খ্ৰীষ্টান ধৰ্ম
উভতি যাওক

যোহনে লিখা শুভবাৰ্তা 21

1এই সকলোবোৰ ঘটি যোৱাৰ পাছত যীচুয়ে নিজকে তিবিৰিয়া সাগৰৰ দাঁতিত শিষ্য সকলৰ সন্মুখত দেখা দিলে৷ এই ভাবে যীচুৱে পুনৰ শিষ্য সকলক দৰ্শন দিলে:

2চিমোন পিতৰ আৰু যাক দিদুমো বোলে, সেই থোমা, আৰু গালীল প্ৰদেশৰ কান্না নগৰত থকা নথনেল আৰু চিবদিয়ৰ পুতেক দুজন আৰু আন দুজন যীচুৰ শিষ্য, এওঁলোক সকলোৱে একে ঠাইতে আছিল।

3চিমোন পিতৰে তেওঁলোকক ক’লে, “মই মাছ মাৰিবলৈ যাওঁ”। তেওঁলোকে ক’লে, “আমিও, তোমাৰ লগত যাওঁ”। এই বুলি তেওঁলোক ওলাই গৈ নাৱত উঠিল; কিন্তু সেই ৰাতি তেওঁলোকে একোকে নাপালে।

4পাছত ৰাতি পুৱালত, যীচু বামত থিয় হ’ল; কিন্তু তেওঁ যে যীচু, ইয়াক সেই শিষ্যকেইজনে নাজানিলে।

5তেতিয়া যীচুৱে তেওঁলোকক সুধিলে, “হেৰ যুৱক সকল, তোমালোকৰ লগত কিবা খোৱা বস্তু আছে নে?” তেওঁলোকে তেওঁক উত্তৰ দিলে, “নাই”।

6তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “নাৱৰ সোঁফালে জাল পেলোৱা, তেতিয়াহে পাবা”। তাতে তেওঁলোকে জাল পেলালে আৰু বহুত মাছ লাগিল, মাছৰ ভৰত, জাল টানি তুলিবই নোৱাৰিলে।

7তেতিয়া যীচুৰ প্ৰিয় শিষ্যই পিতৰক ক’লে, “এৱেঁই প্ৰভু”। যেতিয়া চিমোন পিতৰে এই কথা শুনিলে যে, এৱেঁই ঈশ্বৰ, তেতিয়া তেওঁ গাত চোলা পিন্ধি নিজেই জাঁপ মাৰি সাগৰত পৰিল (কিয়নো তেওঁ সাধাৰণভাবে কাপোৰ পিন্ধি আছিল)।

8কিন্তু আন শিষ্যকেইজনে, মাছে সৈতে জাল টানি টানি নাৱেৰে আহিল; তেওঁলোক বাম পাবলৈ বেছি দুৰ নাছিল, কিয়নো তেওঁলোক বামৰ পৰা দুশ হাত মানৰ অধিক আতৰত নাছিল।

9পাছত তেওঁলোক বামত উঠিল, তাতে কয়লাৰ জুইৰ ওপৰত মাছ আৰু পিঠা দেখিলে৷

10যীচুৱে তেওঁলোকক ক’লে, “এতিয়া যিবোৰ মাছ ধৰিলা তাৰ পৰা কিছুমান মাছ আনাগৈ”।

11তেতিয়া চিমোন পিতৰে নাৱত উঠি, এশ দুইকুৰি তেৰ টা; বৰ মাছেৰে ভৰি থকা জাল টানি বামলৈ তুলিলে; ইমানবোৰ মাছ লাগিলতো, জাল নাফাটিল।

12যীচুৱে তেওঁলোকক ক’লে, “আহা তোমালোকে পুৱাৰ আহাৰ ভোজন কৰাহি”। তেতিয়া তেৱেঁই যে প্ৰভু, ইয়াকে জানি ‘তুমি নো কোন?’ এই বুলি সুধিবলৈ শিষ্য সকলৰ মাজৰ কোনো এজনৰ সাহস নহ’ল।

13পাছত যীচুৱে আহি, পিঠা আৰু মাছ লৈ তেওঁলোকক দিলে।

14মৃত লোকৰ মাজৰ পৰা উঠাৰ পাছত, এইদৰে তৃতীয় বাৰ যীচুৱে শিষ্য সকলক দৰ্শন দিলে।

15তেওঁলোকে আহাৰ গ্ৰহণ কৰাৰ পাছত, যীচুৱে চিমোন পিতৰক সুধিলে, “হে যোহনৰ পুতেক চিমোন, তুমি এই সকলোতকৈ মোক অধিক প্ৰেম কৰা নে?” পিতৰে তেওঁক ক’লে, “হয় প্ৰভু; মই যে আপোনাক প্ৰেম কৰোঁ, আপুনি জানে”। যীচুৱে তেওঁক ক’লে, “মোৰ মেৰ-পোৱালি সকলক চৰোৱা।”

16পুনৰ দ্বিতীয় বাৰ তেওঁ সুধিলে, “হে যোহনৰ পুতেক চিমোন তুমি মোক প্ৰেম কৰা নে?” পিতৰে তেওঁক ক’লে, “হয় প্ৰভু; আপোনাক মই প্ৰেম কৰোঁ, এই বিষয়ে আপুনি জানে।” যীচুৱে তেওঁক ক’লে, “মোৰ মেৰবোৰ প্ৰতিপালন কৰা।”

17তৃতীয় বাৰ তেওঁ সুধিলে, “হে যোহনৰ পুতেক চিমোন, তুমি মোক প্ৰেম কৰা নে?” পিতৰে অসন্তোষ কৰি ক’লে, ‘তেওঁ কিয় আকৌ তৃতীয় বাৰ এই কথা সুধিলে, তুমি মোক ভাল পোৱা নে?’ ইয়াকে ভাবি তেওঁ ক’লে, “হে প্ৰভু, আপুনি সকলো জানে; মই যে আপোনাক প্ৰেম কৰোঁ, আপুনি জানে।” যীচুৱে তেওঁক ক’লে, “মোৰ মেৰবোৰক চৰোৱা।

18মই তোমাক সঁচাকৈ কওঁ, তুমি ডেকা কালত, নিজে নিজৰ কঁকাল বান্ধি, য’লৈকে ইচ্ছা ত’লৈকে গৈছিলা; কিন্তু যেতিয়া তুমি বুঢ়া হ’বা, তেতিয়া হাত মেলিবা আৰু অান লোকে তোমাৰ কঁকাল বান্ধি, তোমাৰ য’লৈ যাবৰ ইচ্ছা নাই, ত’লৈকে তোমাক লৈ যাব।”

19তেতিয়া যীচুৱে এই সকলো কথাৰে বুজাই দিলে যে, তেওঁ কেনে মৰণেৰে ঈশ্বৰক মহিমান্বিত কৰিব। এইদৰে কোৱাৰ পাছত যীচুৱে তেওঁক ক’লে, “মোৰ পাছে পাছে আহা।”

20তেতিয়া পিতৰে মূখ ঘূৰাই, যি জনে ৰাতিৰ ভোজনৰ সময়ত, যীচুৰ বুকুলৈ হাউলি গৈ সুধিছিল, ‘হে প্ৰভু, আপোনাক শত্ৰুৰ হাতত কোনে শোধাই দিব?’ যীচুৰ সেই প্ৰিয় শিষ্যক পাছে পাছে অহা দেখিলে।

21তাতে পিতৰে তেওঁক দেখি, যীচুক সুধিলে, “হে প্ৰভু, এই মানুহ জনৰ কি অৱস্থা হ’ব?”

22তেতিয়া যীচুৱে ক’লে, “‘মই অহালৈকে তেওঁ যদি জীয়াই থাকে’, মই যদি এনেদৰে থকাটো ইচ্ছা কৰোঁ, তেনেহলে তাৰ পৰা তোমাৰ কি হ’ব? তুমি মোক অনুসৰণ কৰা।”

23এই কথা ভাই সকলৰ মাজত বিয়পি গ’ল; সেই শিষ্য নমৰিব বুলি যীচুৱে তেওঁক কোৱা নাই; কিন্তু ‘মই অহালৈকে তেওঁ যদি জীয়াই থাকে, মই যদি এনেদৰে থকাটো বিচাৰো, তেনেহলে তাত তোমাৰ কি কাম?’ অকল ইয়াকেহে কৈছিল।

24যি জনে এইবোৰৰ বিষয়ে সাক্ষ্য দিছে আৰু এইবোৰ লিখিলে, এৱেঁই সেই শিষ্য; আমি জানো যে, তেওঁৰ সাক্ষ্য সত্য।

25ইয়াৰ বাহিৰেও যীচুৱে বহু কৰ্ম কৰিলে৷ সেই সকলোকে এটা এটাকৈ লিখিবলৈ গ’লে, যিমানবোৰ পুস্তক হ’ব, বোধ কৰোঁ, সিমানবোৰ পৃথিৱীতো নধৰিব।

উত্‍স: ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

WEBREATH · 11:11

«He himself gives everyone life and breath and everything else» — Acts 17:25

Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.

WEBREATH — the Minute at 11:11, your own local time — we are One Breath