খ্ৰীষ্টান ধৰ্ম
উভতি যাওক

যিৰিমিয়া 42

1তেতিয়া কাৰেহৰ পুতেক যোহানন, হোচয়াৰ পুতেক যাজনিয়া আদি ফৌজৰ সকলো সেনাপতি আৰু সৰুৰ পৰা বৰলৈকে সকলো প্ৰজাই যিৰিমিয়া ভাববাদীৰ ওচৰলৈ চাপি আহিল।

2তেওঁলোকে তেওঁক ক’লে, “তোমাৰ আগত আমাৰ নিবেদন গ্ৰাহ্য হওঁক আৰু তুমি তোমাৰ ঈশ্বৰ যিহোৱাৰ আগত আমাৰ বাবে, এই সকলো অৱশিষ্ট লোকৰ বাবেই প্ৰাৰ্থনা কৰা, কিয়নো তুমি নিজ চকুৰে দেখিছা যে অধিক লোকৰ পৰা আমি অলপ মাথোন অৱশিষ্ট আছোঁ।

3আমি কোন বাটেদি যোৱা উচিত আৰু কি কাৰ্য কৰা উচিত ইয়াকে দেখুৱাবৰ অৰ্থে তোমাৰ ঈশ্বৰ যিহোৱাক নিবেদন কৰা।”

4তেতিয়া যিৰিমিয়া ভাববাদীয়ে তেওঁলোকক ক’লে, “মই তোমালোকৰ কথা শুনিলোঁ; চোৱা তোমালোকৰ বাক্য অনুসাৰে মই তোমালোকৰ ঈশ্বৰ যিহোৱাৰ আগত প্ৰাৰ্থনা কৰিম আৰু যিহোৱাই তোমালোকলৈ যি যি উত্তৰ দিব, তাৰ সকলো কথা তোমালোকক জনাম, তাৰ একোকে তোমালোকৰ পৰা গুপুতে নাৰাখিম।”

5তেতিয়া তেওঁলোকে যিৰিমিয়াক ক’লে, “তোমাৰ ঈশ্বৰ যিহোৱাই তোমাৰ দ্বাৰাই যি যি বাক্য আমালৈ কৈ পঠিয়াব, সেই সকলো বাক্য অনুসাৰে আমি যদি কাৰ্য নকৰোঁ, তেন্তে যিহোৱা আমাৰ বিৰুদ্ধে সত্য আৰু বিশ্বাসী সাক্ষী হওঁক।

6আমাৰ ঈশ্বৰ যিহোৱাৰ বাক্য আমি পালন কৰিলে আমাৰ মঙ্গল কাৰণে, আমি যিজনৰ ওচৰলৈ তোমাক পঠিয়ালোঁ, আমাৰ ঈশ্বৰ সেই যিহোৱাৰ বাক্য ভাল বা বেয়া হওঁক, আমি তাক পালন কৰিম।”

7পাছত দহ দিনৰ মুৰত যিহোৱাৰ বাক্য যিৰিমিয়াৰ ওচৰলৈ আহিল।

8তেতিয়া তেওঁ কাৰেহৰ পুতেক যোহাননক আৰু তেওঁৰ লগত থকা সকলো সেনাপতিক আৰু সৰুৰ পৰা বৰলৈকে সকলো প্ৰজাক মাতি আনিলে।

9আৰু তেওঁ তেওঁলোকক ক’লে, “তোমালোকৰ নিবেদন জনাবলৈ যিজনৰওচৰলৈ মোক পঠিয়াইছিলা, সেই ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে,

10‘তোমালোকে যদি এতিয়াও এই দেশত বাস কৰা, তেন্তে মই তোমালোকক পাতিম, নাভাঙিম, তোমালোকক ৰুম, নুঘালিম; কিয়নো তোমালোকৰ যি অমঙ্গল কৰিছোঁ, সেই বিষয়ে মই ক্ষান্ত হ’লো।

11যিজনৰ পৰা তোমালোকে ভয়ত আছা, সেই বাবিলৰ ৰজালৈ ভয় নকৰিবা; যিহোৱাই কৈছে, ‘তেওঁলৈ ভয় নকৰিবা; কিয়নো তোমালোকক নিস্তাৰ কৰিবলৈ আৰু তেওঁৰ হাতৰ পৰা তোমালোকক উদ্ধাৰ কৰিবলৈ মই তোমালোকৰ লগত আছোঁ।

12আৰু মই তোমালোকক কৰুণা দান কৰিম; আৰু তোমালোকক দয়া কৰি তোমালোকৰ দেশলৈ তোমালোকক উভটাই আনিম।

13“কিন্তু, আমি এই দেশত বাস নকৰোঁ,” এই বুলি কৈ যদি তোমালোকে তোমালোকৰ ঈশ্বৰ যিহোৱাৰ বাক্য নুশুনা,

14আৰু যদি তোমালোকে কোৱা, যে, “সেয়ে নহ’ব! আমি য’ত ৰণ নেদেখিম, শিঙাৰ শব্দ নুশুনিম, আৰু আহাৰৰ অভাৱত ক্ষুধাতুৰ নহ’ম, সেই মিচৰ দেশত আমি সোমামগৈ, আৰু আমি তাত বাস কৰিম।”

15তেতিয়া হে যিহূদাৰ অৱশিষ্ট ভাগ, তোমালোকে যিহোৱাৰ বাক্য শুনা। ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: তোমালোকে যদি মিচৰত সোমাবলৈ একেবাৰে সেইফালে মুখ কৰা আৰু তাত বাস কৰিবলৈ যোৱা,

16তেতিয়া তোমালোকে যি তৰোৱাললৈ ভয় কৰিছা সেই তৰোৱালে মিচৰ দেশতেই তোমালোকক লগ পাব আৰু যি দুৰ্ভিক্ষলৈ তোমালোকে ত্ৰাস পাইছা, সেই দুৰ্ভিক্ষই মিচৰ দেশতেই তোমালোকক ঢুকি পাব, আৰু তোমালোক তাতে মৰিবা।

17যিসকল লোকে প্ৰবাস কৰিবৰ অৰ্থে মিচৰত সোমাবলৈ মুখ কৰিব, তেওঁলোক সকলোৰে সেই দশা হ’ব; তেওঁলোক তৰোৱাল, আকাল আৰু মহামাৰীৰ দ্বাৰাই মৰা পৰিব; আৰু মই তেওঁলোকলৈ যি অমঙ্গল ঘটাম, তাৰ পৰা তেওঁলোকৰ কোনেও উদ্ধাৰ কি ৰক্ষা নাপাব।

18কিয়নো ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: যিৰূচালেম-নিবাসীসকলৰ ওপৰত যেনেকৈ মোৰ ক্ৰোধ আৰু কাপ ঢালি দিয়া হৈছিল, তেনেকৈ তোমালোকে মিচৰ দেশত সোমোৱা সময়ত তোমালোকৰ ওপৰতো মোৰ ক্ৰোধ ঢালি দিয়া হ’ব; আৰু তোমালোক শাও, বিস্ময়, অভিশাপ আৰু নিন্দাৰ বিষয় হ’বা; তোমালোকে এই ঠাই আৰু দেখিবলৈ নাপাবা।’

19হে যিহূদাৰ অৱশিষ্টভাগ, তোমালোকক যিহোৱাই ক’লে; তোমালোক মিচৰত নোসোমাবা! মই আজি তোমালোকক সতৰ্ক কৰিলোঁ, ইয়াক নিশ্চয়ে জানিবা।

20কিয়নো তোমালোকে তোমালোকৰ বিৰুদ্ধে তোমালোকক ভ্ৰান্ত কৰিলা; কাৰণ তোমালোকে মোক নিজৰ ঈশ্বৰ যিহোৱাৰ গুৰিলৈ পঠিয়াই কৈছিলা, যে, ‘তুমি আমাৰ বাবে আমাৰ ঈশ্বৰ যিহোৱাৰ আগত প্ৰাৰ্থনা কৰা; তেতিয়া আমাৰ ঈশ্বৰ যিহোৱাই যি যি ক’ব, সেইদৰে তুমি আমাক জনাবা, আমি তাক কৰিম।’

21পাছে আজি মই তোমালোকক তাক জনালোঁ; কিন্তু যি বিষয়ে তোমালোকৰ ঈশ্বৰ যিহোৱাই মোক তোমালোকৰ ওচৰলৈ পঠিয়াইছিল, সেই বিষয়ৰ কোনো কথাত, তেওঁৰ বাক্যলৈ তোমালোকে কাণ দিয়া নাই।

22এতেকে এতিয়া নিশ্চয়ে জানিবা, যে, তোমালোকে প্ৰবাস কৰিবলৈ যি ঠাইলৈ যাব খুজিছা, সেই ঠাইত তৰোৱাল, আকাল আৰু মহামাৰীৰ দ্বাৰাই মৃত্যুৰ মুখত পৰিবা।”

উত্‍স: ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

WEBREATH · 11:11

«He himself gives everyone life and breath and everything else» — Acts 17:25

Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.

WEBREATH — the Minute at 11:11, your own local time — we are One Breath