খ্ৰীষ্টান ধৰ্ম
উভতি যাওক

যিৰিমিয়া 5

1“তোমালোকে যিৰূচালেমৰ বাটে বাটে ইফালে সিফালে লৰি ফুৰা আৰু মন দি চোৱা, আৰু তাৰ চুকে চুকে বিচাৰা, ন্যায় কাৰ্যকাৰী আৰু সত্যৰ অনুগামী এজনকো যদি পোৱা, তেন্তে মই নগৰখনক ক্ষমা কৰিম।

2যদিও তেওঁলোকে ‘যিহোৱাৰ জীৱনৰ শপত,’ এই বুলি ক’য়, তথাপি তেওঁলোকে মিছা শপতহে খায়।

3হে যিহোৱা, তোমাৰ দৃষ্টি সত্যলৈ নহয় নে? তুমি তেওঁলোকক প্ৰহাৰ কৰিলা; তথাপি তেওঁলোক দুখিত নহ’ল। তুমি তেওঁলোকলৈ বিনাশ আনিলা, তথাপি তেওঁলোক শাস্তি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিলে, তেওঁলোকে নিজ নিজ মুখ শিলতকৈয়ো টান কৰি উভটি আহিবলৈ অমান্তি হ’ল।

4তেতিয়া মই ক’লোঁ, “স্বৰূপেই এইসকল দৰিদ্ৰ লোক। তেওঁলোক অজ্ঞানী, কাৰণ তেওঁলোকে যিহোৱাৰ পথ, আৰু নিজৰ ঈশ্বৰৰ পথ নাজানে।

5মই ডাঙৰীয়াসকলৰ ওচৰলৈ গৈ তেওঁলোকৰ আগত কথা কম; কিয়নো তেওঁলোকে ক’লে, যিহোৱাৰ পথ আৰু তেওঁলোকৰ ঈশ্বৰৰ শাসন জানে, কিন্তু তেওঁলোকে এক মত হৈ যুৱলি ভাঙিলে আৰু যোঁত-জৰী চিঙি পেলালে।

6এই কাৰণে কাঠনিৰ পৰা সিংহ আহি তেওঁলোকক বধ কৰিব। সন্ধ্যাবেলাত ওলোৱা ৰাংকুকুৰে তেওঁলোকক বিনষ্ট কৰিব। নাহৰফুটুকী বাঘে তেওঁলোকৰ নগৰৰ ওচৰত খাপ দি থাকিব। যেয়ে নগৰৰ পৰা বাহিৰ ওলাব, তাক চিৰাচিৰ কৰা হ’ব। কাৰণ তেওঁলোকৰ অধৰ্ম অধিক আৰু তেওঁলোকৰ বিপথগমন সৰহ।

7ইয়াৰ বাবে মই এই লোকসকলক কেনেকৈ ক্ষমা কৰিব পাৰোঁ? তোমাৰ সন্তান সকলে মোক ত্যাগ কৰি অনীশ্বৰবোৰৰ নামেৰে শপত খালে। মই যেতিয়া তেওঁলোকক সম্পূৰ্ণকৈ খুৱাইছিলোঁ, তেতিয়া তেওঁলোকে পৰস্ত্ৰীগমন কৰিছিল আৰু বেশ্যাৰ ঘৰত জুমে জুমে গোট খাইছিল।

8তেওঁলোকে ৰাতিপুৱাতে উঠি, দানা খুউৱা মতা ঘোঁৰাৰ নিচিনাকৈ প্ৰতিজনে নিজৰ ওচৰ-চুবুৰীয়াৰ পত্নীলৈ ঢেকঢেকায়।

9গতিকে মই জানো এই কাৰ্যবোৰৰ বাবে দণ্ড নিদিম? এইয়েই যিহোৱাৰ ঘোষণা। নাইবা মোৰ প্ৰাণে জানো এনে জাতিৰ প্ৰতিকাৰ নাসাধিব?

10তোমালোকে তাইৰ দ্রাক্ষাবাৰী বোৰ পাৰ হৈ তাক নষ্ট কৰা। কিন্তু নিঃশেষে সংহাৰ নকৰিবা। তাৰ ডালবোৰ দূৰ কৰা, কাৰণ সেইবোৰ যিহোৱাৰ নহয়।

11কিয়নো এয়েই যিহোৱাৰ ঘোষণা, কাৰণ ইস্ৰায়েল বংশ আৰু যিহূদা বংশই মোৰ অহিতে অতিশয় বিশ্বাসঘাতকতা কৰিলে।

12তেওঁলোকে মোক অস্বীকাৰ কৰিলে। আৰু ক’লে, ‘এওঁ আচল নহয়। আমালৈ অমঙ্গল নঘটিব, আমি তৰোৱাল কি আকাল নেদেখিম।

13ভাববাদীসকল বায়ুস্বৰূপ হ’ল, তেওঁলোকৰ মাজত যিহোৱাৰ বাক্য ঘোষণা কৰিবলৈ কোনো নাই। তেওঁলোকৰ আশংকা তেওঁলোকতেই হওঁক’।”

14এই কাৰণে বাহিনীসকলৰ ঈশ্বৰ যিহোৱাই কৈছে, চোৱা এই কথা কোৱা বাবে, মই তোমাৰ মুখত মোৰ বাক্য অগ্নিস্বৰূপ, আৰু এই জাতিক খৰিস্বৰূপ কৰিম; সেয়ে তেওঁলোকক গ্ৰাস কৰিব।

15যিহোৱাই এই কথা ঘোষণা কৰিলে, হে ইস্ৰায়েল বংশ, চোৱা! মই তোমালোকৰ বিৰুদ্ধে দূৰৰ পৰা এক জাতি আনিম। তেওঁলোক বলৱান জাতি! তুমি সেই জাতিৰ ভাষা নাজানা, বা তেওঁলোকৰ কথাও নুবুজা!

16তেওঁলোকৰ টোণ মুকলি মৈদামৰ নিচিনা, আৰু তেওঁলোকৰ আটাই লোক বীৰ।

17তেওঁলোকে তোমাৰ পো-জীসকলে খাব লগীয়া শস্য আৰু আহাৰ খাব। তেওঁলোকে তোমাৰ মেৰ আৰু গৰুৰ জাকবোৰ খাব; তেওঁলোকে তোমাৰ দ্ৰাক্ষালতা আৰু ডিমৰু ফলবোৰ খাব। গড়েৰে আবৃত যি নগৰবোৰত তুমি বিশ্বাস কৰিছা, তেওঁলোকে সেইসকলক তৰোৱালেৰে গুড়ি কৰিব।

18যিহোৱাই এইদৰে কৈছে, কিন্তু সেই কালতো মই তোমালোক ক নিঃশেষে সংহাৰ নকৰিম।

19আৰু আমাৰ ঈশ্বৰ যিহোৱা, আমালৈ এইবোৰ কিয় কৰিলে? এইবুলি যেতিয়া তোমাৰ লোকসকলে সুধিব, তেতিয়া তুমি, যিৰিমিয়া, তেওঁলোকক ক’বা, “তোমালোকে যেতিয়া মোক ত্যাগ কৰি তোমালোকৰ নিজ দেশত বিজাতীয় দেৱতাবোৰৰ বন্দীকাম কৰোৱালা, তেনেকৈ বিদেশত বিদেশীবোৰৰো বন্দীকাম কৰিবা।

20তোমালোকে যাকোবৰ বংশক এই কথা জনোৱা, আৰু যিহূদাৰ মাজত এই কথা প্ৰচাৰ কৰা,

21যে, ‘হে অজ্ঞান আৰু নিৰ্ব্বোধ জাতি! কাৰণ এই মুৰ্ত্তিবোৰত কোনো ইন্দ্রিয়ানুভূতি নাই; চকু থকাতো অন্ধ। আৰু কাণ থকাতো কলা।

22এনে জনা যি মই, মোকেই তোমালোকে ভয় নকৰিবা নে? মোৰেই আগত তোমালোকে কম্পিত নহ’বা নে? তোমালোকে এই কথা শুনা, যিহোৱাই কৈছে, যি জনাই চিৰস্থায়ী আদেশেৰে সাগৰৰ সীমা বালিৰে এনেকৈ স্থিৰ কৰিলে, যে, সি তাক পাৰ হব নোৱাৰে, আৰু তেওঁৰ ঢৌবোৰে আস্ফালন কৰিলেও, সেইবোৰে পৰাজয় কৰিব নোৱাৰে, আৰু গৰ্জ্জন কৰিলেও, তাক অতিক্ৰম কৰিব নোৱাৰে।

23কিন্তু এই জাতি অতিশয় আঁকোৰগোজ আৰু বিদ্ৰোহীমনা, তেওঁলোকে বিদ্ৰোহ কৰি অবাটে গ’ল।

24কাৰণ তেওঁলোকে এইবুলি নকয়, “আহাঁ, আমাৰ ঈশ্বৰ সেই যিহোৱাক আমি ভয় কৰোঁহক, যি জনাই বতৰত আগতীয়া আৰু শেষতীয়া এই দুয়ো বৰষুন দিয়ে, যি জনাই শস্য দোৱা নিৰূপিত সপ্তাহ কেইটা আমাৰ নিমিত্তে ৰক্ষা কৰে,” এইবুলি তেওঁলোকৰ মনত তেওঁলোকে নকয়।

25তোমালোকৰ অপৰাধে এইবোৰ ঘটালে। আৰু তোমালোকৰ পাপবোৰে তোমালোকৰ পৰা মঙ্গল আটক কৰিলে।

26কিয়নো মোৰ প্ৰজাসকলৰ মাজত দুষ্টলোক পোৱা যায়; চৰাই-মৰিয়াই খাপ দি থকাৰ দৰে, তেওঁলোকে খাপ দি থাকে, তেওঁলোকে ফান্দ পাতি মানুহকেই ধৰে।

27সজা যেনেকৈ চৰাইৰে পূৰ, তেওঁলোকৰ ঘৰ তেনেকৈ ছলেৰে পৰিপূৰ্ণ। এই কাৰণে তেওঁলোক বৰ লোক আৰু ধনী হ’ল।

28তেওঁলোক ৰিষ্ট-পুষ্ট আৰু চিকচিকীয়া, এনে কি, তেওঁলোকে দুষ্কৰ্মত অতিৰিক্ত কৰে। তেওঁলোকে বিচাৰত প্ৰতিবাদ নকৰে, পিতৃহীনৰ কুশলৰ অৰ্থে তেওঁলোকে বিচাৰত প্ৰতিবাদ নকৰে, আৰু দৰিদ্ৰসকলৰ বিচাৰ নিস্পত্তি নকৰে।

29যিহোৱাই এইদৰে ঘোষনা কৰিছে, যে এইবোৰ কাৰ্যৰ বাবে মই জানো তেওঁলোকক দণ্ড নিদিম? মোৰ প্ৰাণে জানো এনে জাতিৰ প্ৰতিকাৰ নাসাধিব?

30দেশৰ মাজত এক আচৰিত আৰু নোম শিয়ৰি উঠা ঘটনাবোৰ ঘটিছে।

31ভাববাদীসকলে মিছা ভাববাণী প্ৰচাৰ কৰে, আৰু পুৰোহিতসকলে তেওঁলোকৰ দ্বাৰাই চালিত হৈ শাসন কৰে। আৰু মোৰ প্ৰজাসকলে এনেকুৱাবোৰ হোৱাতোহে ভাল পায়; কিন্তু ইয়াৰ অন্তত তোমালোকৰ পৰিণাম কি হ’ব?

উত্‍স: ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

WEBREATH · 11:11

«He himself gives everyone life and breath and everything else» — Acts 17:25

Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.

WEBREATH — the Minute at 11:11, your own local time — we are One Breath