খ্ৰীষ্টান ধৰ্ম
উভতি যাওক

যিৰিমিয়া 7

1যিহোৱাৰ পৰা যিৰিমিয়ালৈ এই বাক্য আহিল আৰু ক’লে:

2বোলে, তুমি যিহোৱাৰ গৃহৰ বাহিৰৰ দুৱাৰ মুখত থিয় হৈ, তাত এই বাক্য প্ৰচাৰ কৰা আৰু কোৱা, ‘যিহোৱাক প্ৰণিপাত কৰিবলৈ এই দুৱাৰবোৰত সোমোৱা হে যিহূদাৰ লোকসকল, যিহোৱাৰ বাক্য শুনা।

3ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: তোমালোকে তোমালোকৰ আচাৰ-ব্যৱহাৰ আৰু কাৰ্য শুধৰোৱা; তেতিয়া মই তোমালোকক এই ঠাইত বাস কৰোৱাম।

4এইবোৰ “যিহোৱাৰ মন্দিৰ! যিহোৱাৰ মন্দিৰ! যিহোৱাৰ মন্দিৰ!” এই বুলি কোৱা কথাত তোমালোকে বিশ্বাস নকৰিবা।

5কিয়নো যদি তোমালোকে নিজ নিজ আচাৰ-ব্যৱহাৰ আৰু কাৰ্য সম্পূৰ্ণকৈ শুধৰোৱা, যদি কোনো মানুহ আৰু তাৰ ওচৰ-চুবুৰীয়াৰ মাজত তোমালোকে ন্যায় বিচাৰ সম্পূৰ্ণকৈ সিদ্ধ কৰা,

6বিদেশী, মাউৰা আৰু বিধৱাক উপদ্ৰৱ নকৰা, আৰু এই ঠাইত নিৰ্দ্দোষীৰ ৰক্তপাত নকৰা, নাইবা তোমালোকৰ অপৰাধৰ কাৰণে ইতৰ দেৱতাবোৰৰ পাছত নচলা,

7তেন্তে মই এই ঠাইত তোমালোকৰ পূৰ্বপুৰুষসকলক দিয়া এই দেশত তোমালোকক অনন্ত কাললৈকে বাস কৰোৱাম।

8চোৱা! উপকাৰ কৰিব নোৱাৰা মিছা কথাত তোমালোকে বিশ্বাস কৰিছা।

9তোমালোকে চুৰ, নৰ-বধ, পৰস্ত্ৰীগমন আৰু মিছা শপত খোৱা, বাল দেৱতাৰ উদ্দেশ্যে ধূপ জ্বলাই, তোমালোকে নজনা ইতৰ দেৱতাবোৰৰ পাছত চলি, সেই সকলো ঘিণলগীয়া কাৰ্য কৰা?

10মোৰ নামেৰে প্ৰখ্যাত এই গৃহত সোমাই মোৰ আগত থিয় হৈ, ‘আমি মুক্তি পালোঁ’ এইবুলি কবা নে?

11মোৰ নামেৰে প্ৰখ্যাত এই গৃহ তোমালোকৰ দৃষ্টিত ডকাইতৰ গুহা হল নে? যিহোৱাই ইয়াকেই ঘোষণা কৰিছে, চোৱা! মই, মইয়ো ইয়াকেই দেখিলোঁ।

12কিন্তু, পূৰ্বতে মই য’ত মোৰ নাম স্থাপন কৰিছিলোঁ, চীলোত থকা মোৰ সেই ঠাইলৈ তোমালোক যোৱা, আৰু মোৰ প্ৰজা ইস্ৰায়েলৰ দুষ্টতাৰ কাৰণে মই তাক যি কৰিছিলোঁ, তাক চোৱা।

13আৰু যিহোৱাই কৈছে, তোমালোকে এইবোৰ কাৰ্য কৰিলা, আৰু মই অতি ৰাতিপুৱাতে উঠি তোমালোকক এই কথা কওঁতেও তোমালোকে নুশুনিলা আৰু মই মাতোতে তোমালোকে উত্তৰ নিদিলা।

14এই হেতুকে, মোৰ নামেৰে প্ৰখ্যাত, তোমালোকে বিশ্বাস কৰা এই গৃহক, তোমালোকক আৰু তোমালোকৰ পূৰ্বপুৰুষসকলক মই দিয়া এই ঠাইক, মই চীলোক কৰাৰ দৰে কৰিম।

15আৰু তোমালোকৰ ভাইসকলক, এনে কি, ইফ্ৰয়িমৰ গোটেই বংশক যেনেকৈ দূৰ কৰি পেলালোঁ, তেনেকৈ তোমালোককো মোৰ সম্মুখৰ পৰা দূৰ কৰি পেলাম।

16এই হেতুকে, তুমি এই জাতিৰ কাৰণে প্ৰাৰ্থনা নকৰিবা, বা তেওঁলোকৰ কাৰণে নিবেদন কি, প্ৰাৰ্থনা উৎসৰ্গ নকৰিবা, বা অনুৰোধ নকৰিবা; কিয়নো মই তোমাৰ কথা নুশুনিম।

17তেওঁলোকে যিহূদাৰ নগৰবোৰত আৰু যিৰূচালেমৰ আলিবোৰত যি কৰিছে, তাক জানো তুমি দেখা নাই?

18মোক বেজাৰ দি আকাশৰ ৰাণীৰ উদ্দেশ্যে পিঠা বনাবলৈ আৰু ইতৰ দেৱতাবোৰৰ উদ্দেশ্যে পেয়-নৈবেদ্য উৎসৰ্গ কৰিবলৈ লৰা-ছোৱালীসকলে খৰি বোটলে, বাপেকহঁতে জুই জ্বলাই, আৰু মহিলাসকলে মৈদা খচে।

19যিহোৱাই কৈছে, তেওঁলোকে জানো মোকহে দুখ দিব? কিন্তু নিজৰ মুখ বিবৰ্ণ কৰিবলৈ জানো নিজৰ মনকেই বেজাৰ নিদিব?

20এই হেতুকে প্ৰভু যিহোৱাই এই কথা কৈছে: চোৱা, এই ঠাইৰ ওপৰত মানুহ, পশু, বাৰীৰ গছ, আৰু ভুমিৰ ফল, এই সকলোৰে মোৰ ক্ৰোধ আৰু ক্রোধাগ্নি ঢলা যাব আৰু সেয়ে দগ্ধ কৰিব, নুমাই নাযাব।

21ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: তোমালোকে তোমালোকৰ মঙ্গলাৰ্থক বলিৰ লগত হোম-বলি যোগ কৰা, আৰু মাংস খোৱা।

22কিয়নো যি দিনা মই তোমালোকৰ পূৰ্বপুৰুষসকলক মিচৰ দেশৰ পৰা উলিয়াই আনিছিলোঁ, সেই দিনা মই হোম-বলি কি মঙ্গলাৰ্থক বলিৰ বিষয়ে কোৱা বা আজ্ঞা দিয়া নাছিলোঁ।

23কিন্তু তেওঁলোকক এই আজ্ঞাহে দিছিলোঁ! যে, তোমালোকে মোৰ বাক্য শুনা, তেতিয়া মই তোমালোকৰ ঈশ্বৰ হ’ম, আৰু তোমালোক মোৰ প্ৰজা হ’বা; আৰু যি পথত চলিবলৈ মই তোমালোকক আজ্ঞা কৰোঁ, তোমালোকৰ ভালৰ অৰ্থে তোমালোকে সেই পথত চলা।

24কিন্তু তেওঁলোকে নুশুনি কাণ নাপাতি নিজৰ মন্ত্ৰণা আৰু দুষ্ট মনৰ কঠিনতা অনুসাৰে চলিলে আৰু আগ নাবাঢ়ি পাছ হুহঁকিল।

25তোমালোকৰ পূৰ্বপুৰুষসকল মিচৰ দেশৰ পৰা ওলাই অহা দিনৰে পৰা আজিলৈকে, মই প্ৰতি প্ৰভাতে উঠি, সদায় মোৰ সকলো দাস ভাববাদীসকলক তোমালোকৰ ওচৰলৈ পঠাই আছোঁ।

26তথাপি তেওঁলোকে মোৰ বাক্যলৈ মন নিদিলে, আনকি কাণো নাপাতিলে; কিন্তু নিজ নিজ ডিঙি ঠৰ কৰিলে, নিজৰ পূৰ্বপুৰুষসকলতকৈয়ো অধিক কু-আচৰণ কৰিলে।

27তুমি তেওঁলোকক এই আটাইবোৰ কথা ক’বা, কিন্তু তেওঁলোকে তোমাৰ কথা নুশুনিব; আৰু তুমি তেওঁলোকক মাতিব, কিন্তু তেওঁলোকে তোমাক উত্তৰ নিদিব।

28তেতিয়া তুমি তেওঁলোকক ক’বা, ‘এয়ে নিজ ঈশ্বৰ যিহোৱাৰ বাক্য নুশুনা বা শাস্তি গ্ৰহণ নকৰা জাতি; বিশ্বস্ততা নষ্ট হ’ল, আৰু এওঁলোকৰ মুখৰ পৰা তাক দূৰ কৰা হ’ল!

29হে যিৰূচালেম তোমাৰ চুলি কাটি পেলাই দিয়া; আৰু গছ-শূন্য পৰ্ব্বতবোৰত উঠি বিলাপ কৰা। কিয়নো যিহোৱাই নিজ ক্ৰোধৰ পাত্ৰ এই বংশক অগ্ৰাহ্য কৰিলে, পৰিত্যাগ কৰিলে।

30কিয়নো, যিহোৱাই কৈছে, মোৰ সাক্ষাতে যি কুচ্ছিত, যিহূদাৰ সন্তান সকলে তাকেই কৰিলে। মোৰ নামেৰে প্ৰখ্যাত হোৱা গৃহটি অশুচি কৰিবৰ অৰ্থে তেওঁলোকে তাৰ ভিতৰত নিজৰ ঘিণলগীয়া বস্তুবোৰ ৰাখিলে।

31আৰু তেওঁলোকৰ পো-জীসকলক জুইত পুৰিবলৈ হিন্নোমৰ পুতেকৰ উপত্যকাত থকা তোফতৰ ওখ ঠাইবোৰ সাজিলে, ইয়াক মই আজ্ঞা কৰা নাছিলোঁ। আৰু এই বিষয় মোৰ মনত উদয়ো হোৱা নাছিল।

32যিহোৱাই কৈছে, এই হেতুকে চোৱা, যি দিনা সেই ঠাই তোফত বা হিন্নোমৰ পুতেকৰ উপত্যকা বুলি প্ৰখ্যাত নহব, কিন্তু হত্যাৰ উপত্যকা বুলি প্ৰখ্যাত হব, এনে দিন আহিছে; কাৰণ সেইদিনা তোমালোকে তোফতত পুতিবলৈ ঠাই নোহোৱালৈকে তাত মৰা শৱ পুতি থাকিব।

33তেতিয়া এই জাতিৰ শৱ আকাশৰ চৰাইৰ আৰু পৃথিৱীৰ জন্তুবোৰৰ আহাৰ হ’ব, সেইবোৰক কোনেও ভয় দেখুৱাই বাধা দিব নোৱাৰিব।

34তেতিয়া মই যিহূদাৰ নগৰবোৰৰ পৰা আৰু যিৰূচালেমৰ আলিবোৰৰ পৰা উল্লাসৰ ধ্বনি, আনন্দৰ ধ্বনি আৰু দৰা-কন্যাৰ ধ্বনি লুপ্ত কৰিম; কিয়নো এই দেশ উচ্ছন্ন ঠাই হ’ব।’

উত্‍স: ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

WEBREATH · 11:11

«He himself gives everyone life and breath and everything else» — Acts 17:25

Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.

WEBREATH — the Minute at 11:11, your own local time — we are One Breath