খ্ৰীষ্টান ধৰ্ম
উভতি যাওক

যিৰিমিয়া 41

1পাছে সপ্তম মাহত, ৰজাৰ প্ৰধান বিষয়াসকলৰ মাজত গণিত হোৱা ৰাজবংশীয় ইলীচামাৰ নাতিয়েক নথনিয়াৰ পুতেক ইশ্মায়েলে দহজন লোকক লগত লৈ, মিস্পালৈ অহীকামৰ পুত্ৰ গদলিয়াৰ ওচৰলৈ আহিল আৰু তেওঁলোকে মিস্পাত একেলগে ভোজন কৰিলে।

2পাছত নথনিয়াৰ পুতেক ইশ্মায়েল আৰু তেওঁৰ লগত থকা সেই দহজন লোকে উঠি, বাবিলৰ ৰজাই দেশৰ শাসনকৰ্ত্তা নিযুক্ত কৰা চাফনৰ নাতিয়েক অহীকামৰ পুত্ৰ সেই গদলিয়াক তৰোৱালেৰে বধ কৰিলে।

3আৰু মিস্পাত গদলিয়াৰ লগত থকা সকলো যিহুদীক আৰু তাত পোৱা যুদ্ধাৰু কলদীয়াসকলকো ইশ্মায়েলে বধ কৰিলে।

4তেতিয়া গদলিয়াক বধ কৰাৰ পিছৰ দিন আছিল, তেতিয়া সেই কথা কোনো মানুহে জনা নাছিল।

5চিখিম, চীলো আৰু চমৰিয়াৰ পৰা অহা সম্পূর্ণ ডাঢ়ি খুৰুউৱা, পিন্ধা কাপোৰ ছিৰা আৰু নিজ নিজ গা কাটকুট কৰা আশী জন মানুহ যিহোৱাৰ গৃহত উৎসৰ্গ কৰিবলৈ হাতত নৈবেদ্য আৰু ধূপ লৈ আহিছিল।

6পাছত নথনিয়াৰ পুতেক ইশ্মায়েলে তেওঁলোকৰ লগত সাক্ষাত কৰিবলৈ মিস্পাৰ পৰা কান্দি কান্দি ওলাই গ’ল; আৰু তেওঁলোকৰ সাক্ষাত হৈ তেওঁলোকক ক’লে, “অহীকামৰ পুত্ৰ গদলিয়াৰ ওচৰলৈ আহাঁ!”

7তেতিয়া, তেওঁলোক নগৰৰ মাজ ঠাইলৈ আহি পাওঁতে, নথনিয়াৰ পুতেক ইশ্মায়েলে আৰু তেওঁৰ লগত সেই লোক কেইজনে তেওঁলোকক বধ কৰি গাতটোৰ ভিতৰলৈ পেলাই দিলে।

8কিন্তু তেওঁবিলাকৰ মাজত এনে দহ জন মানুহ পোৱা গৈছিল, যে, তেওঁলোকে ইশ্মায়েলক ক’লে, “আমাক বধ নকৰিবা, কিয়নো পথাৰত পুতি থোৱা আমাৰ ঘেঁহু, যৱ, তেল আৰু মৌৰ ভঁৰাল আছে।” এই বুলি কোৱাত ইশ্মায়েলে ক্ষান্ত হৈ তেওঁলোকৰ ভায়েকসকলৰ মাজত তেওঁলোকক বধ নকৰিলে।

9যি গাতত ইশ্মায়েলে নিজে বধ কৰা সকলো মানুহৰ মৰা শৱ গদলিয়াৰ শৱৰ কাষত পেলাই দিছিল, সেই গাত ইস্ৰায়েলৰ বাচা ৰজাৰ ভয়ত আচা ৰজাই খনোৱা গাত আছিল; নথনিয়াৰ পুতেক ইশ্মায়েলে ইয়াক বধ কৰা লোকৰ শৱেৰে পূৰ কৰিলে।

10পাছত ইশ্মায়েলে মিস্পাত অৱশিষ্ট থকা সকলো লোকক, নবুজৰদান ৰক্ষক-সেনাপতিয়ে অহীকামৰ পুত্ৰ গদলিয়াৰ হাতত গতাই দিয়া ৰাজবংশীয় জীয়াৰীসকল আদি কৰি মিস্পাত অৱশিষ্ট থকা সকলো লোকক বন্দী কৰি নিলে; নথনিয়াৰ পুতেক ইশ্মায়েলে তেওঁলোকক বন্দী কৰি লৈ অম্মোনৰ সন্তান সকলৰ ওচৰলৈ যাবলৈ প্ৰস্থান কৰিলে।

11কিন্তু কাৰেহৰ পুতেক যোহাননে আৰু তেওঁৰ লগত থকা ফৌজৰ সকলো সেনাপতিয়ে, নথনিয়াৰ পুতেক ইশ্মায়েলে কৰা আটাই কুকৰ্মৰ কথা শুনিবলৈ পালে।

12তেতিয়া তেওঁলোকে সকলো মানুহক লগত লৈ নথনিয়াৰ পুতেক ইশ্মায়েলে সৈতে যুদ্ধ কৰিবলৈ গ’ল আৰু গিবিয়োনৰ থকা বৰ পুখুৰীৰ ওচৰত তেওঁক দেখা পালে।

13পাছত যেতিয়া ইশ্মায়েলৰ লগত থকা সকলো লোকসকলে, কাৰেহৰ পুতেক যোহাননক আৰু তেওঁৰ লগৰ ফৌজৰ সেনাপতিসকলক দেখিবলৈ পালে, তেতিয়া তেওঁলোক আনন্দিত হ’ল।

14আৰু ইশ্মায়েলে মিস্পাৰ পৰা বন্দী কৰি নিয়া সকলো লোকে মুখ ঘূৰাই কাৰেহৰ পুতেক যোহাননৰ গুৰিলৈ উলটি আহিল।

15কিন্তু নথনিয়াৰ পুতেক ইশ্মায়েল আঠোটা মানুহে সৈতে যোহাননৰ আগৰ পৰা পলাই অম্মোনৰ সন্তান সকলৰ ওচৰলৈ গ’ল।

16নথনিয়াৰ পুতেক ইশ্মায়েলে অহীকামৰ পুত্ৰ গদলিয়াক বধ কৰাৰ পাছত, তাৰ হাতৰ পৰা কাৰেহৰ পুতেক যোহাননে আৰু তেওঁৰ লগৰ সেনাপতিসকলে যিসকল অৱশিষ্ট লোক মিস্পাৰ পৰা এৰুৱাই ওভটাই আনিছিল, তেওঁলোকক অৰ্থাৎ যুদ্ধ কৰিব পৰা পুৰুষসকলক আৰু গিবিয়োনৰ পৰা অনা মহিলা, ল’ৰা আৰু নপুংসকসকলক তেওঁলোকে লগত ল’লে।

17আৰু তেতিয়া তেওঁলোকে গৈ, কল্দীয়াসকলৰ ভয়ত মিচৰলৈ যাবৰ মনেৰে বৈৎলেহেমৰ কাষত থকা গেৰূৎ-কিমহমত বাস কৰিলে।

18কিয়নো তেওঁলোকে তেওঁলোকলৈ ভয় কৰিছিল; কাৰণ নথনিয়াৰ পুতেক ইশ্মায়েলে বাবিলৰ ৰজাই দেশৰ ওপৰত শাসনকৰ্ত্তা নিযুক্ত কৰা অহীকামৰ পুত্ৰ গদলিয়াক বধ কৰিছিল।

উত্‍স: ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

WEBREATH · 11:11

«He himself gives everyone life and breath and everything else» — Acts 17:25

Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.

WEBREATH — the Minute at 11:11, your own local time — we are One Breath