ্গীয় বিষয়ৰ কোনো কথা ক’লে কেনেকৈ বিশ্বাস কৰিব?
13যি জন স্বর্গৰ পৰা নামি আহিল, সেই মানুহৰ পুত্রৰ বাহিৰে কোনো স্বৰ্গলৈ উঠা নাই।
14মোচিয়ে যেনেকৈ মৰুপ্রান্তত সাপটোক ওপৰত তুলিছিল, তেনেকৈ মানুহৰ পুত্ৰকো অৱশ্যেই ওপৰত উঠোৱা হ’ব,
15যাতে তেওঁত বিশ্বাস কৰা সকলোৱে অনন্ত জীৱন পাব পাৰে।
16কাৰণ ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে, তেওঁ নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে, যাতে যি কোনোৱে তেওঁত বিশ্বাস কৰে, তেওঁ নষ্ট নহয়, কিন্তু অনন্ত জীৱন পায়।
17কিয়নো জগতক দোষী সাব্যস্ত কৰিবলৈ নহয়, কিন্তু জগতে তেওঁৰ দ্বাৰাই পৰিত্ৰাণ পাবলৈহে ঈশ্বৰে পুত্ৰক জগতলৈ পঠিয়ালে।
18তেওঁত বিশ্বাস কৰা জনৰ সোধ-বিচাৰ কৰা নহয়; বিশ্বাস নকৰা জনক দোষী কৰা হ’ল, কিয়নো তেওঁ একমাত্ৰ ঈশ্বৰৰ পুত্ৰৰ নামত বিশ্বাস কৰা নাই।
19সোধ-বিচাৰৰ কাৰণ এয়ে যে, জগতলৈ পোহৰ আহিল, কিন্তু মানুহে পোহৰতকৈ আন্ধাৰক অধিক প্ৰেম কৰিলে; কাৰণ তেওঁলোকৰ কৰ্ম মন্দ আছিল।
20কিয়নো যি জনে কু-আচৰণ কৰে, তেওঁ পোহৰক ঘৃণা কৰে আৰু তেওঁৰ কৰ্ম যেন প্রকাশ নাপায়, এই কাৰণে তেওঁ পোহৰলৈ নাহে।
21কিন্তু যি জনে সত্য আচৰণ কৰে, তেওঁ পোহৰৰ ওচৰলৈ আহে যাতে সেই পোহৰত স্পষ্ট বুজা যায় যে তেওঁৰ সকলো কৰ্ম ঈশ্বৰৰ বাধ্যতাত হৈছে।”
22তাৰ পাছত যীচু আৰু তেওঁৰ শিষ্য সকল যিহুদীয়া প্রদেশলৈ গ’ল। তাত তেওঁ শিষ্য সকলৰ সৈতে কিছুদিন থাকি লোক সকলক বাপ্তিস্ম দি আছিল।
23যোহনেও চালীম নামৰ গাওঁ খনৰ ওচৰতে থকা ঐনোন নামৰ ঠাই খনত বহুত পানী থকাৰ কাৰণে তাতে বাপ্তিস্ম দি আছিল আৰু লোক সকলেও তেওঁৰ ওচৰলৈ আহি বাপ্তিস্ম লৈছিল।
24তেতিয়াও যোহন বন্দীশালত বন্দী হোৱা নাছিল।
25সেই সময়ত ইহুদী ৰীতি অনুসাৰে শুচি হোৱাৰ বিষয়টো লৈ যোহনৰ কেইজনমান শিষ্য আৰু এজন ইহুদী মানুহৰ মাজত তর্ক-বিতর্কৰ সৃষ্টি হ’ল।
26পাছত তেওঁলোকে যোহনৰ ওচৰলৈ গৈ ক’লে, “ৰব্বি, যৰ্দ্দন নদীৰ সিপাৰে যি জন লোক আপোনাৰ লগত আছিল আৰু যি জনৰ বিষয়ে আপুনি সাক্ষ্য দিছিলে, চাওক, তেওঁ বাপ্তিস্ম দি আছে। আৰু সকলো মানুহ তেওঁৰ ওচৰলৈ গৈ আছে।”
27যোহনে উত্তৰ দিলে, “স্বৰ্গৰ পৰা দিয়া নহ’লে কোনেও একোকে লাভ কৰিব নোৱাৰে।
28মই কৈছিলোঁ যে ‘মই খ্রীষ্ট নহওঁ, কিন্তু মোক তেওঁৰ আগেয়ে পঠোৱা হৈছে’ এই কথাৰ সাক্ষ্য তোমালোকে নিজেই দিব পাৰা।
29যি জনৰ হাতত কইনাক দিয়া হয়, তেওঁ দৰা। কিন্তু দৰাৰ বন্ধু জন থিয় হৈ থাকে আৰু দৰাৰ কথা শুনে। দৰাৰ মাত যেতিয়া শুনে বন্ধু জন অতিশয় আনন্দিত হয়। তেনেহলে মোৰো সেই আনন্দ সম্পূৰ্ণ হ’ল।
30তেওঁ বাঢ়ি বাঢ়ি যাব লাগে, কিন্তু মই হ’লে সৰু হৈ হৈ যাব লাগে।
31যি জন ওপৰৰ পৰা আহিছে, তেওঁ সকলোৰে ওপৰত। যি জন জগতৰ পৰা আহে, তেওঁ জগতৰ আৰু তেওঁ জাগতিক কথাহে কয়; কিন্তু যি জন স্বৰ্গৰ পৰা আহিছে, তেওঁ সকলোতকৈ উর্দ্ধত।
32তেওঁ যি দেখিলে আৰু শুনিলে, তাৰে সাক্ষ্য দিয়ে; কিন্তু তেওঁৰ সাক্ষ্য কোনেও গ্ৰহন নকৰে।
33যি জনে তেওঁৰ সাক্ষ্য গ্ৰহন কৰিছে, তেওঁ তাৰ দ্বাৰাই প্রমাণ কৰে যে ঈশ্বৰেই সত্য।
34কাৰণ ঈশ্বৰে যি জনক পঠিয়াইছে, তেওঁ ঈশ্বৰৰ কথাকে কয়; ঈশ্বৰে তেওঁক জোখ-মাপ কৰি তেওঁৰ আত্মা দিয়া নাই।
35পিতৃয়ে পুত্ৰক প্ৰেম কৰে আৰু তেওঁৰ হাতত সকলো শোধাই দিলে।
36পুত্ৰত বিশ্বাস কৰা জনৰ অনন্ত জীৱন আছে; পুত্ৰক অমান্য কৰা জনে জীৱনৰ দৰ্শন নাপাব, কিন্তু ঈশ্বৰৰ ক্ৰোধহে তেওঁৰ ওপৰত থাকে।”
WEBREATH · 11:11
«He himself gives everyone life and breath and everything else» — Acts 17:25
Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.
WEBREATH — the Minute at 11:11, your own local time — we are One Breath