খ্ৰীষ্টান ধৰ্ম
উভতি যাওক

যোহনে লিখা শুভবাৰ্তা 18

1যীচুৱে এইবোৰ কথা কৈ, কিদ্ৰোণ উপত্যকাৰ সিপাৰে য’ত এখন বাগিছা আছিল, সেই ঠাইলৈ তেওঁ শিষ্য সকলৰ সৈতে তালৈ ওলাই গ’ল; আৰু সেই বাগিচাত তেওঁ আৰু তেওঁৰ শিষ্য সকল সোমাল।

2শত্ৰুৰ হাতত শোধাই দিয়া যিহূদায় সেই ঠাই চিনি পাইছিল; কিয়নো যীচুৱে তেওঁৰ শিষ্য সকলক লগত লৈ বহুত বাৰ সেই ঠাইলৈ গৈছিল।

3তেতিয়া যিহূদায় প্ৰধান পুৰোহিত, ফৰীচী সকলৰ বিষয়া আৰু সৈন্যৰ দল এটাৰ সৈতে জোঁৰ, আৰিয়া আৰু অস্ত্ৰ-শস্ত্ৰ লৈ, সেই ঠাইত উপস্থিত হ’ল।

4তেতিয়া যীচুৱে, তেওঁৰ প্ৰতি কি ঘটিবলৈ গৈ আছে সেই বিষয়ে আগেয়ে জনাৰ বাবে, তেওঁলোকৰ আগলৈ ওলাই গৈ তেওঁ সুধিলে, “তোমালোকে কোন জনক বিচাৰিছা?”

5তেওঁলোকে উত্তৰ দিলে, “নাচৰতীয়া যীচুক।” যীচুৱে তেওঁলোকক ক’লে, “ময়েই সেই জন।” তেওঁক শত্ৰুৰ হাতত শোধাই দিয়া যিহূদাও তেওঁলোকৰ সৈতে থিয় হৈ আছিল।

6যেতিয়া তেওঁ তেওঁলোকক ক’লে, “ময়েই সেই জন”, তেতিয়া তেওঁলোক পাছ হুঁহকি আহিল আৰু মাটিত পৰি গ’ল।

7তেতিয়া তেওঁ তেওঁলোকক আকৌ সুধিলে, “তোমালোকে কোন জনক বিচাৰিছা?” তেওঁলোকে ক’লে, “নাচৰতীয়া যীচুক।”

8যীচুৱে উত্তৰ দিলে, “মই তোমালোকক কৈছোঁ, ময়েই সেই জন; এতেকে যদি মোক বিচাৰিছা, তেনেহলে এওঁলোকক যাবলৈ দিয়া।”

9তেওঁ আগেয়ে কোৱা কথা সম্পূৰ্ণ হবলৈ এইবোৰ ঘটিল। তেওঁ কৈছিল, “মোক যি সকলক দিলা, তেওঁলোকৰ এজনকো মই হেৰুওৱা নাই।”

10তেতিয়া চিমোন পিতৰৰ, এখন তৰোৱাল আছিল, তেওঁ সেই তৰোৱাল ফাঁকৰ পৰা উলিয়াই, মহা-পুৰোহিতৰ দাসক ঘাপ মাৰি, তাৰ সোঁ কাণ খন কাটি পেলালে। সেই দাসৰ নাম আছিল ‘মল্ক’।

11তেতিয়া যীচুৱে পিতৰক ক’লে, “তৰোৱাল ফাকত সুমুৱাই থোৱা; পিতৃয়ে মোক যি দূখৰ পান-পাত্ৰ দিলে, মই তাতে পান নকৰিম নে?”

12তেতিয়া সৈন্য দল আৰু তেওঁলোকৰ সেনাপতি আৰু ইহুদী সকলৰ ৰখীয়াবোৰে যীচুক ধৰি বান্ধি,

13প্ৰথমতে হাননৰ ওচৰলৈ লৈ গ’ল; কিয়নো তেওঁ সেই বছৰত মহা-পুৰোহিত হোৱা কায়াফাৰ শহুৰেক আছিল।

14এই কায়াফাই ইহুদী সকলক পৰামৰ্শ দিছিল যে, ‘লোক সকলৰ কাৰণে এজন মানুহ মৰা ভাল’।

15তেতিয়া চিমোন পিতৰ আৰু আন এজন শিষ্য যীচুৰ পাছে পাছে গ’ল। সেই শিষ্যৰ মহা-পুৰোহিতৰ সৈতে চিনাকি থকা বাবে যীচুৰে সৈতে মহা-পুৰোহিতৰ চোতাললৈ সোমাই গ’ল।

16কিন্তু পিতৰ দুৱাৰৰ বাহিৰত থিয় হৈ থাকিল। এই হেতুকে মহা-পুৰোহিতৰ চিনাকি সেই আন শিষ্যই আকৌ বাহিৰলৈ আহি, দুৱৰী মহিলা গৰাকীক কৈ, পিতৰক ভিতৰলৈ আনিলে।

17তাতে সেই দুৱৰী মহিলা গৰাকীয়ে পিতৰক ক’লে, “তুমিও এই মানুহ জনৰ শিষ্য সকলৰ মাজৰ এজন নহয় নে?” তেওঁ ক’লে, “মই নহয়।”

18সেই ঠাইতে দাস আৰু ৰক্ষকবোৰে ঠাণ্ডাৰ কাৰণে জুই জ্বলাইছিল আৰু থিয় হৈ জুই পুৱাই আছিল; পিতৰেও সিহঁতৰ লগত থিয় হৈ জুই পুৱাই আছিল।

19তেতিয়া মহা-পুৰোহিতে যীচুক, তেওঁৰ শিষ্য সকলৰ বিষয়ে আৰু শিক্ষাৰ বিষয়ে সুধিলে।

20যীচুৱে তেওঁক উত্তৰ দি ক’লে, “মই জগতৰ আগত মুকলিকৈ ক’লোঁ; মই নাম-ঘৰত আৰু মন্দিৰত, ইহুদী সকলৰ গোট খোৱা ঠাইত সদায় শিক্ষা দিলোঁ আৰু কেতিয়াও গুপুতে একো কোৱা নাই।

21আপোনালোকে মোক কিয় সুধি আছে? তেওঁলোকক সোধক যি সকলে মোৰ কথা শুনিলে; তেওঁলোকক মই কি ক’লো, সেই বিষয়ে তেওঁলোকে জানে।”

22যীচুৱে এইবোৰ কথা কোৱাত, ওচৰত থিয় হৈ থকা টেকেলাবোৰৰ মাজৰ এজনে যীচুক চৰ মাৰিলে আৰু ক’লে, “এনে ধৰণৰ উত্তৰ মহা-পুৰোহিতক কিয় দিছা?”

23যীচুৱে তেওঁক উত্তৰ দিলে, “যদি মই কিবা অন্যায় কথা কৈছোঁ, তেতিয়াহলে অন্যায় কথাৰ প্ৰমাণ দিয়া; কিন্তু যদি মই সঠিক কথা কৈছোঁ, তেনেহলে মোক কিয় মাৰিছা?”

24তাৰ পাছত হাননে যীচুক, মহা-পুৰোহিত কায়াফাৰ ওচৰলৈ পঠাই দিলে, যীচুক তেতিয়া বান্ধি থোৱা আছিল।

25তাতে চিমোন পিতৰে থিয় হৈ জুই পুৱাই আছিল। তাত থকা মানুহবোৰে তেওঁক সুধিলে, “তুমিও তেওঁৰ শিষ্য সকলৰ মাজৰ এজন নহয় নে?” তেওঁ অস্বীকাৰ কৰি ক’লে, “মই নহয়।”

26মহা-পুৰোহিতৰ এজন দাসে, যি জনৰ কাণ পিতৰে কাটি পেলাইছিল, তেওঁৰ সমন্ধীয় এজনে ক’লে, “মই তোমাক তেওঁৰ লগত বাগিছাত দেখা নাছিলো নে?”

27তেতিয়া পিতৰে আকৌ অস্বীকাৰ কৰিলে; আৰু সেই সময়তে তৎক্ষণাত কুকুৰাই ডাক দিলে।

28ইয়াৰ পাছত তেওঁলোকে যীচুক কায়াফাৰ ঘৰৰ পৰা প্ৰিটৰিয়মলৈ লৈ গ’ল; তেতিয়া সময় ৰাতিপুৱা আছিল; তেওঁলোকে নিজেই প্ৰিটৰিয়ামৰ ভিতৰত সোমাবলৈ মন নকৰিলে, জানোছা তেওঁলোক অশুচি হৈ পৰে, কিয়নো তেওঁলোকে নিস্তাৰ-পৰ্বৰ ভোজ খাবলৈ আশা কৰি আছিল৷

29এতেকে পীলাতে বাহিৰলৈ গৈ তেওঁলোকক সুধিলে, “তোমালোকে এই মানুহ জনৰ বিপক্ষে কি গোচৰ আনিছা?”

30তেওঁলোকে উত্তৰ দি পীলাতক ক’লে, “এই লোক জন দুষ্কৰ্ম্মী নোহোৱা হ’লে, আপোনাৰ হাতত এওঁক শোধাই নিদিলোহেঁতেন।”

31তেতিয়া পীলাতে তেওঁলোকক ক’লে, “এওঁক লৈ যোৱা তোমালোকৰ বিধানৰ মতে তেওঁৰ সোধ-বিচাৰ কৰা।” ইহুদী সকলে তেওঁক ক’লে, “কাকো প্ৰাণদণ্ড দিবলৈ বিধান অনুসৰি আমাৰ ক্ষমতা নাই।”

32কিদৰে তেওঁৰ মৃত্যু হব এই বিষয়ে যীচুৱে যি কথা ইঙ্গিত দিছিল, সেই ধৰণৰে মৰিবলৈ এই ইঙ্গিত সিদ্ধ হ’বলৈ এনে হ’ল।

33এতেকে পীলাতে আকৌ প্ৰিটৰিয়মৰ ভিতৰলৈ সোমাই গৈ, যীচুক সুধিলে “তুমি ইহুদী সকলৰ ৰজা নে?”

34যীচুৱে উত্তৰ দিলে, “তুমি নিজেই এই কথা সুধিছা নে নাইবা অন্য লোকে মোৰ বিষয়ে তোমাক এই কথা সুধিবলৈ ক’লে?”

35পীলাতে উত্তৰ দিলে, “মই জানো ইহুদী মানুহ? তোমাৰ নিজৰ জাতিৰ লোক আৰু প্ৰধান পুৰোহিত সকলে মোৰ হাতত তোমাক শোধাই দিলে; তুমি কি কর্ম কৰিলা?”

36যীচুৱে উত্তৰ দিলে, “মোৰ ৰাজ্য এই জগতৰ নহয়; মোৰ ৰাজ্য এই জগতৰ হোৱা হ’লে ইহুদী সকলৰ হাতত যাতে মোক শোধাই দিব নোৱাৰে তাৰ কাৰণে মোৰ সেৱক সকলে মোক ৰক্ষা কৰিবলৈ প্ৰাণপণে যুদ্ধ কৰিলেহেঁতেন; কিন্তু এতিয়া মোৰ ৰাজ্য ইয়াত নহয়।”

37তেতিয়া পীলাতে তেওঁক ক’লে, “তেনেহলে তুমি ৰজা নে?” যীচুৱে উত্তৰ দিলে, “মই যে ৰজা হওঁ, ইয়াক তুমিয়েই কৈছা। সত্যতাৰ পক্ষে সাক্ষ্য দিবলৈ মই জন্ম ধৰি এই জগতলৈ আহিলোঁ। যি কোনোৱে এই সত্যৰ পক্ষত আছে, তেওঁলোকে মোৰ কথা শুনে৷”

38পীলাতে তেওঁক ক’লে, “সত্য নো কি?” এই কথা সুধি তেওঁ পুনৰ বাহিৰত থকা ইহুদী সকলৰ ওচৰলৈ গৈ তেওঁলোকক ক’লে, “মই এই মানুহ জনৰ একো দোষ দেখা পোৱা নাই৷

39তোমালোকৰ এটা নিয়ম আছে, সেই নিয়ম অনুসাৰে নিস্তাৰ-পৰ্বৰ সময়ত মই তোমালোকলৈ এজনক এৰি দিব লাগে, তোমালোকৰ যদি ইচ্ছা হয়, তেনেহলে মই তোমালোকলৈ ইহুদী সকলৰ ৰজাক এৰি দিম নে?”

40তেতিয়া তেওঁলোকে আকৌ আটাহ পাৰি ক’লে, “এই মানুহ জনক নহয় কিন্তু বাৰাব্বাক এৰি দিয়ক।” সেই ‘বাৰাব্বা’ এজন ডকাইত আছিল।

উত্‍স: ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

WEBREATH · 11:11

«He himself gives everyone life and breath and everything else» — Acts 17:25

Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.

WEBREATH — the Minute at 11:11, your own local time — we are One Breath