খ্ৰীষ্টান ধৰ্ম
উভতি যাওক

যোহনে লিখা শুভবাৰ্তা 17

1যীচুৱে এইবোৰ কথা কোৱাৰ পাছত, স্বৰ্গলৈ চকু তুলি ক’লে, “হে পিতৃ, এতিয়া সময় হৈছে; তোমাৰ পুত্ৰক মহিমান্বিত কৰা, যাতে তোমাৰ পুত্ৰয়ো তোমাক মহিমান্বিত কৰিব পাৰে;

2যি দৰে সকলোকে অনন্ত জীৱন দিবলৈ তুমি সকলো মানুহৰ ওপৰত তোমাৰ পুত্ৰক অধিকাৰ কৰিবলৈ দিলা।

3এইটোৱে অনন্ত জীৱন; একমাত্ৰ সত্য ঈশ্বৰ যি তুমি, তোমাক আৰু তুমি পঠোৱা যীচু খ্ৰীষ্টক তেওঁলোকে যেন জানে।

4তুমি মোক যি কৰ্ম কৰিবলৈ দিছিলা, সেয়া মই সিদ্ধ কৰি পৃথিৱীত তোমাক মহিমান্বিত কৰিলোঁ

5এতিয়া, হে পিতৃ, তোমাৰ সান্নিধ্যৰে মোক মহিমান্বিত কৰা৷ জগত সৃষ্টিৰ পূর্বে তোমাৰ সৈতে মোৰ যি মহিমা আছিল, সেই মহিমাৰে, এতিয়া মোক মহিমান্বিত কৰা।

6তুমি এই জগতৰ মাজৰ পৰা যি সকল মানুহক মোক দিলা, সেই সকলৰ আগত মই তোমাৰ নাম প্ৰকাশ কৰিলোঁ; তেওঁলোক তোমাৰেই আছিল, তুমি তেওঁলোকক মোক দিলা; আৰু তেওঁলোকে তোমাৰ বাক্য ধৰি ৰাখিছে।

7এতিয়া তেওঁলোকে জানিছে, তুমি মোক যি যি দিছিলা, সেই সকলোৱেই যে, তোমাৰ কাষৰ পৰাই হৈছে৷

8কিয়নো তুমি যি বাক্য মোক দিলা, সেই বাক্য মই তেওঁলোকক দিলোঁ আৰু তেওঁলোকে সেই সকলোকে গ্ৰহণো কৰিলে, মই যে তোমাৰ পৰা আহিলোঁ, ইয়াকো তেওঁলোকে সঁচাকৈ জানিলে আৰু তুমি যে মোক পঠালা সেয়াও বিশ্বাস কৰিলে।

9মই তেওঁলোকৰ কাৰণে প্ৰার্থনা কৰিছোঁ। মই গোটেই জগতৰ কাৰণে প্ৰার্থনা কৰা নাই, কিন্তু যি সকলক মোক দিলা, তেওঁলোকৰ কাৰণেহে কৰিছোঁ; কিয়নো তেওঁলোক তোমাৰ৷

10মোৰ সকলো বস্তু তোমাৰ আৰু যি যি তোমাৰ, সেই সকলোৱেই মোৰ; মই তোমাৰ যোগেদিয়েই সেইবোৰত মহিমান্বিত হৈছোঁ।

11মই এই জগতত বেছি দিন নাথাকো; কিন্তু এই লোক সকল হ’লে জগতত থাকিব, মই তোমাৰ ওচৰলৈ যাওঁ। হে পবিত্ৰ পিতৃ, আমি যেনেকৈ এক হৈ আছোঁ, তোমাৰ নামেৰে মোক দিয়া লোক সকলো যেন তেনেকৈ এক হব পাৰে৷

12মই তেওঁলোকৰ লগত থকা সময়ত, তুমি যি নাম মোক দিছা, তোমাৰ সেই নামত মই তেওঁলোকক ৰক্ষা কৰিলোঁ; আৰু মই তেওঁলোকক পহৰা দিলোঁ; তাতে তেওঁলোকৰ এজনো বিনষ্ট নহ’ল, কেৱল বিনাশৰ পুত্ৰহে শাস্ত্ৰীয় বচন সিদ্ধ কৰিবলৈ বিনষ্ট হ’ল।

13কিন্তু এতিয়া মই তোমাৰ ওচৰলৈ আহিছোঁ; এই কাৰণে জগতত থাকোতেই এইবোৰ কথা কৈছোঁ। মোৰ আনন্দ যেন তেওঁলোকে সম্পূর্ণৰূপে পায়৷

14মই তোমাৰ বাক্য তেওঁলোকক দিলোঁ; কিন্তু জগতে তেওঁলোকক ঘৃণা কৰে, কাৰণ তেওঁলোক জগতৰ নহয়; মই যেনেকৈ জগতৰ নহওঁ৷

15তেওঁলোকক এই জগতৰ পৰা নিবলৈ মই তোমাক প্ৰার্থনা নকৰোঁ, কিন্তু তুমি তেওঁলোকক চয়তানৰ পৰা ৰক্ষা কৰা।

16তেওঁলোক জগতৰ নহয়, মই যেনেকৈ জগতৰ নহওঁ।

17তোমাৰ বাক্যই সত্য; সত্যতাৰে তোমাৰ সেৱা কৰিবলৈ তেওঁলোকক পবিত্ৰ কৰা।

18তুমি যেনেকৈ মোক জগতলৈ পঠালা, ময়ো তেনেকৈ তেওঁলোকক জগতলৈ পঠালোঁ।

19তেওঁলোকৰ কাৰণে মই নিজকে পবিত্র কৰিছোঁ, যাতে তেওঁলোকো সত্য ৰূপে পবিত্ৰ হব পাৰে৷

20মই কেৱল এওঁলোকৰ কাৰণে প্ৰার্থনা নকৰোঁ, কিন্তু এওঁলোকৰ বাক্যৰ দ্বাৰাই মোক বিশ্বাস কৰা সকলোৰে কাৰণে প্ৰার্থনা কৰোঁ,

21গতিকে তেওঁলোক যেন সকলোৱে এক হয়; হে পিতৃ, তুমি যেনেকৈ মোৰ লগত আছা, তেনেকৈ ময়ো তোমাৰ লগত আছোঁ, তেনেকৈ তেওঁলোকেও যেন আমাৰ লগত থাকে, তাতে জগতে যেন বিশ্বাস কৰে তুমি যে মোক পঠিয়ালা৷

22আৰু তুমি মোক যি মহিমা দিলা, সেই মহিমা ময়ো তেওঁলোকক দিলোঁ, সেই কাৰণে তেওঁলোক এক; আমি সকলোৱেই যেন এক হব পাৰোঁ,

23তাৰ বাবে মই তেওঁলোকত আৰু তুমি মোৰ লগত থাকিবা, এইদৰে তেওঁলোক যেন সম্পূৰ্ণকৈ এক হয়, জগতে যাতে জানে তুমি মোক পঠিয়াইছা, আৰু তুমি যেনেকৈ মোক প্ৰেম কৰিলা, তেনেকৈ তেওঁলোককো প্ৰেম কৰা৷

24হে পিতৃ, মই বিচাৰো, তুমি মোক যি দিছা, যি ঠাইত মই আছোঁ, তেওঁলোকো যেন মোৰ লগত সেই ঠাইত থাকে, তুমি যি মহিমা মোক দিছা সেই মহিমা যেন তেওঁলোকে দেখিবলৈ পায়; কাৰণ জগত স্থাপন কৰাৰ পূর্বেই তুমি মোক প্ৰেম কৰিলা৷

25হে ন্যায়ৱান পিতৃ, জগতে তোমাক নাজানিলে, কিন্তু মই তোমাক জানিলোঁ; আৰু তুমি যে মোক পঠালা, সেয়া তেওঁলোকেও জানিলে।

26তুমি কোন হয়, সেই বিষয়ে মই তেওঁলোকৰ ওচৰত প্ৰকাশ কৰিছোঁ, আৰু ইয়াৰ পাছতো মই ইয়াকে কৰি থাকিম, তেতিয়া তুমি মোক যেনে প্ৰেম কৰা, তেওঁলোকেও একেদৰে আন লোকক প্ৰেম কৰিব আৰু মই তেওঁলোকৰ লগত থাকিম।

উত্‍স: ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

WEBREATH · 11:11

«He himself gives everyone life and breath and everything else» — Acts 17:25

Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.

WEBREATH — the Minute at 11:11, your own local time — we are One Breath