খ্ৰীষ্টান ধৰ্ম
উভতি যাওক

যিৰিমিয়া 32

1যিহূদাৰ চিদিকিয়া ৰজাৰ ৰাজত্ব কালৰ দশম বছৰত, অৰ্থাৎ নবূখদনেচৰৰ ৰাজত্ব কালৰ অষ্টাদশ বছৰত যিহোৱাৰ পৰা যিৰিমিয়াৰ ওচৰলৈ যি বাক্য আহিছিল, তাৰ বিষয় এই।

2সেই সময়ত, বাবিলৰ ৰজাৰ সৈন্য-সামন্তই যিৰূচালেম অৱৰোধ কৰিছিল, আৰু যিৰিমিয়া ভাববাদী যিহূদাৰ ৰাজগৃহৰ প্ৰহৰীৰ চোতালত বন্দী অৱস্থাত আছিল।

3যিহূদাৰ ৰজা চিদিকিয়াই তেওঁক বন্দী কৰি থৈ কৈছিল, “তুমি এই বুলি কিয় ভাববাণী প্ৰচাৰ কৰিছা বোলে, ‘যিহোৱাই এইদৰে কৈছে: চোৱা, মই এই নগৰখন বাবিলৰ ৰজাৰ হাতত সমৰ্পণ কৰিম, আৰু তেওঁ তাক অধিকাৰ কৰি ল’ব;

4যিহূদাৰ ৰজা চিদিকিয়া কলদীয়াসকলৰ হাতৰ পৰা সাৰি নাজাব কিয়নো তেওঁক অৱশ্যে বাবিলৰ ৰজাৰ হাতত শোধাই দিয়া হ’ব। তেওঁ সম্মুখা-সম্মুখি হৈ ৰজাৰ লগত কথা হ’ব, আৰু তেওঁ ৰজাৰ চকুৱে চকুৱে দেখা দেখি হ’ব;

5কিয়নো চিদিকিয়া বাবিললৈ যাব, আৰু মই তেওঁৰ বিচাৰ নকৰালৈকে তাতেই তেওঁ থকিব” - এয়ে যিহোৱাৰ ঘোষণা। তোমালোকে যদিও কলদীয়াসকলৰ সৈতে ৰণ কৰিছা, তথাপি কৃতকাৰ্য্য নহ’বা,”

6যিৰিমিয়াই ক’লে, “যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, আৰু ক’লে,

7‘চোৱা, তোমাৰ দদায়েৰা চল্লুমৰ পুত্ৰ হনমেলে তোমাৰ ওচৰলৈ আহি এই কথা ক’ব, “অনাথোতত থকা মোৰ শস্যক্ষেত্ৰখন তুমি নিজৰ কাৰণে কিনি লোৱা, কিয়নো তাক কিনি মোকলাবলৈ তোমাৰ স্বত্ব আছে”।”

8পাছত যিহোৱাৰ বাক্য অনুসাৰে মোৰ দদাইৰ পুত্র হনমেলে প্ৰহৰীৰ চোতাললৈ মোৰ ওচৰলৈ আহি ক’লে, “মই বিনয় কৰোঁ, বিন্যামীন দেশৰ অনাথোত থকা মোৰ শস্যক্ষেত্ৰখন তুমি কিনি লোৱা, কিয়নো তাৰ উত্তৰাধীকাৰ আৰু মোকলাবৰ স্বত্ব তোমাৰ; তুমি নিজৰ কাৰণে তাক কিনি লোৱা।” তেতিয়া, এয়ে যে যিহোৱাৰ বাক্য, সেই বিষয়ে মই জানিলোঁ।

9এই কাৰণে মই মোৰ দদাইৰ পুত্রক হনমেলৰ পৰা অনাথোতত থকা শস্যক্ষেত্ৰখন কিনি লৈ তাৰ ধন সোঁতৰ চেকল ৰূপ তেওঁক জুখি দিলোঁ।

10মই দলীলত চহী দি তাক মোহৰ মাৰি বন্ধ কৰিলোঁ, আৰু সাক্ষী মাতি, তেওঁক তৰ্জুত সেই ৰূপ জুখি দিলোঁ।

11তাৰ পাছত মই মাটিৰ বৰ্ণনা আৰু নিয়ম থকা খৰিদা দলীল দুখন, অৰ্থাৎ মোহৰ মাৰি বন্ধ কৰা আৰু খোলা এই দুয়োখন ললোঁ।

12তাৰ পাছত মোৰ দদাইৰ পুত্র হনমেলৰ সন্মুখত, খৰিদা দলীলত চহী দিয়া সাক্ষীবোৰৰ আগত আৰু প্ৰহৰীৰ চোতালত বহি থকা সকলো যিহুদী লোকৰ আগত মই এই খৰিদা দলীলখন মহচেয়াৰ নাতিয়েক নেৰিয়াৰ পুত্ৰ বাৰুকৰ হাতত শোধাই দিলোঁ।

13তেতিয়া তেওঁলোকৰ আগতে বাৰুকক মই এই আজ্ঞা দিলোঁ, মই ক’লো

14“ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: ‘তুমি মোহৰ মাৰি বদ্ধ কৰা এই খৰিদা দলীলখন আৰু এই খোলা দলীলখন, দুয়োখন লৈ বহুদিনলৈ থাকিবৰ কাৰণে এক নতুন মাটিৰ পাত্ৰত থোৱা।’

15কিয়নো ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: ‘ঘৰ, শস্যক্ষেত্ৰ আৰু দ্ৰাক্ষাবাৰী এই দেশত পুনৰায় কিনা যাব’।”

16নেৰিয়াৰ পুত্ৰ বাৰুকক এই খৰিদা দলীলখন দিয়াৰ পাছত মই যিহোৱাৰ আগত প্ৰাৰ্থনা কৰি ক’লোঁ,

17“হে প্ৰভু যিহোৱা, চোৱা, তুমিয়েই তোমাৰ মহা শক্তিৰে আৰু মেলা বহুৰে আকাশ-মণ্ডল আৰু পৃথিৱী নিৰ্মাণ কৰিলা। তোমাৰ অসাধ্য একোৱেই নাই;

18তুমি হাজাৰ হাজাৰ লোকলৈ দয়া প্ৰকাশ কৰোঁতা, আৰু লোকসকলৰ অপৰাধৰ প্ৰতিফল তেওঁলোকৰ পাছত হোৱা তেওঁলোকৰ সন্তান-সন্ততিৰ বুকুত দিওঁতা। তুমিয়ে মহান পৰাক্ৰমী ঈশ্বৰ; বাহিনীসকলৰ যিহোৱা তোমাৰ নাম।

19তুমি জ্ঞানত মহান, আৰু কাৰ্যত শ্ৰেষ্ঠ, কিয়নো প্ৰতিজনৰ আচাৰ-ব্যৱহাৰ আৰু কাৰ্যৰ ফল অনুসাৰে প্ৰতিফল দিবলৈ মনুষ্য সন্তান সকলৰ আটাই আচাৰ-ব্যৱহাৰৰ ওপৰত তোমাৰ চকু মেলা আছে।

20তুমি মিচৰ দেশত নানা চিন আৰু বিস্মিত লক্ষণ দেখুৱাইছিলা। আজিলৈকে ইস্ৰায়েল আৰু আন আন লোকসকলৰ মাজত তুমি নিজৰ কাৰণে তোমাৰ নাম প্ৰখ্যাত কৰিলা।

21তুমি নানা চিন, বিস্মিত লক্ষণ, বলী হাত, মেলা বাহু আৰু মহাভয়ানকতাৰে তোমাৰ প্ৰজা ইস্ৰায়েলৰ লোকসকলক মিচৰ দেশৰ পৰা উলিয়াই আনিছিলা।

22আৰু গাখীৰ মৌ-জোল বৈ যোৱা যি দেশ তেওঁলোকক দিম বুলি তুমি তেওঁলোকৰ পূৰ্বপুৰুষসকলৰ আগত শপত কৰিছিলা, সেই দেশ তুমি তেওঁলোকক দিলা।

23তেতিয়া তেওঁলোকে সোমাই তাক অধিকাৰ কৰি ল’লে। কিন্তু তেওঁলোকে তোমাৰ বাক্য পালন নকৰিলে, বা তোমাৰ ব্যৱস্থাত নচলিলে। তুমি তেওঁলোকক যি যি কাৰ্য কৰিবলৈ আজ্ঞা দিছিলা, সেইবোৰৰ একোকে তেওঁলোকে নকৰিলে, আৰু এই কাৰণে তুমি তেওঁলোকৰ ওপৰত এই সকলো দুৰ্যোগ ঘটালা।

24চোৱা! নগৰখন অধিকাৰ কৰিবলৈ উদ্দেশ্যেৰে সৌৱা হাদামবোৰ ওচৰ পালেহি। কিয়নো তৰোৱাল, আকাল আৰু মহামাৰীৰ কাৰণে এই নগৰখন তাৰ অহিতে যুদ্ধ কৰা কলদীয়াসকলৰ হাতত সমৰ্পণ কৰা হৈছে। আৰু তুমি যি ঘটাৰ কথা কৈছিলা সেয়ে ঘটি আছে; আৰু চোৱা, তুমি তাকেই দেখি আছা।

25আৰু হে প্ৰভু, তুমি এই বুলি মোক কৈছিলা বোলে, “ৰূপ দি শস্যক্ষেত্ৰ কিনা, আৰু সাক্ষী মাতা, অথচ এই নগৰখন কলদীয়াসকলৰ হাতত শোধাই দিয়া হৈছে।”

26তেতিয়া যিৰিমিয়াৰ ওচৰলৈ যিহোৱাৰ এই বাক্য আহিল বোলে,

27“চোৱা! ময়েই যিহোৱা, সকলো মৰ্ত্ত্যৰেই ঈশ্বৰ। মোৰ অসাধ্য জানো কিবা আছে নে?”

28এই কাৰণে যিহোৱাই এই কথা কৈছে: “চোৱা, মই কলদীয়াসকলক আৰু বাবিলৰ ৰজা নবূখদনেচৰৰ হাতত এই নগৰখন সৰ্ম্পণ কৰিম। তেতিয়া তেওঁ তাক হাত কৰি ল’ব।

29আৰু এই নগৰখনৰ বিৰুদ্ধে যি কলদীয়াসকলে যুদ্ধ কৰিছে, তেওঁলোকে আহি এই নগৰত জুই লগাই দিব, আৰু মোক উত্তেজিত কৰাৰ কাৰণে যি ঘৰবোৰৰ চালত লোকসকলে বালৰ উদ্দেশ্যে ধূপ উৎসৰ্গ কৰিছিল আৰু আন দেৱতাৰ উদ্দেশ্যে পেয় নৈবেদ্য ঢালিছিল, সেইবোৰ ঘৰে সৈতে এই সকলোবোৰ পুৰি পেলাব।

30কিয়নো ইস্ৰায়েল আৰু যিহূদাৰ সন্তান সকলে লৰা কালৰে পৰা মোৰ সাক্ষাতে কেৱল কু-কৰ্মহে কৰা লোক আছিল; ইস্ৰায়েলৰ সন্তান সকলে নিজ নিজ হাতৰ কাৰ্যৰে কেৱল মোক বেজাৰহে দিছে” - এয়ে যিহোৱাৰ ঘোষণা।

31“কিয়নো তেওঁলোকে এই নগৰখন সজা দিনৰে পৰা আজিলৈকে, ই মোৰ পক্ষে কেৱল মোৰ ক্ৰোধ আৰু কোপৰ কাৰণ হে হৈ পৰিছে। সেই কাৰণে মোৰ আগৰ পৰা মই এই নগৰখন দূৰ কৰি ইয়াৰ পৰা বিমুখে থাকিম,

32কিয়নো ইস্ৰায়েল আৰু যিহূদাৰ সন্তান সকলে, মোক বেজাৰ দিবৰ অৰ্থে কৰা তেওঁলোকৰ সকলো দুষ্কৰ্মৰ দ্ৱাৰাই মোক উত্তেজিত কৰিলে - তেওঁলোকৰ ৰজাসকল, প্ৰধান লোকসকল, পুৰোহিতসকল, ভাববাদীসকল আৰু যিহূদাৰ প্রত্যেক জন লোক আৰু যিৰূচালেম-নিবীসীসকল।

33তেওঁলোকে মোলৈ মুখ নিদি পিঠি দিলে যদিও মই প্ৰভাতে তেওঁলোকক আগ্রহেৰে শিক্ষা দিছিলোঁ। মই তেওঁলোকক শিক্ষা দিবলৈ প্রচেষ্টা কৰিছিলোঁ তথাপি তেওঁলোকৰ কোনো এজনে মোৰ সৎ শিক্ষা গ্ৰহণ কৰিবলৈ কাণ নিদিলে।

34কিন্তু মোৰ নামেৰে প্ৰখ্যাত হোৱা গৃহটি অশুচি কৰিবৰ অৰ্থে তেওঁলোকে তাৰ ভিতৰত তেওঁলোকৰ ঘৃণনীয় বস্তুবোৰ ৰাখিলে।

35তাৰ পাছত তেওঁলোকে হিন্নোমৰ পুত্রৰ উপত্যকাত থকা বালৰ পবিত্র ঠাইবোৰ সাজিলে যাতে তেওঁলোকে মোলকৰ উদ্দেশ্যে নিজ নিজ পো-জীবোৰক বলি দিব পাৰে যি বিষয়ে সেই ঘিণলগীয়া কাৰ্য কৰিবৰ কাৰণে মই আজ্ঞা কৰা নাছিলোঁ, আৰু মোৰ মনত উদয়ো হোৱা নাছিল। এইদৰে কাৰ্য কৰি তেওঁলোকে যিহূদাক পাপ কৰালে।

36এই কাৰণে এতিয়া, মই যিহোৱা, ইস্ৰায়েলৰ ঈশ্বৰে এই নগৰৰ বিষয়ে কৈছে, যাৰ বিষয়ে তোমালোকে কৈছা, ‘যি তৰোৱাল, আকাল আৰু মহামাৰীৰ দ্বাৰাই এই নগৰখন বাবিলৰ ৰজাৰ হাতত শোধাই দিয়া হৈছে:

37চোৱা, মই মোৰ ক্ৰোধ, কোপ আৰু মহাৰোগত তেওঁলোকক যি যি দেশলৈ খেদাই পঠাইছিলোঁ, সেই সকলো দেশৰ পৰাই তেওঁলোকক মই গোট খুৱাম, আৰু মই পুনৰায় তেওঁলোকক এই ঠাইলৈ আনি নিৰাপদে বাস কৰাম।

38তেতিয়া তেওঁলোক মোৰ প্ৰজা হ’ব, আৰু মই তেওঁলোকৰ ঈশ্বৰ হম।

39মই তেওঁলোকক এক চিত্ত আৰু এক পথ দিম যাতে তেওঁলোকে মোক প্রতিদিনে সন্মান কৰিবৰ কাৰণে তেওঁলোক আৰু তেওঁলোকৰ পাছৰ সন্তান সকলৰ মঙ্গল হয়।

40তেওঁলোকৰ মঙ্গল কৰিবলৈ অৰ্থে, মই যেন তেওঁলোকৰ পৰা নুঘূৰিম, সেই কাৰণে মই তেওঁলোকৰ সৈতে এনে এক চিৰস্থায়ী নিয়ম স্থাপন কৰিম যাতে তেওঁলোকৰ মনত মোৰ বিষয়ৰ ভয় স্থাপন কৰিম যাতে তেওঁলোক মোৰ পাছত চলি মোৰ পৰা কেতিয়াও আঁতৰ নহয়।

41তেতিয়া মই তেওঁলোকৰ মঙ্গল কৰিবলৈ মই তেওঁলোকত আনন্দ কৰিম, আৰু নিশ্চয়ে সমস্ত মনেৰে আৰু সমস্ত প্ৰাণেৰে মই তেওঁলোকক এই দেশত ৰোম।”

42কিয়নো যিহোৱাই এই কথা কৈছে: মই লোকসকললৈ যেনেকৈ এই সকলো মহা-আপদ ঘটালোঁ, তেনেকৈ মই তেওঁলোকলৈ প্ৰতিজ্ঞা কৰা সকলো মঙ্গলো ঘটাম।

43তেতিয়া এই যি দেশৰ বিষয়ে, ‘ই মনুষ্য আৰু পশুশূন্য ধ্বংসস্থান, ইয়াক কলদীয়াসকলৰ হাতত সমৰ্পণ কৰা হৈছে’, এই বুলি তোমালোকে কৈছা, এই দেশৰ শস্যক্ষেত্ৰ কিনা হ’ব।

44তেওঁলোকে ধন দি শস্যক্ষেত্ৰ কিনিব, আৰু দলীলত চহী দি, মোহৰ মাৰি বন্ধ কৰিব। বিন্যামীন প্ৰদেশত, যিৰূচালেমৰ চাৰিওফালে থকা ঠাইত, আৰু যিহূদাৰ পৰ্ব্বতীয়া অঞ্চলৰ নিম্ন-ভুমিৰ, আৰু দক্ষিণ অঞ্চলৰ নগৰবোৰত সাক্ষী মাতিব; কিয়নো মই তেওঁলোকৰ বন্দী-অৱস্থা পৰিবৰ্ত্তন কৰিম” - এয়ে যিহোৱাৰ ঘোষণা।

উত্‍স: ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

WEBREATH · 11:11

«He himself gives everyone life and breath and everything else» — Acts 17:25

Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.

WEBREATH — the Minute at 11:11, your own local time — we are One Breath