খ্ৰীষ্টান ধৰ্ম
উভতি যাওক

যিৰিমিয়া 28

1পাছত সেই বছৰত যিহূদাৰ ৰজা চিদিকিয়াৰ ৰাজত্ব কালৰ আৰম্ভণিত চতুৰ্থ বছৰৰ পঞ্চম মাহত, যিহোৱাৰ গৃহত, পুৰোহিত আৰু সকলো প্ৰজাৰ আগত গিবিয়োন নিবাসী অৰ্জ্জুৰৰ পুত্ৰ হননিয়া ভাববাদীয়ে মোক এই কথা ক’লে,

2“ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এইদৰে কৈছে: ‘মই বাবিলৰ ৰজাৰ যুৱলি ভাঙিলোঁ।

3এই ঠাইৰ পৰা বাবিলৰ ৰজা নবূখদনেচৰে বাবিললৈ লৈ যোৱা যিহোৱাৰ গৃহৰ সকলো বস্তু সম্পূৰ্ণ দুই বছৰৰ ভিতৰত মই পুনৰায় এই ঠাইলৈ আনিম।

4আৰু যিহোৱাই কৈছে, ‘মই যিহোয়াকীমৰ পুত্ৰ যিহূদাৰ ৰজা যকনিয়াক, বাবিললৈ বন্দী কৰি নিয়া যিহূদাৰ সকলোৰে সৈতে এই ঠাইলৈ পুনৰায় আনিম; কিয়নো মই বাবিলৰ ৰজাৰ যুৱলি ভাঙিম’।”

5তেতিয়া যিৰিমিয়া ভাববাদীয়ে যিহোৱাৰ গৃহত থিয় হৈ থকা পুৰোহিতসকল আৰু প্ৰজাসকলৰ আগত হননিয়া ভাববাদীক কথা ক’লে,

6যিৰিমিয়া ভাববাদীয়ে এই কথা ক’লে, আমেন, যিহোৱাই তাকেই কৰ’ক; বাবিলৰ পৰা এই ঠাইলৈ যিহোৱাৰ গৃহৰ বস্তুবোৰ আৰু দেশান্তৰত হোৱা আটাইকে পুনৰায় আনিব বুলি তুমি প্ৰচাৰ কৰা সেই ভাববাণীবোৰ যিহোৱাই সিদ্ধ কৰ’ক।

7তথাপি তোমাৰ কাণত আৰু আটাই প্ৰজাৰ কাণত এই যি কথা মই কওঁ, তাক শুনা।

8মোৰ আৰু তোমাৰ আগেয়ে যি প্ৰাচীন ভাববাদীসকল আছিল, তেওঁলোকে অনেক অনেক দেশ আৰু মহৎ মহৎ ৰাজ্যৰ বিৰুদ্ধে যুদ্ধ, অমঙ্গল আৰু মহামাৰী হ’ব বুলি ভাববাণী প্ৰচাৰ কৰিছিল।

9যি ভাববাদীয়ে শান্তি হ’ব বুলি ভাববাণী প্ৰচাৰ কৰে, সেই ভাববাদীৰ বাক্য ফলিয়ালেহে, যিহোৱাই সঁচাকৈ তেওঁক পঠোৱা হয় বুলি জনা যাব।”

10পাছত হননিয়া ভাববাদীয়ে যিৰিমিয়া ভাববাদীৰ ডিঙিৰ পৰা যুৱলিখন সোলোকাই ভাঙি পেলালে।

11আৰু হননিয়াই আটাই প্ৰজাসকলৰ আগত ক’লে, “যিহোৱাই এই কথা কৈছে: ‘সম্পূৰ্ণ দুইবছৰৰ ভিতৰত মই বাবিলৰ ৰজা নবূখদনেচৰৰ যুৱলি এইদৰেই ভাঙি আটাই জাতিৰ ডিঙিৰ পৰা গুচাম’।” তেতিয়া যিৰিমিয়া ভাববাদী নিজ বাটে গুচি গ’ল।

12পাছত হননিয়া ভাববাদীয়ে যিৰিমিয়া ভাববাদীৰ ডিঙিৰ পৰা যুৱলিখন ভাঙি গুচুৱাৰ পাছত যিহোৱাৰ বাক্য যিৰিমিয়ালৈ আহিল, বোলে,

13“তুমি গৈ হননিয়াক কোৱা, যিহোৱাই এই কথা কৈছে, ‘তুমি কাঠৰ যুৱলি ভাঙিলা হয়, কিন্তু তাৰ সলনি লোহাৰ যুৱলি যুগুত কৰিব লাগে।”

14কিয়নো ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে, বাবিলৰ নবূখদনেচৰ ৰজাৰ বন্দী-কাম কৰিবলৈ মই সকলো জাতিৰ ডিঙিত লোহাৰ যুৱলি লগালোঁ; তাতে তেওঁলোকে তেওঁৰ বন্দী-কাম কৰিব; আৰু মই বনৰ জন্তুবোৰকো তেওঁক দিলোঁ।”

15পাছত যিৰিমিয়া ভাববাদীয়ে হননিয়া ভাববাদীক ক’লে, “হে হননিয়া, শুনা; যিহোৱাই তোমাক পঠোৱা নাই, কিন্তু তুমি এই লোকসকলক মিছা কথাতে বিশ্বাস কৰাইছা।

16এই হেতুকে যিহোৱাই এই কথা কৈছে: ‘চোৱা, মই তোমাক পৃথিৱীৰ পৰা দূৰ কৰি দিম; তুমি এই বছৰৰ ভিতৰতে মৰিবা, কাৰণ তুমি যিহোৱাৰ বিৰুদ্ধে বিদ্ৰোহৰ কথা ক’লা।

17আৰু হননিয়া ভাববাদী সেই বছৰৰ সপ্তম মাহত মৰিল।

উত্‍স: ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

WEBREATH · 11:11

«He himself gives everyone life and breath and everything else» — Acts 17:25

Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.

WEBREATH — the Minute at 11:11, your own local time — we are One Breath