যিৰিমিয়া 34
1বাবিলৰ ৰজা নবূখদনেচৰ, তেওঁৰ সৈন্য-সামন্ত আৰু তেওঁৰ অধীনে থকা পৃথিৱীৰ সকলো ৰাজ্যবোৰ, আৰু সকলো জাতি সমূহে যিৰূচালেম আৰু তাৰ সকলো নগৰৰ বিৰুদ্ধে যুদ্ধ কৰা সময়ত, যিৰিমিয়াৰ ওচৰলৈ যিহোৱাৰ পৰা এই বাক্য আহিল, বোলে,
2“ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে: ‘তুমি যোৱা, আৰু যিহূদাৰ ৰজা চিদিকিয়াৰ লগত কথা হৈ তেওঁক কোৱা, “যিহোৱাই এইদৰে কৈছে: চোৱা, মই বাবিলৰ ৰজাৰ হাতত এই নগৰখন সমৰ্পণ কৰিম, আৰু তেওঁ এই নগৰখন জুইৰে দগ্ধ কৰিব;
3আৰু তুমি তেওঁৰ হাতৰ পৰা ৰক্ষা নাপাবা, কিন্তু নিশ্চয়ে ধৰা পৰি তেওঁৰ হাতত সমৰ্পিত হ’বা; তুমি যেতিয়া বাবিললৈ যাবা তেতিয়া তোমাৰ চকুৱে বাবিলৰ ৰজাৰ চকুৱে চকুৱে দেখিব, আৰু তেওঁ সম্মুখা-সম্মুখী হৈ তোমাৰ লগত কথা হ’ব।’
4হে যিহূদাৰ ৰজা চিদিকিয়া, তুমি যিহোৱাৰ বাক্য শুনা! যিহোৱাই তোমাৰ বিষয়ে এইদৰে কৈছে: ‘তুমি তৰোৱালৰ দ্বাৰাই নমৰিবা;
5তুমি শান্তিৰে মৰিবা। তোমাৰ আগেয়ে হোৱা তোমাৰ পূৰ্বপুৰুষ ৰজাসকলৰ কাৰণে লোকসকলে যেনেকৈ সুগন্ধি দ্ৰব্য জ্বলাইছিল, তেনেকৈ তোমাৰ বাবেও জ্বলাব, আৰু তেওঁলোকে “হায় প্ৰভু” এই বুলি কৈ তোমাৰ কাৰণে বিলাপ কৰিব; কিয়নো এতিয়া মই এই কথা কলোঁ। এয়ে যিহোৱাৰ ঘোষণা’।”
6তেতিয়া যিৰিমিয়া ভাববাদীয়ে যিৰূচালেমত যিহূদাৰ ৰজা চিদিকিয়াক সেই সকলো কথাবোৰ ক’লে।
7সেই কালত বাবিলৰ ৰজাৰ সৈন্যসামন্তই যিৰূচালেম আৰু যিহূদাৰ অৱশিষ্ট আটাই নগৰৰ বিৰুদ্ধে, লাখীচ আৰু অজেকাৰ অহিতে যুদ্ধ কৰিছিল; কিয়নো যিহূদাৰ নগৰবোৰৰ মাজত কেৱল এই দুখনহে গড়েৰে আবৃত নগৰ অৱশিষ্ট আছিল।
8বন্দী-বেটীৰ আগত মুক্তি ঘোষণা কৰিবলৈ, চিদিকিয়া ৰজাই যিৰূচালেমত থকা আটাই প্ৰজাৰে সৈতে এটি নিয়ম স্থাপন কৰাৰ পাছত, যিহোৱাৰ পৰা যিৰিমিয়ালৈ এই বাক্য আহিল -
9সেই নিয়মটি এই, যে, প্ৰত্যেক মানুহে নিজ ইব্ৰী বন্দী বা বেটিক মুকলি কৰি দিব, অৰ্থাৎ কোনো এজন যিহুদী লগৰীয়াক আৰু কেতিয়াও বন্দী-কাম নকৰাব।
10তেতিয়া সকলো প্ৰধান লোক আৰু আটাই প্ৰজা এই নিয়মটিত মান্তি হ’ল। প্ৰত্যেকে নিজৰ বন্দীক আৰু নিজৰ বেটীক মুকলি কৰি দিব আৰু কোনেও যেন তেওঁলোকক আৰু কেতিয়াও বন্দী-কাম নকৰাব। লোকসকলে এই নিয়মটিত মান্তি হৈ তেওঁলোকক এৰি দিলে।
11কিন্তু পাছত তেওঁলোকে মন ঘূৰালে, আৰু তেওঁলোকে মুকলি কৰি দিয়া বন্দী-বেটীসকলক ঘূৰাই আনিলে আৰু নিজৰ বন্দী-বেটী কৰিবলৈ তেওঁলোকক বশীভুত কৰিলে।
12এই কাৰণে যিহোৱাৰ পৰা যিৰিমিয়াৰ ওচৰলৈ এই বাক্য আহিল বোলে,
13“ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে: বন্দীঘৰস্বৰূপ মিচৰ দেশৰ পৰা তোমালোকৰ পূৰ্বপুৰুষসকলক উলিয়াই অনা দিনা ময়েই তেওঁলোকৰ লগত নিয়ম এটি স্থিৰ কৰিছিলোঁ। তেতিয়া মই কৈছিলোঁ যে,
14‘তোমালোক প্ৰতিজনে নিজ নিজ ইব্ৰী ভাইক সপ্তম বছৰৰ মূৰত এৰি দিবা, যি জন তোমাৰ হাতত বেচা হ’ল, আৰু তোমাৰ অধীনত ছবছৰ সেৱা কৰিলে, তুমি তাক মুকলি কৰি তোমাৰ ওচৰৰ পৰা বিদাই দিবা।’ কিন্তু তোমালোকৰ পূৰ্বপুৰুষসকলে মোৰ কথা নামানিলে, আৰু কাণো নাপাতিলে।
15সম্প্ৰতি তোমালোকে মন ঘূৰাই প্ৰতিজনে নিজ নিজ ওচৰ-চুবুৰীয়াৰ আগত মুক্তি ঘোষণা কৰি, মোৰ দৃষ্টিত যি ন্যায়, তাকে কৰিছিলা, আৰু মোৰ নামেৰে প্ৰখ্যাত গৃহত মোৰ আগত এটি নিয়ম স্থাপন কৰিছিলা।
16কিন্তু তোমালোকে আকৌ মন ঘূৰাই মোৰ নাম অপবিত্ৰ কৰিলা, আৰু যি বন্দী-বেটীসকলক নিজ ইচ্ছামতে যাবলৈ এৰি দিছিলা, তোমালোক প্ৰতিজনে নিজ নিজ সেই বন্দী-বেটীক ওলোটাই আনি তেওঁলোকক আকৌ বন্দী-বেটী কৰিবলৈ বশীভুত কৰিলা।”
17এই কাৰণে যিহোৱাই এই কথা কৈছে: “তোমালোক প্ৰতিজনে নিজ নিজ ভাইৰ আগত, প্ৰতিজনে নিজ নিজ ওচৰ-চুবুৰীয়াৰ আগত মুক্তি ঘোষণা কৰিবলৈ মোলৈ কাণ নিদিলা; গতিকে চোৱা, মই এতিয়া তোমালোকৰ মুক্তি ঘোষণা কৰিম” - যিহোৱাৰ ঘোষণা এই, মইও তৰোৱাল, মহামাৰী, আৰু আকাললৈ তোমালোকৰ আগত মুক্তি ঘোষণা কৰিছোঁ, আৰু পৃথিৱীৰ সকলো ৰাজ্যৰ মাজত তোমালোকক ত্ৰাসৰ বিষয় কৰিম।
18তাৰ পাছত যি লোকসকলে মোৰ নিয়মটি ভাঙিলে আৰু মোৰ আগত বন্ধা নিয়মটিৰ বাক্য পালন নকৰিলে, তেওঁলোকক মই তেওঁলোকে যিদৰে দামুৰিটোক দুডোখৰ কৰি তাৰ অংশৰ মাজেদি গমন কৰিছিল, তেওঁলোককো মই তেনে কৰিম।
19তেতিয়া দামুৰিৰ অংশৰ মাজেদি যিহূদা আৰু যিৰূচালেমৰ প্ৰধান লোক, নপুংসক, পুৰোহিতসকল আৰু দেশৰ সকলো প্ৰজাই গমন কৰিলে।
20মই তেওঁলোকক তেওঁলোকৰ শত্ৰূবোৰ আৰু তেওঁলোকৰ প্ৰাণ ল’বলৈ বিচাৰি ফুৰাবোৰৰ হাতত সমৰ্পণ কৰিম। তেওঁলোকৰ মৰা শৱ আকাশৰ চৰাইবোৰৰ আৰু পৃথিৱীৰ জন্তুবোৰৰ আহাৰ হ’ব।
21সেই কাৰণে মই যিহূদাৰ ৰজা চিদিকিয়াক আৰু তেওঁৰ প্ৰধান লোকসকলক তেওঁলোকৰ শত্ৰূবোৰৰ হাতত, আৰু তেওঁলোকৰ প্ৰাণ ল’বলৈ বিচাৰি ফুৰাবোৰৰ হাতত, আৰু তোমালোকৰ বিৰুদ্ধে উঠি যোৱা বাবিলৰ ৰজাৰ সৈন্যসামন্তৰ হাতত সমৰ্পণ কৰিম।
22চোৱা, মই তোমালোকক এটা আজ্ঞা কৰিম” - এয়ে যিহোৱাৰ ঘোষণা - মই তেওঁলোকক পুনৰায় এই নগৰৰ অহিতে যুদ্ধ কৰি, ইয়াক হাত কৰি লৈ, জুই দি পুৰিবলৈ, তেওঁলোকক এই নগৰলৈ ঘূৰাই আনিম। কিয়নো মই যিহূদাৰ নগৰবোৰ নিবাসী-শূন্য ধ্বংসস্থান কৰিম।
WEBREATH · 11:11
«He himself gives everyone life and breath and everything else» — Acts 17:25
Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.
WEBREATH — the Minute at 11:11, your own local time — we are One Breath